অজ্ঞাতবাস: উচ্চজিৎ কলিতা

কথা দিছিলা,
শিলবোৰৰ বুকুত গুজি দিবা
সুমেৰু আৰু কুমেৰুৰ কোমলতা ৷
কথা দিছিলা চাংঘৰত অভিসাৰৰ,
দখনা আৰু গামোচা পিন্ধি
বিহু আৰু বাগুৰুম্বাৰ ছেৱে ছেৱে
দিচাংমুখৰ এবাটি আপঙত
চিফুং সুৰ বজাই উটি যাবা ৷
 
মনত আছে
তুমি কথা দিছিলা
পোৰাকুছি, পাঠশালা
পাণবজাৰ, অফলা
বৰাইল, জাটিংগাত
একেলগে আকাশ বৰষিব,
বান আহিব প্ৰেমৰ, হেঁপাহৰ ৷
বান নাহিলেও ধান পকিব ৷
তুমি কৈছিলা
প্ৰতিজনী নাৰীৰ বুকুতে থাকে
পকাধানৰ গোন্ধ,
চমুকৈ ক’বলৈ গ’লে
প্ৰতিজন মানুহৰে ওঁঠত থাকে
পথৰুৱা হাঁহি আৰু
কেঁচাধান কেঁচাধান আশা,
দুচকুত থাকে
আকাশ আকাশ বিষাদ ৷
মাথোঁ কেতিয়াবা হেৰাই যায়
সকলো অভিমান-অনু্ভূতি
শিলৰ বুকুত ৷
 
শেলাই চুবুৰিত শিল গলিব বুলি
কথা দি গ’লা,
অথচ কাকোৱেই দি নগ”লা
তোমাৰ পৰিচয় !
তুমি কোন ?
প্ৰেমৰ অনুৰাগ,
পৰিৱেশৰ বিশ্বাস,
মানৱতাৰ আকাশ
নে
সেউজ সেউজ কুমলীয়া শইচৰ গীত ??
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments