অজেয় : প্ৰতিম প্ৰতাপ বৰুৱা

অজেয়

ණ প্ৰতিম প্ৰতাপ বৰুৱা

“কিহে ডেকা ল’ৰা, কেনে পাইছা এতিয়া?” – কথাষাৰ কৈ কৈ মেজৰ ডা: অঞ্জল উপাধ্যায় কোঠাটোলৈ সোমাই আহিল। বিচনাখনৰ ওচৰতে থকা চকীখনত বহি তেওঁ ৰাজীৱৰ বুকুখন এনেয়ে এবাৰ পৰীক্ষা কৰি চালে।
“আৰু কিমান দিন মই ইয়াত থাকিব লাগিব ককাইদেউ? লাহে লাহে ভাল পাইছোৱেই যেন লাগিছে। মোক ৰিলিজ দিয়ক আৰু। নে কি কয়?” – ৰাজীৱে ডা: অঞ্জলক সুধিলে।
“শ্বাট আপ্‌ কেপ্তেইন। তোমাক কেতিয়া ৰিলিজ দিয়া হ’ব সেই সিদ্ধান্ত মই লম। ইজ দেট্‌ ক্লিয়াৰ টু ইউ?”
“য়েচ ছাৰ।”
“জানানে তুমি, গুলীটো তোমাৰ হৃদপিণ্ডৰ কিমান ছেন্টিমিটাৰ কাষেদি পাৰ গৈ গৈছিল? ৰিলিজ লাগে! বাই দি ৱে, তোমাৰ বাবে এটা খবৰ আছে।”

যোৱা প্ৰায় এমাহ কেপ্তেইন ৰাজীৱ ৰঞ্জন গোস্বামী কাশ্মীৰৰ পুঞ্চ এলেকাত থকা সেনা-বাহিনীৰ এই হস্পিটেলখনত চিকিৎসাধীন হৈ আছে। উগ্ৰপন্থীৰ সৈতে হোৱা এক ভয়ানক সংঘৰ্ষত কেপ্তেইন ৰাজীৱ আঘাতপ্ৰাপ্ত হৈছিল। বুকুৰ বাওঁফালে অলপ কাষেদি এটা গুলী ইপাৰ-সিপাৰ হৈ গৈছিল। আন এটা গুলীয়ে ৰাজীৱৰ বাওঁহাতখন অকামিলা কৰি দিছিল। কিন্তু সৈন্যবাহিনীৰ এটা ৰেজিমেন্টৰ বাচকবনীয়া সেনাৰে গঠিত “ঘাতক” গ্ৰুপৰ কামাণ্ডাৰ, আজিলৈকে সৰু ডাঙৰ কোনো যুদ্ধতে পৰাজিত নোহোৱা বীৰ চক্ৰ বিজেতা কেপ্তেইন ৰাজীৱে সেই অৱস্থাতো দুটা উগ্ৰপন্থীক নিউট্ৰেলাইজ কৰিছিল। যুদ্ধত ৰাজীৱক কভাৰ কৰি থকা লেফেটেনেণ্ট ভাস্কৰজ্যোতি যাদৱে তাক কান্ধত তুলি লৈ দৌৰি দৌৰি হাবিৰ পৰা ওলাই আহিছিল। সেইদিনা জুংগা জীপখন সৰ্ব্বোচ্চ স্পীদত চলাইছিল লান্স নাইক বালা সিঙে। ফিল্ড টেলিফোনত যুদ্ধৰ খবৰ লৈ থকা ৰাজীৱৰ কামাণ্ডিং অফিচাৰ কৰ্ণেল উদ্দীপ ভাস্কৰণ উধাতু খাই হস্পিতেল পাইছিলহি। হস্পিতেলত মেজৰ ডা: অঞ্জল ৰৈ আছিল। আচৰিত ভাৱে ৰাজীৱে জ্ঞান হেৰুওৱা নাছিল। সেই অৱস্থাতো ৰাজীৱে কৰ্ণেল উদ্দীপক কৈছিল – “মিছন একম্‌প্লিচ্‌ড্‌ ছাৰ। অ’ল হেভ বিন লিকুইডেটেড।“ ৰাজীৱৰ মূৰত হাতখন থৈ কৰ্ণেল উদ্দীপে মেজৰ ডা: অঞ্জলক কৈছিল –“মেজৰ, আই ৱান্ট দিচ বয় বেক। প্লীজ মেক হিম হোৱাট হি ইজ এণ্ড গিভ হিম বেক টু মি।”

কি ভয়ানক যুদ্ধ হৈছিল সেইদিনা। বন্ধুহত্যাৰ প্ৰতিশোধ লবলৈ উতলা হৈ পৰিছিল ৰাজীৱৰ ঘাতক গ্ৰুপটো।
এটা সাংঘাটিক ষড়যন্ত্ৰৰ চিকাৰ হৈছিল ৰাজীৱহঁতৰ কেম্পটো। দুজনকৈ অন্তৰংগ বন্ধুক হেৰুৱাইছিল সিহঁতে।
কাশ্মীৰৰ পুঞ্চ এলেকাৰ সীমামূৰীয়া এঠাইত, পাহাৰৰ অলপ ওপৰত ৰাজীৱহঁতৰ এডভাঞ্চ কেম্পটো আছিল। কেপ্তেইন ৰাজীৱ, লে: ভাস্কৰজ্যোতি যাদৱ, জেচিঅ’ লাইশ্ৰাং প্ৰভাকৰ, লান্স নাইক বালা সিঙ আৰু ১১ জন জোৱান আছিল এই কেম্পটোত। ৰাজীৱৰ নেতৃত্বত থকা এই “ঘাতক” বাহিনীটোৰ নাম কৰ্ণেল উদ্দীপে দিছিল “টীম ওৱান”। উৰি চেক্টৰৰ কেইবাখনো যুদ্ধত অসাধাৰণ বীৰত্বৰে যুদ্ধ কৰি কেপ্তেইন ৰাজীৱে নিজৰ ৰেজিমেন্টত আৰু এটা উপনাম অৰ্জন কৰিছিল – “অজেয়”। সেই অঞ্চলটোত অ’ত ত’ত ছেগা-চোৰোকাকৈ উগ্ৰপন্থীৰ লগত সেনাৰ তুমুল সংঘৰ্ষ চলিয়েই আছিল।

কেম্পৰ অলপ আঁতৰতে কেইঘৰমান স্থানীয় মানুহ আছিল। সেই মানুহকেইঘৰৰ লগত ৰাজীৱহঁতৰ কেম্পৰ জোৱান সকলৰ এটা চিনা-পৰিচয় গঢ়ি উঠিছিল। তাৰে এঘৰত গৰু পুহিছিল আৰু গাখীৰ বিক্ৰী কৰিছিল। কেম্পৰ সৈনিককেইজনে সাপ্তাহিক হিচাপত সেই মানুহঘৰৰ পৰা গাখীৰ কিনিছিল। মানুহঘৰত এগৰাকী আদহীয়া বয়সৰ মহিলা, তেওঁৰ সুন্দৰী গাভৰু জীয়েক আৰু এটা সৰু পুতেক আছিল। মহিলাগৰাকীৰ আন এটা পুতেকে ইতিমধ্যে সন্ত্ৰাসবাদীৰ গুলীত প্ৰাণ হেৰুৱাইছিল।

ৰাজীৱহঁতে অহা-যোৱা কৰা সময়ত সেই সুন্দৰী ছোৱালীজনীয়ে প্ৰায়ে ঘৰৰ বাহিৰত ৰৈ থাকিছিল। লে: ভাস্কৰে ছোৱালীজনীৰ নামটো সংগ্ৰহ কৰি আনিছিল – উম-এ-কুলচুম। বাহিৰৰ পৰা দেখাত কঠোৰ যেন লগা ২৬ বছৰীয়া ডেকা কেপ্তেইন ৰাজীৱক এই নামটোৱে কেতিয়াবা উদাস কৰি তুলিছিল।

এদিনৰ কথা। ৰাজীৱে এটা সৰু দল লৈ পেট্ৰ’লিঙত গৈছিল। হঠাৎ কেম্পৰ পৰা খবৰ আহিল যে কৃষণ আৰু যোগিন্দৰ নামৰ দুজন জোৱান অকস্মাৎ সাংঘাতিক ভাৱে অসুস্থ হৈ পৰিছে। অকল অসুস্থ হৈ পৰাই নহয়, দুয়োজন প্ৰায় মৃত্যুৰ দুৱাৰদলিত। “হস্পিতেললৈ লৈ যোৱা। ইমিডিয়েট। তুমি লগত যাবা।” লে: ভাস্কৰজ্যোতিক আদেশটো দি সি নিজেও হস্পিতেললৈ জীপ দৌৰালে। কিন্তু সি গৈ পোৱাৰ আগতেই, হস্পিতেললৈ লৈ গৈ থকাৰ পথতে দুয়োজন জোৱানে শেষ নিশ্বাস ত্যাগ কৰিলে। সকলো আচৰিত। কেপ্তেইন ৰাজীৱক সান্তনা দি বুজাবলৈ মেজৰ অঞ্জলৰ বহুত সময় লাগিল। দুয়োজন জোৱানৰ মৃতদেহৰ মৰনোত্তৰ পৰীক্ষা কৰা হ’ল আৰু ৰিপৰ্টত ওলাই পৰিল যে তেওঁলোকৰ খোৱাবস্তুত বিহ দিয়া হৈছিল। “ইমানদিনৰ লগৰীয়া, মোৰ ছাত্ৰ, মোৰ বন্ধু আছিল কৃষণ আৰু যোগিন্দৰ। কোনে, ক’ত, কেনেকৈ বিহ দিছিল?” – খঙত উতলা হৈ ৰাজীৱে নিজে তদন্ত আৰম্ভ কৰিলে।

প্ৰথমতে একো উৱাদিহ পোৱা নাছিল যদিও পিছদিনা ৰাজীৱে নিশ্চিতভাৱে আবিস্কাৰ কৰিলে যে যোৱাকালি উম-এ-কুলচুমৰ মাকে কৃষণ আৰু যোগিন্দৰক মৰমতে এনেয়ে দি পঠিওৱা দৈ খিনিত বিহ মিহলোৱা আছিল। ইয়াৰ পিছত আৰু কোনেও কাকো বাধা দিয়াৰ প্ৰশ্ন নুঠে। উম-এ-কুলচুমহঁতৰ ঘৰৰ দুৱাৰ একেগোৰে খুলি হাতে হাতে একে ৪৭ বন্দুক লৈ লে: ভাস্কৰজ্যোতি আৰু তিনিজন সৈনিক সোমাই গৈছিল। পিছে পিছে কেপ্তেইন ৰাজীৱ। উম-এ-কুলচুমৰ মাকে তাইক আৰু সৰু পুতেকক সাবটি ধৰি থক্‌-থক্‌কৈ কঁপিছিল। পিষ্টলটো উম-এ-কুলচুমৰ মাকৰ কপালত লগাই কেপ্তেইন ৰাজীৱে সুধিছিল – “যোৱাকালি আমালৈ বুলি দিয়া দৈখিনিত আপুনি কিয় আৰু কাৰ আদেশত বিহ মিহলি কৰিছিল?” ইতিমধ্যে লে: ভাস্কৰজ্যোতি আৰু সৈনিককেইজনে উম-এ-কুলচুমহঁতৰ ঘৰটোৰ প্ৰতিটো কোঠালিতে অনুসন্ধান চলালে। দুয়োহাত যোৰ কৰি উম-এ-কুলচুমৰ মাকে কান্দি কান্দি কৈ গ’ল – “পুত্ৰ, আমাক নামাৰিবা। তোমালোক মোৰ সন্তানৰ দৰে। আমি তোমালোকৰ খোৱাত বিহ মিহলাব নোৱাৰোঁ। আমাৰ ভাগ্য চোৱা।” ইয়াৰ পিছত তেওঁ যিখিনি কথা কলে তাৰ সাৰাংশ হ’ল –

উম-এ-কুলচুম দিনে দিনে চকুত লগাজনী হৈ আহিছে। তাইৰ ভায়েকৰ লগত কিছুদিনৰ আগতে এজন মানুহে নতুনকৈ চিনাকী হৈ সিহঁতৰ ঘৰলৈ আহিছিল। সেই মানুহজন যে সন্ত্ৰাসবাদী সেইটো তেওঁলোকে অকণো অনুমান কৰিব পৰা নাছিল। সাধাৰণ কথা-বাৰ্তা পাতি হাঁহিমুখীয়া সেই মানুহজনে সেইদিনা বিদায় লৈছিল। পিছদিনা মানুহজন আকৌ আহিছিল। এইবাৰ তেওঁৰ লগত আৰু এজন লৰা আছিল। সিহঁতে সেইদিনা তেওঁলোকৰ ঘৰৰ পৰা ৰাজীৱহঁতৰ কেম্পটো এনেয়ে নিৰীক্ষণ কৰিছিল আৰু কেম্পলৈ তেওঁলোকে সদায় গাখীৰ পঠিওৱা কথাটো জানি লৈছিল। তাৰ দুদিনমান পিছত যোৱা পৰহি সেই মানুহজনে তেওঁলোকৰ ঘৰলৈ পুনৰ আহিছিল। সেইবাৰ তেওঁ হাতত ফল-মূল, মিঠাই আৰু দুটা ডাঙৰ ডাঙৰ মলাত দৈ আনিছিল। তাৰে এটা মলা ৰাজীৱহঁতৰ কেম্পলৈ পঠিয়াই দিবলৈ মানুহজনে তেওঁক কৈছিল। সেই মলাটোত থকা দৈ খিনিত যে বিহ মিহলোৱা আছিল সেইটো তেওঁলোকে নাজানিছিল। মানুহজনে প্ৰায় জোৰ কৰিয়েই তেওঁলোকৰ ঘৰতে ৰাতিটো আছিল। তেওঁ উম-এ-কুলচুমক অতি সোনকালে নিকাহ কৰাব বুলি প্ৰস্তাব দিছিল। সেই প্ৰস্তাবটোত অনুৰোধতকৈ হেঁচা বেছি আছিল। পিছদিনা ৰাতিপুৱা ৰাজীৱহঁতৰ কেম্পৰপৰা গাখীৰ নিবলৈ লান্স নাইক বালা সিঙৰ লগত কৃষণ আৰু যোগিন্দৰ আহি পোৱাৰ কিছু সময় আগতে মানুহজন তেওঁলোকৰ ঘৰৰপৰা ওলাই গৈছিল। সাধাৰণ কাশ্মীৰী মানুহৰ দৰে সাজপাৰত থকা চুটি-চাপৰ, হাঁহিমুখীয়া মানুহজনক কোনেও একো সন্দেহ কৰা নাছিল।

“মোৰ ছোৱালীজনীক বচোৱা পুত্ৰ।” – উম-এ-কুলচুমৰ মাকে ৰাজীৱক কান্দি কান্দি কৈছিল।

মানুহগৰাকীলৈ ক্ষন্তেক চাই থাকি ৰাজীৱে উম-এ-কুলচুমৰ ভায়েকক সুধিছিল – “সেই মানুহটোৱে তোমাক ক’ত কেনেকৈ লগ পাইছিল?” লৰাটোৱে ভয়ে ভয়ে ৰাজীৱক কৈছিল – মানুহটোক সি হিলালৰ দোকানত পাইছিল। হিলালে তাক সেই মানুহটোক সিহঁতৰ ঘৰলৈ লৈ আহিবলৈ কৈছিল।
“হিলালৰ দোকান ক’ত?”
“চাৰিআলিটোৰ চুকত থকা ৰেডিঅ’, টেপ-ৰেকৰ্ডাৰ আদি ভাল কৰা দোকানখন হিলালৰ।”

অলপো সময় নষ্ট নকৰি কেপ্তেইন ৰাজীৱৰ দলটো চাৰিআলি অভিমুখে আগবাঢ়িল। ওলাই আহোতে ৰাজীৱলৈ একেথৰে চাই থকা উম-এ-কুলচুমৰ চকুলৈ চাব খুজিও চাব নোৱাৰিলে ৰাজীৱে।

হিলালক দোকানৰ পৰা চোঁচৰাই আনি গাড়ীত তোলা হ’ল। এজন সৈনিকে বন্দুকৰ কুন্দাটোৰে মুখত এখুন্দা দিওতেই হিলালে অজ্ঞান হৈ পৰাৰ ভাও দিছিল। লে: ভাস্কৰে হিলালৰ ভৰিৰ তলুৱাত স্ক্ৰু ড্ৰাইভাৰ এডালেৰে খোচ মাৰি হেঁচা দি ধৰোঁতেই সি সৈ কাঢ়িম সৈ কাঢ়িম বুলি আটাহ পাৰি উঠিল।

হিলালে আঙুলিয়াই দিয়া ঘৰটোৰ ফালে কেপ্তেইন ৰাজীৱ, লে: ভাস্কৰ, জেচিঅ’ লাইশ্ৰাং আৰু ১০ জন জোৱান আগবাঢ়ি গ’ল। কেপ্তেইন ৰাজীৱ সকলোৰে আগত আৰু লান্স নাইক বালা সিং সকলোৰে পিছত। ৰাজীৱক কভাৰ কৰি লে: ভাস্কৰ ঠিক তাৰ পিছতে। হাতত সাৰে ভৰিত সাৰে সকলো আগবাঢ়ি গ’ল। ঘৰটোৰ পিছফালৰ পৰাই এখন হাবি আৰম্ভ হৈছে। ৰাজীৱহঁত ঘৰটোৰ ওচৰ পোৱাৰ আগতেই হঠাৎ এটা হুইচেল বাজি উঠিল আৰু লগে লগেই ঘৰটোৰ পৰা গুলীবৰ্ষণ আৰম্ভ হৈ গ’ল। “চাৰ্জ, কিল দেম অ’ল” – কেপ্তেইন ৰাজীৱৰ আদেশ পোৱাৰ লগে লগে লে: ভাস্কৰ, জেচিঅ’ লাইশ্ৰাং আৰু ১০ জন জোৱান ৰণোন্মত্ত হৈ উঠিল। সেই সময়ত কাৰো উভতি চোৱাৰ সময় নাই। মাত্ৰ গুলী আৰু গুলী। ৰাজীৱে ইংগিতেৰে নিজৰ দলটো দুভাগ কৰিলে। ঘৰটোৰ সোঁফালৰপৰা ৰাজীৱৰ দলটোৱে প্ৰচণ্ড গুলীবৰ্ষণ কৰি থকাৰ সময়তে মাটিত পেট পেলাই চুঁচৰি চুঁচৰি লে: ভাস্কৰৰ নেতৃত্বত চাৰিজন সৈনিক বাওঁফালৰ পৰা ঘৰটোৰ ওচৰ চাপিল। হঠাত ৰাজীৱে দেখিলে লে: ভাস্কৰে ঘৰটোলৈ গ্ৰেনেড নিক্ষেপ কৰিছে আৰু বিস্ফোৰণৰ লগে লগে কেইটামান সন্ত্ৰাসবাদী গুলী চলাই চলাই হাবিখনলৈ দৌৰিছে। “ফ’ল’ মি” বুলি চিঞৰি ৰাজীৱে সন্ত্ৰাসবাদীকেইটাৰ পিছে পিছে খেদি গ’ল, পিছে পিছে জেচিঅ’ লাইশ্ৰাং আৰু বাকী সৈনিককেইজন। এইবাৰ হাবিৰ মাজত, গছৰ আঁৰে আঁৰে আৰম্ভ হ’ল খেদা-খেদি আৰু গুলীয়াগুলী। ঘৰটো গ্ৰেনেডেৰে উৰুৱাই, এটা সন্ত্ৰাসবাদীক নিউট্ৰেলাইজ কৰি লে: ভাস্কৰ আহি ৰাজীৱৰ ওচৰ পালেহি। আৰম্ভ হ’ল ভয়ানক যুদ্ধ। এফালে ৰেজিমেন্টৰ বচা বচা সৈনিকেৰে গঢ়ি তোলা, তেতিয়ালৈকে সৰু ডাঙৰ এখনো যুদ্ধত পৰাজিত নোহোৱা “ঘাতক” বাহিনী, কৰ্ণেল উদ্দীপৰ “টীম ওৱান”, নেতৃত্বত কেপ্তেইন ৰাজীৱ আৰু আনফালে বিদেশত ট্ৰেইনিং লোৱা অনিৰ্দিষ্ট সংখ্যক সন্ত্ৰাসবাদী। লে: ভাস্কৰৰ ছাব্‌ মেচিনগানে সন্ত্ৰাসবাদীকেইটাৰ প্ৰতিটো কভাৰ ধ্বংস কৰিবলৈ ধৰিলে। এটা এটাকৈ প্ৰাণ হেৰুৱাবলৈ ধৰিলে সন্ত্ৰাসবাদীয়ে। ঠিক তেতিয়াই ঘটনাটো ঘটিল। হঠাৎ দুটা সন্ত্ৰাসবাদীয়ে ৰাজীৱৰ সন্মুখতে লুকাই থকাৰ পৰা থিয় দি ধাৰাসাৰ গুলীবৰ্ষণ আৰম্ভ কৰিলে। এটা গুলীয়ে ৰাজীৱৰ বাওফালে বুকু ভেদি ওলাই গ’ল, আন এটাই তাৰ বাওঁহাতখন অকামিলা কৰি দিলে। কিন্তু সেই অৱস্থাৰেই কেপ্তেইন ৰাজীৱে এহাতেৰে একে৪৭ বন্দুকটো চলাই দুয়োটা সন্ত্ৰাসবাদীৰ লাওখোলা উৰুৱাই দিলে। সিহঁতক কভাৰ কৰি থকা আন দুটা সন্ত্ৰাসবাদীৰ শৰীৰদুটা চালনী কৰি পেলালে লে: ভাস্কৰে। তাৰ পিছত হাবিখন নিজম পৰিল। নিজৰ মেচিনগানটো দলিয়াই ৰাজীৱক কান্ধত তুলি লে: ভাস্কৰজ্যোতি যাদৱ দৌৰি দৌৰি হাবিৰ পৰা ওলাই আহিল। সেইদিনা জুংগা জীপখন সৰ্ব্বোচ্চ স্পীদত চলাইছিল লান্স নাইক বালা সিঙে। ৰাজীৱৰ কামাণ্ডিং অফিচাৰ কৰ্ণেল উদ্দীপ ভাস্কৰণ উধাতু খাই হস্পিতেল পাইছিলহি। হস্পিতেলত মেজৰ ডা: অঞ্জল ৰৈ আছিল। কৰ্ণেল উদ্দীপে মেজৰ ডা: অঞ্জলক কৈছিল –“মেজৰ, আই ৱান্ট দিচ বয় বেক।“

তাৰ পিছত যোৱা এমাহ কেপ্তেইন ৰাজীৱ মেজৰ ডা: অঞ্জলৰ তত্বাৱধানত চিকিৎসাধীন। লে: ভাস্কৰ আৰু ৰাজীৱৰ “ঘাতক” বাহিনীটোৰ সৈনিককেইজনে প্ৰায় প্ৰতিদিনে ৰাজীৱক এবাৰ চাই যায়হি। ডা: অঞ্জলৰ লগত ইতিমধ্যে ৰাজীৱৰ ভাল বন্ধুত্ব গঢ়ি উঠিছে।

“কওক চাৰ, মোৰ বাবে কি খবৰ আছে?” – ৰাজীৱে ডা: অঞ্জলক সুধিলে।
“তোমাক লগ পাবলৈ এজনী কাশ্মীৰী ছোৱালী আহিছে। তাইৰ নাম উম-এ-কুলচুম।” – কথাষাৰ কওতে ডা: অঞ্জলৰ চকুৱে-মুখে হাঁহি বিৰিঙি উঠিল।

ৰাজীৱে কি কও, কি নকও কৰি থাকোতেই ডা: অঞ্জলে কৈ উঠিল – “এই ছোৱালীজনী ইয়াৰ আগতে দুবাৰ আহিছিল। তোমাৰ কামাণ্ডিং অফিচাৰ কৰ্ণেল উদ্দীপে তাইক ইয়ালৈ আহিবলৈ অনুমতি দিছে। প্ৰথমবাৰ আহোতে তোমাক আমি অপাৰেচন থিয়েটাৰৰ পৰা বাহিৰলৈ আনিছিলোঁ। তোমাৰ তেতিয়া জ্ঞান নাছিল। তাই তোমাক বাহিৰৰ পৰা বহুত সময় চাই আছিল। পিছৰবাৰ আহোতে তাই তোমাৰ কোঠাৰ বাহিৰত বহুত সময় ৰৈ আছিল। তোমাৰ টোপনি অহালৈ বাট চাইছিল তাই। তুমি টোপনি যোৱাৰ পিছত তাই ইয়ালৈ সোমাই আহি তোমাক ওচৰৰ পৰা চাই গৈছিল। তাই আজি আকৌ আহিছে।“

অলপ ৰৈ ডা: অঞ্জলে আকৌ ক’লে – “চ’ কেপ্তেইন, হিয়াৰ ৱি গ’। ফেচ্‌ দা আডাৰ চাইড অফ লাইফ। ইট ইজ ম’ৰ বিউটিফুল এণ্ড ইউ ড’ন্ট ন’ ইট। বেষ্ট অব লাক মাই ব্ৰাডাৰ।“

কথাখিনি কৈ মেজৰ ডা: অঞ্জল কোঠাটোৰ পৰা ওলাই গ’ল। আৰু লাহে লাহে কোঠাটোলৈ সোমাই আহিল উম-এ-কুলচুম। ৰাজীৱৰ এনে লাগিল যেন কোঠাটোলৈ এচেৰঙা পোহৰ সোমাই আহিছে আৰু সেই পোহৰখিনি গোটেই কোঠাটোতে বিয়পি পৰিছে।

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
2 years ago

ভাল লাগিল ।

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক