অঘটন — অন্তৰা জি. জি. চৌধুৰী

(মঞ্চত এজনী কণমানি ছোৱালী পঙ্খী আৰু নীলা চৰাই। দুয়ো ধেমালি কৰে।)
পঙ্খী: অ’, কালি এটা অঘটন ঘটি গ’ল নহয়।
চৰাই: অঘটন?
পঙ্খী: ওঁ, মই আছিলোঁ বেলি খুৰাৰ সৈতে কথা
পাতি।
অঘটন ঘটি গ’ল একেবাৰে হঠাতে।
নুসুধিবা কেনেকৈ? সাধাৰণ কথাতে।
চাবা নেকি কিনো হ’ল? চোৱাচোন
তললৈ।
চৰাই: তললৈ?
পঙ্খী: অঃ, নহয় ..তালৈ। …
যদি সোধা কিয় হ’ল, মানা আছে
ক’বলৈ।
চৰাই: কিন্তু হ’ল কি?
পঙ্খী: বেলি খুড়া এপাহ ফুল হৈ পৰিল।
(Shadows of sun, sun flower, garden)
পঙ্খী: এখন ধুনীয়া ফুলনিত….
ইমানবোৰ ফুল। ইমান বোৰ ৰং, মোৰ চোলাবোৰ বজাৰৰ পৰা আনি দিয়ে দেউতাই। ফুলবোৰে বাৰু ৰঙা নীলা এই চোলাবোৰ ক’ত পায়?
(হঠাৎ বান্দৰৰ প্ৰৱেশ। )
পঙ্খী: উৱা, তুমি?
হলৌ: ও, মই হলৌ।
পঙ্খী: অ, টকৌ গছত বগোৱা হলৌ?
Chorus:
হলৌ উঠিল টকৌ গছত, লগাই খদৌ মদৌ। জৌ জৌ কৈ সৰিল নিয়ঁৰ, হ’ল জলৌ জপৌ।
(আটায়ে হাঁহে। আৰু আন এডৰা ফুলনিত প্ৰৱেশ কৰে )
পঙ্খী: এইডৰা ফুলনিত পিছে ফুল ফুলা নাই
যে?
বান্দৰ: সোধাচোন।
পঙ্খী: অ’ ফুল অ’ ফুল নুফুল কিয়?
গছ: গৰুয়ে যে আগ খায় মইনো ফুলিম কিয়?
পঙ্খী: অ’ গৰু, অ’ গৰু আগ খাৱ কিয়? গৰু-
(ভেকুলী এটা জাপ মাৰি সোমায়)
ভেকুলী: ( টোৰ টোৰাই), হ’ব ইমান বিচাৰি থাকিব নালাগে। আচল কথাটো মই কৈ সামৰি পেলাওঁ। বোলো-বোপা ককাৰ সজটো মইনো এৰিম কিয়?
পঙ্খী: মানে?
ভেকুলী: মানে মই টোৰটোৰালে আকাশৰ ডাৱৰে নাচিবলৈ আৰম্ভ কৰে। ৰামধেনুৱে হাঁহে আৰু ৰিমঝিম বৰষুণ সৰে। আৰু জলকুঁৱৰীয়ে বৰ ভাল পায়।
( আকাশত ৰামধেনু আৰু ডাৱৰ। )
পঙ্খী: ৰামধেনু
আকাশৰ ৰামধেনু ইমান শুৱনি।
সাতোটা বৰণ যেন সাত ধাৰ মণি।
ভেকুলী: একেবাৰে কেঁচা ৰঙ। যাব ধুই দিলে।
(বৰষুণ দিয়ে। ৰামধেনু গলি যায়)
পঙ্খী: ওঁ, মই এতিয়া বুজিলোঁ ফুলবোৰে ৰঙা নীলা ৰঙৰ চোলাবোৰ ক’ত পায়। পিছে জলকুঁৱৰীনো থাকে ক’ত?
ভেকুলী: আহা মোৰ সৈতে।
(দুয়ো পানীত বুৰ মাৰে)
কোৰাছ:
ৰিমঝিম বৰষুণ পৰিছে চোৱা সৌ মিঠা এটি গীত গাইছে চোৱা।
কাণ পাতি শুনা শুনা কি কি স্বৰ শুনিছা কোৱা। সা ৰে গা মা পা পা পা মা গা ৰে সা।
(পানীত জল কুঁৱৰী, মাছ, কাছ আদি, পঙ্খী আৰু ভেকুলী)
পঙ্খী: বাহ, কি সুন্দৰ!
কোৰাছ: স্বাগতম, আমি জলচৰ জীৱ। পৰি আছো পানীত। বৰুণ চন্দ্ৰ স্বৰ্গদেৱৰ এই ৰাজধানীত।
ভেকুলী: পানীত থাকে পানী পৰুৱা। তাৰে অলপ আনি মোৰ উদৰ ভৰোৱা।
কোৰাছ: চিতল মাছে পানী তোলে পিতল কলহ লৈ। গেদগেদী বায়ে মচলা বটে পাতনা পাতকু লৈ।
পঙ্খী: অ’, বহু দেৰি হল, আহোঁ দিয়া। মই বৰষুণৰ জখলাৰেই উঠি যাব পাৰিম।
জলকুঁৱৰী: মই লৈ যাম আহাঁ।
পঙ্খী: আহিছোঁ দেই।
(জলকুঁৱৰীয়ে পঙ্খীক পিঠিত লৈ ওপৰলৈ উঠে। ওপৰলৈ আহি জলকুঁৱৰী বগলী হৈ পৰে। বগলীৰ পিঠিত পঙ্খী। )
কোৰাছ: বগাকৈ বগলী বহলাই বলিছে বলুকাত বিয়লি বেলা। জোন বাইৰ দেশতে তৰাই উমলিছে থপিয়াই ধৰোঁ গৈ ব’লা।
জোন বাইৰ দেশতে সাজিম গাওঁ এখনি। তৰা য়ে জ্বলাব চাকি, চাকি, তৰায়ে জ্বলাব চাকি।
(বগলীয়ে পঙ্খীক নি কাঁচি জোনত বহুৱাই দিয়ে। )
জোনবাই এ’ বেজী এটি দিয়া। বেজিনো কেলৈ? মোনা সীবলৈ। মোনানো কেলৈ। ধন ভৰাবলৈ। ধননো কেলৈ, হাতী কিনিবলৈ। হাতীনো কেলৈ উঠি ফুৰিবলৈ।
পঙ্খী আৰু নীলা চৰাই।
নীলা চৰাই: তাৰ পিছত? বেজীটো দিলেনে জোন বায়ে?
পঙ্খী: নাই তাৰ আগতেই, সাৰ পাই গলোঁ।
নীলা চৰাই: অঁ। এয়াহে তোমাৰ অঘটন?

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক