অচিন মানুহ: ধীৰাজ কলিতা

অচিন মানুহ

ধীৰাজ কলিতা

১৮ ফুট ওখ এজন মানুহ। ক্ষীণ-মীন, হাত আঠুঁত পৰে। দীঘল চুলিকোছা পৰিপাটিকৈ ৰঙা ৰবৰ এডালেৰে বান্ধি লৈছে। ধূপ-কাঠিৰ দৰে মিহি দুয়োখন ভৰি। গাত লিপিট খাই থকাকৈ এটা ষ্টীলৰ টি-ছাৰ্ট পিন্ধিছে।  সোঁহাতত এডাল চাবুক আৰু বাওঁহাতত এটা মোবাইল। ওলাই আহিব খোজা মস্ত মস্ত চকুকেইটাত এটা ডেমকেয়াৰ ভাৱ লৈ ৰাজপথেৰে গহীনভাৱে খোজ কাঢ়িছে মানুহজনে। টিনপাতৰ ওপৰৰে খোজ কাঢ়িলে হোৱা শব্দৰ দৰে ভৰিত পিন্ধা খৰম জোৰৰ টুং টাং শব্দ। সোঁভৰিৰ আঁঠুৰ অকণমান ওপৰত ভৰিৰ পৰা এডাল হেণ্ডেল ওলাই আহিছে। দোকান এখনত চিগাৰেট খাবলৈ সোমাওঁতে সোঁহাতৰ চাবুকডাল পিছ পকেটত সুমুৱাই থৈ ঘড়ীৰ বিপৰীত দিশত হেণ্ডেলডাল ঘূৰাই চকুৰ সন্মুখতে চাপৰ হৈ গল মানুহজন। কপালত ৰঙা ৰঙা আখৰেৰে display হৈ আছে— উচ্চতা ৫ ফুট ৭ ইঞ্চি, ওজন ৪০ কে জি।

দোকানখনৰ পৰা ওলাই আহি আকৌ একে পদ্ধতিৰে সন্মুখৰ ফালে হাওলি লৈ হেণ্ডেলডাল ঘড়ীৰ কাঁটাৰ দিশত ঘূৰাই ওখ হৈ গ’ল। পুনৰ কপালৰ display জিলিকি উঠিল: উচ্চতা-২০ ফুট ৯ ইঞ্চি, ওজন-৪০ কে জি। বৰ আচৰিত, ওজন মুঠেই সলনি নহ’ল। ১৮-২০টা মান মস্ত মস্ত পকেট থকা এটা বগা ৰঙৰ লংপেন্ট। অলপ

ভালদৰে মন কৰিলেই অনুমান কৰিব পাৰি প্ৰতিখন পকেটেই ভৰ্ত্তি। দুখনমান পকেটৰ পৰা মানুহৰ চুলি ওলাই আছে, কিজানি মানুহৰ কটা মূৰ পকেটত ভৰোৱা আছে। বগা লংপেন্টটোৰ বহু ঠাইত তেজৰ দাগ। লোকে লোকাৰণ্য, ৰাজপথ বিৰ দি বাট নোপোৱা অৱস্থা। কিছুমানে নিজৰ ঘৰৰ ছাদঁৰ পৰাই ফটো লোৱাত ব্যস্ত। ঠায়ে ঠায়ে মানুহৰ জুম। “কোন হয়? ক’ৰ পৰা আহিছে? ক’লৈ যাব, আগতে কেতিয়াও দেখা নাই, টি.ভি ত এদিন দেখিছিলোঁ…………” আদি কথাৰ মহলা। চাৰিওফালে সামৰিক বেষ্টনী— হাতে হাতে বন্ধুক লৈ পুলিচ-মিলিটেৰী, কাষত সাংবাদিক, কেমেৰামেন। দুই চাৰিজনে ওচৰলৈ গৈ মানুহজনৰ ডিঙিলৈ ফুলৰ মালা দলিয়াইছে, চৰণ চুই সেৱা কৰিছে। ১০ খন মান বগা এম্বাছাদৰ, আগে পিছে পুলিছ, ফায়াৰ ব্ৰিগেদ, এম্বুলেন্স আহি ভিৰৰ মাজত সোমাই আগবাঢ়িব নোৱাৰা হৈছে। ৰঙা লাইট ঘূৰি ঘূৰি চাইৰেন বাজিছে যদিও কৰ্মৰত ট্ৰেফিকেও একো কৰিব পৰা নাই, দেহৰ পৰা জীউ উৰি গৈছে সিহঁতৰ। গাড়ীৰ ড্ৰাইভাৰে হৰ্ণৰ বুটাম টিপিছে, ট্ৰেফিক পুলিছে হুইচেল ফুৱাইছে হে ফুৱাইছে কিন্তু শব্দ নাই। এখন-দুখন গাড়ীৰ হৰ্ণ বেয়া হ’ব পাৰে, প্ৰতিখন গাড়ীৰে একে সময়তে বেয়া হ’ব জানো। সকলোৱে বু-বু-বা-বা কাৰিছে, মানুহৰ খোজ দিবলৈ ঠাই নাই, এক প্ৰকাৰৰ আতংক। কিন্তু আচৰিত, বিন্দু মাত্ৰও শব্দ নাই। চাৰিওফালে নিস্তব্ধ। অকল মানুহজনৰ খোজৰ শব্দ আৰু হাত দুখন তল-ওপৰ কৰিলে কেৰ মেৰ এটা শব্দ হয়।

সাংবাদিকবোৰ ওচৰলৈ আহিব বিচাৰিছে যদিও পৰা নাই। এজনে কেনেবাকৈ কাষ চাপিল যদিও ইমান ওখ মানুহজনক মাইক্ৰফোনতো আগবঢ়াই দিব নাই পৰা। হঠাৎ‍ ৫-৬ খোজ আগবাঢ়ি শাৰী পাতি ট্ৰেফিকত ৰৈ থকা বগা এম্বাছাদৰ এখনৰ ওপৰৰে হাত খন সোমাই দি ডিঙিৰে সৈতে চচমা পিন্ধা মানুহ এজনৰ মূৰ এটা দাঙি আনি পকেটত সুমুৱাই ল’লে। মূল দেহাৰ পৰা মূৰটো চিঙি অনা অংশৰ পৰা টোপে টোপে তেজ নিগৰিছে। চিঙা মূৰটো উপস্থিত প্ৰতিজনৰে চিনাকি। জাউৰিয়ে জাউৰিয়ে হাত চাপৰি পৰিল। নিস্তব্ধতাই শীতল কৰা পৰিৱেশটোত হাত চাপৰিৰ শব্দ কিন্তু স্পষ্টকৈয়ে শুনা গৈছিল। মানুহবোৰে ফুচ-ফুচাই আলোচনা কৰিছে, “ভালেই কৰিছে। এইবোৰ মানুহক এনেকে নামাৰিলে আইন-আদালত-সংবিধানে মাৰিব নোৱাৰে। আচল কথা হল, সিহঁতে কৰা দোষবোৰ আইনৰ সুৰুঙাৰে ওলাই দৌৰ মাৰে কাৰণ নিজে দোষী হোৱাৰ ভয়ত সিহঁতে দোষ কৰাৰ আগেয়ে দেশৰ নীতি নিয়মবোৰ নিজৰ সুবিধাৰ্থে সংশোধন কৰি লয়। এক কথাত আইন, আদালত, সংবিধান, প্ৰশাসন আদি সিহঁতৰ মানিবেগত। এনেকুৱা মানুহ আৰু ২-৪ জনৰ প্ৰয়োজন। তেতিয়াহে যদি দেশখন অকণমান সুস্থিৰ অৱস্থালৈ অহাৰ কথা আশা কৰিব পাৰি। নহ’লে আৰু হাইকোৰ্ট, চুপ্ৰিম কোৰ্ট, জামিন, ধৰ্ণা, অনশন আদি কৰোঁতে কৰোঁতে দোষী বিলাকো ব’ৰ হৈ যায় কিজানি।”

ৰাইজৰ সঁহাৰি পাই মানুহজনে আগৰ দৰে হেণ্ডেল ঘূৰাই চাপৰ হৈ গল আৰু জনতাৰ মাজত সোমাই পৰিল। কপালত display হৈছে: উচ্চতা-৫ ফুট ১১ ইঞ্চি, ওজন-৪০ কেজি। মানুহজন সাধাৰণ অৱস্থালৈ অহাৰ লগে লগেই বিভিন্ন মাধ্যমৰ সাংবাদিক সকলে মৰাশৰ ওপৰত শগুন পৰাদি বেৰি ধৰিলে তেওঁক। গদ গদ কণ্ঠৰে মানুহজনে সাংবাদিকক কৈ গ’ল ইটোৰ পিছত সিটো চাঞ্চল্যকৰ কথা। নাম-ঠিকনা সুধি ব্যতিব্যস্ত কৰিব বুলি জানি প্ৰথমতেই তেও মানিবেগৰ পৰা পৰিচয়পত্ৰ খন উলিয়াই তৰ্জনী আৰু বুঢ়া আঙুলিৰে টিপা মাৰি ধৰি সকলোকে দেখুৱালে। এখন ডিজিটেল কাৰ্ড। নাম ঠিকনা মনিব নোৱাৰি, আখৰৰ সলনি মাথো কিছুমান বিন্দু। মাথোঁ বয়সটো বুজিব পাৰি, ২ বছৰ ৬ মাহ।
সাংবাদিকৰ প্ৰশ্ন- “নতুন ঠাই কেনেকুৱা পাইছে?”
“অকল এইখন চহৰতে নহয়, মোৰ ডিউটি চুবুৰীয়া বাকী ৬ খন ৰাজ্যতো। মোৰ কৰ্মজীৱনত এইখন চহৰত প্ৰথমবাৰৰ বাবে দিশহাৰা হৈছোঁ। ইয়াত দুৰ্নীতি, হত্যা ইত্যাদি অপকৰ্ম বাঢ়ি অহা বুলি শুনি মোক ইয়ালৈ বদলি কৰিছে। এইখন চহৰত অহাৰ পৰাই মোৰ চকুত টোপনি নাই। ইয়াৰ আগতে মই ৪-৫ খন চহৰত কাম কৰি আহিছোঁ, কোনো সমস্যাই নাছিল তাত। গোটেই দিনটো গেষ্ট হাউচত আৰামেৰে শুই থাকোঁ, সপ্তাহত কেতিয়াবা ২-৩ দিন, ৰাতি একঘন্টামানৰ কাৰণে পেট্ৰলিঙত ওলাই গ’লেই সমস্যা সমাধান। আৰু ইয়াত ৰাতিৰ কথাটো বাদেই, দিনে ৰাতি কাম কৰিও সামৰিব পৰা নাই। এইখিনিতে মই আপোনালোকৰ যোগেৰে সমূহ ৰাজ্যবাসীক জনালোঁ যে ৰাইজৰ সহায়-সহযোগিতা অবিহনে আমি আমাৰ লক্ষ্যত উপনীত হব নোৱাৰিম। মোৰ লগতে মোৰ দলে যথাসাধ্য কাম কৰি যাম, কিন্তু আপোনালোকৰ সহায় নিতান্তই প্ৰয়োজনীয়।”
সাংবাদিকৰ প্ৰশ্ন- “আপোনাৰ ব্যক্তিগত জীৱনৰ বিষয়ে দুআষাৰ কওক।”

“ব্যক্তিগত বুলিবলৈ বিশেষ একো নাই। যোৱা ২ বছৰ ৬ মাহ আগতে মোৰ নিজৰ শোৱনি কোঠাত মৃত্যু হৈছিল। মৄত্যু বুলি কোৱাটো ভুল হ’ব, আচলতে ব্যক্তিগত সমস্যাৰ বাবে আজিৰ পৰা ২ বছৰ ৬ মাহ আগতে মই ব্যৱহাৰিক জীৱনটো সলাই লৈছোঁ। ওচৰ চুবুৰীয়া, পৰিয়ালে পিছে মই ফাঁচী লৈ মৃত্যু হোৱা বুলিয়েই জানে। ঘটনাটো থোৰতে এনেকুৱা আছিল: মই মোৰ পৰিবাৰৰ সৈতে অইল ইণ্ডিয়াৰ কলনীত আছিলোঁ, আমাৰ কোৱাৰ্টাৰটো আছিল কলনিৰ একেবাৰে আনটো মূৰত, ফুটবল ফিল্ড খনৰ শেষত। বিয়া পতা মাত্ৰ ৬ মাহ হৈছিল। বৃহস্পতি বাৰ, মন্দিৰত শৰাই দি মই উভতি আহি আছিলোঁ ঘৰলৈ বুলি। আন্ধাৰ নামিছে, টৰ্ছৰ পোহৰ নহলে মানুহ মনিব নোৱাৰি। ফিল্ডৰ সিটো মূৰে আমাৰ কোৱাৰ্টাৰ আৰু এইটো মূৰে এটা কোৱাৰ্টাৰ। গেট কীপাৰজন যোৱাৰ পিছৰ যোৱা দুবছৰ ধৰি খালী পৰি আছে কোৱাৰ্টাৰটো। মই কেকুঁৰিটো পাৰ হৈছোঁ মাথোঁ, পৰিতক্ত্য ঘৰটোৰ পিছফালৰ পৰা মানুহৰ ফুছ-ফুছ যেন শুনা পাই আগবাঢ়ি গলোঁ। সিদিনা আছিল দাণ্ডী উৎ‍সৱ। কলনীত নতুনকৈ ১০ টা মান গুজৰাটী পৰিয়াল আহিছিল। গোটেই গুজৰাটী খিনি মিলি কলনিৰ প্ৰেক্ষাগৃহত উৎ‍সৱ পাতিছে। আগবাঢ়ি গৈ দেখিলোঁ ৮-৯ জনী মান ১৫-২০ বছৰীয়া ছোৱালী। মই আচৰিত। বিয়া পতাৰ আগতে যোৱা ৬ বছৰে মই ইমান ৰাতিলৈ ঘূৰি ফুৰোঁ এই কলনীত, এনেকুৱা কাণ্ড কেতিয়াও নাই দেখা। দুই-এজনীৰ মুখ চিনাকি চিনাকি লাগিল। বাকী এজনীকো চিনি নাপাওঁ, পিছে আন্ধাৰত ভালদৰে মনিবও পৰা নাই। ভাবিলোঁ নতুনকৈ অহা গুজৰাটী পৰিয়ালৰে হ’ব। অভিজাত পৰিয়াল, ডেকা বয়স তাতে আকৌ আজি সিহতৰ উত্‍সৱ সেয়ে আনন্দ কৰিছে কিজানি। সিহঁতে মদ্যপান কৰি থকা কথাটো মই উপস্থিত হৈয়ে অনুমান কৰিব পাৰিছিলোঁ। মই তাত আৰু এখন্তেকো থাকিবলৈ নিবিচাৰি টু শব্দ এটা নমতাকৈ উভতিবলৈ লওঁতেই নাটকীয়ভাৱে দুজনী ছোৱালী আহি মোৰ হাতখন টানি ধৰিলে। মুখৰ পৰা ফেকেচা ফেকেচা মদৰ গোন্ধ। মই অলপ টনা-আজোৰা কৰোতে বাকী ছোৱালী কেইজনীয়ো আহি মোক আগুৰি ধৰিলে। ৬ বছৰে থকা ঠাই খনত নতুনকৈ অহা ১৫-২০ বছৰীয়া ছোৱালী কেইজনীমানে আগভেটা দি ধৰাত ভয় খাই চিঞৰ বাখৰ কৰিলে নিজকে কাপুৰুষ যেন লাগিব বুলি ভাবি অকলেই পৰিস্থিত চম্ভালিব বিচাৰিছিলোঁ। এনেও সেইখিনি সময়ত মানুহ বোৰে ঘৰৰ দৰ্জা বন্ধ কৰি ছিৰিয়েল চোৱাত ব্যস্ত থাকে, চিঞৰিলেও বা শুনিব কোনে (?)। মই কিংকৰ্ত্তব্যবিমুঢ়। হাতে ভৰি ধৰি মোক বাৰান্দাত বগৰাই লৈ গেঞ্জীৰ ভিতৰত হাত সুমুৱাই দিছে, ধুতিখন টানিছে, নখেৰে আঁচুৰিছে, মুখত চিগাৰেটৰ ধোঁৱা ফুৱাইছে ……….। সেইখিনিলৈকেই মোৰ জ্ঞান আছিল। পৰিয়ালৰ মুখৰ পৰা শুনা মতে মোক অচেতন অৱস্থাত কোনোবাই চিকিত্‍সালয়ত ভৰ্তি কৰাইছিল। ১ মাহ পিছত মই সম্পুৰ্ণ সুস্থ হৈ উঠিছিলোঁ। মাথো পেচাব কৰাৰ বাবে কৃত্ৰিম ভাৱে এডাল নলী লগোৱা হৈছিল যিটো কথাত মই কষ্টতকৈ প্ৰচণ্ডভাৱে লজ্জিত হৈছিলোঁ। মানুহৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ ভয়ত মই অফিচলৈ যাবলৈ বাদ দিছিলোঁ। ঘৰত কোঠাৰ ভিতৰত শুই-বহি মোৰ আগৰ জীৱনটোৰ ওপৰত ঘৃণা উপজিছিল, ঘৃণাতকৈও মূল কথা লজ্জাবোধ। এটাৰ পিছত আনটো জ্বলন্ত প্ৰমাণ দিয়াৰ পিছতো সেই ছোৱালীকেইজনীক শাস্তি দিয়াটো দূৰৰে কথা আৰক্ষীয়ে সোধ-পোছো নকৰিলে। সেইয়াই মোৰ আগৰ জীৱনটোৰ আটাইতকৈ বেছি দুখ। সেয়ে এদিন মাজ ৰাতি ঘৰৰ ফেনখনতে চিপজৰী লৈ মই মোৰ জীৱন সলনি কৰি আজিৰ জীৱন ল’ম বুলি সিদ্ধান্ত লৈছিলোঁ ।””

সাংবাদিকৰ বাকীবোৰ প্ৰশ্ন, যেনে-ইয়াত কিমান দিন থাকিব, কোনটো গেষ্ট হাউচত থাকে, পকেটত থকা বাকীবোৰ মূৰ কাৰ………….ইত্যাদি কথাৰ জবাব দিব নোৱাৰিম বুলি কৈ তেওঁ অ’ভাৰব্ৰীজখনৰ তলেৰে খোজ ল’লে।

মাৰ মাতত সাৰ পালোঁ মই। মায়ে পাকঘৰৰ পৰা চিঞৰিছে, “বাবু, ৮ টা বাজিল তোৰ উঠিবলৈ হোৱা নাই? পৰহিৰ ঘটনাটো লৈ কেবাটাও দল সংগঠনে ধৰ্না দিছে। আজি গাড়ী লৈ যাব নালাগে, জি.এছ ৰোডত হেনো চকা ঘূৰাব নোৱাৰা ট্ৰেফিক।”

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments