‘অচিন মোমাইদেউ’ৰ সঁফুৰাৰ শিশু সাহিত্য – এজন গুণমুগ্ধৰ আলোচনা (উদ্দীপ তালুকদাৰ)

১৯৮২-ত প্ৰথম প্ৰকাশিত ‘সঁফুৰা’ নামৰ শিশু আলোচনীখনৰ কথা সেই সময়ত ডাঙৰ হোৱা বহুতৰে মনত আছে। ভবেন্দ্ৰনাথ শইকীয়াৰ সম্পাদনাত প্ৰকাশিত এই আলোচনীখন অসমীয়া শিশু সাহিত্য-ৰ জগতৰ এটা মাইলৰ খুঁটি বুলিলেও কিজানি বঢ়াই কোৱা নহয়। চেগা-চোৰোকাকৈ ১৯৯৬ চনলৈ প্ৰকাশিত হৈ থকা এই আলোচনীখনে অসমীয়া শিশু-সাহিত্য-ৰ জগতত কেবাজনো লিখকক নকৈ চিনাকি কৰাই দিছিল, তাৰে ভিতৰত ‘অচিন মোমাইদেউ’ পাঠকসকলৰ বাবে অতি চিনাকি।
প্ৰথম অৱস্থাত অচিন মোমাইদেউৰ লিখা ‘অচিন মামা’ৰ নামত প্ৰকাশ হৈছিল। পাছলৈ শইকীয়া ছাৰেই নামটো সলাই অচিন মোমাইদেউ কৰি দিছিল। অচিন মোমাইদেৱে নিজৰ প্ৰকৃত নামটো ব্যৱহাৰ কৰিব খোজা নাছিল, আনকি তেখেতে আন মাধ্যমটো নিজকে অচিন মোমাইদেউ বুলি চিনাকি দিয়া নাছিল। অচিন মোমাইদেউ কোন সেয়া সঁফুৰা-ৰ কালতে এটা ৰসাল প্ৰশ্নত পৰিণত হৈছিল। বহুতেই ভবেন্দ্ৰনাথ শইকীয়াকে অচিন মোমাইদেউ বুলি ভাবিছিল। এই্ লৈ ভবেন্দ্ৰনাথ শইকীয়াই কৈছিল, ‘অচিন মোমাইদেৱে নিজৰ চিনাকি এতিয়াই দিব বিচৰা নাই, কিন্তু মই অচিন মোমাইদেউ নহয়।’ সেইখন সঁফুৰাতে আনকি অচিন মোমাইদেউ দেখাত কেনেকুৱা তাৰ আনুমানিক চিত্ৰ আঁকি পঢ়ুৱৈসকলক পঠিয়াবলৈ অনুৰোধ কৰা হৈছিল।

অচিন মোমাইদেউ কোন সেয়া এই আলোচনাৰ বিষয় নহয়েই, সেয়ে আমি এই প্ৰশ্নটো ইয়াতে এৰিছোঁ। অচিন মোমাইদেৱে সঁফুৰাত ‘বলদেৱ পণ্ডিত’ ছদ্মনামেৰেও লিখিছিল। সাধাৰণতে বলদেৱ পণ্ডিতৰ ছদ্মনামত খুহুটীয়া কথা-কবিতা আদি লিখিছিল। ‘খঁৰা শিয়ালৰ বিহু’ বলদেৱ পণ্ডিতৰ নামত লিখা এটা শিশু উপযোগী বিহু-গীত। কিন্তু বলদেৱ পণ্ডিতকো বেছি সময় নিদি আমি অচিন মোমাইদেউলৈ ঘূৰি আহিছোঁ।
অচিন মোমাইদেউৰ নামত সঁফুৰাত লিখা প্ৰথমটো লিখা আছিল ‘বুদ্ধিৰ বজাৰ।’ এই লিখাটোতে অচিন মোমাইদেৱে তেখেতৰ লিখাৰ বৈশিষ্ট্যবোৰ প্ৰায় পূৰ্ণৰূপে প্ৰয়োগ কৰিছিল। অতি কৌশলপূৰ্ণ খুহুটীয়া কাহিনী (সচৰাচৰ শুনাতকৈ বহু পৃথক), কিছুমান কমকৈ ব্যৱহৃত কিন্তু নিভাঁজ অসমীয়া শব্দৰ প্ৰয়োগেৰে প্ৰাঞ্জল আৰু ধেমেলীয়া গদ্য আৰু খুহুটীয়া কবিতা। শিয়াল জেকেলে মলুৱা ওৰাংচন্দ্ৰক ঠগি খোৱাৰ পোতক তুলিবলৈ ভেবাৰাম শহাই জেকেলক নগুৰ-নাগতি কৰাৰ কাহিনী এই্ গল্পটোৰ মূল কথা। কাহিনীৰ শৈলী কিছু পৰিমাণে লক্ষ্মীনাথ বেজবৰুৱাৰ শিয়াল আৰু বান্দৰ গল্পটোৰ দৰে, আনকি মাজত পদ্য-ৰ ব্যৱহাৰো বহু পৰিমাণে বেজবৰুৱাৰ সাধু-কথাৰ দৰে। পদ্যসমূহত আনকি ননছেন্স ৰাইম্‌ছৰো প্ৰয়োগো পোৱা যায়।
ইয়াৰ পাছতে অচিন মোমাইদেৱে লিখিছিল দীঘল গল্প ‘পিজিৰ সপোন।’ এই গল্পৰ মূল আধাৰ ‘অজান দেশত এলিছ।’ গল্পটোৰ ল্পটোৰ আৰম্ভণিতে এলিছ ইন ৱাণ্ডাৰলেণ্ড-ৰ প্ৰসংগ অনা হৈছে। আনকি গল্পৰ মাজত শহাটোৱে পিজিক ‘এলিছ’ বুলয়েই সম্বোধন কৰে। অনুপ্ৰাণিত হ’লেও পিজিৰ সপোন-ত কেতিয়াও লুইছ কেৰলৰ এলিছৰ সমল সোমাই পৰা নাই। ‘ননছেন্স’ ধেমালিৰ ৰসেৰে চৌ-চৌৱাই থাকিলেও পিজিৰ সপোন-ত অচিন মোমাইদেৱে কেইটামান বাৰ্তা পঢ়ুৱৈক দিয়াৰ প্ৰয়াস কৰিছে। ‘ফুল নিছিঙোঁ ফুল নিছিঙোঁ’ পদ্যটো, কঁহুৱা ককাই কিয় হাতুৰী আৰু বুটভজা একেলগে বিক্ৰী কৰে, আদিবোৰৰ মাজেৰে অচিন মোমাইদেৱে ধেমালিৰ চলেৰে কিছুমান সাৰুৱা কথাও ক’বলৈ পাহৰা নাই। অসমৰ কিছুমান থলুৱা বৈশিষ্ট্য ধীৰে ধীৰে নোহোৱা হৈ অহাক লৈ অচিন মোমাইদেউৰ মনোকষ্টৰ উমানো এই গল্পটোত কিছু পৰিমাণে পোৱা যায়। কঁহুৱা ককাই উল্লেখ কৰা জেটুলিপকা, বনপিঠা, মিৰিকাটেঙা আদিৰ বিৱৰণৰ মাজত তাৰ আভাস পোৱা যায়। গল্পটো আন এটা দিশৰপৰা ডাঙৰসকলৰ বাবেও আগ্ৰহজনক। গল্পটোত পিজিৰ পৰিয়ালৰ দিশটো আলোচিত নহ’লেও পিজিৰ ককা-আইতা-মোমায়েক-ঘৰৰ লগুৱা-লিগিৰী আদিৰ উল্লেখ আছে, কিন্তু মাক-দেউতাকৰ উল্লেখ নাই। সেয়ে, পিজি কোনো সঁচা চৰিত্ৰৰ ওপৰত আধাৰিত নেকি, বা পিজি আমি আজিকালি প্ৰায়ে কৈ অহা পিতৃ-মাতৃয়ে সময় দিব নোৱৰা হোৱা শিশুৰ চৰিত্ৰৰ প্ৰতিভূ নেকি আদি কথাবোৰ মনলৈ নহাকৈ নাথাকে।
পিজিৰ সপোনৰ পাছতে সঁফুৰাত প্ৰকাশিত অচিন মোমাইদেউৰ দীঘল গল্প ‘পিংক্ৰিফু!’ মৌলিকতাৰ দিশৰপৰা পিংক্ৰিফু অসমীয়া শিশু সাহিত্য-জগতৰ অনন্য উপহাৰ। একেটা ফুটবলেই ক্ৰিকেট বল, পিংপং বল হৈ যোৱাৰ কাহিনীৰে পিংক্ৰিফু কল্পনাৰ জগতত এক অদ্ভুত উৰণ। অচিন মোমাইদেৱে এই আইডিয়াটো যে ক’ত পাইছিল বুজা অসম্ভৱ। বেলেগ ভাষাৰ শিশু সাহিত্যৰ ছাপ পৰিব পাৰে। গল্পটোৰ আটাইতকৈ উল্লেখনীয় দিশ পিছে এই ৰূপ সলনি কৰা ফুটবলটো নহয়। গল্পটোত অচিন মোমাইদেৱে ফুটবলটোক ব্যক্তিত্বসম্পন্ন সত্বালৈ পৰিৱৰ্তন কৰিছে। তেখেতে আনকি তাতেও এৰা নাই। একেটা ফুটবলেৰেই অচিন মোমাইদেৱে শৈশৱৰ স্তুতি গান কৰিছে। পিংক্ৰিফুৰ জৰিয়তে অচিন মোমাইদেৱে যেন নিজৰ শৈশৱলৈ ঘূৰি যাব বিচাৰিছিল। কাহিনী বিন্যাসৰ দিশৰপৰাও পিংক্ৰিফু অসাধাৰণ। চিনেমাৰ দৰে পিংক্ৰিফু ধীৰে ধীৰে আৰম্ভ হৈ এক হিষ্টেৰিকেল সমাপ্তিলৈ গতি কৰে। পিংক্ৰিফু মোৰ বিচাৰত অচিন মোমাইদেউৰ সৰ্বশ্ৰেষ্ঠ ৰচনা।
ইয়াৰ পাছতে আহে ডেম পেহা। এই্ চৰিত্ৰটোৰ কথা ক’বলৈ বিশেষ নাই। ইয়াৰ বেছিভাগ পঢ়ুৱৈৰ বাবেই ডেম পেহা অতি চিনাকি। ডেম পেহাক লৈ অচিন মোমাইদেৱে মুঠ ছটা কাহিনী লিখিছিল প্ৰথমৰ সঁফুৰাত। কিতাপ হিচাপে প্ৰকাশিত ‘ডেম পেহাৰ দূৰবীন’ত তেখেতে ডেমপেহাৰ হাতলৈ দূৰবীনটো কেনেকৈ আহিল সেইটো অংশ যোগ দিছে। পাছত পুনৰ প্ৰকাশিত সঁফুৰাত ডেম পেহাৰ আৰু দুটা গল্প লিখিছিল। মুঠতে ডেমপেহাৰ গল্প সেয়ে নটা। ‘ডেম পেহা’ অচিন মোমাইদেউৰ অসামান্য সৃষ্টি। চৰিত্ৰ চিত্ৰণৰ ফালৰপৰা ‘ডেম পেহা’ চুবুৰীয়া বাংলা সাহিত্য-ত থকা কিছুমান জনপ্ৰিয় এনে চৰিত্ৰ যেনে, ফেলুদা, ঘনাদা, টেনিদা আদিৰপৰা অহা বুলি ধৰাণা কৰিব পাৰি। কিন্তু ডেম পেহা তাৰে এজনৰো নকল নহয়। ডেম পেহাৰ কাহিনী পঢ়িলে ভূচিত্ৰাৱলী এখন মেলি নল’লেই নহয়। ক’ৰপৰা কি পায়গৈ তত ধৰাই মস্কিল। ডেম পেহাৰ প্ৰিয় ঠাই আকৌ সাধাৰণতে বিদেশ বুলিলে আমি যিবোৰ ঠাইৰ নাম শুনি নাথাকোঁ, তেনেকুৱা জেগাহে। আমেৰিকা, লণ্ডন, পেৰিছ আদিলৈ যোৱাৰ সিমান মন ডেম-পেহাৰ নাথাকে। তেওঁ যাব কলম্বিয়া, পেৰু, সুমাত্ৰা, জাভা, বালি, নিউজিলেণ্ড আদি ঠাইলৈহে। আৰু তেওঁৰ উদ্দেশ্যও ভিন্ন। কেতিয়াবা যদি ধূমকেতু বিচাৰিছে, কেতিয়াবা আকৌ চিকাৰ কৰিবলৈ। কেতিয়াবা আনকি ৰাষ্ট্ৰসংঘৰ শান্তিদূত হৈও গৈছে। মুঠতে ডেমপেহাৰ মহিমা অপাৰ। কিন্তু ডেম পেহাৰ যোগেৰে অচিন মোমাইদেৱে ভূগোল-বুৰঞ্জী আদিৰ জ্ঞান দিবলৈ পাহৰা নাছিল। পাছৰফালে আনকি অচিন মোমাইদেৱে অসমীয়া ভাষাক অৱজ্ঞা কৰাৰ বাবে ভুলুক ‘উল্লু’ বুলি গালি পাৰি অসমীয়া শিকাবলৈ গাত লৈছিল। অদ্ভুত চৰিত্ৰ চিত্ৰণ, খুহুটীয়া কাহিনীৰে ডেম পেহাৰ দূৰবীন হাতত তুলি ল’লে এৰিব নোৱাৰি। ডেম পেহাৰ দূৰবীনৰ হাস্যৰসৰ আটাইতকৈ মনোৰম উপাদান হৈছে উত্তম পুৰুষত লেখক নিজে। অচিন মোমাইদেউ আৰু ডেম পেহা একেটা চুবুৰীৰে বাসিন্দা। অচিন মোমাইদেউৰ পৰিচয়হীনতাই এই হাস্যৰসক আৰু আমোদজনক কৰি তোলে। ডেম পেহাৰ দূৰবীন টুকুৰা-টুকুৰকৈ ৰচিত বাবে, এটা কাহিনীৰ জেৰ কেতিয়াবা পাছৰ কাহিনীতো আহিছে। মুঠতে
এটা ছিৰিজ হিচাপে ডেমপেহাৰ দূৰবীন অসমীয়া শিশু সাহিত্যৰ অমূল্য সম্পদ।
ডেম পেহাক সাঙুৰি লৈ লেখকে লিখিছিল ডেম পেহা বিহীন ‘ডেম পেহাক বিচাৰি ফুৰোঁতে’। কাহিনী বিন্যাস আৰু লিখন শৈলীত ‘ডেম পেহাক বিচাৰি ফুৰোঁতে’ অচিন মোমাইদেউৰ অন্যান্য লিখনীতকৈ একেবাৰে পৃথক। ‘ডেম পেহাক বিচাৰি ফুৰোঁতে’ত অচিন মোমাইদেৱে নষ্টালজিক হৈ পৰা অনুমান হয়। শিৱসাগৰৰ বাসিন্দাৰ বাবে ‘ডেম পেহাক বিচাৰি ফুৰোঁতে’ পঢ়াৰ মজা বেলেগ ধৰণৰ হ’ব। কাৰণ তাত বৰ্ণিত স্থান-চৰিত্ৰ আদিবোৰে শিৱসাগৰৰ মানুহক বিশেষভাৱে আকৰ্ষিত কৰিব।
অচিন মোমাইদেউৰ ৰচিত আন দুটা লিখা ক্ৰমে ‘হুকুম ককা’ আৰু ‘পাত পাৰিলে’-ক গল্পই বোলো নে কবিতাই বোলো কোৱা মস্কিল। অলপমান তুলি দিছোঁ। আপুনি নিজেই সিদ্ধান্ত লওক। (শইকীয়া ছাৰে কথা-কবিতা বুলিছিল।)
“যদুৰ ককাদেউতাক। ভোজ হ’লেই হ’ল। ধেই ধেই ধিন্‌ তাক্‌। গা উঠি গ’ল। গম লৈ ফুৰে, কোনে পাতে ভোজ। সাত পাক মাৰে, যদি পায় বুজ। কত দিহা দিব, মাছ মঙহৰ। কতনা শিকাব, বুধি ৰান্ধোনৰ। নিৰামিষ হ’লেও, কোনো কথা নাই। আলু-মূলা-জিকাৰেও, কাম সিজি যায়।…”
ইয়াৰ বাহিৰে সঁফুৰাত অচিন মোমাইদেউৰ কেইটামান কবিতা আৰু বাৰেভচহু নামৰ অনুবাদ গল্প এটা প্ৰকাশ পাইছিল। প্ৰতিটোতে অচিন মোমাইদেউৰ অনবদ্য প্ৰতিভা, বিশাল শব্দ-ভাণ্ডাৰ আৰু ৰসাল গল্পকাৰৰ চিন পোৱা যায়। সঁফুৰাত প্ৰকাশিত অচিন মোমাইদেউৰ লিখনী ইমানখিনিয়েই। অচিন মোমাইদেৱে সাদিনৰ শিশু পৃষ্ঠাৰ সম্পাদক হৈ থাকোঁতেও কেবাখনো শিশু উপযোগী ৰচনা লিখিছিল। কিন্তু সেইখিনি বাদি দিও অকল সঁফুৰাত প্ৰকাশিত লিখনীৰ মাজৰেই অচিন মোমাইদেউৰ স্থান অসমীয়া শিশু সাহিত্যত যুগমীয়া হৈ ৰ’ব। কিয় তেনেকৈ কৈছোঁ, তাৰ বাখ্যালৈ আহিছোঁ।
শিশু সাহিত্যৰ বাবে মৌলিক প্ৰয়োজন হৈছে শিশুৰ মানসিক চাহিদা পূৰণ কৰা। শিশু মনক আকৰ্ষণ কৰিবলৈ তেওঁলোকৰ পৰ্যায়ৰ ধেমালি লিখিব পাৰিব লাগিব। আমি শৈশৱতে পঢ়া অচিন মোমাইদেউৰ লিখনীবিলাক এতিয়ালৈ মনত ৰাখিব পৰাটোৱেই প্ৰমাণ কৰে যে তেখেতৰ লিখাই আমাৰ শিশুমন চুই যাবলৈ সক্ষম হৈছিল। অচিন মোমাইদেউৰ পদ্যসমূহতো ভাৱালংকাৰতকৈ ধ্বনিৰ প্ৰয়োগ বেছি। ধ্বনিৰ কৌশলে শিশু মনক ভাৱতকৈ বেছি আকৰ্ষণ কৰে। বিশেষকৈ ননছেন্স ৰাইম্‌ছে শিশুক বৰকৈ আকৰ্ষণ কৰে, কাৰণ ছন্দৰ খেলাই তাক এক ধেমালিত পৰিণত কৰে।
“ৰাং কুকুৰ বেবেৰিবাং
মোৰ হাতত দুৱাৰ-দাং।
কোবাই আজি ভাঙিম ঠেং
ভাজি খাবি ভেকুলী বেং।”
শিশু সাহিত্য মানে অকল নৈতিক মূল্য থকা কাহিনী নহয়। যিমানেই নৈতিক জ্ঞান নাথাকক, কাহিনীৰ মাজত শিশুউপযোগী ৰসাল কাহিনী নাথাকিলে সি শিশুক আকৰ্ষণ নকৰে। অচিন মোমাইদেউৰ গল্পত তেনে কাহিনীৰ অভাৱ নাই। কিন্তু একে সময়তে সেই কাহিনীবোৰৰ ফাঁকে ফাঁকে সোমাই থাকে উপদেশ বাণীও। সেই উপদেশ বাণীও কিন্তু ধেমালিৰ মাজেৰেহে আহে। যেনে, ৰাস্তাত জুম বান্ধি থকা মানুহক ডেমপেহাই ডেমডেমাইছেঃ “ডেম্‌ চৰকাৰী ৰাস্তা, সেইবুলি তুম ডেম ইছকা তৰকাৰী বনায়েগা!” অচিন মোমাইদেউৰ লিখাত এই উপদেশবাণীখিনি কেতিয়াও পোনে পোনে শিশুক উপদেশ দি কোৱা নহয়, কিন্তু সি ঠিকেই শিশুমনক দোলা দিয়ে।
সচৰাচৰ ব্যৱহাৰ নোহোৱা থলুৱা অসমীয়া শব্দৰ প্ৰয়োগ। আমি বহুতেই মাজে মাজে অভিধান মেলিব লাগিব। নিসালমূৰীয়া, হেৰেমগেৰীয়া, ঢোকা পাহাৰ, সোঁপটলি, অগাইনী, দুৱাৰ-গঁড়িলা আদি তেখেতৰ লিখাত ব্যৱহৃত শব্দ। অচিন মোমাইদেৱে সচৰাচৰ কথা-বাৰ্তাত ব্যৱহৃত অনা-অসমীয়া শব্দ ব্যৱহাৰ কৰাটো কাৰ্পণ্য কৰা নাছিল। সেয়ে, মছগুল, মুলতুবী, জহুদ, জবৰজং আদি শব্দ তেখেতৰ লিখাত সততে দেখিবলৈ পোৱা যায়। এনে শব্দবোৰৰ প্ৰয়োগৰ বাবে তেখেতৰ লিখা পঢ়িলে আচহুৱা অনুভৱ নহয়। অচিন মোমাইদেৱে আনকি অভিধানত নথকা বা ভিন্ন ৰূপত থকা শব্দও নিজৰ লিখাত ব্যৱহাৰ কৰিছিল। আনকি ভবেন্দ্ৰনাথ শইকীয়া ছাৰেই তেনে শব্দ সম্পাদনা সহজে নকৰিছিল। এটা লিখাৰ শেষত ভবেন্দ্ৰনাথ শইকীয়াই লিখিছিল ‘অচিন মোমাইদেউৱে শহা-বেঙা বুলি লিখিছে, আমি ইমানদিনে সেহা-বেঙা বুলিহে পাই আছিলো। ইয়াত লিখকৰ বানানত আমি হাত ফুৰোৱা নাই।’
অচিন মোমাইদেৱে তৃত্বীয় পুৰুষত লিখা গল্পতো লিখক হিচাপে সক্ৰিয় অংশগ্ৰহণ কৰে। অকল বিৱৰণ দিয়াৰ সলনি তেখেতে পৰিস্থিতিৰ বৰ্ণনা দিয়াৰ সময়ত ভাৱবোধকৰ প্ৰয়োগ কৰে নিসংকোচে। পাঠকক পোনচাটে সম্বোধন কৰে। সেয়ে, তেখেতৰ গল্প পঢ়িলে পঢ়াতকৈ কোনোবা এজনে সাধু কৈ থকা যেন অনুমান হয়। এই শৈলীটোৰ বাবে তেখেতৰ গল্পৰ লগত একাত্ম হ’বলৈ সহজ হয়। শিশু উপযোগী গল্পৰ বাবে এই সংস্পৰ্শ অত্যন্ত গুৰুত্বপূৰ্ণ।
ব্যক্তিগত ভাৱে শিশু সাহিত্যিক হিচাপে নৱকান্ত বৰুৱাৰ পাছতে অচিন মোমাইদেউক স্থান দিওঁ। আমাৰ বাবেই দুখৰ কথা যে অচিন মোমাইদেৱে দীৰ্ঘদিনলৈ লিখি যাব নোৱাৰিলে।

(অচিন মোমাইদেউৰ সঁফুৰাত প্ৰকাশিত সমূহ ৰচনাৰ সংকলন এখনৰ বাবে কিছু কাম কৰি দিয়াৰ সময়ত গোটেইখিনি লিখা আকৌ পঢ়িবলৈ পালো। সেয়ে, এইখিনি লিখিলো।)

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক