অচিনাকি গোন্ধে বিয়পোৱা স্মৃতিৰ সুবাসবোৰ (ৰূপাঞ্জলি চেতিয়া)

যোৱা কেইবাটাও দিন ধৰি অচিন গোন্ধ এটাই আমনি কৰি আছে বৰকৈ৷ ধৰিব পৰা নাই কিহৰ গোন্ধ৷ আৰু গম নোপোৱাকৈ গোন্ধটো ভাল বা বেয়া বুলি ভাবি লবৰ মন যোৱা নাই৷ আচলতে বহু সময়ত উৎসটো গম নাপালে গোন্ধটো কোনটো শ্ৰেণীত পৰিব সেয়া ঠিক কৰাটো উচিত নহয় যেন লাগে৷ তুলনা কৰি আছো মনত থকাৰে পৰা আজিৰ তাৰিখলৈকে পোৱা নানানটা গোন্ধৰ সৈতে৷ তুলনা কৰিবলৈ যাওঁতে মনতে সজীৱ হৈ পৰিছে সেই গোন্ধবোৰৰ লগত জড়িত অলেখ স্মৃতি আৰু অভিজ্ঞতা৷ বেয়ালগাবোৰ বৰকৈ মনত নাই কিন্তু ভাললগাখিনি সজীৱ হৈ আছে এতিয়াও৷

প্ৰায়বোৰ অসমীয়া মানুহৰে প্ৰিয় মাহ বহাগ৷ এই বহাগ মাহ ভালপোৱাৰ এটা কাৰণ নিশ্চয়কৈ এই কপৌ, তগৰ, নাহৰ আদি ফুলৰ সুগন্ধিবোৰ৷ যেনেকৈ শেৱালিৰ সুবাস শৰত কাল ভাল লগাৰ অন্যতম এক কাৰণ৷ এনেধৰণৰ কিছুমান গোন্ধ মনলৈ আহিলেই মোহাচ্ছন্ন হৈ উঠে মনটো৷ স্কুলৰ সন্মুখৰ মানুহঘৰৰ পদূলিতে এজোপা শেৱালিয়ে বছৰৰ প্ৰায়কেইটা মাহতেই ফুলি আমোলাই ৰাখে চৌপাশ৷ পুৱা স্কুল আহোতে কেইপাহমান ফুল বুটলি আনি টেবুলত নাইবা ড্ৰয়াৰত ৰখাটো অভ্যাস যেনেই হৈছেগৈ৷ সেই মানুহঘৰৰে পিছফালে শাৰী শাৰীকৈ কেইবাজোপাও ৰবাব টেঙাৰ গছ৷ যেতিয়া ফুলিবলৈ আৰম্ভ কৰে, অদ্ভুত মনোমোহা সুবাস এটাই মনটো সুবাসিত কৰি ৰাখে অনবৰতে; ফল লাগি থকা সময়খিনিৰ কথা নকওঁৱেই৷ গিৰিহঁতে নিজে খাবলৈ বুলি পাৰোতে পিছে নোখোজাকৈয়ে দুটামানকৈ টেঙা আমাৰ ভাগতো পৰে৷ কলপাতত মিহিকৈ ফুটিয়াই নিমখ-জলকীয়া সানি খাবলৈ সাজু কৰা সেই টেঙাখিনিৰো কি যে এক মিঠা মিঠা গোন্ধ!

আমাৰ চুবুৰীয়া মানুহঘৰ ইছলাম ধৰ্মাৱলম্বী৷ ৰমজান মাহৰ ৰোজাৰ ইফটাৰীৰ পৰা আৰম্ভ কৰি প্ৰতিটো ঈদতেই আমাৰ নিমন্ত্ৰণ থাকে৷ খোৱা-বোৱাত বেছ চৌখিন তেওঁলোক৷ খুৰীয়ে পোলাও-বিৰিয়ানীৰ লগতে চেঁৱৈ আৰু নানা তৰহৰ মিঠাই খুব যতনেৰে ৰান্ধে৷ মোৰ পিছে খোৱাতকৈ ক’ত কি উপকৰণ দি কেনেকৈ ৰান্ধিছে তাতহে চকু৷ খোৱাত বৰ ৰাপ নাই, কিন্তু খোৱাবস্তুখিনিৰ পৰা ওলাই থকা ফুৰফুৰীয়া গোন্ধবোৰে বেছ আকৰ্ষিত কৰে মোক৷
প্ৰায়বিলাক খোৱাবস্তুৰ গোন্ধটোৱেই সোৱাদটো দুগুণে বঢ়াই তোলে৷ পোৰামাছৰ পিটিকা খাই বেয়া পোৱা মানুহ হয়তো খুব কমেই ওলাব৷ কিন্তু তাত চেপি দিয়া গোলনেমুৰ গোন্ধটোৱেহে বেছি লোভনীয় কৰি তোলে পিটিকাখন৷ আঞ্জা এখন ৰন্ধাৰ পিছত তাত মিহিকৈ কুটি দিয়া ধনীয়া পাতখিনিয়ে আঞ্জাখনৰ চেহেৰাৰ লগতে সোৱাদৰো শ্ৰীবৃদ্ধি কৰে৷ আৰু বৰতীয়া ভাতসাঁজৰ লগত খোৱা নানা তৰহৰ পাচলি দিয়া দাইলখন! তাত দিয়া আদা আৰু খাটি গৰুঘিউঁৰ গোন্ধটোৱে দিনটো ব্ৰতত থকাৰ পাছত ভোকটো দুগুণে বঢ়াই নোতোলেনে? আৰু যে কিমান কি কি আছে!

আচলতে চাগে ভালপোৱা বা ভাললগা মানুহৰ দোষ-গুণ সকলোখিনি যেনেকৈ আমাৰ প্ৰিয় হৈ পৰে, তেনেকৈয়ে খাই ভালপোৱা বস্তুবিধৰো গোন্ধটো যেনেকুৱা হলেও প্ৰিয় হৈ পৰে৷ নহ’লে শুকান মাছ, শুকতি, ভেদাই লতাৰ জোল, ভোট জলকীয়াৰে খৰিচাৰ আচাৰ এইবোৰ বহুত মানুহৰ প্ৰিয় খাদ্যৰ তালিকাভুক্ত নহ’লহেঁতেন৷ সোৱাদৰ মূল উৎস যেন এই গোন্ধবোৰ৷

নিজৰ ঘ্ৰাণশক্তি যে খুব তীব্ৰ সেয়া নহয়৷ কিন্তু কিছুমান গোন্ধ মনত ৰৈ যায়৷ মাৰ চাদৰৰ সুগন্ধি, পিতাৰ গাৰ গোন্ধ দুয়োটাই খুব প্ৰিয়৷ হয়তো সকলোৰে৷ সৰুতে পঢ়ি থকাৰ মাজে মাজে গৈ মা নাইবা পিতাৰ গাত গাটো ঘঁহাই গোন্ধ লৈ আহিছিলোগৈ৷ আমাৰ এজন বৰদেউতা আৰু পিতাৰ কাপোৰৰ জোখ একে হোৱা বাবে প্ৰায়েই শুকাবলৈ মেলি দিয়া বগা গেঞ্জিকেইটাৰ কোনটো কাৰ চিনাত মস্কিল হৈছিল৷ তেতিয়া কামত আহিছিল মোৰ এই অভ্যাসটো৷ ধুই অনাৰ পাছতো পিতাৰ গোন্ধ লাগি ৰোৱা গেঞ্জিটো মই সহজেই বাচি উলিয়াব পাৰিছিলো৷ আপোনত্বৰ গোন্ধ এয়া৷ এতিয়া মোৰ ছোৱালীজনীৰো আছে এইটো অভ্যাস৷ তাইক আইতাকে পঢ়ুৱায়; পঢ়ি থকাৰ মাজতে এপাকত আহি মোক সাৱটি যায়হি৷ হয়তো মোৰ দৰেই উশাহত উজুৱাই লয় প্ৰিয় গোন্ধটো৷ প্ৰথম হোষ্টেললৈ যাওঁতে মাৰ পুৰণি চাদৰ এখন লৈ গৈছিলো লগত৷ অকলে শুবলৈ ভয় লাগে৷ তেতিয়া মাৰ চাদৰখনেৰে গা-মূৰ ঢাকি লওঁ৷ চাদৰখনত লাগি থকা ’মা মা’ গোন্ধত ভয়টো দূৰ হয়৷ নিৰাপত্তাৰ গোন্ধ সেয়া৷

কিছুমান গোন্ধ তুলনাবিহীন আৰু একক৷ গাৱঁৰ ছোৱালী হোৱা হেতুকে খেতি-পথাৰৰ লগত পুৰণি আৰু ওতপ্ৰোত সম্পৰ্ক মোৰ৷ খেতিৰ দিনকেইটাত নবৌহঁতৰ লগত পথাৰলৈ যোৱাৰ হেঁপাহটো পূৰাবলৈ মাৰ গালি আৰু পিতাৰ ৰঙাচকুকো আওকাণ কৰিছিলো৷ পথাৰত প্ৰথম হাল জুৰাৰ পৰা দাই-চপাই আনি, মৰণা মাৰি গুটিধানৰ ভঁৰালটো ভৰাই তোলালৈকে কিমানটা গোন্ধই যে আচ্ছন্ন কৰি ৰাখে মোক! পথাৰখন ৰুবলৈ সাজু কৰিবৰ বাবে প্ৰথম হাল জোৰোতে তাত গজি থকা বনৰীয়া ঘাঁহ আৰু মাটিখিনি যেতিয়া নাঙলৰ ফালে পানীৰ সৈতে একাকাৰ কৰে, তেতিয়া যিটো গোন্ধ পোৱা যায় তাৰ তুলনা আন একোৰেই কৰিব পৰা নাযায়৷ গছা লোৱাৰ নিয়ম কৰোতে মায়ে বোকাত গোজা কচু, হালধি আৰু তৰাগছৰ গোন্ধটোৱে, ৰোৱাৰ আগেয়ে কোমল কঁঠীয়াবোৰৰ আগটো চিঙি দিওঁতে ওলোৱা মিহি সুগন্ধিখিনিয়ে, গেঁৰ ওলাওঁতে গোটেই পথাৰ জুৰি বিয়পি থকা সুবাসে এতিয়াও বুকুতে ঘৰ পাতি আছে৷

পিছফালৰ চোতালত মৰণা মাৰিবলৈ লোৱাৰ পৰত মায়ে মূল ঘৰৰ দুৱাৰ-খিৰিকী মাৰি আমাক আঁতৰি থাকিবলৈ কয়৷ যাতে ধূলি ঘৰৰ ভিতৰত নোসোমায় আৰু আমাৰো পানীলগা নাইবা এলাৰ্জীজাতীয় একো নহয়৷ দাদা আৰু বায়ে সুৰুঙা পাই লগৰীয়াৰ লগত খেলিবলৈ গুচি যায় আৰু মই পিছফালৰ বাৰাণ্ডাত মুঢ়া নহলে পীৰা এখনত বহি ধানখেৰৰ গোন্ধ লওঁ৷ ঘৰৰ কাম-বনত সহায় কৰি দিয়া পূৰ্ণকায়ে পাকৈত হাতেৰে কাঁচিখন লৈ মুঠিবোৰ মুকলি কৰি যায় আৰু হাজিৰালৈ অনা মানুহজনে মৰণা মাৰি যায়৷ প্ৰথম মুঠিটো খোলোতে ওলোৱা গোন্ধটো ধানখিনি সৰাৰ পাছত বেলেগ হয়গৈ৷ মই উজাই তাৰ গোন্ধ লওঁ; পূৰ্ণকায়ে ডবিয়ায়, “সৰুভনী! যাচোন তই ইয়াৰ পৰা! চৰ্দি লাগিব, ধুলি লাগি খজুৱাব৷“ মোৰ কাণত তাৰ কথা নোসোমায়৷ মৰণা মাৰি শেষ হ’লেহে মই উঠি আহোঁ তাৰপৰা গোন্ধটো লগতে লৈ৷

অতীত আৰু বৰ্তমানৰ চিনাকি সকলো ধৰণৰ গোন্ধৰ লগতে ৰিজাই চাইছো গোন্ধটোক৷ কিন্তু একো ধৰিবই পৰা নাই এতিয়ালৈকে৷ সহকৰ্মীসকলক কথাটো কোৱাত লগৰ বাইদেউ এগৰাকীয়ে ধেমালিতে ক’লে, “সাৱধান দেই৷ যিহে সোপাধৰা, পিছল ভূত জাতীয় বস্তুবোৰ ওলাইছে, তেনেকৈয়ে অদৃশ্য মানুহ জাতীয় কিবা লগতে ঘূৰি ফুৰা নাইতো? “সেইবোৰলৈ বাৰু ভয় নকৰো৷ কিন্তু গোন্ধটোৰ মূল উৎসটো গম নোপোৱালৈকে মনটো যে উক্ মুকাই থাকিব সেয়া ঠিক৷ কিহৰ বা গোন্ধ এয়া? যি প্ৰতিটো দিনতে মোৰ অভিন্ন সংগী যেন হৈ পৰিছে৷ যিয়ে প্ৰতি মুহূৰ্ততে কঢ়িয়াই আনিছে অতীতৰ সুবাস আৰু মোহাচ্ছন্ন কৰি ৰাখিছে মোৰ বৰ্তমানটোক৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments