অজগৰ – আশিক জামান

অজগৰ আলি এজন ঘাতক৷ জীয়া-জীৱন্ত মানুহক হত্যা কৰা তেওঁৰ জীৱিকা বুলি ক’ব পাৰে৷ এনে কাম বুলি ক’লে সৰু-সুৰা বেপাৰ-বাণিজ্য নকৰা নহয়, কিন্তু সেই উনৈশ বছৰ বয়সতে স্কুলৰ শিক্ষক চেলিম মাষ্টৰৰ পৰা আৰম্ভ কৰা অজগৰ আলিয়ে নাই নাই কৰি কম মানুহ হত্যা হত্যা কৰা নাই এই জীৱনত৷ আজিকালি পিছে তেওঁৰ পূৰ্বৰ দৰে চাহিদা নাই, বছৰ-দুবছৰৰ মূৰতহে এটা কাম পায়৷ বয়স হ’লে এইটো জীৱিকাত কদৰ কমি যায়, অৱশ্যে তেওঁৰ মনেও নেটানে আজিকালি৷ প্ৰথম প্ৰথম কোনো কামৰ বায়না হোৱা দিনৰে পৰা অজগৰ আলিৰ মনত এক ধৰণৰ আচৰিত উৎসাহ আছিল – ভয়, দুখ আৰু আনন্দৰ এক মিশ্ৰ আৱেগ৷ কেতিয়া কামটো সমাধা হ’ব তাৰ বাবে মনটো উত্ৰাবল হৈ পৰিছিল, আজিকালি সেইধৰণৰ উছাহ নালাগে বৰং কাম সমাধা কৰাৰ পাছত বহুদিনলৈ ভালদৰে শুব নোৱাৰে তেওঁ, ৰাতিৰ পিছত ৰাতি ছটফটাই থাকে, এক তীব্ৰ পাপবোধে তেওঁক খুলি খুলি খায়৷ সেয়ে খুব সংকটত নপৰিলে আজগৰ আলিয়ে আজিকালি কাম নলয়৷ ছোৱালীজনীৰ বিয়া ঠিক নহ’লে এই কামটোও নল’লেহেঁতেন৷ মনে মনে অজগৰ আলিয়ে এটা প্ৰায় চূড়ান্ত সিদ্ধান্তত উপনীত হৈছে যে- এইটোয়েই তেওঁৰ জীৱনৰ শেষ কাম৷ পত্নী বিয়োগৰ পাছত সংসাৰৰ প্ৰতি বান্ধোন মানে এই ছোৱালীজনীয়েই৷ তাইৰ বয়সো কম হোৱা নাই৷ তাইৰ বিয়াখন কিবাকৈ হৈ গ’লে অজগৰ আলি পিতৃ দায়িত্বৰ পৰা মুক্ত হ’ব, সংসাৰৰ সকলো বান্ধোনৰ পৰাও মুক্ত হ’ব৷ অজগৰ আলি মানুহজনক কিন্তু দেখাত কোনোপধ্যে খুনী বা অপৰাধী যেন নালাগে৷ শুভ্ৰ দাড়ী, মোছকোচা নিখুঁতভাৱে খুৰোৱা, পৰিষ্কাৰ নীলা লুঙ্গী আৰু বগা পাঞ্জাৱী পিন্ধনত, মূৰত বগা লক্ষ্ণৌ টুপি -দেখাত তেওঁ এজন পৰহেজগাৰ ধাৰ্মিক মানুহ যেনেই লাগে৷ কিন্তু ঈদৰ নামাজৰ বাহিৰে আন কোনো ধৰ্ম-কৰ্মত অজগৰ আলিক সাধাৰণতে দেখা নাযায়, তেওঁৰ ইচ্ছাও বৰ এটা নাই৷ এনেকুৱা বেশ-ভূষা নিপিন্ধিলে বয়সীয়াল মানুহৰ ইজ্জত নাথাকে, সৰু ল’ৰা-ছোৱালীবোৰে আদব-ছালাম নকৰে কাৰণেই তেওঁ পিন্ধে৷ আম্মাজানৰ মুখত শুনা মতে ফৰিদপুৰৰ পীৰ চাহাবে তেওঁৰ আকিকা (নামকৰণ) কৰিছিল, কৈছিল ডাঙৰ হৈ এই ল’ৰা পীৰ-দৰবেচ হ’ৱ, সেয়ে নাম দিছিল আছগাৰ আলি৷ কিন্তু গাঁৱৰ মানুহৰ মুখত পৰি তেওঁ কেতিয়া অজগৰ আলি হ’ল সেই কথা তেওঁৰ নিজৰো মনত নাই৷ তেওঁৰ জীৱিকাৰ কাৰণে অজগৰ নামটো পিছে ভালেই হৈছে, ফুলেশ্বৰীৰ চৰৰ মাতব্বৰে এবাৰ তেওঁক চাবাচি দি কৈছিল – বেটাৰ নামেই হ’ল অজগৰ, জ্যান্ত মানুহক টপক কৈ গিলি পেলায়৷

ৰাজনৈতিক কাম অজগৰ আলিৰ পছন্দৰ নহয়৷ বহুত ঝামেলা৷ হৰিপুৰৰ কুৰবান মাষ্টৰৰ ল’ৰাজনক হত্যা কৰি তেওঁ যি শিক্ষা পাইছে, তাৰ পাছত কাণত ধৰিছে আৰু ৰাজনৈতিক কাম নকৰে৷ ল’ৰাজন মৰাৰ আগত তেওঁক ‘চাচা’ বুলি মাতিছিল, সুধিছিল, – “আপোনালোকৰ কাৰণেই সকলো এৰি থৈ আহিলো আৰু আপোনালোকেই …. ?” ল’ৰাজনে শেষ নিশ্বাস ত্যাগ কৰালৈকে অজগৰ আলীৰ পাঞ্জাৱী খামুচি ধৰি আছিল, চকুত চকু থৈছিল, সেই চকুত অবিশ্বাস আছিল, জিজ্ঞাস আছিল৷ অজগৰ আলিৰ মায়া লাগে এতিয়া ভাবিলে৷ বিধায়ক ইমান আলিৰ মানুহেই দিছিল কামটো, কুৰবান মাষ্টৰৰ ল’ৰাজনে চহৰৰ ইঞ্জীনিয়াৰৰ চাকৰি এৰি গাঁৱত সমবায় খেতি আৰম্ভ কৰিছিল, স্কুল-কলেজ কৰিব বিচাৰিছিল৷ তেওঁৰ বৰ্দ্ধিত জনপ্ৰিয়তাই বহুতকে শংকিত কৰিছিল৷ ইমান আলি নে বেইমান আলি ভাবি ভাবি অজগৰ আলি আচৰিত হয়৷ ল’ৰাজনৰ জানাজাত কান্দি কান্দি ইমান আলি বেহুছ হৈ গ’ল, হত্যাকাৰীক কৰায়ত্ত কৰাৰ দাবীত সদৰত ধৰ্ণা দিলে গৈ৷ অজগৰ আলিৰে সৈতে আন পাঁচজনক পুলিচে ধৰিলে, মুকাদ্দমা চলিল, শেষত সাক্ষীৰ অভাৱত আটাইৰে ৰেহাই হ’ল৷ বিধায়কৰ মানুহেই উকিল-নাজিৰৰ খৰচ দিলে৷ কিন্তু এইবোৰ কৰোঁতে অজগৰ আলিয়ে আঢ়ৈ বছৰ কাল হাজোতত বাস কৰিব লগা হ’ল৷ তেতিয়াৰ পৰা অজগৰ আলিয়ে কাণত ধৰিছিল ৰাজনৈতিক কাম আৰু জীৱনত নকৰে৷ কিন্তু এইবাৰৰ কামটোও ৰাজনৈতিক৷ বিন্নিৰচৰৰ জিলা পৰিষদৰ মেম্বৰ আব্দুল কাদেৰক হত্যা কৰাৰ বায়না লৈছে৷ শেষ কাম বুলি অজগৰ আলিয়ে লৈছে, তদুপৰি মোটা অংকৰ টকাও পাব, ছোৱালীজনীক বিয়া দি উঠিও দুই বিঘামান মাটি আৰু এযোৰ গৰু কিনাৰ দৰে ৰাহি হ’ৱ৷ তাৰ পাছত যিকেইবছৰ জীয়াই থাকে আল্লাহ বিল্লাহ কৰিয়ে মাফ-মুক্তি বিচাৰি পাৰ কৰি দিব বুলি অজগৰ আলিয়ে থিৰাং কৰি থৈছে৷

বৰষুণো যে বৰষুণ, আকাশখন যেন ফুটাহে হৈছে৷ সেই সন্ধিয়াৰে পৰা কাদেৰ মিঞাৰ গোছল-খানাৰ পাছফালে ঘাপটি মাৰি বহি আছে অজগৰ আলি৷ কাম এটা সম্পন্ন কৰাৰ আগত অজগৰ আলিয়ে বহু তথ্য সংগ্ৰহ কৰে, যাক হত্যা কৰিব তেওঁৰ চলন-ফুৰন, খাৱন-পিন্ধন, য়্যাৰ-বন্ধু সকলো খবৰ যোগাৰ কৰে৷ সেই তথ্যৰ ওপৰত ভিত্তি কৰি কামটো কৰাৰ ঠাই নিৰ্ণয় কৰে৷ কাম কৰাৰ পূৰ্বে নিজে বিভিন্ন ভেশত সেই ঠাইলৈ যায়, ভালদৰে পৰ্যবেক্ষণ কৰে৷ কাম শেষ কৰি পলাই যোৱাৰ পৰিকল্পনাৰ ৰিহাৰ্চেল দিয়ে৷ ইতিমধ্যে অজগৰ আলী প্ৰায় সাতবাৰ মান বিভিন্ন ভেশত কাদেৰ মেম্বৰৰ ঘৰলৈ আহিছে৷ কেতিয়াবা ৰাজনৈতিক দলৰ কৰ্মী হৈ, কেতিয়াবা ভিক্ষাৰী হৈ৷ কাদেৰ মেম্বৰে ওৰে দিন ফুৰা-চকা কৰি ৰাতি ঘৰলৈ আহি বহুদেৰি গা-ধোৱে৷ এয়া পুৰণা অভ্যাস, কি জাৰ, কি গৰম৷ বহু চিন্তা কৰি অজগৰ আলিয়ে ঠিক কৰিছে যে কাদেৰ মিঞা ৰাতি গোচলখানাত সুমোৱা বা ওলোৱাৰ সময়তে কামফেৰা সম্পন্ন কৰিব লাগিব৷ বেছি সময় নেপাব গতিকে ভাৰী নেপালী খুৰ্কী ব্যৱহাৰ কৰিব লাগিব, এক ছেও -আৰু কাম শেষ৷ মানুহে ঠাৱৰ কৰোতে কৰোতে তেওঁ সেই স্থানৰ পৰা নিৰাপদ দূৰত্বত যাব পাৰিব৷ কিন্তু এই বৰষুণৰ কাৰণে আজি কামফেৰা সম্পন্ন নহ’ৱ যেন লাগিছে৷ মেম্বৰ আজি ঘৰতে আছে৷ বাহিৰা মানুহো বেছি নাই৷ আজি গা ধুব নাহিব সম্ভৱত৷ কিছু পৰ পূৰ্বে বিছনাত শুই শুই পেন্দুকোণা ভাতিজা ল’ৰাটোক বুকুত লৈ খেলি আছিল, খিড়িকীৰ মাজেৰে সেই দৃশ্য চাই অজগৰ আলিৰ চকু ভৰি গৈছিল৷ তেওঁৰ ল’ৰাটো যেতিয়া জন্মে, প্ৰথম সন্তানৰ আগমনৰ সুখত অজগৰ আলি পাগল হৈ গৈছিল৷ তাক মূৰত ৰাখিব নে বুকুত এনেহেন অৱস্থা৷ পত্নীৰ আগত ল’ৰাৰ মূৰত হাত থৈ প্ৰতিজ্ঞা কৰিছিল যে জীৱনত আৰু তেওঁ কেতিয়াও কাৰো জীৱন হানি নকৰে, কোনো পিতৃৰ বুকু উদং নকৰে৷ কিন্তু অজগৰ আলীয়ে সেই প্ৰতিজ্ঞা ৰক্ষা কৰা নাছিল৷ সেইকাৰণেই হয়তো আল্লাই ল’ৰাটোক ভৰ যৌৱনতে উঠাই ল’লে৷ চিলঙৰ কয়লা খনিত গাঁৱৰ আন ল’ৰাবোৰৰ লগত কাম কৰিব গৈ আৰু ঘূৰি নাহিল, কয়লাৰ খনি ভাগি মাটিৰ চেপাত উশাহ বন্ধহৈ মৃত্যু হ’ল৷ জোৱান পুত্ৰৰ মৃত্যু যে কি হৃদয় বিদাৰক, কি ভয়ানক সত্য সেয়া কেবল পুত্ৰহাৰা পিতৃ এজনেহে জানে৷ আজি ল’ৰাজন যদি জীয়াই থাকিলহেঁতেন, তেওঁৰ বৃদ্ধ পিতৃক এই বৰষুণৰ ৰাতি বেলেগৰ গোচল-খানাৰ নৰ্দমাৰ কাষত বহি থাকিব দিলেহেঁতেন নেকি? এক অজান, অন্ধ অভিমানত অজগৰ আলিৰ চকু সেমেকি উঠে৷ বৰষুণতো অজগৰ আলিয়ে চকুপানীৰ উষ্ণতা অনুভৱ কৰে৷

কাদেৰ মিঞা যে আজি গা ধুব নাহে সেই বিষয়ে অজগৰ আলি প্ৰায় নিশ্চিত৷ গতিকে ৰাতি শুৱাৰ আগত পেচাৱ কৰিবলৈ যেতিয়া আহিব তেতিয়াই কামফেৰা শেষ কৰিব বুলি মনেমনে থিৰাং কৰিলে, মানুহ-দুনুহ আজি নাই কাৰণে বেচ সুবিধাহে হ’ৱ৷ অন্তত ধৰা পৰাৰ ভয় নাই৷ সেয়ে অজগৰ আলি নিৰৱে বহি থাকে সেই সুযোগৰ অপেক্ষাত৷ লাহে লাহে পাকঘৰৰ হূলস্থূল বন্ধ হয়, খিড়িকীবোৰো বন্ধ হয় ইখনৰ পাছত সিখন৷ এটা ৰূমৰ বাহিৰে বাকী ৰূমবোৰত পোহৰো দেখা নোযোৱা হ’ল৷ এক ভয়াল নিস্তব্ধতা গ্ৰাস কৰি আছে চাৰিও দিশ, কেৱল বৰষুণৰ চিপ চিপ শব্দ আৰু মাজে-সময়ে মেঘৰ ঢেৰেকনি৷ ক’লা পলিথিন মেৰিয়াই অজগৰ আলি গাব গছৰ তলত বহি আছে যদিও, কাহানিবাই তেওঁৰ সমস্ত শৰীৰ তিতি-বুৰি একাকাৰ, শীত শীত লাগি আছে৷ এই দৰে এক দীৰ্ঘ সময় অতিবাহিত হ’ল, সময় যেন স্থবিৰ হৈ গৈছে৷ বহি বহি অজগৰ আলিৰ তন্দ্ৰা লাগি আহিছিল আৰু ঠিক সেইসময়ত ঘৰৰ দুৱাৰ এখন খুলি এটা ছায়ামূৰ্তি লাহেকৈ ওলাই আহিল৷ দুৱাৰখন বন্ধ কৰিবলৈ লওঁতেই ঘৰৰ ভিতৰৰ পোহৰত সেই ছায়ামূৰ্তিৰ মুখখন উজলি উঠিল – কাদেৰ মেম্বৰ৷ লগত কোনো নাই৷ অজগৰ আলিৰ যেন নিজৰ চকুকে ঠিক বিশ্বাস নহ’ল৷ নেপালী খুৰ্কীখন জোৰেৰ খামুচি ধৰি সুযোগৰ অপেক্ষাত বহি থাকিল৷ কিন্তু হাতত সাৰে ভৰিত সাৰে সেই ছায়ামূৰ্তি চোতালখন অতিক্ৰম কৰি পদূলি মুখৰ টিনৰ গেটখন খুলি অতি সন্তৰ্পণে বাহিৰলৈ ওলাই গ’ল৷ ইমান সুন্দৰ সুযোগ এটা হেৰুৱাই অজগৰ আলি কিছু বিচলিত হৈ গ’ল, অলপ দেৰি কিংকৰ্তব্যবিমূঢ় হৈ থাকিল৷ সম্বিত পায়ে তেৱোঁ হাতত সাৰে ভৰিত সাৰে চোতালখন অতিক্ৰম কৰি বাহিৰলৈ ওলাই আহিল৷ বিজুলীৰ মৃদু ঢেৰেকণীত দেখা গ’ল ছায়ামূৰ্তিটো চুপি চুপি ঘৰ এখনত সোমালেগৈ৷ আন্ধাৰ-পোহৰৰ মাজতে অজগৰ আলিয়ে ভালদৰে মনিব চেষ্টা কৰিলে – দুই কোঠালী যুক্ত বাঁহ আৰু খেৰৰে তৈয়াৰী আছুতীয়া এখন ঘৰ, ঘৰখনৰ পিছফালে ডাঙৰ গছ এডাল দৈত্যৰ নিচিনা থিয় হৈ আছে৷ আজগৰ আলি আশ্বস্ত হ’ল- ঘৰখনৰ ওচৰে পাজৰে বেলেগ বসতি নাই৷

দুৱাৰৰ ওপৰেদি কিছু পোহৰৰ বিচ্ছুৰণ বাহিৰলৈ ওলাই আহিছে, সেই পোহৰক লক্ষ্য কৰিয়ে অজগৰ আলিয়ে আগবাঢ়িলে৷

সেই দৈত্যৰ নিচিনা গছডালৰ পিছফালে বহুদেৰি অজগৰ আলি ঘাপটি মাৰি বহি থাকিল, মানুহৰ সাৰি-শব্দ, অহা-যোৱাৰ কিবা সম্ভেদ পায় নেকি চালে৷ বহু দেৰি তেনেদৰে বহি থকাৰ পিছত যেতিয়া কোনো সা-শব্দ নাপালে অজগৰ আলি আশ্বস্ত হ’ল যে কোনো বিপদৰ সম্ভৱনা নাই৷ আগতে চালি-জাৰি চাইহে কাম সম্পন্ন কৰাৰ স্থান নিৰ্ণয় কৰাটো অজগৰ আলিৰ অভ্যাস কিন্তু এই বৰষুণৰ ৰাতি এই ডোখৰ ঠাই প্ৰায় পাণ্ডৱ-বৰ্জিত যেন লগা হৈছে৷ আনকি কাদেৰ মেম্বৰৰ ঘৰতকৈ সুবিধাজনক আৰু নিৰাপদ বুলি অজগৰ আলি পতিয়ন গ’ল৷ যিটো কোঠাত কাদেৰ মেম্বৰ সোমাইছে, সেই কোঠালীটোৰ বেৰত অতি সাৱধানে অজগৰ আলিয়ে কাণ পাতিলে৷ ভিতৰৰ পৰা এগৰাকী মহিলাৰ মিহি কান্দোনৰ সুৰ ভাবি আহিল৷ কোন মহিলা, কিয় কান্দে? অজগৰ আলিৰ মনত এক আজব উৎসুকতা৷ বেৰৰ ফুটা এটাৰে অজগৰ আলিয়ে ভিতৰলৈ চোৱাৰ চেষ্টা কৰিলে৷ লেমৰ শিখাই গোটেই কোঠালীটো এক মৃদু মায়াবী পোহৰেৰে উদ্ভাসিত কৰি ৰাখিছে, বিছনাত বহি আউলি-বাউলি চুলিৰে সৈতে ছোৱালী এজনীয়ে দুই হাতেৰে মুখখন ঢাকি কান্দি আছে, কান্দোনৰ তালে তালে তাইৰ ভৰণ বুকু কঁপি উঠে৷ কিয়বা অজগৰ আলিৰ মৃতা পত্নীৰ মুখখন মনত পৰিল৷ বিয়া কৰাই যেতিয়া গাঁৱলৈ ছোৱালী লৈ আনিলে, গোটেই গাঁৱৰ মানুহ ভাঙি পৰিছিল হুস্না বিবিক চাবলৈ, ইমান দিপলিপ ছোৱালী হেনো আজিলৈকে তেওঁলোকৰ বংশৰ কাৰো ঘৰলৈ অহা নাই৷ অজগৰ আলিৰ গৰ্ব হৈছিল কিন্তু ভয়ো লাগিছিল৷ ভয় লাগিছিল যেতিয়া মানুহে বান্দৰৰ হাতত মুক্তাৰ হাৰ বুলি তেওঁক জোকাইছিল৷ হয় ঠিকেই কৈছিল তেওঁলোকে, তেওঁৰ নিচিনা এজন মানুহ হুস্না বিবিৰ যোগ্য নাছিল৷ বেচেৰি হুস্নাজনী, য’তে আছে সুখত থাওক- এক আদ্ৰ হুমুনিয়াহ অজগৰ আলিৰ বুকুৰ বহু গভীৰৰ পৰা ওলাই আহে৷ সম্বিত আহে কাদেৰ মেম্বৰৰ মাতত – “এই পাগলী, কিয় কান্দিছা, মোক নক’লে কেনেকৈ বুজি পাম? কি হৈছে কোৱাচোন, মই আছো নহয়!” কাদেৰ মেম্বৰৰ কথা শুনি কান্দোনৰ তীব্ৰতা আৰু বাঢ়ে, ইমান দেৰি চেপা সুৰত কান্দি থকা ছোৱালীজনী এইবাৰ হিয়া উজাৰি কান্দিব আৰম্ভ কৰে৷ “এই, এই, কি আৰম্ভ কৰিলা, ইমান কান্দিলে গা-বেয়া হ’ব দেখোন, মোক ক’ব লাগিব ন কি হৈছে৷” মেম্বৰৰ সুৰত বিৰক্তি স্পষ্ট হৈ উঠে৷ কিন্তু পৰ মূহৰ্ততে সুৰ সলনি কৰে মেম্বৰে – “চাওঁ মোৰ পৰীৰাণী কিয় কান্দে, কোনে তাইৰ মনত দুখ দিছে? মই দিছোঁ নেকি? মই? মই বৰ বেয়া মানুহ।” – দুহাতেৰ ছোৱালীজনীৰ মুখখন দাঙি ধৰে৷ লেমৰ পোহৰত অজগৰ আলিয়ে স্পষ্ট দেখে সেই মুখ- মায়াবী এটি মুখ, এনে সুন্দৰ মুখৰ ছোৱালী অলপতে মনত আঘাত পায়৷ মেম্বৰে ছোৱালীজনীক বুকুত সাবটি লয়, কান্দোন বন্ধ হয়, মেম্বৰৰ কান্ধত মুখথৈ তাই নিৰবে চকু মুদি থাকে৷ আশ্বস্ত এখন মুখ, মৰম আকলুৱা সুখী এখন মুখ – মেম্বৰৰ হত্যাৰ খবৰ পালে এই মুখখন কেনেকুৱা হ’ব অজগৰ আলিয়ে সেই কথা ভাবে৷ হঠাৎ ছোৱালীজনীৰ কাৰণে অজগৰ আলিৰ বৰ মায়া হয় – বাল্যকালত অজগৰ আলিয়ে এবাৰ ডাউক চৰাই এটা মাৰিছিল, চৰাইটোৰ যে সঙ্গী আছিল এটা অজগৰ আলি জনা নাছিল, সেই চৰাইটো অজগৰ আলিৰ পিছে পিছে উৰি আহিল আৰু সিহঁতৰ চোতালৰ আমগছডালত বহি এক বিশেষ সুৰেৰে মাতি থাকিল নিজৰ মৃত সঙ্গীক, বহুদিনলৈ- কি যে দুখ আছিল সেই মাতত৷ মাজৰাতি ডাউকজনীয়ে যেতিয়া মাতে আম্মাজানে বিৰবিৰাই কয় সঙ্গীহাৰা চৰাইৰ কান্দোন, আল্লাই গজব দিব, তৌবা কৰ বাপ, তৌবা কৰ৷ অজগৰ আলি আল্লাহৰ ওচৰত বহু তৌবা কৰিছিল, কিন্তু আল্লাই নুশুনিলে হবলা, সেয়ে আজি এই বৰষুণৰ ৰাতি মানুহৰ পদূলিত চোৰৰ নিচিনা ঘাপটি মাৰি বহি আছে৷ হঠাৎ এক অন্ধ অভিমানত কঁপি উঠে অজগৰ আলি- সোনকালে কাম শেষ কৰি যাব লাগে৷ নাৰী মায়াবী বস্তু, মায়াবীৰ মায়াত অজগৰ আলি নপৰে৷

-“মই আপোনাক কথা এটা কম, কিন্তু ভয় লাগে”- এই প্ৰথম মুখ খোলে ছোৱালীজনীয়ে – কান্দোন সনা মাত, কঁপি কঁপি উঠে৷ কাদেৰ মেম্বৰ উৎসুক হয়, বেৰৰ সিপাৰে অজগৰ আলিও উৎসুক হয়৷ এক অসহনীয় বিৰতি, তাৰ পাছত মুখখন তল কৰি আকৌ কান্দিব আৰম্ভ কৰে মায়াবী মুখৰ ছোৱালীজনীয়ে৷ “এই যে…আঁকৰীজনী আকৌ কান্দিব আৰম্ভ কৰিলে”- অধৈয্য হয় মেম্বৰ, বেৰৰ সিপাৰে অজগৰ আলিও অধৈয্য হয়৷ মূৰত হাত থয় মেম্বৰে -“কোৱাচোন কোৱা, কি হৈছে তোমাৰ, ক’লেহে বুজি পাম মই৷” অপৰাধীৰ নিচিনা মুখ কৰি তাই প্ৰায় ফিচফিচাই কয় – “মোৰ মাহেকীয়া বন্ধ হৈছে ।” কোঠালীটোৰ বতাহ হঠাৎ অসহজ হৈ পৰে৷ বেৰৰ ফুটাৰে অজগৰ আলিয়ে এইবাৰ ভালদৰে লক্ষ্য কৰে – কেৱল মায়াবী মুখ নহয়, তাইৰ দেহটিও যিকোনো পুৰুষক পাগল কৰিবলৈ যথেষ্ট, তাইৰ কাপোৰলৈ লক্ষ্য কৰি অজগৰ আলি ঠাৱৰ কৰে যে তেওঁ সেই দানৱ যেন গছডালৰ তলৰ এন্ধাৰত বোকা-পানীয়ে বহি থকা সময়ত কাদেৰ মেম্বৰে ছোৱালীজনীৰ দেহসুধা পান কৰি আছিল৷ এই প্ৰথমবাৰ কাদেৰ মেম্বৰ প্ৰতি অজগৰ আলিৰ খং উঠে৷ খং উঠাটো ভাল, কাম শেষ কৰিবলৈ সহজ হয় নহ’লে অচিনাকি মানুহক এনেএনেই হত্যা কৰিবলৈ বহু কষ্ট হয়৷

ছোৱালীজনী অন্তঃসত্ত্বা বুলি শুনি কাদেৰ মেম্বৰৰ মূৰত যেন সৰগ ভাঙি পৰিল – কোঠালীটোৰ ইমূৰৰ পৰা সিমূৰলৈ পায়চাৰি কৰি আছে৷ ছোৱালীজনীয়ে এতিয়াও অপৰাধী অপৰাধী মুখখন লৈ একেথিৰে ৰৈ আছে৷

“কেই মাহ?”

“দুমাহতকৈ বেছি হ’ল৷”

তাইৰ মাহেকীয়া অনিয়মিত, প্ৰায়ে দেৰি হয়, এইবাৰো তাই দেৰি হোৱা বুলিয়ে ভাবিছিল কিন্তু দুমাহতকৈ বেছি হোৱাত কালি সদৰৰ হাস্পিতালত পৰীক্ষা কৰাই আহিছে -তাই বৃতান্ত ক’লে৷ মেম্বৰৰ পায়চাৰি চলি থাকিল, মানুহজন অস্থিৰ হৈ পৰিছে৷ মুখেৰে একো মাত মতা নাই৷ “বেটা দুখীয়া ছোৱালী পাই ফষ্টি-নষ্টি ঠিকেই কৰিছ, এতিয়া পেটত সন্তান অহা বুলি শুনি হাৰামজাদাৰ মুখৰ মাত হৰিছে, চাল্লা ছুৱৰৰ বাচ্চা”- অজগৰ আলিয়ে খঙতে মনৰ ভিতৰতে ইমান জোৰেৰে ভোৰভোৰালে যে কাদেৰ মেম্বৰে কিবা শুনা পালে নেকি বুলি মনে মনে ভয়ো খালে৷ “আপুনি চিন্তা নকৰিব, অলপ ধৈৰ্য্য ধৰি মোৰ কথাখিনি শুনক৷ মই আপোনাক বিপদত নেপেলাও, মোক বিয়া পাতক বুলিও কেতিয়াও নকওঁ, মোৰ নিচিনা বিধবাক কোনে বিয়া কৰাব তাকো আগৰ ঘৰৰ সন্তান আছে? বিয়া পাতিলেও মানুহে বুবু-বাবা কৰিব, আপোনাৰ ক্ষতি হ’ব৷ মই দূৰ কৰবালৈ গুচি যামগৈ, কিন্তু খোদাৰ দোহাই মোৰ পেটৰ সন্তানটোক মাৰি পেলাব নক’ব৷” শেষৰ ফালে তাইৰ মাত কঁপি উঠিল৷ ছোৱালীজনী বিধবা বুলি শুনি অজগৰ আলিৰ মায়া জন্মিল – আহাৰে বেচেৰী এই ভৰ যৌৱনত বিধবা হৈছে, সন্তান এটাও আছে বুলি ক’লে৷ এতিয়া আকৌ এই কুলাঙ্গাৰটোয়ে অন্তসত্ত্বা কৰিলে – ছেঃ৷ গাঁৱৰ মানুহে গম পালে সুধাই নেৰে, এঘৰীয়া, ৰাজহুৱা বিচাৰ, মাৰপিট কিমান কি যে কৰিব৷ নিৰীহ তিৰোতাৰ ওপৰত মাতব্বৰী কৰাটোৱে সমাজৰ আটাইতকৈ প্ৰিয় কাম৷ অথচ যিজন ছোৱালীজনীৰ এই অৱস্থাৰ বাবে দায়ী সেই কাদেৰ মেম্বৰৰ গাত কিন্তু এটা আঁচো নাহিব, তেওঁ পুৰুষ হোৱা বাবেই হওক বা ৰাজনৈতিক প্ৰতিপত্তিৰ বাবেই হওক তেওঁৰ বিচাৰ কোনেও নকৰে৷ হঠাৎ সমাজৰ প্ৰতি, কাদেৰ মেম্বৰৰ প্ৰতি, সমগ্ৰ পৃথিৱীৰ প্ৰতি অজগৰ আলিৰ খুব খং উঠিল – বিচাৰ হ’ব, এইবাৰ বিচাৰ নহোৱাকৈ নাথাকে৷ কাদেৰ মেম্বৰৰ পাপৰ বিচাৰ অজগৰ আলিয়ে কৰিব৷ নেপালী খুকুৰীখন এবাৰ জোৰকৈ খামুচি ধৰে অজগৰ আলিয়ে, খুকুৰীখনেও যেন বিচাৰৰ সপক্ষে তেওঁক সমৰ্থন দিলে -এনেকুৱা এক অনুভৱ হ’ল তেওঁৰ৷ পলকতে অজগৰ আলিৰ মনৰ পৰা সকলো দ্বিধা, সকলো ভয়, পাপবোধ আঁতৰি গ’ল, কাদেৰ মেম্বৰৰ হত্যা যেন হত্যা নহয়, মানুহৰ অন্যায়ৰ বিৰুদ্ধে অজগৰ আলিৰ প্ৰতিবাদ৷ জীৱনত তেওঁ বহু অন্যায় কৰিছে, যিবোৰ মানুহক হত্যা কৰিছে সিহঁতৰ লগত, সিহঁতৰ পৰিয়াল-পৰিজনৰ লগত, তেওঁৰ পত্নী হুস্না বিবিৰ সৈতে অন্যায় কৰিছে – বিনা চিকিৎসাত তিলতিলকৈ মানুহগৰাকী মৰি থাকিল এটা ডাক্তৰ-বৈদ্য কোনোদিন অজগৰ আলিয়ে আনিব নোৱাৰিলে, ছোৱালীজনীৰ বয়স হৈছে, লগৰ সকলোৰে কেতিয়াবাই বিয়া হ’ল, পিতৃ হিচাপে তেওঁ ছোৱালীজনীৰ বিয়াখনকে আজিলৈকে পাতি দিব পৰা নাই, বহুত অন্যায় কৰিছে৷ কিন্তু আজি অন্তত এটা ন্যায় তেওঁ কৰিব৷

“তুমি ক’তো যাব নালাগে।” – অৱশেষত কাদেৰ মেম্বৰে মাত দিলে কিন্তু সেই মাতত জোৰ নাই৷ “পাগল নহ’ব, এই গাঁৱত মোক মানুহে জীয়াই থাকিব নিদিব আৰু মিছাতে আপোনাৰো বদনাম হ’ব।”- তাই বুজাবলৈ চেষ্টা কৰে কিন্তু মেম্বৰে কোনোপধ্যে নামানে৷ কিবা এটা ব্যৱস্থা কৰিব, যেতিয়া সময় আহিব৷ কিন্তু কি ব্যৱস্থা সেয়া সঠিক কৈ ক’ব নোৱাৰে৷ “চাল্লা হাৰামজাদা ছোৱালীজনীক ফুচুলাই আৰু জুইত ঠেলি দিব নালাগে, তই ওলাই আহ সোনকালে আগত তোৰ ব্যৱস্থা কৰোঁ মই”- মনতে অজগৰ আলিয়েও সিহঁত দুটাৰ তৰ্কাতৰ্কিত ভাগ লয়৷ “কি ব্যৱস্থা কৰিব? মই কিবা পুতুলা নেকি? মোৰ মন নাই? কি ব্যৱস্থা কৰিব, মোক বিয়া পাতিব? পাৰিব? পাৰিব মোক বিয়া পাতি ঘৰলৈ নিব?”- ছোৱালীজনীয়ে একে উশাহতে কয়৷ কোঠালীটোক আকৌ এক অসহজ নীৰৱতাই গ্ৰাস কৰে৷ মেম্বৰ নিশ্চুপ হৈ মাটিৰ পিনে চাই থাকে আৰু তাই মেম্বৰৰ মুখৰ পিনে৷ অজগৰ আলিয়ে মনতে হাঁহে – ওপৰৱালাই তেওঁৰ লগত আজি কি খেল খেলি আছে এইটো? এতিয়া যদি মেম্বৰে বিধবাজনীক বিয়া পাতিব বুলি কয় তেতিয়া অজগৰ আলিয়ে কোন সতে তেওঁক হত্যা কৰিব, মেম্বৰক হত্যা কৰা মানে বিধবাজনীক আৰু তাইৰ দুটা সন্তানক নিঠৰুৱা কৰা, এই ৰাক্ষসী সমাজে তাইকো জীয়াই থাকিব নিদিয়ে৷ অজগৰ আলি বৰ সংকটত পৰি গ’ল৷ কিন্তু পুৰুষৰ চৰিত্ৰৰ ওপৰত অজগৰ আলিৰ দৃঢ় বিশ্বাস আছে, সুঠাম-সুদৰ্শন যুবনেতা কাদেৰ মিঞাই আন যিয়াই নকৰক সন্তানসহ বিধবা এজনীক বিয়া নকৰায়৷ মনতে আকৌ এবাৰ হাঁহিলে অজগৰ আলিয়ে – আল্লাই মোৰ লগত গোটেই জীৱন খেলা খেলিছে, আম্মাজানে কৈছিল মই ডাঙৰ হৈ পীৰ-ফকিৰ হ’ম, কিন্তু হ’লোঁগৈ খুনী, মোৰ নিচিনা কুৎচিত খুনী এটাৰ জীৱন সঙ্গিনী কৰি দিলে পৰীৰ নিচিনা ধুনীয়া হুস্না বিবিক৷ আজি মই ওপৰৱালাৰ লগত খেল এটা খেলিম, চাওঁ কোনে জিকে – শুনিছা নে আল্লাহ, যদি কাদেৰ মেম্বৰে বিধবাজনীক বিয়া পাতিবলৈ ৰাজী হয় মই অজগৰ আলি হাৰ মানি ল’ম, কাদেৰক হত্যা নকৰোঁ, আৰু যদি তেওঁ বিয়া নাপাতে বুলি কয়, তুমি হাৰিলা, মেম্বৰ আজি ঘৰৰ পদূলি গৈ নেপায়৷

কোঠালীত অসহজ নীৰৱতা তেতিয়াও বিদ্যমান৷ বিয়াৰ কথাটো আবেগতে সুধি মেম্বৰক যে জব্দ কৰা হৈছে এই কথা তাই বুজি পাইছে৷ কিবা এটা ক’বলৈয়ো এতিয়া তাইৰ খকোজা লাগি আছে৷ মেম্বৰেও তেতিয়াৰে পৰা মাটিৰ পিনেই চাই আছে৷ বেটাৰ মুখ তুলিবলৈ হিম্মত নাই – অজগৰ আলিয়ে নিশব্দে হাঁহিলে৷ এই হাঁহি বিজয়ৰ, এই হাঁহি বহু বছৰৰ পৰা বুকুত হেঁচি থোৱা ক্ষোভৰ হাঁহি৷ হঠাৎ বহাৰ পৰা উঠি মেম্বৰে আকৌ অস্থিৰভাবে পায়চাৰি আৰম্ভ কৰিলে৷ অজগৰ আলি নিশ্চিত হয়, সি বেটা পলাব এতিয়া, বুকুখন তেওঁৰ পাতল হয়৷ কিন্তু অজগৰ আলিক আচৰিত কৰি মেম্বৰে হঠাৎ থমকি ৰয় – “কহিনুৰ, মই তোমাক বিয়া পাতিম৷ যি হ’ব দেখা যাব, মানুহে বেয়াকৈ ক’ব, কওক, ভোট নিদিব নিদিয়ক, কিন্তু মই তোমাক আৰু তোমাৰ গৰ্ভত থকা মোৰ সন্তানক পেলাই দিব নোৱাৰিম৷” মেম্বৰৰ বুকুত কুচিমুচি সোমাই উচুপি উঠে তাই৷ মেম্বৰৰ বলিষ্ঠ দুবাহুৰ মাজত আশ্বস্তিৰ উম৷ বাহিৰত বহুপৰৰ পৰা বন্ধ হোৱা বৰষুণজাক আকৌ আৰম্ভ হয়৷ জোৰেৰে৷ অজগৰ আলি বেছি আচৰিত নহয়, যেন এয়াই হ’বলগীয়া আছিল৷ নিয়তিয়ে তেওঁক চিৰদিন বিপৰ্যস্ত কৰিছে, হৰুৱাইছে, আজিৰ পৰাজয়ো যেন অজগৰ আলিৰ প্ৰত্যাশিত আছিল৷

অজগৰ আলিৰ দৰে গল্পকাৰো এই মূহৰ্তত দ্বিধাত৷ গল্পটো ইয়াতে শেষ কৰিলে কাৰো একো ক্ষতি নহয়, কুৎচিত, খুনী অজগৰ আলিৰ পৰাজয় আৰু প্ৰেমিক কাদেৰ মেম্বৰৰ প্ৰেমৰ বিজয়ৰ মাজেদি নিয়তিৰ জয়ে স্বাভাবিক, চিৰন্তন, শ্বাস্বত৷ কিন্তু সেই ৰাতি কাদেৰ মেম্বৰক হত্যা কৰা হয়, হত্যাকাৰী আন কোনো নহয়- অজগৰ আলিয়ে৷ আচলতে সেইৰাতি দুটা হত্যা হৈছিল, সূক্ষ্মভাবে ক’বলৈ গ’লে তিনিটা হত্যা, কাৰণ বিধবা গৰাকীৰ গৰ্ভতো এটি জীৱন আছিল৷ চিৰদিন পৰাজিত হোৱা অজগৰ আলি নামৰ কুৎচিত খুনীজনে তেওঁৰ পৰন্ত যৌবনা জীয়েকজনীক এবাৰৰ বাবে হ’লেও জীৱনত জিকাটো বিচাৰিছিল।■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments