অগল্প -(নীলাক্ষী দেৱী ডেকা৷)

অগল্প

নীলাক্ষী দেৱী ডেকা৷

 

দেৱই পঢ়ি থকা কিতাপখনৰ পৰা মূৰ তুলি নন্দিনীলৈ চালে৷ দেৱৰ ফালে পিঠি দি বেলকনিৰ ৰেলিঙত ধৰি ঠিয় হৈ আছে৷ বাহিৰত অলপ শীত শীত ভাৱ৷ ফিৰফিৰীয়া বতাহত তাইৰ চুলিখিনি উৰিছে, লগতে পিন্ধি থকা আকাশী নীলা শাৰীখনৰ আঁচলো৷

দেৱই জানে, আজি আৰু তাই কথা নাপাতিব তাৰ লগত৷ দেৱৰ ওপৰত খঙ উঠিলে প্ৰতিবাৰেই এনে কৰে তাই৷ প্ৰথমতে দেৱৰ গাত লগাকৈ কথা কৈ খঙ তোলাৰ চেষ্টা আৰু তাৰ কোনো প্ৰতিক্ৰিয়া দেখা নাপালে মুখখন ফুলাই লৈ কথা কোৱা বন্ধ৷ ইয়াৰ সমাপনৰ কোনো নিৰ্দিষ্ট সীমাৰেখা নাই, পাঁচমিনিটো হ’ব পাৰে বা এসপ্তাহ পৰ্যন্ত৷ বিয়া হোৱা ছমাহৰো বেছি হ’ল৷ লাহে লাহে সি বুজি পোৱা হৈছে তাইক৷ নিজে পচন্দ কৰা নহয়, মাক, মোমায়েকহঁতে পচন্দ কৰি বিয়া ঠিক কৰা ছোৱালী৷ এনেয়ে গহীন, শান্ত স্বভাবৰ, কিন্তু দেৱৰ লগত কথা পাতিবলৈ পালে একো নালাগে৷ দেৱই কামৰ পৰা অহাৰ পাছত চাহকাপ দি লৈয়েই যি লেকচাৰ আৰম্ভ হয়, সেয়া চলি থাকে দুপৰ নিশালৈকে৷ তাকো বন্ধ হয় বেছিভাগ দেৱৰ পৰা ভেকাহি শুনাৰ পাছত৷ বহুত দিন কৈছে সি,“কিমাননো বকা আৰু, হ’ব হে শোৱা এতিয়া!”

কিমান যে কথা ক’বলৈ থাকে তাইৰ! ! ঘৰৰ ফুলনিখনত কি কি ফুলে কলি পেলাইছে তাৰ পৰা আৰম্ভ কৰি এইবাৰ দৰ্জীক চিলাব দিয়া ব্লাউজটোৰ ফিটিং কিমান বেয়া হ’ল তালৈকে৷

দেৱই নীৰবে সকলোখিনি শুনি যায়, মাজে মাজে ওঁ আঁ জাতীয় এটি দুটি সঁহাৰিৰ বাহিৰে৷ তাৰ নিজৰো ক’বৰ মন যায় বহুতো কথাই! ! পঢ়ি ভাল লগা কিতাপখনৰ কথা, হোষ্টেলীয়া জীৱনৰ বেপৰোৱা দিনবোৰৰ কথা, জীৱনানন্দৰ কবিতা আৰু গোলাম আলিৰ গজলৰ কথা…. মনত থুপ খাই থকা কিমান যে কথা! !

কিন্তু কোৱা নহয় কেতিয়াও৷ ক’ব খুজিও ক’ব নোৱাৰে সি৷ আন কোনোবাৰ আগত নিজৰ মনটো তুলি ধৰাৰ প্ৰয়োজনীয়তা কেতিয়াবাই শেষ হৈ গৈছে৷ কিন্তু সদায়েই এনে আছিল জানো? ময়ুৰীকতো সি বুজাব খুজিছিল বহুতো কিবা, হিয়ামন উদঙাই বুজাব বিচৰা বহুতো কথা৷ সাহিত্য আৰু সংগীতৰ যোগেদি গঢ় লৈ উঠিছিল এডাল সাঁকো, হৃদয়ৰ পৰা হৃদয়লৈ৷ কিন্তু ইমানখিনি বুজাবলৈ খোজাৰ পাছতো ময়ুৰীয়ে জানো বুজি পালে?

বুজাহলেনো আজি এনেকৈ……….!!

নাই, নহ’ব৷ দেৱই আজিকালি সাৱধান হ’বলৈ শিকিছে৷ বাহিৰৰ ৰুক্ষ আঁচোৰ নলগাকৈ নিজকে খোলাটোৰ ভিতৰত লুকাই ৰাখিবলৈ শিকিছে৷ আৰু তেনে ভুল নকৰে কাহানিও৷ বুজাব নোখোজাখিনি নুবুজা হৈয়ে থাকক৷ কাহানিও শুকাব নোখোজা এডোখৰ গেলা ঘাঁতকৈ সেয়া বহুগুণে ভাল৷ সময়ে তাইকো শিকাব মানি ল’বলৈ বহুতো কথা৷

নন্দিনীলৈ আকৌ এবাৰ চালে সি৷ একে ঠাইতে ৰৈ আছে৷ মাত্ৰ মেলা চুলিটাৰি খোপা বান্ধি লৈছে৷ তাইৰ চুলিৰ সুবাসৰ কথা মনত পৰিল দেৱৰ৷ সি টোপনি নোযোৱালৈকে তাই ভিতৰলৈ নাহে জানে সি৷ হাতৰ কিতাপখন টেবুলত থৈ চশমাযোৰ খুলি বিছনাত বাগৰ দিলে সি৷ বিছনাত দুটা গাৰু৷ তাৰ আৰু নন্দিনীৰ৷ এটাত মূৰ থৈ আনটো গাৰু বিছনাৰ কাষৰ চকীখনলৈ দলিয়াই দিলে সি৷ তাৰ ঠাই ললে নিজৰ হাতখনে৷

দেৱই জানে, সি টোপনি যোৱা বুলি ভাবিলে তাই আহিব, তাৰ হাতত মূৰ থৈ কুৰুকি কুৰুকি সোমাই আহিব গাৰ কাষলৈ৷ তাইৰ নিশব্দ উচুপনিয়ে তিয়াব তাৰ চোলাৰ হাত আৰু বিছনাৰ কাপোৰ৷ লাহে লাহে তাই শান্ত হ’ব আৰু তাৰ ফালে মুখ কৰি একেথৰে চাই ৰব তাৰ মুখলৈ৷ লাহি হাতৰ আঙুলিৰে হাত বুলাব তাৰ কপাল আৰু চুলিত৷ আৰু তেনেকৈয়ে অলপ সময়ৰ পাছত টোপনি যাব তাই৷

দেৱই টোপনিৰ ভাও জুৰি নিটাল মাৰি পৰি থাকিল নন্দিনীৰ আগমনৰ বাট চাই চাই৷ তাই চুলিত হাত বুলাই নিদিয়ালৈকে তাৰো টোপনি আহিব জানো? ?

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments