অচিনাকি চহৰ : গুৱাহাটী (উদ্দীপ তালুকদাৰ)

গুৱাহাটী মোৰ নিজৰ চহৰ নহয় । কিন্তু এতিয়ালৈকে আটাইতকৈ বেছি সময় মই গুৱাহাটীতে কটাইছোঁ । সেয়ে গুৱাহাটীলৈ বুলি টান এটা আছে । কেইদিনমান আগেয়ে গুৱাহাটীলৈ গৈছিলোঁ । আগতকৈ দোকান-পাহাৰ আৰু বেছি হৈছে । চিটী-বাছত ভীৰ একেই আছে । গতিহে আগতকৈ লেহেম হৈছে যেন লাগিল । মানুহৰ ব্যস্ততা, বেপৰোৱা বাটৰুৱা, ক্লান্ত চাকৰিয়াল, ভিখাৰীৰ দল একেই আছে । কিন্তু অনুভৱ কৰিছোঁ, কিবা এটা নোহোৱা হৈছে । হাতত কিছু সময় আছিল, … সেয়ে এনেয়ে ইফালে সিফালে ঘূৰি ফুৰিলোঁ । আচলতে বিচাৰি ফুৰিছিলোঁ, সেই যে কিবা এটা নাই, সেইটো কি ?  মাজতে মনলৈ আহিল, গুৱাহাটীয়ে নিজস্বতা হেৰুৱাইছে । ভাৰতৰ কেইবাখনো চহৰ ফুৰাৰ অভিজ্ঞতাৰে ক’ব পাৰোঁ, প্ৰতিজন মানুহৰ দৰে, প্ৰতিটো পৰিয়ালৰ দৰে চহৰৰো একোটা নিজস্বতা থাকে । চহৰৰ অলিয়ে-গলিয়ে ফুৰোঁতে অনুভৱ কৰিব পৰা যায়, সেই চহৰৰ সেই একক বৈশিষ্ট । দিল্লীৰ পানীৱালা, বহল ৰাস্তা, ৰুক্ষ ভাষা, য’তে-ত’তে সিঁচৰতি হৈ থকা ঐতিহ্যমণ্ডিত স্থানবিলাকে সোঁৱৰাই দি থাকে আপুনি দিল্লীত আছে । সদাব্যস্ত মানুহ, আবেলি ক্লান্ত পথিকৰ সাগৰ-ভ্ৰমণ  আৰু অ’ৰ-ত’ৰপৰা ভাঁহি অহা মাৰাঠী মিশ্ৰিত হিন্দী আৰু গগণচুম্বী অট্টালিকাই আপোনাক পাহৰিবলৈ নিদিয়ে যে আপুনি মুম্বাইত আছে । তেনেকৈ লখ্নৌত য’তে-ত’তে মোগল আমোলৰ খোৱা বস্তু, ভাষাত উৰ্দু মিশ্ৰিত লয় । কলিকতাত তীব্ৰ স্বৰত কোনোবাই দোকানীৰ লগত দৰদাম কৰাৰ মাত, দীঘল চুলি আৰু দাঢ়িৰ মাজত চাৰমিনাৰ গুজি কলেজ ষ্ট্ৰীটত ঘূৰি ফুৰা খীণদেহৰ মানুহবিলাক  আৰু শতবৰ্ষ গৰকি যোৱা পৰোঁ পৰোঁকৈ থকা ঘৰ বিলাক । বাৰানসীৰ কথা ক’বই নালাগে ।

কিন্তু গুৱাহাটীত ? একো বৈশিষ্টই চকুত নপৰে দেখোন । চাৰিওফালে নতুন নতুন ওখ ওখ ঘৰ । কিন্তু বেছিভাগতে কোনো নান্দনিক আভিজাত্য নাই । দোকানবিলাক সজাইছে নিজস্ব ব্ৰেণ্ডৰ ঢঙত। সেই ষ্টাইল সমগ্ৰ পৃথিৱীতে কিজানি একেই । তাত চহৰখনৰ কোনো চাপ নাই । পুৰণি ঘৰবিলাক ভাঙি নতুন নতুন ফ্লেট সজাইছে । চব ফ্লেটতে একেই সেই ইষৎ হালধীয়া ৰঙ আৰু ৰঙা ৰঙ দিয়া খিৰিকী । সন্ধিয়া অকণমান ফুৰি বিনা পইচাত ভাগৰ জুৰাবলৈ ঠাই নাই । আপোনাৰ হাতত যদি এঘণ্টা সময় আছে, বহি কটাবলৈ এখন ভাল ধুনীয়া ঠাই নাই । ঐতিহ্যমণ্ডিত ঠাইবিলাক য’ত আছে তালৈ গ’লে আৰু দুখহে লাগে । জজ্ ফিল্ড নিজেই বন্দী, দীঘলী পুখুৰী (কাৰ যে মূৰত খেলায় প্লাষ্টিকৰ গছ লগোৱাৰ!), শিলপুখুৰী (জীয়াই আছে নে নাই ভিতৰলৈ গৈ চাব লাগে), ফাঁচী বজাৰৰ ব্ৰহ্মপুত্ৰৰ পাৰ (পকেটত টকা নথকা মানুহক কিজানি সম্মুখত থিয় হ’বলৈও নিদিয়ে), গণেশগুৰিত গাড়ীৰ প্ৰকোপত থিয় দি থকাই মস্কিল ।

শেষত ভাবিলোঁ, উজান বজাৰৰ ফালেৰে ওলাই যাওঁ । জোৰপুখুৰীৰ পাৰ খিনি শান্ত হৈ আছে । এখন পাণ-তামোলৰ দোকান । কাষতে এটা ঘৰৰ ভিতৰৰপৰা কেইবাজনো ডেকাৰ হাঁহিৰ শব্দ আৰু গীটাৰৰ টাং-টুং শব্দ ভাঁহি আহিছে । ভিতৰত কোনোবাই কাৰোবাক চিঞৰি চিঞৰি কৈছে “আবে চন্, তই ….”

গুৱাহাটীৰ অকণ অকণ বৈশিষ্ট এতিয়াও আছে অলপ অলপ ক’ৰবাত ক’ৰবাত। সেই “আবে চন্…”ৰ গৰাকীৰ প্ৰত্যয়পূৰ্ণ মাতটোকো কিন্তু নতুন গুৱাহাটীয়ে চেপি-খুন্দি আনি আছে, খুব সোনকালেই তেওঁলোকো নোহোৱা হৈ যাব । ৰৈ যাব মাত্ৰ বৈশিষ্টহীন, ঐতিহ্যহীন কিছু দোকানৰ দীঘল শাৰী, ওখ ওখ একেৰঙৰ অট্টালিকা, কাঢ়া ইস্ত্ৰিৰ বগা ছাৰ্ট আৰু ক’লা পেণ্ট পিন্ধি “আবে চন..”  কিজানি ৰৈ থাকিব কোনোবা দোকানৰ ছেলছ-ডেক্সত  বা ওলাই আহিব কোনোবা অফিচৰ পৰা । আৰু ৰাতি ছাদৰপৰা ধোঁৱাৰে ঢকা আকাশলৈ চাই ভাবিব, ইয়াত তৰাবোৰ ক’লৈ গ’ল  !

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments