অচিনাকি অসমীয়া আৰু নীলা তিমিৰ কথা – মনোজ কুমাৰ ডেকা

নীলা তিমিৰ খেলে সকলোকে কঁপাই তোলাৰ সময়ত এজন অসমীয়াৰ কথা মনলৈ আহিছে৷ মানুহজনৰ সৈতে নীলা তিমিৰ এক সম্বন্ধ আছে৷ সেইবিষয়ে আমাৰ বহুতেই নাজানে৷

ক্ষীণমীন মানুহ জনক দেখিলে কৰো মনলৈ বিশেষ একো ভাব নাহে! কাৰণ চেহেৰা impressive নহয়৷ হনু ওলোৱা, চকু গাতত সোমোৱা৷ চুলি কম৷
দুই এজনৰ পৰা মই তেখেতৰ বিষয়ে শুনি লগ ধৰিলো৷ কালো, “ছাৰ, মোক অকণমান সময় দিয়ক৷ মোৰ, আপোনাৰ সৈতে কথা পাতিব মন গৈছে৷ “
তেখেত এতিয়া মুম্বাইৰ স্থায়ী বাসিন্দা৷ গুৱাহাটীলৈ আহিছে দুদিনৰ বাবে৷ এদিন তেখেতে নিজে পঢ়া আৰু পৰৱৰ্ত্তী সময়ত শিক্ষক ৰূপে আন ছাত্ৰ ছাত্ৰীক পঢ়ুওৱা কলেজখনৰ আনুষ্ঠানত ভাগ লব৷ মাটিছে তেখেতক ৷ সম্বৰ্ধনাৰ বাবে৷ বাকী ৰৈ যোৱা তেখেতৰ সময়খিনি, সকলোকে মাত দিওঁতেই প্ৰায় শেষ হওঁ হওঁ৷
তথাপি তেওঁ মোৰ আগ্ৰহক উপেক্ষা নকৰি পুৱা মাতিলে৷ পিছদিনা মই উভতগোৰে দৌৰদিলোঁ৷ লক্ষ্যস্থান শান্তিপূৰ হিলচাইদ৷ তাত তেওঁ সম্বন্ধীয় লোকৰ ঘৰত থাকিব৷ মোৰ সৈতে কথা পাতিব৷
মই গৈ পোৱাৰ সময়ত তেখেত ৰৈ আছিল পদূলিমুখত৷ মোক আদৰিবলৈ৷ মই উপস্থিত হলো, তেওঁ মোক আদৰি নিলে আৰু সেয়া মোৰ সৌভাগ্য আছিল৷ কাৰণ তেখেত আছিল এনে এজন অসমীয়া যাক লৈ আমি গৰ্ব কৰিব পাৰো৷

এদিন ৰাঘব কুমাৰ ডেকা ওলাই আহিছিল পঢ়িবলৈ৷ গুৱাহাটীলৈ৷ তেখেতে প্ৰাগজ্যোতিশ মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰ হিচাবে নিজৰ অধ্যয়নক আগুৱাই নিয়ে৷ পৰৱৰ্তী সময়ত তেখেত মহাবিদ্যালয়ৰ এগৰাকী অধ্যাপক হিচাবে নিজক কৰে৷ কিছুদিন অধ্যাপনা কৰাৰ পিছত ৰাঘব কুমাৰ ডেকা ওলাই যায় বাহিৰলৈ৷ তেখেতৰ মনে বিচৰা বিষয় ভূ চুম্বকত্ত্ব বিষয়ক অধিক অধ্যায়নৰ বাবে৷
সময় আগবাঢ়িল৷ নিজৰ অধ্যয়ণ বা একান্ত মনোযোগীতাই তেখেতক দেশৰ এগৰাকী শ্ৰেষ্ঠ ভূ চুম্বকীয় বৈজ্ঞানী ৰূপে কৰে৷ ভাৰতবৰ্ষত এই বিষয়ত অধ্যয়নৰ ক্ষেত্ৰখনি বহলাই নিয়াৰ ক্ষেত্ৰত এইগৰাকী অসমীয়াৰ নাম শ্ৰদ্ধাৰে লোৱা হয়৷
ইয়াৰ পিছত ১৯৮৭ চনত শ্ৰী ৰাঘব কুমাৰ ডেকা’ই যাত্ৰা কৰে প্ৰায় মানৱ বৰ্জিত মহাদেশ এণ্টাৰটিকা’লৈ৷ সেয়া আছিল এক বৰ্ণিল অধ্যায়৷ পিছলৈ সেই কথা কেতিয়াবা ব্যাখ্যা কৰিম৷ চাৰিখন helicopter, দুবছৰ ৰ খাদ্য, ঘৰ সজা সামগ্ৰী লৈ যোৱা জাহাজখনত আছিল ভাৰতীয় সৈন্য বাহিনীৰ কেইবাগৰাকী সৈনিক, চিকিৎসক আদি৷ ডেকাই কৈছিল নিশাৰ সাগৰ পৃষ্ঠত আকাশৰ তৰাৰ বিৰাট ধেমালি৷ মায়াজাল! কৈছিল কেনেদৰে “গৰ্জনমুখৰ চল্লিশ“ পাৰ হোৱাৰ আগেয়ে সাগৰ দেৱতাক পূজা কৰা হৈছিল৷ কাৰণ গৰ্জন মুখৰ চল্লিছ সদায় অশান্ত৷ ডেকা’ই কৈছিল, কেনেদৰে এখন গাওঁ ৰ দৰে বিশাল জাহাজ কাগজৰ টুলুঙা নাও ৰ দৰে কঁপিছিল৷
গৰ্জন মুখৰ চল্লিশ পাৰ হোৱাৰ পিছত ৰৌদ্ৰজ্বল পুৱা দেখিছিল জাক জাক নীলা তিমি৷ সিঁহতে যেন তেওঁলোকক আগুৱাই নিছিল৷ পানী আৰু বৰফৰ টুকুৰাবোৰ যেন হিৰাৰ খনিহে আছিল৷ চিকমিকণিত চকু জাপ খাই গৈছিল৷ কেওফালে পেনগুইনবোৰে আপোনমনে ঘূৰি ফুৰিছিল৷ তাত তেওঁ প্ৰায় ৫০০দিন আছিল গবেষণাৰ বাবে৷ সেয়া এক ৰোমাঞ্চকৰ অধ্যায়৷ সেই অঞ্চলৰ পানীৰ কোনো খনিজাত যৌগ নেথাকে বাবে তেওঁলোকে লগত লৈ যোৱা ফলৰ ৰস খাইছিল যথেষ্ট পৰিমাণে৷ পৰিবাৰে সন্তান ধাৰণ কৰাৰ তিনিমাহ পিছতেই ডেকা গৈছিল পৃথিৱীৰ সিটো মুৰলৈ৷ ঘূৰি অহাৰ কোনো প্ৰতিশ্ৰুতি নাই…৷ তেওঁ উভতি অহাৰ আগেয়ে তেওঁৰ ছোৱালীক মাকে পৃথিৱীৰ পোহৰ দেখুৱাছিল৷ ৰৈ আছিল তেওঁলোক৷ পৃথিৱীৰ সিটোমুৰৰ দেশখনৰ পৰা উভতি অহাৰ আগেয়ে বৰফত ডেকাই লিখি আহিছিল মহাপুৰুষ দুজনাৰ নাম৷
Antartikaলৈ যোৱা প্ৰথম গৰাকী অসমীয়া হৈ উভতি আহি ডেকাই হাত মেলিছিল জীয়েকলৈ৷ অচিনাকি মানুহ দেখি কণমানজনীয়ে চিঞৰি চিঞৰি কান্দিছিল!
১৯৮৭ চনৰ নৱেম্বৰ মাহত তেখেতে যাত্ৰা কৰিছিল৷ উভতি আহিছিল ১৯৮৯ চনৰ মাৰ্চ মাহত৷ তেখেতে অৱস্থান গ্ৰহণ কৰিছিল প্ৰায় মানৱ বৰ্জিত মহাদেশ খনৰ ৭০°দক্ষিণ আৰু ২০°পূবত৷ তাত তেওঁ মুঠতে ৪৮৫ দিন আছিল৷
ৰাঘব ডেকাই ২০০৫ চনত লাভ কৰিছিল Association of Geomagnetism and Aeronomy Medal. এনে সন্মান পোৱা তেৱেঁই একমাত্ৰ অসমীয়া৷ ডেকাই কৈছিল, সপ্তম ভাৰতীয় বৈজ্ঞানিক অভিযানৰ অংশ ৰূপে এণ্টাটিকালৈ যোৱাতো আছিল তেওঁৰ সৌভাগ্য৷ তেওঁৰ বৰণীয়া অভিজ্ঞতা৷

 

■■■

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
1 year ago

পঢ়ি ভাল লাগিল