অজয়ৰ কথাৰে -(দিগন্ত যাদৱ শর্মা)

অজয়ৰ কথাৰে (দিগন্ত যাদৱ শর্মা)

(১)
ইয়ালকৈ অজয়ে মোক মাতি আনিছিল । এই নদীখনৰ পাৰলৈকে য’ত নেকি আমাৰ শৈশৱৰ বহুতো স্মৃতি-বিস্মৃতি জড়িত হৈ আছে । আহিলো, সি আগৰে পৰাই নদীখনৰ পাৰত বহি আছিল । কিছু সময় মোৰ ফালে চাই থাকিল, বুজিলো ২৫ বছৰ আগৰ চেহেৰাৰ লগত মোক তুলনা কৰিছে । এটা শব্দই মাথো ক’লে ‘জয়ন্ত’, মই মুৰ দুপিয়ালো । অনুমানতে মোক ‘মই’ বুলি ধৰিছে নিশ্চয়, তাতে আকৌ ১০ মিনিট আগতে এবাৰ মোবাইলতো যোগাযোগ হৈছিল । মইতো তাৰ চেহেৰাটো, টিভি, বাতৰি কাকত আদিত দেখিয়েই থাকো ।

আৰু তাৰ পিছত… কিমান সময় পাৰ হ’ল ক’ব নোৱাৰো, এনেয়েটো ঘড়ী নিপিন্ধোৱে; তাতে আকৌ পুখুৰীৰ পাৰত বহোতেই মোবইলটোৱো ‘অফ’ কৰি ৰাখিছিলো । কাৰো মুখত কোনো কথা নাই, কিবা কবলৈ একো কথাই দেখোন মোৰ মুখত নাহে । কিনো কম, মোৰ জীৱনটো একেবাৰে গতানুগতিক, সেইখিনি জানিবলৈকে বা শুনিৱলৈকে সি নিশ্চয় মোক ইয়ালৈকে মাতি অনা নাই । অজয়ৰ কথা বহুতো জানো, ব্যস্ততাভৰা জীৱন তাৰ । যোৱা ২৫ বছৰত বহুতো ঘটনা-দুৰ্ঘটনা তাৰ এই ৩৫ বছৰীয়া শৰীৰটোৰে বৈ গৈছে ।

অজয় মোৰ শৈশৱৰ বন্ধু, প্রথম শ্রেণীৰ পৰা চতুৰ্থ শ্রেণীলৈকে একেলগে পঢ়িছিলো । তাৰ জীৱনত হঠাতে অহা ধুমুহা এজাকে আমাৰ ৪ বছৰীয়া বন্ধুত্বত যতি পেলাইছিল, মানে আমি এৰাএৰি হৈছিলো । সেয়া আজিৰ পৰা ২৫ বছৰ আগৰ কথা । ঠিকেই সি মোক পাহৰা নাই, মইতো পাহৰা নাছিলোৱেই । খুব দৃঢ়মনা ল’ৰা আছিল, কল্পনাপ্ৰৱণ আৰু আছিল অত্যন্ত জেদীও । মোৰ দেউতা আৰু এই ঠাইখনৰ বয়োজ্যেষ্ঠ সকলেও সিহঁতৰ বহুতো কথা মোক কৈছিল ।

আমাৰ আজিৰ এই চহৰখনক দুই দশক আগতে সকলোৱে গাঁও বুলিয়েই কৈছিল । কিছু চিহ্ন বোধকৰো এতিয়াও আছে, যেনে এই ৰাজহুৱা পুখুৰীটো । মই ঘৰৰ ল’ৰা ঘৰতেই থাকি বিয়া-বাৰু কৰাই সংসাৰী হ’লো । পঢ়া-শুনাও মোটামোটি ভাবে আগুৱাই নি চৰকাৰী চাকৰী এটাও পালো, তাকো ঘৰৰ ওচৰতেই । গতিকে বিশেষ চিন্তা-ভাৱনাও নাই, পৰিয়ালটোকো ভালদৰে চোৱা-চিতা কৰিব পাৰিছো । নিজেও ভালদৰে আছো, তথাপিও মাজে মাজে কেতিয়াবা অজয়ৰ কথা মনলৈ নহাকৈ নাথাকে ।

(২)
তাৰ কথাবোৰ আকৌ নতুনকৈ ভাবিব ধৰিলো । কি হোৱা নাই তাৰ এই জীৱনটোত । স্কুলত অজয়ে পঢ়া-লিখাত খুব নাম কৰিছিল । তাৰ দেউতাক পোষ্ট অফিচৰ পোষ্ট মাষ্টৰ আছিল । মাকজনী বুদ্ধিমতী আৰু বেছ উদাৰমনা আছিল । আৰু তাৰ বায়েকজনী, কি যে মৰমীয়াল । ইমান মৰমীয়াল বায়েকজনীৰ বাবে অজয়ৰ ওপৰত মোৰ বৰ হিংসা হৈছিল, কাৰণ আমাৰ মা-দেউতাৰ চাৰিজন সন্তানৰ মাজত মোৰ এজনীও বাইদেউ বা ভন্টী নাছিল । সেয়ে সিহঁতৰ ঘৰলৈ যাবলৈ বৰকৈ আকর্ষিত হৈছিলো, কিমান যে মৰম কৰিছিল তাই আমাৰ দুয়োকে । খেলিছিল আমাৰ লগত, অঙ্ক নোৱাৰিলে বুজাই দিছিল । অজন্তা তাইৰ নাম, আমাতকৈ বহুত ডাঙৰ; বোধকৰো আমি চতুর্থ শ্রেণীত পঢ়ি থাকোতে তাই তেতিয়া হাইস্কুলৰ শেষ পৰীক্ষাটো দিছিল ।

আস ! কি যে সেই ভাললগা কথা আছিল সেইবোৰ । কি কৰিম, নাভাবিলেও দেখোন অজয়ৰ পিছৰ সময়ৰ দুখৰ কথাবোৰ মনলৈ আহিল । জীৱনটো জিনিব পাৰিলোহেতেননে মই ‘অজয়’ হোৱা হ’লে । ওহো নোৱাৰো, মই কাহানিবাই এই জনসমুদ্রৰ মাজত অথবা মহাবাহুৰ মাজত বিলীন হৈ গলোহেতেন । মই সেই ধাতুৰে গঢ়াই নাই ।

মনলৈ আহিল চানমাৰীৰ সেই ৰেষ্টুৰেন্টখনলৈ, য’ত এবাৰ অজয়ে দুটামান কাপ ভাঙোতে মালিকে তাক খুব পিটন দিছিল । আৰু পাণবজাৰৰ সেই কিতাপৰ দোকানখনলৈও মনত পৰে য’ৰ পৰা এবাৰ সি শিশু আলোচনী এখন চুৰি কৰিছিল । তাত তাৰ এটা কবিতা প্রকাশ পাইছিল, তাৰ জীৱনৰ প্রথম প্রকাশিত লিখনি । ধৰা পৰাৰ পিছত দোকান খনৰ কর্মচাৰীজনৰ কোব খোৱাৰ পৰা ৰক্ষা কৰিছিল এজন ভাল মানুহে, যিজনে সেই শিশু আলোচনীখনৰ প্রকাশনৰ লগত জড়িত আছিল । হয়, বহুতো ভাল মানুহো থাকে এই পৃথিৱীখনত । তাৰ মাজৰে এজন সেইজন যিয়ে অজয়ৰ জীৱনটো গঢ় দিয়াত যথেষ্ট অৰিহণা যোগাইছিল । এই খবৰবোৰ মই গোটাইছিলো পৰ্য্যায়ক্ৰমে অজয় বিখ্যাত হোৱাৰ দিন ধৰি আৰু তাৰ লগত শৈশবত কটোৱা দিনকেইটাৰ কথা ভাবি ভাবি । পিছলৈকে আৰু বহুতো খবৰ পাই থাকিলো, চাকৰী সংক্ৰান্তত কেইবাবাৰো গুৱাহাটী যাব লগীয়া হোৱাত বহুজনৰ লগত সম্পর্কও গঢ়ি উঠিছিল যাৰ লগত অজয়ৰো সম্পর্ক আছিল । অজয়ৰ বাল্যকালৰ বন্ধু বুলি জানি তেওঁলোকৰ পৰা বিশেষ মৰ্য্যদাও পাবলৈ ধৰিলো । মোৰ আকৌ ইয়াৰ মাজত এবাৰলৈ হলেও অজয়ৰ লগত দেখা বা যোগাযোগ হোৱা নাছিল ।

(৩)
২৫ বছৰ আগৰ সেই ‘ৰেল দুর্ঘটনাটো’ যিয়ে অজয়ক আজিৰ এই পৰ্য্যায় পোৱালে । চিকিৎসাৰ বাবে অজয়ৰ দেউতাকে আজিৰ চেন্নাই, তেতিয়াৰ মাদ্রাজলৈ মাকক লৈ গৈছিল । ঘৰত সিহঁত হালক মোমায়েকৰ লগত থৈ গৈছিল । অহাৰ বাটত সেই সময়ৰ কোনো মানুহে পাহৰিব নোৱাৰা ‘ৰেল দুর্ঘটনাটো’ । অজয়ৰ দেউতাকো আন ৪০-৫০ জন লোকৰ সৈতে লগে লগে ঢুকাইছিল, মাকজনীও যথেষ্টখিনি আঘাতপ্রাপ্ত হৈ দুদিনৰ পিছতে ঢুকাই থাকিল ।

ভাবিবলৈ মন নগ’লেও সিহঁতৰ এই কথাবোৰ হয়তো কেতিয়াও পাহৰিব নোৱাৰিম । অজয় আৰু অজন্তা বাইদেউৰ আলৈ-আথানিৰ অন্ত নাই, সিহঁতক গুৱাহাটীত থকা পেহীয়েকে লৈ গ’ল । পেহীয়েকেহঁতে গাঁৱত থকা ঘৰ-বাৰীবোৰো বিক্রী কৰি পেলালে । অজয়ক আমাৰ স্কুলৰ পৰা এৰুৱাই নি গুৱাহাটীৰ স্কুলত নাম লগাই দিলে । ইতিমধ্যে অজন্তা বাইদেৱে মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছিল । লাহে লাহে পেহীয়েকহঁতেও আগৰ দৰে সিহঁত হালক গুৰুত্ব দিবলৈ এৰিছিল । অজয় আগৰেপৰা দৃঢ়ামনা আছিল বাবে সি তেনেকৈ দেখা-দেখিকৈ ভাগি নপৰিল, কিন্তু সি পেহীয়েকহঁতৰ ওপৰত ক্ষুন্ন হ’ল । অজন্তা বাইদেউক পিছলৈ নিয়ন্ত্রণ কৰিবলৈ নোৱাৰি চৰকাৰী ‘মানসিক চিকিৎসালয়’তে ৰখাৰ ব্যৱস্থা কৰিলে । অজয় আৰু অকলশৰী্যা হৈ পৰিল । পেহীয়েক আৰু পেহীয়েকহঁতৰ ঘৰৰ মানুহবোৰো তাৰ ভাল নলগা হৈ আহিল । সি তলে তলে পেহীয়েকৰ ঘৰ এৰিবলৈ চ’ল চাই থাকিল । হয়তো অকলে অকলে সি এদিন এজন ভাল আৰু ডাঙৰ মানুহ হ’বলৈ ইচ্ছা কৰিছিল ।

কাম বিচাৰি বিচাৰি এদিন চানমাৰীৰ এখন ৰেষ্টুৰেন্টত কাম কৰিবলৈ পোৱাত আৰু লগতে আন আন কাম কৰা লৰাবোৰৰ লগত থকাৰো ব্যবস্থা হোৱাত সি পেহীয়েকহঁতৰ ঘৰৰ পৰা একেবাৰে গুছি আহিল । পেহীয়েকহঁতে বিচাৰ-খোচাৰ কৰিলে, অজয়ৰ খবৰো পালে কিন্তু দেখি-শুনি আৰু তাক তাৰ পৰা লৈ আহিবলৈ চেষ্টা নকৰিলে । আজিৰ নিচিনাকৈ চানমাৰীত তেতিয়া ইমান ভিৰ নাছিল, ওচৰতে এখন নৈশ বিদ্যালয়ো আছিল । পঢ়াৰ ধাউতিয়ে তাক কিতাপ-কাগজৰ পৰা এৰুৱাই আনিব পৰা নাছিল । দিনত কাম কৰি ৰাতি সি নৈশ বিদ্যালয়ত পঢ়িছিল । মালিকে যিখিনি সা-সুবিধা আৰু টকা-পইচা দিছিল তাৰে হয়তো মোটামোটি ভাবে পঢ়াৰ খৰচ যোগাব পৰা গৈছিল । ইয়াৰ মাজে-মাজে দুই-এটা ঘটনা নঘটাও নহয় । কেতিয়াবা কাপ-প্লেট ভাঙে আৰু মালিকে দৰমহাৰ পৰা মূল্যটো কাটি ৰাখে । এদিন আবেলি স্কুললৈ যোৱাৰ সময়ত দৌৰা দৌৰিকৈ বাচন কেইটা ধুই থাকোতে কেইবাটাও ভাঙিল । সেইদিনা আৰু তাৰ স্কুল যোৱা নহ’ল, পিটনো খালে খুব ।

সেই ৰেষ্টুৰেন্টখনৰ মালিক এতিয়াও জীৱিত, বুঢ়া হৈছে । অজয়ক আজিকালি খুব সমীহ কৰি চলে আৰু খুব মৰম কৰে । যি কি নহওক তেওঁ সুবিধাখিনি নিদিয়াহলে হয়তো অজয়ে আজিৰ এই পৰ্য্যায় নাপালেহেতেন । বিশেষকৈ কিতাপ বোৰ মালিকেই যোগান ধৰিছিল, কিয়নো তেওঁৰ পুত্রই অজয়তকৈ দুই শ্রেণী ওপৰত পঢ়িছিল আৰু তাৰ পুৰণি কিতাপবোৰ তাক পঢ়িবলৈ দিছিল । কথাবোৰ জনাৰ হেপাহত এদিন ময়ো সেই ৰেষ্টুৰেন্টখন আৰু মালিকজনক বিছাৰি উলিয়াইছিলোগৈ । ৰেষ্টুৰেন্টখনৰ মালিকে অজয়ৰ ওপৰত কৰা অত্যাচাৰ বোৰৰ কথা ভাবি অনুতপ্ত হৈ মোক এদিন এই কথাবোৰ কৈ কান্দি পেলাইছিল ।

(৪)
অজয়ে এনেকৈয়ে পঢ়াত আগুৱাই গৈছিল, সি স্কুলৰ ‘ফাৰ্ষ্ট বয়’ আছিল । ৰেষ্টুৰেন্টখনৰ ওচৰতে থকা কিতাপ দোকানখনৰ কিতাপবোৰত সি মাজে মাজে চকু ফুৰায় । চিনাকি থকা বাবে কেতিয়াবা দুই-এখন হাতত নোলোৱাও নহয় । তাৰ খুব ভাল লাগে বিশেষকৈ সেই সময়ত এজন স্বনামধন্য সাহিত্যিকৰ সম্পাদনাত প্রকাশ পোৱা এখন শিশু আলচনী । কিনি আনি পঢ়িব খোজে, কিন্তু খৰচ কৰিব পৰাকৈ তাৰ হাতত পইচা নাথাকে । যি কেইটা টকা হাতত ৰয় সেইকেইটাৰে স্কুলৰ বহী, কাগজ, কলম কিনিবলৈ নোযোৰেগৈ । মাজে মাজে সি দুই এটা কবিতাও লিখে আৰু লগৰবোৰকো দেখুৱায়; তেতিয়া সি অষ্টম শ্রেণী পাইছিলগৈ । ইমান দুখৰ মাজতো তাৰ হাঁহি উঠে যেতিয়া কবিতাবোৰ তাৰ লগতে কাম কৰা ল’ৰাবোৰে বুজিব নোৱাৰি ভেবা লাগি চাই থাকে । আলোচনীখনত সি দেখে তাৰ বয়সৰ বহুতৰে লেখা । অজয়ৰো বৰ মন গ’ল তাত সি লিখা কবিতা এটা প্রকাশ হোৱাটো চাবলৈ । ঠিকনাটো সি পঢ়ি জানি ল’লে আৰু এদিন সি লিখা কবিতা এটা পানবজাৰৰ ঠিকনা থকা সেই কিতাপৰ দোকানখনলৈ লৈ গ’ল, তাতে বহি থকা মানুহজনৰ হাতত দিয়ো আহিল ।

পিছৰ সংখ্যাটো ওলোৱালৈ সি বাট চাই ৰ’ল । কেইদিনমান পিছত কিবা এটা কামত মালিকে পানবজাৰলৈ অজয়ক পঠিয়াইছিল আৰু গৈ থাকোতে সেই কিতাপৰ দোকানখন দেখি সন্মুখত ৰ’ল । সি দেখিলে ‘শিশু আলোচনীখন’ৰ নতুন সংখ্যা এটা সন্মুখভাগতে ওলোমাই থৈ দিয়া আছে । সি ৰ’ৱ নোৱাৰি হাতত লৈ মেলি চালে আৰু সঁচাকৈ তাৰ কবিতাটো তাতে প্রকাশ পাইছিল । উৎফুল্লিত হৈ তাৰ চিঞৰি দিবলৈ মন গ’ল । আলোচনীখন তাৰ নিজৰ কৰি ৰাখিব বিছাৰিছিল । পকেটত কিন্তু এটকা এটাহে আছে । মনটো নৰ’ল, বোধকৰো তাৰ জীৱনৰ প্রথম আৰু শেষ বেয়া কামটো কৰিবলৈ মন মেলিছিল । সাধাৰণ ভিৰ এটাৰ সুযোগ লৈ সি আলোচনীখন চুৰ কৰি পিন্ধি থকা চোলাৰ তলত ভৰাইছিল । দোকানৰ কৰ্মচাৰীজনৰ চকুত পৰিল আৰু তাক লগে লগে ধৰা পেলালে । দাবি-ধমকি দি উঠি অজয়ক মাৰিবলৈ উদ্যত হওঁতে সেই ‘ভাল’ মানুহজন আগবাঢ়ি আহি তাক ৰক্ষা কৰিছিল । সেই ‘ভাল’ মানুহ প্রকাশক জনে নিশ্চয় অজয়ৰ এটা উজ্বল ভৱিষ্যত দেখিছিল ।

(৫)
তাৰ পিছত তাৰ মানসিক অৱস্থাটোৰো কিছু পৰিবৰ্তন দেখা গৈছিল । যদিও সি চানমাৰীৰ সেই ৰেষ্টুৰেন্টখনতে কাম কৰি আছিল, প্রকাশকজনৰ লগত মালিকৰ কি জানো আলোচনা হৈছিল; তাক আৰু কাম কৰিবলৈ জোৰ নকৰিছিল । ইমানবোৰৰ মাজতো সি কেতিয়াও বায়েকজনীৰ কথা পাহৰা নাছিল । কিন্তু কি কৰিব সি অকলে, সপোন পুহি ৰাখিছিল যিমান পাৰে সোনকালে কিছু উপার্জন কৰি বায়েকজনীৰ ভাল চিকিৎসা কৰাবলৈ । প্রকাশকজনৰ কৃপাত সি দুবাৰমান ‘মানসিক চিকিৎসালয়’ খনলৈ গৈ বায়েকজনীক চায়ো আহিলেগৈ । চকুপানী টোকাৰ বাদে একো কৰিবৰ নহ’ল ।

বুদ্ধি-বৃত্তি থকা ল’ৰা । ভাল মানুহ জন পাই সি ভাল নম্বৰ লৈ এদিন ভাল কলেজ এখনত ‘চীট’ও ললে । পিছলৈ আৰু ঘুৰি চাব নালাগিল, ভাল বৃত্তি এটাও পালে, হোষ্টেলৰ থাকিবৰ সা-সুবিধাও পালে । তাৰ মাজতে টিউচন কৰি পঢ়াৰ খৰচো উলিয়াইছিল । ইতিমধ্যে তাক সমাজখনেও চিনিব ধৰিছিল, লিখা-মেলাৰ ক্ষেত্ৰত সেই কম বয়সতে বহুতো নাম কৰিছিল ।

কেইবাখনো কিতাপ লিখি সি ইতিমধ্যে জনপ্রিয় হৈ পৰিছিল । কলেজৰ শিক্ষা শেষ কৰি বিশ্ববিদ্যালয়তো শিক্ষা সমাপ্ত কৰি্লে । কলেজ এখনত সি প্রবক্তা হিছাপে অতি সোনকালে যোগদানো কৰিলে । পিছলৈ শুনিবলৈ পাইছিলো বায়েকৰ উন্নত চিকিৎসাৰ বাবে সি এতিয়া যিমান পাৰি কৰিবলৈ লৈছে ।
… … …
“জয়ন্ত” … হঠাৎ তাৰ মাতত সম্বিত ঘুৰাই পালো । সি কি কয় বাট চাই ৰ’লো ।
“এই ঠাইখন পাহৰিব নোৱাৰো অ’ কেতিয়াও, মোৰ জীৱনৰ যিখিনি ভাল লগা আছে সেইখিনি ইয়াতে জড়িত হৈ আছে, তইতো নিশ্চয় জান আমাৰ কথাবোৰ” ।
দীঘলিয়া উশাহ এটা লৈ আকৌ ক’বলৈ আৰম্ভ কৰিলে “অজন্তা বাইদেউ … বুঢ়ী হৈ গৈছে অ’, আগতে ভালকৈ চিকিৎসা কৰাব পাৰিলে কিজানি দুটামান দুখৰ কথাকে বেছিকৈ পাতিব পাৰিলোহেতেন । বাইদেউয়ে আজিকালি দুই-এটা পুৰণি কথা মনত পেলাবলৈ লৈছে । তাই আগতকৈ অলপ সুস্থিৰো হৈছে, কিন্তু শৰীৰটো বৰ দুর্বল । তোৰ কথা সুধিছিল মোক”
অজয়ে মোৰ চকু্ত চকু থৈ কলে “বাইদেউৰ ওচৰত অঙ্ক শিকিবলৈ যাৱ যদি ওলাবি কাইলৈ ৰাতিপুৱা । ডাক্তৰে কৈছে তাই আৰু বেছিদিন জীয়াই নাথাকে”
হুকহুকাই কান্দি উঠিল অজয়ে …

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
8 years ago

…apuni koi goise moi matro xuni goisu….plain _______________
alop roxh dhalok….!!
Bhal lagil 🙂

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক