অঞ্জল বৰাৰ অনুবাদ গল্প

অঞ্জল বৰাৰ অনুবাদ গল্প

ড’ন্ট কপি ইফ ইউ কেনন’ট পেইষ্ট
(অনুবাদ)

এজন সুবক্তাই সভাত উপস্থিত থকা শ্ৰোতাসকলক উদ্দেশ্য কৰি ভাষণ আগবঢ়াই আছিল। তেওঁ ক’লে: “মোৰ জীৱনৰ আটাইতকৈ মধুৰতম সময়টো হ’ল সেইগৰাকী নাৰীৰ বাহুৰ মাজত থকা সময়খিনি যিগৰাকী মোৰ পত্নী নহয়!” শ্ৰোতাসকলে এই কথা শুনি আচৰিত হ’ল আৰু বক্তাজনৰ মুখলৈ থৰ লাগি চাই থকিল। বক্তাজনে পুনৰ ক’লে: “আৰু সেইগৰাকী নাৰী হ’ল মোৰ মা!”
সকলোৱে হাঁহিলে আৰু তেওঁৰ প্ৰশংসা কৰিলে।

এসপ্তাহৰ পিছত, এজন শীৰ্ষস্থানীয় ব্যক্তিয়ে সেই বক্তৃতাটো শুনি আহি নিজৰ ঘৰত পত্নীৰ আগত কৈ নিজকে পত্নীৰ চকুত সুবক্তা হিচাপে দেখুৱাব বিচাৰিলে। তেওঁ মদ খোৱাৰ পিছত কথা পাহৰি যোৱাৰ অভ্যাস আছিল। তেওঁৰ ভাত ৰান্ধি থকা পত্নীক উদ্দেশ্য কৰি চিঞৰি ক’লে: “মোৰ জীৱনৰ আটাইতকৈ মধুৰতম সময়টো হ’ল সেইগৰাকী নাৰীৰ বাহুৰ মাজত থকা সময়খিনি যিগৰাকী মোৰ পত্নী নহয়!”

তেওঁৰ পত্নীয়ে আচৰিত আৰু হতাশ হৈ মাথো ক’লে, “অ’হ!” আৰু তেওঁৰ কাষ চাপি আহিল। তেওঁ গিৰিয়েকৰ কাষত পিছৰ কথাখিনি শুনিবলৈ প্ৰায় ২০ ছেকেণ্ডমান অপেক্ষা কৰিলে, কিন্তু গিৰিয়েকে শেষত অস্পষ্ট মাতেৰে মাথো বিৰবিৰালে “…. আৰু মই সেই গৰাকী নাৰী কোন আছিল আজিও মনৰ পেলাব পৰা নাই!”

তাৰ পিছত ব্যক্তিজনে তেওঁৰ জ্ঞান ঘুৰাই পোৱাৰ আগতেই, তেওঁক এখন হস্পিটালত তেওঁৰ শৰীৰত গৰম-পানীৰে পুৰা অংশবিলাকত এজনী পৰিচাৰিকাই বেণ্ডেজ লগাই থকা অৱস্থাত পোৱা গৈছিল।

যদি আপুনি ভালদৰে উপস্থাপন কৰিব নোৱাৰে তেন্তে আনৰ বক্তব্যক নকল নকৰিব!!

দায়িত্ববোধ
(ইংৰাজী গল্পৰ অনুবাদ)

এটা জৰুৰীকালীন অস্ত্ৰোপচাৰৰ কাৰণে ফোন কৰাৰ পিছতে এজন ডাক্তৰ লৰালৰিকৈ চিকিৎসালয়খনলৈ সোমাই আহিল। তেওঁ বাহিৰে বাহিৰে নিজৰ কাপোৰ সলালে আৰু অস্ত্ৰোপচাৰ কক্ষলৈ যাবলৈ ধৰিলে। তেওঁ দেখিলে যে অস্ত্ৰোপচাৰ কৰিব লগা ল’ৰাজনৰ দেউতাকে ডাক্তৰজনলৈ অপেক্ষা কৰি বাৰাণ্ডাতে পাইচাৰি কৰি আছে। দেউতাকে তেওঁক দেখি খঙেৰে ক’লে: “আপুনি আহিবলৈ কিয় ইমান সময় লগালে? আপুনি জানেনে মোৰ ল’ৰাটোৰ অৱস্থা সংকটজনক? আপোনাৰ অকণো দায়িত্ববোধ নাইনে?

ডাক্তৰজনে হাঁহিলে আৰু ক’লে: “মই অতি দুঃখিত, আচলতে মই চিকিৎসালয়ত নাছিলোঁ আৰু ফোনটো পোৱাৰ লগে লগে মই দৌৰি আহিছোঁ… আৰু এতিয়া আপুনি শান্ত হওক যাতে মই মোৰ কাম কৰিব পাৰোঁ।”

“শান্ত হ’ব লাগে? যদি এতিয়া আপোনাৰ নিজৰ সন্তানৰ ক্ষেত্ৰত এনে হ’লহেঁতেন তেন্তে আপুনি কি কৰিলেহেঁতেন? আপুনি শান্ত হ’ব পাৰিলেহেঁতেননে? এতিয়া যদি আপোনাৰ সন্তানৰ মৃত্যু হ’লহেঁতেন আপুনি কি কৰিলেহেঁতেন?” দেউতাকে খঙেৰে ক’লে।

ডাক্তৰজনে পুনৰ হাঁহিলে আৰু ক’লে “মই মাথোঁ ক’ব বিচাৰিম ধৰ্মগ্ৰন্থত যিটো কৈছে “আমি মাটিৰ পৰাই আহিছোঁ আৰু মাটিৰ লগতে মিলি যাম, কেৱল তাৰ মাজত কৰিব পৰাখিনি হৈছে কেৱল ভগৱানৰ।” ডাক্তৰে জীৱনটো দীঘলীয়া কৰি দিব নোৱাৰে। যাওক, আৰু আপোনাৰ ল’ৰাৰ বাবে প্ৰাৰ্থনা কৰক, আমি ভগৱানৰ ইচ্ছা অনুসৰি আমাৰ শ্ৰেষ্ঠখিনি দিবলৈ চেষ্টা কৰিম।”

“নিজৰ ক্ষেত্ৰত নহ’লে আনক উপদেশ দিবলৈ অতি সহজ” দেউতাকে ভোৰভোৰাই নিজকে ক’লে।

বহুসমূহ অস্ত্ৰোপচাৰ কৰাৰ পিছত ডাক্তৰজন আনন্দমনেৰে ওলাই আহিল, “ভগৱানক অশেষ ধন্যবাদ! আপোনাৰ ল’ৰাটো এতিয়া বিপদ মুক্ত!” আৰু দেউতাকৰ কোনো ধৰণৰ প্ৰত্যুত্তৰলৈ অপেক্ষা নকৰি তেওঁ দৌৰি সেই স্থানৰ পৰা আঁতৰি গ’ল আৰু যাওঁতে চিঞৰি কৈ গ’ল “যদি আপোনাৰ কিবা প্ৰশ্ন আছে, নাৰ্চগৰাকীক সুধিব!!”

“তেওঁৰ ইমান লৰালৰি কিয় ? মোৰ ল’ৰাটোৰ বিষয়ে কিবা এটা ক’বলৈয়ো তেওঁৰ অলপো সময় নাই?” ডাক্তৰজন আঁতৰি যোৱাৰ পিছত দেউতাকে নাৰ্চগৰাকীক দেখি সুধিলে।

নাৰ্চগৰাকীয়ে উত্তৰ দিলে আৰু তেওঁৰ চকুৰে চকুপানী নিগৰি আহিল: “তেওঁৰ ল’ৰাটো কালি পথ দুৰ্ঘটনাত মৃত্যু হৈছে । আমি তেওঁক ফোন কৰাৰ সময়ত তেওঁ সন্তানৰ সমাধি স্থানত আছিল আৰু এতিয়া আপোনাৰ ল’ৰাজনৰ জীৱন বচোৱাৰ পিছত তেওঁ পুনৰ সন্তানৰ আধৰুৱা কামখিনি কৰিবলৈ সমাধি স্থানলৈ গৈছে।”

নৈতিকতাই কাকো সঠিকভাৱে বিচাৰ কৰিব নোৱাৰে… কাৰণ আপুনি কেতিয়াও নাজানে তেওঁ কেনেদৰে জীয়াই আছে আৰু তেওঁৰ মনৰ মাজত কি চলি আছে।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments