অঘৰীৰ ডায়েৰী — অভিজিৎ মেধি

 

চাকৰি জীৱনৰ আজি দহোটা বছৰ সম্পূৰ্ণ হ’ল। তেইশ বছৰ বয়সতে তামিলনাডুত চাকৰি জীৱনৰ পাতনি মেলাৰ দিনা হয়তো ভবাই নাছিলোঁ যে দহোটা বছৰ আপোন মানুহ, আপোন মাটি এৰি থাকিব পাৰিম। কিন্তু থাকিলোঁ, পেটৰ তাড়নাতেই হওক অথবা আপোন মাটিত নিজাকৈ কিবা এটা কৰাৰ সৎ সাহসৰ অভাৱতেই হওক। মাজে সময়ে জুনিয়ৰ এগৰাকীৰ কথা এটালৈ মনত পৰে। অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত আমাতকৈ দুবছৰ তলত পঢ়া প্ৰীতি ভীমছৰিয়া নামৰ মাৰোৱাৰী ছোৱালীজনীয়ে এদিনাখন মোক কৈছিল- “বাহৰ কিউ জানা হে ভাইয়া, হমে অপনে জগহ মে হি কুচ কৰনা চাহিয়ে”। মেধাৱী ছাত্ৰী প্ৰীতিয়ে অকল কথাষাৰ কোৱাই নহয়, চাকৰিৰ লোভ এৰি লগৰে দুজনমানৰ লগ লাগি নিজাকৈ গুৱাহাটীতে ষ্টাৰ্ট আপ এটাও আৰম্ভ কৰিছিল। খবৰটো পোৱাৰ দিনা তাইৰ ওচৰত নিজকে সৰু সৰু লাগি গৈছিল। বাৰু থাকক এইবোৰ কথা।

অসমৰ বাহিৰত থিতাপি লোৱা কথাটো অৱশ্যে পুৰণি বন্ধুমহলৰ প্ৰায়ভাগেই কেতিয়াবা প্ৰশংসা সূচক নহ’লে ঈৰ্ষাৰ চকুৰে চায়। কেতিয়াবা চিনাকি দুই এজনে মন্তব্য কৰে- “তোৰেই ভাল দে, বাহিৰত আছ, ভাল চাকৰি কৰিছ, ঘূৰিছ-ফুৰিছ…মজ্জা লাইফ!”। এনেকুৱা মন্তব্যৰ প্ৰায়ে একো উত্তৰ নিদিয়াকৈ থাকিবলৈ বিচাৰোঁ‌, কিয়নো জীৱনত “মজ্জা” শব্দটোৰ সংজ্ঞা প্ৰতিজন মানুহৰ বাবে বেলেগ।

দুদিনমান আগেয়ে এটা সৰু অভিজ্ঞতা হৈছিল।

“এখেত অমুক, এখেতৰ ভাল অৱস্থা এতিয়া…ডাঙৰটো ল’ৰাই অমুকত চাকৰি কৰে, মাহে x টকা দৰমহা পায়। সৰুটোৰো মাল্টিনেচনেল কোম্পানিৰ চাকৰি, মাহেকত y টকা দৰমহা পায়।”

এইয়া আছিল কোনোবা এখন মিটিঙলৈ যাওঁতে বন্ধু এজনে দেউতাক কাৰোবাৰ লগত চিনাকি কৰাই দিওঁতে দিয়া ভাষ্য। ইয়াৰে সৰুজনেই মই। ইঞ্জিনিয়াৰিঙৰ শিক্ষা শেষ হোৱাৰ এসপ্তাহ পাছতেই চাকৰিত সোমাইছিলোঁ, “বেটাৰ অ’প’ৰছুনিটি”ৰ পিছত দৌৰি দৌৰি এতিয়ালৈ এটাৰ পাছত এটাকৈ তিনিবাৰ চাকৰি সলাইছোঁ। মা-দেউতাই কোনোবাৰে সোধা নাই নতুন চাকৰিত কিমান দৰমহা পাবি বুলি। গতিকে আনৰ মুখত দৰমহাৰ হিচাপ শুনাৰ দিনা দেউতাই ঘৰলৈ আহি মাক সুধিছিল- “আমাৰ ইহঁতে ইমান টকা দৰমহা পায় নেকি?” হয়তো মাহে ডেৰশ টকা দৰমহাৰে শিক্ষক জীৱনৰ পাতনি মেলা দেউতাই গৌৰৱবোধ কৰিছিল, লগতে আচৰিতো হৈছিল। তাহানিৰ হিচাপত চলা দেউতাৰ কাৰণে আচৰিত হোৱাৰে কথা, ইমান দৰমহা পায়ো কিডাল কৰিলেনো ইহঁতে! আচলতে মোৰ পত্নীয়েও নাজানে কিমান দৰমহা পাওঁ, সুধিও নাথাকে, এটা ‘আইডিয়া’হে আছে ইমানমান পাওঁ বুলি। তাৰ মাজতে নিকটতম আত্মীয় অথবা বন্ধু নোহোৱা স্বত্বেও কোনোবাই উপাৰ্জনৰ হিচাপ ল’বলৈ আহিলে খং উঠিবই, উঠাটোৱেই স্বাভাৱিক। এনেকুৱা লোকৰ মেট্ৰিকৰ পৰীক্ষাত প্ৰশ্নটো আহিব নেকি বুজি নাপাওঁ। হয়তো চাকৰিৰ দৰমহাই “মজ্জা লাইফ”ৰ সংজ্ঞা তেওঁলোকৰ বাবে।

যা হওক, ঘৰলৈ গ’লে এই “দৰমহা কিমান?” প্ৰশ্নটোৰ মুখামুখি হওঁ মাজে সময়ে। আচলতে সোধাজনে নিজৰ উৎসুকতা দমাব নোৱাৰি প্ৰায়ে শিষ্টাচাৰৰ সীমাৰেখাডাল চেৰাই যায়। চৰকাৰী স্কুলত মাষ্টৰৰ নতুবা ৰাজহুৱা বেংকত কেৰাণী এজনৰ মাহেকীয়া উপাৰ্জনৰ বিষয়ে সহজে অনুমান লগাব পাৰি, কিন্তু মেট্ৰ’ চহৰ এখনত মাল্টিনেচনেল কোম্পানিত এজন কৰ্মচাৰীৰ দৰমহা কিমান হ’ব পাৰে অনুমান লগোৱাটো আমাৰ মানুহৰ বাবে কঠিন হৈ পৰে, গতিকে দুই এজনে লাজ-মান কাতি কৰি হ’লেও সুধিয়ে পেলায়। বেয়া পালেও ধৰি নাথাকোঁ‌ এইবোৰ কথা। কিন্তু প্ৰয়োজনতকৈ বেছি সপ্ৰতিভ দেখাই যেতিয়া দুই একে একেবাৰে দৰমহাৰ কাল্পনিক অংক এটাকে খবৰ হিচাপে প্ৰচাৰ চলাই দিয়ে তেতিয়া খঙে চুলিৰ আগ পায়। তেওঁলোকেতো নাজানে চেন্নাই-বাংগালোৰৰ দৰে চহৰত ঘৰভাড়া কিমান, বস্তুৰ কি দাম! প্ৰাইভেট চাকৰিৰ কিমান জঞ্জাল সেইটোও তেওঁলোকে নুবুজে। হয়, মই শীতাতপ নিয়ন্ত্ৰিত অফিচত লেপটপ লোৱা চাকৰি কৰোঁ, কিন্তু মাহৰ শেষত যিকেইটা পইচা পাওঁ তাৰ বাবে প্ৰতিদিনে নিজৰ যোগ্যতাৰ প্ৰমাণ দিব লাগে। বাহিৰা উপাৰ্জন আৰু কামত ফাঁকি দিয়াৰ সুৰুঙা মুঠেই নাই। অৱশ্যে লালসাও নাছিল, সেয়ে চৰকাৰী অফিচত বৰ চাহাব হৈ বহাৰ কাৰণে চেষ্টাও নকৰিলোঁ।

পঢ়াকালত অসমৰ বাহিৰখন দেখি নোপোৱা মোৰ বাবে প্ৰাইভেট কোম্পানিত “প্ৰফেছনেল” হিচাপে থিতাপি লোৱাৰ চখটোহে এসময়ত ডাঙৰ কথা আছিল। এই চখটোৰ বাবেই যোৱা দহোটা বছৰে ঘৰৰ নিলগত থাকিব লগীয়া হোৱাত আজিকালি অৱশ্যে মনটো বেয়া লাগে মাজে সময়ে। ঘৰৰ পৰা কোনোবা অহাৰ উমান পালেই মাক ফোন কৰি কাজি টেঙা, ভজা মাছ, জহা চাউল, বাৰীৰ বস্তু দি পঠিয়াবলৈ কওঁ। ভাতৰ পাতত হাজোৰ মাছৰ সোৱাদ জিভাত লাগিলে তাহানি মাৰ থালৰ পৰাও এভঙা মোৰ থালত আহি পৰা কথাটো মনত পৰে। অকল সেইটোৱেই নে? ঘৰৰ বাৰীখনত হাতত কটাৰী এখন লৈ পিত-পিতাই ফুৰা দিনবোৰৰ স্মৃতি মন-মগজুত তেজাল ঘোঁৰা হৈ দৌৰে। বাৰীৰ পুৰণি গছবোৰত চাগৈ এতিয়াও বিচাৰিলে কটাৰীৰে মই কৰা আঁক-বাঁকবোৰ পোৱা যাব। উফ্…সেই ঘৰ, সেই মাটিৰ আদৰ এৰি কি জানো বিচাৰি গুচি আহিলোঁ ! ভাবিলে মনটো বিচলিত হৈ উঠে ! মজ্জা লাইফ… ছাত্ৰ জীৱনত গঢ় লোৱা সংজ্ঞা এটাৰ লাহে লাহে সলনি হ’বলৈ ধৰিছে, অন্ততঃ নিজৰেই মনত।

দুবছৰ বয়সতে স্কুল গৰকা মোৰ ল’ৰাই যেতিয়া ফুৰিবলৈ যাবৰ সময়ত বাৰে বাৰে গাড়ীখনলৈ আঙুলিয়াই দিয়ে, ভালৰো ভাল কিবা এটা খাবলৈ দিলে হিন্দীতে “নেহী খানা হে” বুলি উত্তৰ দিয়ে, তেতিয়া ভাবোঁ‌- ই জানো কেতিয়াবা বুজিব আচলতে শৈশৱ বুলিলে তাৰ মাক-বাপেকৰ মনত থকা ধাৰণাটোৰ কথা ? বকুল গছৰ তলত পুৰণি, উৱলি যোৱা কিতাপ হাতত লৈ নেওতা পঢ়া দিনৰ কথা ? গৰখীয়া থানৰ ঔটেঙাডালৰ তলত বহি হেঙুলীয়া দিগন্তলৈ চাই বিভোৰ হোৱা দিনৰ কথা? হয়তো বাপেকৰ কথাবোৰ সাধুকথা যেন লাগিব তাৰ। আৰু দুদিন পাছত এই যান্ত্ৰিক চহৰতেই সি গঢ়ি ল’ব “মজ্জা লাইফ”ৰ তাৰ নিজা সংজ্ঞা। তাৰ আগতেই এই অচিনা চহৰত অচিনাকি জীৱনটো সামৰি আপোন ঠাইত নিগাজীকৈ কিবা এটা কৰাৰ কথা ভাবোঁ, কল্পনাৰ সাগৰ এখনত ডুবি থাকোঁ। কিন্তু হাতত জমা টকাকেইটা আৰু সংসাৰৰ দায়িত্বৰ কথা মনলৈ আহিলেই কল্পনাৰ বেলুনটো থুচকৈ ফাটি যায়। এনেকৈয়ে দোদুল্যমান মন এটাৰ স’তে আজি চাকৰি জীৱনৰ দহোটা বছৰ সম্পূৰ্ণ হ’ল। দহোটা বছৰ…অঘৰী হৈ জীয়াই থকাৰ!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments