অজিৎ বৰুৱাৰ “সেই মোলায়েম” – দীপাংকৰ দত্ত

 

১৯৯১ চনত সাহিত্য অকাদেমিৰ পুৰস্কাৰ পোৱাৰ পাছত অজিৎ বৰুৱাক তেখেতৰ পৰৱৰ্তী পৰিকল্পনাৰ বিষয়ে সোধা হৈছিল। তেখেতে কৈছিল- “এখন মোলায়েম প্ৰেমৰ উপন্যাস লেখিম।” আৰু তেখেতে লিখা সেই একমাত্ৰ উপন্যাসখনেই ‘সেই মোলায়েম’ প্ৰেমৰ কাহিনী- এখন প্ৰেমৰ উপন্যাস। ‘বনলতা’ প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত (২য় সংস্কৰণ) উপন্যাসখনৰ ১৭৫ পৃষ্ঠাৰ তেইছটা পৰিচ্ছেদৰ ভিতৰত পোন্ধৰটা পৰিচ্ছেদৰ পৰিসৰ মাত্ৰ তিনি পৃষ্ঠাৰ পৰা পাঁচ পৃষ্ঠাৰ ভিতৰত আবদ্ধ। মূলতঃ এইখন এখন আত্মজৈৱনিক উপন্যাস। উপন্যাসখনৰ গঠন-ৰীতিৰ পৰা ক’ব পাৰি যে উপন্যাসখন লিখাৰ আগতে ঔপন্যাসিকে নিজকে সুচিন্তিতভাৱে পৰিকল্পনা কৰি লৈছিল আৰু ফৰাচীকে ধৰি বিভিন্ন বিদেশী ভাষাৰ উপন্যাস পঢ়ি এখন সঁচাকৈয়ে ‘মোলায়েম’ উপন্যাস সৃষ্টিৰ বাবে ব্ৰতী হৈছিল। উপন্যাসখনৰ অন্যতম প্ৰধান বৈশিষ্ট্য হ’ল উপন্যাসখনত ব্যৱহৃত প্ৰচুৰ পৰিমাণৰ উদ্ধৃতি। প্ৰসিদ্ধ সমালোচক প্ৰভাত বৰাই এই বিষয়ে কৈছিল- “উদ্ধৃতিৰ প্ৰাচুৰ্যৰ কাৰণ লেখকৰ ওপৰত Simon-ৰ ‘La Bataille de Phaesale’ নামৰ উপন্যাসখনৰ প্ৰভাৱো হ’ব পাৰে।” আমি ভাবোঁ অজিৎ বৰুৱাৰ এই উপন্যাসখন অসমীয়া সাহিত্যত এখন গুৰুত্বপূৰ্ণ উপন্যাস হিচাপে চিহ্নিত হৈ ৰ’ব। উপন্যাসখনৰ ৰিডেবিলিটী, হিউমাৰ, প্ৰেম, কাৰ্য-কাৰণ অথবা কাৰণ-কাৰ্য দ্বন্দ্ব, ইউনিটীৰ পৰা নিশ্চয়কৈ ক’ব লাগিব এইখন মই এতিয়ালৈকে পঢ়া অন্যতম শ্ৰেষ্ঠ অসমীয়া উপন্যাস। এই উপন্যাসখনৰ জৰিয়তে নিঃসন্দেহে ‘কবি’ অজিৎ বৰুৱাৰ মূল্যায়ন হ’ব এজন শ্ৰেষ্ঠ ঔপন্যাসিক হিচাপেও।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!