অ’ডিট- (মিতালী বর্মন)

অ’ডিট (মিতালী বর্মন)

(১)
দুদিনমানৰে পৰা গোটেইখন যুদ্ধকালীন পৰিবেশ। নহ’বনো কিয়! বছৰটোৰ আটাইবোৰ কাম-কাজ চিজিল কৰা হৈছে এইকেইদিনত। ভিন ভিন হিচাপৰ ফাইলবোৰ বেলেগ বেলেগকৈ ৰখাৰ দিহা কৰা হৈছে যাতে লাগ বোলোতেই হাতত পৰে। একাউণ্টচ্ শাখাটোৱে সকলো হিচাপ আকৌ মিলাই চাইছে যাতে ক’তো ভুল নহয়। ফিল্ড অ’ফিচাৰবোৰেও সকলো তথ্য-পাতি যোগাৰ কৰি বেলেগ বেলেগকৈ ফাইলত ভৰাই ৰাখিছে। তাৰ মাজে মাজে আকৌ মেনেজাৰ বর্মনৰ তাগিদা “আজিৰ ভিতৰ’তে মই ক’ কামকেটা হ’বা লাগব’ কিন্তু ।” অতি কম কর্মচাৰী থকা অফিচটোৰ আটাইবোৰ সদস্য সাংঘাতিকভাৱে ব্যস্ত হৈ পৰিছে—- অ’ফিচলৈ অ’ডিটৰ আহিব।

অ’ডিট কেৱল অ’ফিচলৈয়েই আহিবনে! অ’ফিচলৈ অ’ডিটৰ আহিব বুলি বর্মনহঁতৰ ঘৰখনতো খদমদম, উথপথপ। এনেয়ে বর্মন ৯বজাত অ’ফিচলৈ ওলাই যায়। কিন্তু অ’ডিটৰ আহিব বুলি এই এসপ্তাহ ৮:৩০বজাতে ঘৰৰ পৰা ওলাই আছে, যাতে ৯বজাত অ’ফিচ খুলি কামবোৰ কোন ফালে কিমান আগবাঢ়িছে তাকে চাব পাৰে। ইফালে পুৱা বেলাটো ঘৰত বর্মননীৰ হাহাকাৰ লাগি যায়। ল’ৰা-ছোৱালীক উঠাই, টিফিন বক্স বান্ধি দি স্কুললৈ পঠিয়াব নে ভাত-পানী ৰান্ধি খুৱাই-বোৱাই বর্মনকে পঠিয়াব! এনেয়ে বর্মন ৯বজাত যায় বাবে ল’ৰা-ছোৱালী পঠিয়াই অকণমান আজৰি হৈহে তেওঁ বর্মনক পঠিয়ায়। কিন্তু এইকেইদিন অ’ডিটৰ নামত বর্মননীৰ অৱস্থা কাহিল হৈ গৈছে। কালি অফিচৰ পৰা অহাৰ পাচত বর্মনক কাঁজীনেমুৰ চর্বত গিলাচ দিবলৈ গৈ বর্মননীয়ে সুধিলে “কেইহনা আইভ’ হে আপনালোকৰ অ’ডিটৰ। সদায় দুখুন আইভ আইভহে কৰি থাকে। নাহে না কি?” ঘৰলৈ অনা অফিচৰ ফাইলটোৰ পৰা মূৰ নোতোলাকৈ বর্মনে কয় “অ’ডিটৰ আইছি। গুহাটীত আছে। তাৰে অ’ফিচগিলাৰ অ’ডিট কৰি আছে। খবৰ দিছি। প’ৰহিদনা আইভ একে।”

(২)
“অ’ কাঁহী-বাটি-শৰাই-বানবাটি ৰাখব’ নিকি?”
দূৰৰ পৰাই কাঁহ-পিতলৰ বাচন-বর্তন বেচা বেপাৰী এটাই চিঞৰি চিঞৰি আহি আছে। পুৱাৰ কামখিনি কৰি আজৰি হৈ বর্মননীয়ে কালি বজাৰৰ পৰা অনা চাউলকেইটা বাচোঁ বুলি বাৰান্দাতে ডলাখনত উলিয়াই লৈছে। “এই চাউলৰ বেপাৰীমাখাৰ সঞ্জাত ন’হ’ হৈছি। চাউলতটো শিল মিহল’য়ে ইতা দুখুন কাঁচৰ টুক্ৰা, গুণাও প’ হৈছি। নাবাচাকে চাউল বহে দিলি যাব বাপে-নিকে সুতে-মূলে। শিলো চাচুন কেনা শিল! আক্কাবাৰে চাউল হান বগা। ধ’ৰবাই ন’ৰি শিল না চাউল! মাটিত প’ল্লিহে থনথনে উঠে। চাইৰ’ফালে ভেজালে ভেজাল! ” মুখৰ ভিতৰতে ভোৰভোৰাই বর্মননীয়ে চাউল বাচি আছে।

“অ’ বাইদ’ পানী একগিলাচ খুৱকহে। মস্ত পানী পিয়াহ লাগছি” বর্মননীয়ে চাউলৰ ডলাৰ পৰা মূৰ তুলি চালে। সেই অলপ আগতে চিঞৰটো শুনা কাঁহ-পিতলৰ বেপাৰীজন। মানুহজনৰ মুখখন ৰ’দতে ৰঙা হৈ আহিছে। পিন্ধি অহা খদ্দৰৰ গেঞ্জীটোৰ ডিঙিৰ তলৰ অংশ ঘামে তিয়াই পেলাইছে। বর্মননী উঠিল। মানুহজনক ক’লে “বহা”। “পাপী পেট। এই পেটটুক লৈয়ে য’ত সব। ৰ’দ-বাতাহ নাই। চাচুন ক’ৰ পাই বা আইছি বাচাটু। এই পুৰি মাৰা ৰ’দতো কান্ধত ভাৰখান লৈ পেটটুক ল’গিয়ে একেং দাউৰি নাছেনা!” ভিতৰলৈ সোমাই যাওঁতেই বর্মননীয়ে স্বগতোক্তি কৰি গ’ল। ঠাণ্ডা পানীৰ জাৰ এটা আৰু গিলাচ এটা আনি বর্মননীয়ে মানুহজনৰ আগত থ’লে। বাৰান্দাৰ চিৰিটোত বহি ঘটঘটকৈ পানী পি থকা বেপাৰীজনলৈ চাই বর্মননীৰ বেজাৰ লাগি আহিল।

“এ বাইদ’ আপনি যি ইংকে পানী খুৱেইছিয়ে, আজি-কালিৰ মানুহগিলাৰ দুখুন মস্ত ভয়। গেলিয়ে খেদি দেই।” মানুহজনৰ কৃতজ্ঞতাৰে গদগদ কণ্ঠ।
“হৈ দে বাপা। যিহে ঘটনাগিলা হৈ থাকে।”
বর্মননীৰ উত্তৰ পাই বেপাৰীজনৰ সাহ বাঢ়িল। “এ বাইদ’ এই ভাৰখানে মোৰ জীৱন। বস্তু এটা বেচপা ন’ল্লি পাগ’দ্দেখি জুই নায’য়। চ’লি-পলি থাকা মানহু। তিৰিটুও বেমাৰী। আমি পেটত গাঁঠি দিলিও ছলিকেটাকনু কিংকে লঘনে প’ৰবা দেং? যেইহনা সবে লঘন দিবা লাগা হয় কুনো কাৰো মুখ’দ্দেখি চাবা ন’ৰা হং। আমাৰ কাঁহ-পিতালৰ বাচনক লৈ বুলে গৌৰৱ ক’ৰবা পাৰি! তে গৌৰৱ ক’ৰবা পাৰি যদি আমাৰ ক্যা এনা দশা হ’ল?” বর্মননীয়ে কি ক’ব বুলি উত্তৰ বিচাৰ থাকোঁতে মানুহজনে আকৌ মাত লগালে “ অ’ বাইদ’ সথ্থেবাৰীৰ পে আইছু। ইতাক লোগি আকো বেচপা পাৰা নাই। আপনি কিবা নাৰখে ক্যা? নহ’লি আজি আমাৰ পাগ’দ্দেখি জুই নায’য় আৰ!” বর্মননী মহা বিপদত পৰিল।
“তুহুনো আৰ আহা দে ঘৰত কুনো নাথকাতে”
“অ’ বাইদ’ দয়া কৰক। কম দামতে দি যাম দক। ইমান ৰ’দে ৰ’দে ঘূৰি মোৰো মাথাটু কেম্বা লাগছি।” বাচনবোৰ চালে বর্মননীয়ে, ভাল। শৰাই এখন আৰু কাঁহী-বাটি দুযোৰ ল’ব তেওঁ। ১৮০০ টকাতে এই আটাইবোৰ দি যাব মানুহজনে!

বেপাৰীজনক বাহিৰতে ৰ’বলৈ কৈ বর্মননী ভিতৰলৈ গৈ যোৱা মাহৰ সঞ্চয়ৰ পৰা পোৱা টকা ১৮০০ উলিয়াই আনিলে। টকাখিনি পাই আনন্দত উৎফুল্লিত হৈ বেপাৰীজনে শৰাই এখন, কাঁহী-বাটি দুযোৰ বর্মননীক দি থৈ গ’ল। এনেয়ো শৰাই এখনৰ প্রয়োজন হৈ আছিল। আজি হঠাৎ শৰাইখন পাই বর্মননীৰ বেয়া নালাগিল— “হ’ল বুলিনো আৰ কিমান ই লাগে সি লাগে কৰি থাকিম! আটাহ পাৰি ম’ল্লিওতো কাণ নেদে, ভালে হ’ল আজি ৰাখি থ’লোঁ”

(৩)
বর্মনহঁতৰ অ’ফিচলৈ অ’ডিটৰ আহিল। তিনিদিন ধৰি অ’ডিট চলিল। অ’ফিচত ব্যস্ত বর্মনবাহিনী আৰু ঘৰত ব্যস্ত বর্মননী। অ’ডিট শেষ হ’ল। বর্মনহঁতৰ অ’ফিচৰ কাম-কাজত সন্তুষ্ট হ’ল দিল্লীৰ পৰা যোৱা অডিটৰ মুৰুলীধৰ মেহতা। ফলাফল ভাল। এইকেইদিনতে অ’ফিচত যেন সৰু-সুৰাকৈ এটা উৎসৱৰহে আয়োজন চলিছিল। উৎসৱ হৈ যোৱাৰ পাচত এতিয়া আটাইকে ভাগৰে হেঁচি ধৰিছে যেন! হ’লেও অডিটৰ এম. মেহতাক উভতি যোৱাৰ আগতে বর্মনে তেওঁলোকৰ ঘৰলৈ নিমন্ত্রণ কৰি থৈ আহিল।

আকৌ চলিল আয়োজন বর্মনৰ ঘৰত। বর্মননীক বর্মনে কৈছে “পাৰা যদি পিঠা দুখানমান বেছিকে পুৰবাচুন। লাৰুও দুটামান বেছিকে বান্ধবা। অ’ডিটৰ চাহাবে ঘৰক নিবা পাৰব।” বর্মননীয়েও অ’ডিটৰে ঘৰলৈ নিব বুলি মনৰ উছাহত কামবোৰ কৰি পেলালে।

বর্মনহঁতৰ ঘৰলৈ অডিটৰ মেহতা চাহাব আহিল। চা-চিনাকিৰ পাচতেই চাহ-পর্ব। “ভাবীজী য়্যে সব আপকে হাথ কা হি হেয় না? বহত টেষ্টী হেয়” বুলি খোৱা অডিটৰজনলৈ চাই বর্মননীৰ ভাল লাগিল। জলপানৰ বাচনখিনি সামৰি পাগঘৰত বর্মননীয়ে মেহতা চাহাবক দিবলৈ সাজু কৰি থোৱা পিঠা-পনাৰ পেকেটকেইটা উলিয়াই থাকোঁতে ভাবিলে, “পাপী পেটটুক লোগি মানহুই কি কি কৰবা লাগা হৈছি! তিৰি-ছলি এৰি থৈ নাছে না এগলাখান মানহু ইংকে ঘূৰি”।
“অ’ শুনছ’, ইফালে আহাচুন!”
বর্মনৰ মাতত পাগঘৰৰ পৰা শোৱনি কোঠা পালেগৈ বর্মননী। “অসমৰ বাহিৰৰ পাই অফিচাৰ একজন আইছি। গামচা এখান দিবা পাল্লি ভাল আছিল। আছে না ভাল ফুলাম গামচা?” বর্মনৰ কথাখিনি শেষ হোৱাৰ আগতে বর্মননীয়ে ফুলাম গামোচা এখন বর্মনৰ হাতত তুলি দিলে। “মই জানোৱেই, আপনি মূৰামূৰি সময়ত ক’ব। সেই দেখি আগে উইলে থৈছু।” বর্মননীৰ তৎপৰতাত বর্মনৰ ওঁঠেৰে হাঁহি বাগৰি গ’ল—“পিচে এখান ইংকে হাতেদি নি তেখেতক দিবা না? শৰাই বা বাঁটা এখানতে তুলি দিবা নহ’লি!” বর্মননীৰ মনতে হিচাপ কৰিলে নতুনকৈ কিনা শৰাইখনেৰে এইটোৱেই প্রথম কাম হ’ব। “শৰাই এখান প’ৰহিদনা কিনিছিলোঁ। বেপাৰী এটাই বেচপা আইছিল।” “ভালে হৈছি দা তে, সেখান’তে তুলি আনবা।”

কথা-বার্তাৰ শেষত মেহতা চাহাব যাবলৈ ওলাল। নতুন চিকচিকাই থকা শৰাইৰ ওপৰত ফুলাম গামোচাসহ বর্মননী হাজিৰ। মেহতা চাহাবে বুজিব নোৱাৰি বর্মনলৈ চালে “বর্মন চাহেব, য়্যে সব ক্যা হেয়?” “কুছ নেহি ছাৰ, হামাৰে তৰফ চে চোটা চা উপহাৰ হেয়। য়ে হামাৰা আচামীজ কালচাৰ কা এক হিচ্চা হেয়। মানা মত কিজিয়ে ছাৰ, লে লিজিয়ে।” —বর্মনৰ সহজ উত্তৰ। সৰল হাঁহিটি মাৰি বর্মননীয়েও বর্মনক সমর্থন কৰি মেহতা চাহাবলৈ চালে। সহজ-সৰল মানুহহালৰ আগ্রহক নেওচা দিব নোৱাৰি মেহতা চাহাবে উপহাৰ গ্রহণ কৰিলে। হঠাৎ বর্মনে মন কৰিলে, মেহতা চাহাবে গামোচাখন শৰাই সহিতে বর্মননীৰ হাতৰ পৰা ল’বলৈ যো-জা কৰিছে। বর্মননীৰ ফাললৈ চাই দেখিলে বেচেৰীয়ে উপায় নাপাই কাতৰ দৃষ্টিৰে বর্মনলৈ চাই আছে, অথচ একো ক’বও পৰা নাই। বর্মনেও বুজিলে পৰহিদিনা কিনা শৰাইখন বর্মননীৰ হাতৰ পৰা এই যাওঁ এই যাওঁ অৱস্থা! তথাপিও বর্মননীক শৰাইখনৰ পৰা হাতৰ মুঠিটো ঢিলা কৰি দিবলৈ ইংগিত দিলে। উপায় নাপায় বর্মননীয়েও তাকেই কৰিলে। পিঠা-লাৰু, গামোচা-শৰাই লৈ অডিটৰ মেহতা চাহাব গ’লগৈ।

মেহতা চাহাব যোৱাৰ পাচত বর্মন বর্মননীৰ ওচৰে-পাজৰে ঘূৰি আছে। বর্মননীয়ে একো নোকোৱা দেখি বুজিব পাৰিছে শৰাইখন যোৱাৰ দুখটোৰ এতিয়াও উপশম হোৱা নাই। হঠাৎ বর্মনক আচৰিত কৰি বর্মননীয়ে কৈ উঠিল “এ নিছি নিছি দিয়ক। ভালে হ’ল অসমৰ এখান শৰাই যায় দিল্লীৰ মানহু একঘৰৰ ড্রয়িংৰূমত ঠাই পাব। তাকে চাই তেখেতৰ বন্ধু-বান্ধবেও সুধব’ কি বস্তু, ক’ত পায়! ঠৌগা দেখি তাহুনো অসমক আইহলি শৰাই কিনব। মানহুৰ ঘৰে ঘৰে শৰাই বেচি ফুৰা বেপাৰীকেটাৰ লঘান নপৰাৰ কিবা উপায় অলে যদি অলক দিয়ক।” আৰু ৰ’ব নোৱাৰিলে বর্মনে, আজলী মানুহজনীক তেওঁ বুকুৰ ওচৰলৈ চপাই আনিলে— “কালিয়ে তুমাক এখান শৰাই আনি দিম মই”

বহুদিনৰ মূৰত দীঘলকৈ উশাহ এটা টানি এৰি দিলে বর্মনে।

(মা-দেউতাৰ হাতত)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments