অণুগল্প: মাই নাই – কৰৱী দত্ত

পুৰোহিত বাপুৱে তেওঁৰ কামবোৰ লাহে লাহে কৰি আছে৷ মাইৰ ফটোখনৰ বগা মালাডাল সামান্য বেঁকা হৈ আছিল, সেইডাল চিধা কৰি দি মোৰ ফালে চাই ক’লে, “এইফালে মই চম্ভালিম, তুমি মৃতকৰ ভাতসাঁজৰ যোগাৰ কৰাগৈ৷”

পুৰোহিত বাপুৰ কথামতে ঘৰৰ পাছফাল পালোঁগৈ৷ পাছ- চোতালৰ এচুকত মামীহঁতে সকলো যোগাৰ কৰিয়েই থৈছে৷ চিকুণকৈ মচি থোৱা চৌকাটোৰ কাষতে খৰি আৰু দুটা সৰু সৰু মাটিৰ চৰু৷ ওচৰতে ডলা এখনত কিবাকিবি টোপোলা কেইটামান৷ কাষতে নতুন চালনী এখনো থোৱা আছে৷ মোক দেখিয়েই মামীয়ে মাত লগালে, “আহাঁ, সকলো যোগাৰ কৰি থোৱাই আছে৷ তুমি মাত্ৰ বাইদেৱে ভালপোৱা বস্তু কেইপদ বনাই পেলোৱা৷”

বিমোৰত পৰিলোঁ মই৷ কি বনাও? কি খাই ভাল পায় মাই? কোনখন আঞ্জা? কোনটো ৰং? কেনেকুৱা বতৰ? কিহৰ গোন্ধ?

সদায়েতো আমি কেইটাই ভাল পোৱা, দেউতাই ভাল পোৱা আঞ্জাকে ৰান্ধিছিল৷ ঘৰত ৰং দিয়াৰ সময়ত বাইদেউ আৰু ভণ্টিৰ পচন্দ মতেই ৰং দিয়াইছিল দেউতাই৷ ‍ ভাইটিয়ে জুইত ৰন্ধা মাংস ভাল পায় বাবেই কোনোদিনে মাংস মুখত নিদিয়া মাই প্ৰচণ্ড গৰমত ঘামি-জামি জুইত মাংস ৰান্ধিছিল৷ মই গোন্ধটো ভাল পাওঁ বাবেই পদূলিৰ খৰিকাজাইজোপা মৰাৰ পাছত মাহীহঁতৰ ঘৰৰপৰা খৰিকাজাই এজোপা আনি আগৰজোপাৰ ঠাইতে ৰুই দিছিল৷

কিন্তু মাই নিজেনো কি ভাল পাইছিল? একোৱেইচোন মনত নপৰে! পাছ চোতালৰপৰা মাইৰ কোঠাটোৰ ফালে চালোঁ৷ সকলো একেই আছে -বিছনাখন, আলনাডাল৷ নাই কেৱল মাই৷
আজি তেৰ দিনৰ আগতে নৈৰ পাৰৰ পথাৰখনত চিৰদিনৰ বাবে শুৱাই থৈ অহা মাইৰ কথা ভাবি মোৰ চকুহাল ভৰি আহিল৷ কি কৰোঁ? কাক সোধোঁ মাইৰ ভাললগা -বেয়ালগাৰ কথা? মাই যে নাই!

(মাকক নামনি অসমৰ কোনো কোনো ঠাইত ‘মাই’ বুলিও মাতে )

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments