অচিনাকী অভিভাৱক (কৃষ্ণা বৰা ফুকন)

ল’ৰাটো জন্ম হোৱা আঢ়ৈ মাহ মান পিছতে মোৰ আন এটা অপাৰেশ্যন কৰাব লগা হোৱাত যোৱা বছৰ ডিচেম্বৰত ঘৰলৈ গৈছিলোঁ। অপাৰেশ্যন অৱশ্যে গুৱাহাটীত হৈছিল।
ল’ৰাৰ বাবে গৰম পানীৰ ফ্লাস্ক, গাখীৰৰ টেমা, দুধদানি আদি লৈ যথা দিনত আমি হাস্পতাল পালোঁগৈ। আঢ়ৈমহীয়া কেঁচুৱাটোক বাপেক আৰু ককাকৰ হাতত গতাই মই অপাৰেশ্যন ৰুমত সোমালো। ল’ৰাটোৰ মুখখন মনত পেলাই, ঈশ্বৰৰ নাম লৈ সেই ওখ বিচনাখনত উঠাৰ পিছত, নাৰ্চে দিয়া এটা বেজীৰ খোঁচত টোপনি গ’লোঁ। ভিতৰত কি হ’ল মনত নাই। বহুকেইটা চিলাই, এডাল পূঁজ-পানী ওলোৱা পাইপ গাত সোমোৱাই বিষত জৰ্জৰিত হৈ যেতিয়া মই ওলাই আহিছিলো তেতিয়া চিন্তা এটাই আছিল, ল’ৰাটোৱে বাৰু আমনি কৰিছিল নেকি, কান্দিছিল নেকি…!! পিছে বাহিৰত আহি দেখোঁ, ল’ৰা বেলেগৰ কোলাত উঠি ফস্তি মাৰি শুই আছে।
দুটাকৈ অনভিজ্ঞ, বেমাৰী পৰ দিয়া মতা মানুহৰ কোলাত এই পানীকেঁচুৱাটো দেখি হাস্পতালত থকা আন বহুতেই হেনো তাক একোলা একোলা লৈ দিলে। কেৱল লোৱাই নহয়, কোনোবা এগৰাকীয়ে যদি কেঁচুৱা ধৰে, আন এগৰাকীয়ে গাখীৰ গুলি খুৱাই দিয়ে। মোক দেখি কেইগৰাকীমান নাৰ্চ, আৰু বেমাৰী ৰখীয়া মহিলা আগুৱাই আহিল। মোৰ খবৰ বাতৰি ল’লে লগতে ল’ৰাৰ গুণ গৰিমা বখানিলে, অলপো আমনি নাই, নাকান্দে আদি বহুত কিবাকিবি। কথাবোৰ শুনিয়ে যেন মোৰ দেহৰ বিষ বহুখিনি উপশম হয়।
ঘৰত থাকোঁতেই এদিন গৃহস্থৰ লগত কথা হওঁতে কথা প্ৰসংগত এওঁ মোক ঘটনা এটা কৈছিল। আমি পুণেত থকা ঘৰটোৰ কাষৰ মহিলা এগৰাকীয়ে হেনো এদিন এওঁক মাতি মোৰ খবৰ লৈছিল। আচৰিত কথা এইয়ে যে মানুহগৰাকী আমাৰ চুবুৰীয়া হোৱাৰ বাদে তেখেতৰ লগত আমাৰ কোনো সম্পৰ্ক নাছিল। কোনো কাহানি মই আনকি মাতিও পোৱা নাছিলো। বাটত কৰবাত কেতিয়াবা দেখা সাক্ষাৎ হ’লে কেৱল হাঁহিৰ আদান প্ৰদান কৰা মহিলা গৰাকীয়ে এনেদৰে মোৰ অনুপস্থিতিত মোৰ খবৰ লোৱা বুলি জানি সঁচাই মন ভৰি গৈছিল।
সম্পূৰ্ণ পাঁচ মাহ ঘৰত থাকি যোৱা এপ্ৰিলত মই পুণেলৈ আহিলোঁ। গাঁৱৰ ঘৰত ইকোলা-সিকোলা হৈ ঘৰৰ বাহিৰত আকাশ চাই, গছ গছনি, চৰাই চিৰিকতি চাই ডাঙৰ হোৱা ল’ৰা এতিয়া ঘৰৰ ভিতৰত নথকা হ’ল। উপায়ন্তৰ হৈ মইয়ে তাক আগবেলা আগবেলা ঘৰৰ আগফালৰ ঠাইটুকুৰাত, কোলাত লৈ অহা-যোৱা কৰি মন ভাল লগাবলগীয়াত পৰিলোঁ। ইমান মাহৰ মূৰত মোক দেখি ওচৰৰ প্ৰায়বোৰে মহিলা প্ৰতিবেশীয়েই আহি মোক মাত দিলে, মোৰ খবৰ ললে। অপাৰেশ্যনৰ কথা জানিব পাৰি সকলোৱে ইস্ আস্ কৰিলে, নিজৰ লগতে ল’ৰাৰ যত্ন ল’বলৈ উপদেশ দিলে। মাকৰ গাখীৰ খাবলৈ নোপোৱা ল’ৰাটোক কি কেনেকৈ খুৱাব লাগে আদি কথাবোৰ বুজাই দিলে। মুঠতে সেইকেইদিন মোৰ খবৰ লোৱা আৰু খবৰ ৰখা মানুহৰ সংখ্যা দেখি মই নিজেই আচৰিত। অথচ এই মানুহবোৰক মই কোনোদিন “ভালনে” বুলিও সুধি পোৱা নাছিলোঁ।

আমৰ দিন। টেঙাৰ নাম ল’লেই মুখলৈ পানী অহা মোৰো, এদিন খুউব আম খাবলৈ মন গ’ল। এদিন সন্ধিয়া ল’ৰাক ফুৰাবলৈ নিওঁতে পাচলি বেপাৰী বুঢ়ী মানুহগৰাকীৰ ঠেলাখনত কেঁচা আম দেখি কিনিবলৈ গ’লোঁ। উফ্! কবলৈহে পালো আম লাগে বুলি, আইতা একেবাৰে গৰগৰাই উঠিল। হিন্দীত কোৱা কথাকেইটা অসমীয়ালৈ অনুবাদ কৰিলে কথাকেইটাৰ অৰ্থ এইয়ে যে, “তই যে মোৰ ইয়াত আম দেখি কিনিবলৈ দৌৰি আহিছ’, তোৰ ল’ৰাৰ বয়স এবছৰ হ’ল জানো? মিছা মাতি লাভ নাই, কাৰণ মই ভালদৰেই জানোঁ, তোৰ ল’ৰাৰ এবছৰ নাই হোৱা বুলি। গতিকে তই আম নাপাৱ। বেলেগে দিয়ে যদি মই নাজানো, কিন্তু মই তোক আম বেচিব নোৱাৰোঁ। কাৰণ তোৰ উশাহ-নিশাহ ল’ৰাৰ গাত লাগি বা তোৰ গাখীৰ খাই ল’ৰাৰ পানী লাগিব বা পেট বেয়া হ’ব। আৰু সেয়ে এই বছৰলৈ তই আম খোৱাৰ লোভ সম্বৰণ কৰ, অহাবছৰ ইয়াৰ দুগুণ আম খাই খক্ পূৰাই লবি”। আইতাৰ কথা শুনি মোৰ মেলা মুখ মেল খাইয়ে থাকিল। কি ক’ম, কি ধৰণৰ প্ৰতিক্ৰিয়া দিম ভাবি নাপাই ঠোঁট মুখ চেলেকি সুদা হাতে ঘূৰি আহিলোঁ..!!
এতিয়া সেই আইতাই নাতিয়েকক শাড়ীৰ আঁচলেৰে মচি মচি ভালৰ ভাল গাজৰ দি পঠায়।
পুণেত এতিয়া বতৰ ঠাণ্ডা । অনবৰত বতাহ এজাক ইয়াত থাকেই। আবেলি ল’ৰাক ওচৰৰে পাৰ্কলৈ লৈ যাওঁ। উফ্ কৰনো অচিনাকি মানুহবোৰে আহি ল’ৰাক মাতেহি অ’। কলেজীয়া ছোৱালীবোৰে ইয়াক লৈ যায়হি, ইয়াক লৈ Selfie উঠায়। ল’ৰাও কমটোনে, কেঁট্ শব্দ এটা নকৰে। চবকে হাঁহি দেখায়। বয়সীয়াল মানুহবোৰক জুপি জুপি চাই হাঁহি দেখায়। লাভৰ মূৰত মই পাওঁ এগালমান উপদেশ। ল’ৰাক চুৱেটাৰ পিন্ধাব লাগে, টুপী পিন্ধাব লাগে, মোজা পিন্ধাব লাগে, খেজুৰ খুৱাব লাগে, কাজু খুৱাব লাগে আদি বিভিন্ন Diet chart….!!
অচিনাকি ঠাই, অচিনাকি মানুহ। তথাপি এই মানুহবোৰ যেন অচিনাকি নহয়। মানুহখিনিৰ এই অনামী আত্মীয়তাইটো ঘৰৰ পৰা দূৰৈত থকাৰ মোৰ বহু দুখ পাতলাই ৰাখে।
মানুহে সোধে, মই ক’ৰ?? অসমৰ বুলি ক’লে ব্ৰহ্মপুত্ৰৰ কথা কয়, চেলাউৰি ডাঙি ইংগিতেৰে কয়, “বাপৰে, বহুত দূৰ, একদম East..ৰ পৰা”!
চাহপাতৰ কথা কয়, “তাৰটো চাহপাতৰ গোন্ধেই বেলেগ”
ইয়াত বৰষুণ দিলে সোধে, অসমত বৰষুণ হৈছেনে নাই?? কিবা ক’বলৈ মুখ মেলোতেই আন এজনে মাজতে কয়,”কিনো সুধিছা হে, অসমত বৰষুণ নহয়, অসমত বানপানী হয়”।
“ৱহা পে ত’ বাৰিষ নহী হ’তী হে, বাঢ় আতী হে বাঢ়, য়ে বাৰিষ ত’ কুছ ভী নহী হে…!!”

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments