অণুগল্প – ইফটিখাৰ হুছেইন

” ঐ ৰমেন, শিমলুগুৰিৰ মথাউৰিটো চিঙিল ঐ !”

পদুলিতে চফিকুলৰ চিঞৰ শুনি ৰমেনৰ বুকুখন চিৰিংকৈ উঠিল । সৰ্বনাশ ! এনেই যোৱা চাৰিদিনৰ বৰষুণতে চোতালত পানী জমা হৈছে । মথাউৰি চিঙিলে বানপানী হোৱাটো নিশ্চিত । সকলো ডুবিব । তাতে এই ৰাতিখন । ঘৈণীয়েক বিমলা অস্থিৰ হৈ পৰিল – ” কি হ’ব এতিয়া ?” ৰমেনে কিবা কোৱাৰ আগতে চোতালৰ পৰা চফিকুলে চিঞৰি ক’লে – ” মানুহবোৰ হাইস্কুল আৰু পি ডব্লিউ ডি ৰাস্তালৈ গৈ আছে । শিমলুগুৰিৰ পানী এইখিনি পাবলৈ আধা ঘণ্টা লাগিব । মই তহঁতক নিবলৈ আহিছোঁ ।” দৰকাৰী কাগজ আৰু কাপোৰ দুখনমান বিমলাই ইতিমধ্যে বান্ধি থৈছিল । কিন্তু শাহুৱেকক কেনেকৈ নিব ? যোৱা তিনি মাহে মানুহ গৰাকী বিচনাত পৰি আছে । বয়স হৈছে । হয়তো বেছিদিন বাচি নাথাকে ।

” খৰধৰ কৰ ঐ !”
” গৈছোঁ ৰহ ।” ৰমেনে ভিতৰৰ পৰাই উত্তৰ দিলে ।
” ল’ৰা ছোৱালী দুটা আৰু টোপোলা কেইটা তহঁতে ল । মই বৰমাক দাঙি লৈ যাম । বৰমা, অ’ বৰমা !”

বিমলাই ৰমেনলৈ চালে । ৰমেনে বিমলালৈ । আৰু সৰু ছোৱালীজনীক কোলাত লৈ ক’লে – ” ব’ল ।” টোপোলা এটা আনখন হাতত লৈ সি ঘৰৰ বাহিৰলৈ ওলাই আহিল । সি জানে – বিমলাৰ চকুত এতিয়া চকুপানী ।

বাহিৰত বৰষুণ ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments