অণুগল্পঃ ভাস্কৰজ্যোতি বৰা

“পলাশৰ ৰং“
ন বোৱাৰী মাকৰ ঘৰলৈ যাবলৈ ওলাইছে বিহু বুলি৷ বিয়াৰ পিছৰ প্ৰথম বিহু৷ বাৰাণ্ডাতে বহি থকা শইকীয়া-শইকীয়ানীক সেৱা জনাই বোৱাৰীয়েক গৈ ইতিমধ্যে চোতালত স্বামীয়ে সাজু কৰি ৰখা দুচকীয়াখনৰ পিছৰ আসনত বহিলগৈ৷
দুয়ো ওলাই যোৱাৰ ফালে চাই চাই শইকীয়াই পত্নীক ক’লে, “আমাৰ দিনবোৰো বেয়া নাছিল পিছে৷ মনত আছেনে তোমাৰ, দুয়ো একেলগে প্ৰথম বিহুত তোমালোকৰ ঘৰলৈ যাওঁতে গাঁৱৰ মূৰৰ পৰা ময়ো তোমাক চাইকেলত উঠাই নিছিলো৷ “
কথাষাৰ কৈ শইকীয়াই আঁৰ চকুৰে পত্নীৰ মুখলৈ চালে৷ সুখ আৰু লাজ মিশ্ৰিত হাঁহিৰ ৰঙচুৱা ওৰণি এখনে ইতিমধ্যে সেইখন মুখ ঢাকি পেলাইছিল৷ ৷ ■

“বিচাৰ“
যোৰহাটৰ পৰা গুৱাহাটী অভিমুখি বাছ এখনৰ ভিতৰত যাত্ৰাকালতে চিনাকি হোৱা দুগৰাকী মহিলাৰ কথোপকথন…..
প্ৰথম মহিলাঃ ল’ৰাৰ বিয়া বাৰুৰ কথা চিন্তা কৰিছেনে নাই পিছে৷
দ্বিতীয় মহিলাঃ বিয়াটো পাতিবই লাগে৷ পিছে ছোৱালীহে পোৱা নাই৷ আজিকালি যিহে ছোৱালী৷ চকুৰ আগতে দেখিছো নহয়৷ মোবাইলটোৰ বাদে একো চিনি নাপায়৷
প্ৰথম মহিলাঃ ল’ৰা পিছে কেনেকুৱা আপোনাৰ৷
দ্বিতীয় মহিলাঃ হে হে ল’ৰাৰ কথানো কি ক’ব৷ আজিকালিৰ ডেকা ল’ৰাহে, অলপ চঞ্চল হ’বই আৰু৷ ৷ ■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক