অজন্তা- নৱ কোঁৱৰ

১৮৫৭ চন৷ ভাৰতত তেতিয়া বৃটিচৰাজ৷ বৃটিচ সৈন্য ওখ ইন্দ্ৰানী পৰ্বতমালাৰ অটব্য অৰণ্যৰ মাজেৰে আগবাঢ়ি গৈ শিবিৰ পাতিছিল৷ তাৰে এফালে দক্ষিণাত্য পৰ্বতমালা আনফালে তাপ্তী নদীৰ উপত্যকা৷ সেই স্থানতেই বাগোড়া নদীয়ে এক বৃহৎ অশ্বখুড়া আকৃতিৰ ভাঁজ লৈছে৷ নদীৰ কাষে কাষে আগবাঢ়ি গৈ থাকোতে কেইজনমান সৈন্যই লক্ষ্য কৰিলে নদীৰ সিপাৰে ডাঠ হাবিৰ মাজত কেইটামান স্তম্ভ৷ কেইজনমান সাহসী সৈন্যই কি আছে চাবলৈ বাগোড়া নদীখন পাৰহৈ সিপাৰ পালেগৈ৷ ঘন গছ-লতাৰে আৱৰা সিপাৰত তেওঁলোকে দেখিলে কিছুমান গুহাৰ সমতল ভূমি৷ ষি ঠাই তেতিয়া বাঘ ঘোঙৰ বাসস্থানত পৰিণত হৈছে৷ কিঞ্চিত আগুৱাই তেওঁলোক স্তম্ভিত হৈ পৰিল৷
অলপদিনৰ পিছতে সেই শিবিৰ স্থানান্তৰিত কৰা হল৷ সেই চিত্ৰ ভাস্কৰ্যৰ সৌন্দৰ্য্য দৰ্শন পোৱা সৈনিক কেইজনে বহিজগতৰ সৈতে চিনাকি কৰি দিয়াৰ মানসেৰে না না জনৰ আগত এই কথা ব্যক্ত কৰে৷ কিছুমানে বিষয়টো গুৰুত্ব দিলেও কিছুমানে ইতিকিং কৰি উৰাই দিলে৷ উৎসাহী সকলৰ মাজৰে কেইজনমানে বিষয়টো গুৰুত্ব দি গন্তব্যৰ সঠিক বৰ্ণনা অনুসৰি এখন থুলমূল মানচিত্ৰ তৈয়াৰ কৰি লয়৷ তেওঁলোকে অনেক বিচাৰ খোচাৰ কৰি ১৮২৯ চনত অজন্তা গুহাত পদাৰ্পণ কৰে৷ তেওঁলোক ঘূৰি গৈ ৰয়েল এচিয়াটিক চছাইটিৰ বাৰ্ষিক বিৱৰণীত তেওঁলোকৰ অভিজ্ঞতাৰ কথা প্ৰকাশ কৰে৷ তাৰ পিছতো অজন্তাৰ বিষয়ত কলাৰসিক মহলত কোনো প্ৰতিক্ৰিয়া দেখা নগল৷ তেনেকৈয়ে পাৰহল আৰু দহটা বছৰ৷ অৱশেষত প্ৰবন্ধটি জেমছ্ ফাৰগুচনৰ চকুত পৰিল৷ জেমছ্ ফাৰগুচন আছিল সঁচাকৈয়ে এজন কলাৰসিক আৰু পণ্ডিত৷ তেওঁ চিত্ৰ কলা, ভাস্কৰ্য, স্থাপত্য, পুৰাতত্ত্ব, প্ৰত্নতত্ত্ব, ইতিহাস, ভূগোল, নৃত্বত্ব সকলো বিষয়ৰে পণ্ডিত আছিল৷ ভাৰতীয় স্থাপত্যকলাৰ বিষয়ে তেওঁৰ প্ৰবল আগ্ৰহ আছিল৷ জেমছ্ ফাৰগুচন ভাৰতলৈ আহি অজন্তা গুহা দৰ্শণ কৰি ৰয়েল এচিয়াটিক চছাইটিৰ মুখপত্ৰত এটা প্ৰবন্ধ লিখিলে৷ ১৮৪৪ চনত লিখা এই প্ৰবন্ধটিৰ জৰিয়তে অজন্তা গুহাৰ কথা বিদ্বানসকলৰ নজৰলৈ আহিল৷ বিষয়টো ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিষয় ববীয়া সকলৰ চকুতো পৰিল৷ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে চিত্ৰবোৰ অনুলিপি প্ৰস্তুত কৰিবৰ বাবে মাদ্ৰাজ পল্টনৰ সেনাধ্যক্ষ ৰবাৰ্ট গিলক ভাৰ দিলে৷ ৰবাৰ্ট গিলে প্ৰায় বিশ বছৰ পৰিশ্ৰমৰ অন্তত ত্ৰিছখনতকৈ অধিক বৃহৎ আকাৰৰ তৈলচিত্ৰ আঁকি শেষ কৰে৷ ১৮৬৬ চনত চিডেনহামৰ ক্ৰিষ্টেল পেলেচত এখন প্ৰদৰ্শনীত প্ৰদৰ্শন কৰা অৱস্থাত জুই জ্বলি পঁছিচখন ছবি চাৰখাৰ হৈ গল৷ সেই জুই কেনেকৈ জ্বলিল তাৰ ব্যাখা পোৱা নগ’ল৷ মেজৰ গিলে অজন্তাত দেখা ছবিবোৰ এতিয়াৰ দৰে জৰাজীৰ্ণ নাছিল৷ তেওঁ তৈলচিত্ৰৰ উপৰিও আন প্ৰতিলিপি কৰিছিল, তাত অক্ষত অৱস্থাত চিত্ৰসমূহ দেখিবলৈ পোৱা যায়৷ বাকী পাঁচখন ছবি কেনসিংটন সংগ্ৰাহালয়লৈ স্থানান্তৰ কৰা হয়৷
ৰবাৰ্ট গিলৰ পিছত অন্য এজন ব্যক্তি আগবাঢ়ি আহিল৷ তেওঁ বোম্বাই শিল্প বিদ্যালয়ৰ অধ্যক্ষ জৰ্জ গ্ৰিফট৷ ৰবাৰ্ট গিলৰ ছবিবোৰ পুৰি যোৱাৰ পিছত জেমছ ফাৰ্গুচন আৰু ডাঃ বাৰ্জেসে এই গৱেষণা তথা অভিযান চলাই নিবৰ বাবে প্ৰয়োজনীয় অৰ্থৰ বাবে ভাৰত চৰকাৰক অনুৰোধ কৰে৷ ১৮৭৫ চনত অধ্যক্ষ জৰ্জ গ্ৰিফটে কেইজনমান বাচকবনীয়া ছাত্ৰক লৈ অনুলিপিৰ কাম আৰম্ভ কৰে৷ বিভিন্ন কাৰণত মাজতে তিনিটা বছৰ কাম বন্ধ থাকিলেও ১৮৮৫ চনত অধ্যক্ষ জৰ্জ গ্ৰিফট আৰু তেওঁৰ ছাত্ৰসকলে সৰ্বমুঠ ৩৩৫খন ছবি আঁকে৷
ছবিসমূহ সযতনে ইংলেণ্ডলৈ পঠিয়াই দিয়া হয়৷ চাওথ কেনসিংটন সংগ্ৰাহালয়ত ছবিসমূহ সুন্দৰভাবে ৰখাৰ ব্যৱস্থা কৰা হয়৷ কিন্তুু ১৮৮৫ চনৰ ১২জুনৰ আন এক অগ্নিকাণ্ডই ৮৭খন ছবি সম্পূৰ্ণভাবে ভষ্মীভূত কৰাৰ লগতে ১৯১খন চিত্ৰ আংশিক ভাবে দগ্ধ হয়৷ বাকী ৫৬ খন চিত্ৰ ভিক্টোৰিয়া আৰু এলবাৰ্টো সংগ্ৰাহালয়ৰ ভাৰতীয় শাখাত ৰখা হয়৷
ইয়াৰ পিছতেই অজন্তা গুহাত আৰম্ভ হয় চোৰৰ প্ৰকোপ৷ অৰক্ষিত গুহাত থকা ছবিবোৰ ডাঙি নিবপৰা ফ্ৰেম লগোৱা ছবি নাছিল৷ সেইবোৰ আছিল গুহাৰ দেৱালত অংকন কৰা ছবি৷ ফেছকো৷ নিজামৰ কেইজনমান কৰ্মচাৰীৰ সৈতে বোম্বাইৰ এজন প্ৰত্নতাত্বিক ডাঃ বাৰ্ড এই চুৰি কাৰ্যত জড়িত আছিল৷ তেওঁলোকে চুৰী চাবোল লৈ কাম আৰম্ভ কৰিছিল৷ ফলত তেওঁলোকে পাইছিল এদম ৰঙীন ধূলি৷ অৱশেষত নিজাম বাহাদুৰে আইন প্ৰণয়ন কৰি এই কাৰ্য বন্ধ কৰিবলৈ চেষ্টা কৰিছিল৷ কিন্তুু তেতিয়ালৈকে বহু ছবি নি: শেষ হৈ গৈছিল৷
১৯০৬ চনত লেডি হেৰিংহাম ভাৰত দৰ্শনলৈ আহে৷ অজন্তাৰ ছবিবোৰ দেখি তেওঁ মুগ্ধ হয়৷ তেওঁ দ্বিতীয় আৰু তৃতীয়বাৰৰ বাবেও অজন্তালৈ আহে৷ ছবিবিলাকৰ নকল কৰোৱা কাৰ্যত ব্ৰতী হয়৷ সমূহ নকল ইংলেণ্ডৰ ইণ্ডিয়া ছচাইটিক উপহাৰ দিয়ে৷ ১৯১৫ চনত ইণ্ডিয়া ছচাইটিয়ে ছবিবোৰ ‘অজন্তা ফেছস্কো’ নামদি দুটা খণ্ডত প্ৰকাশ কৰে৷ ইয়াৰ পিছত বঙ্গদেশৰ প্ৰখ্যাত চিত্ৰশিল্পী নন্দলাল, অসিত হালদাৰ, , সমৰেন্দ্ৰ গুপ্ত, মুকুল দে আদিয়ে অজন্তাৰ বহু চিত্ৰ অংকন কৰে৷ চৈয়দ মহমদ আৰু আফজলদ্দূনেও বহু অনুলিপি কৰে৷ ভগ্নী নিবেদিতা, ৰবীন্দ্ৰনাথ আৰু অৱনীন্দ্ৰনাথে তেওঁলোকক পৰোক্ষভাবে সহায় কৰে৷ ১৯২৫ চনত বিখ্যাত জাপানী শিল্পী আৰ. আই অজন্তা গুহা দৰ্শণ কৰে আৰু কিছু অনুলিপি অংকন কৰে৷
হাইদৰাবাদৰ নিজাম চৰকাৰে ১৯১৪ চনত এটি পুৰাতত্ত্ব বিভাগ খুলি অজন্তা গুহাৰ চিত্ৰবোৰ সংৰক্ষণৰ ব্যৱস্থা কৰে৷ বিশ্বযুদ্ধ শেষহোৱাৰ পিছত নিজামৰ প্ৰচেষ্টাত ১৯২০ চনৰ পৰা ১৯২২ চনলৈকে দুজন ইটালিয়ান বিশেষজ্ঞ প্ৰফেছৰ লৰেংসা চেচ্চোনি আৰু কাউণ্ট আৰ্সিনিৰ যোগেদি ছবিবোৰ পৰিষ্কাৰ কৰে৷ ইয়াৰ আগতে কিছুমান অনৰ্থক ৰং বোলাই কিছুমান ছবি সৰ্বনাশ কৰি পেলাইছিল৷ ইটালীৰ সিস্তিন সাপেলৰ কাম কৰি অহা অভিক্ষ ব্যক্তি দুজনে অনৰ্থক ৰংবোৰ তুলি স্বচ্ছ আঠাৰ এক প্ৰলেপ দিয়ে৷ যাতে ৰঙবোৰ নিৰাপদে থাকে৷ মনকৰিলগীয়া, লিওনাৰ্ডো ডা ভিঞ্চিৰ লাষ্ট চাপাৰ তেওঁলোকে এইদৰেই সংৰক্ষণ কৰিছিল৷
নিজাম চৰকাৰৰ পুৰাতত্ত্ব বিভাগে অন্য এটি ভাল কাম কৰে৷ ই-এল ডেচি নামৰ অভিজ্ঞ আলোক চিত্ৰশিল্পীৰ ৰঙীন ছবিবোৰ ডাঃ গোলাম ইয়াজদিনৰ সম্পাদনাত ১৯৩১ আৰু ১৯৩৫ চনত মুঠ চাৰিটা খণ্ডত এলবাম আকাৰে প্ৰকাশ কৰে৷ ডাঃ গোলাম ইয়াজদিনে বিভিন্ন পুৰাতত্ত্ব আৰু ইতিহাসবিদ সকলৰ পৰা অজন্তাৰ ছবিত বৰ্ণনা কৰা জাতকৰ কাহিনীবোৰ উদ্ধাৰ কৰি পেলাইছিল৷ অনুমান কৰা হয় অজন্তাৰ প্ৰথম গুহাটি ৬০০-৬২৬ খ্ৰীষ্টাব্দত নিৰ্মান কৰা৷
(অজন্তাৰ ছবিবোৰৰ অৰ তৰ পৰা কপি কৰি অঁকা কেইটামান স্কেছ)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক