অণুগল্প সংকলন – বিভিন্ন লিখক

(গল্পখিনি যাদৃচ্ছিক ভাবে লোৱা হৈছে। অণুগল্প সম্পৰ্কে নতুন লেখকসকলৰ মনত  এক অস্পষ্ট ধাৰণা আছে, যিহেতু অসমীয়া সাহিত্যত এই ধাৰাৰ গল্পচৰ্চ্চা  ইমান ব্যাপকভাবে অদ্যপি হোৱা নাই। ইয়াত প্ৰকাশিত গল্পকেইটা অণুগল্প সম্পৰ্কে লিখকসকলৰ ধাৰণাৰ এটা প্ৰস্থচ্ছেদ। গল্পকেইটাক অণুগল্প নাম দিব পৰা যায় নে নেযায় সেয়া আলোচনাৰ প্ৰয়োজন। তদুপৰি এটা গৌণ কাৰণো ইয়াত অন্তৰ্নিহিত হৈ আছে। ইয়াৰ সৰহভাগ গল্পকাৰৰেই জীৱনৰ প্ৰথম লেখা এই গল্পকেইটা। আমাৰ উদ্দেশ্য আছিল নতুন লিখক এচাম সৃষ্টি কৰা। এয়া তাৰেই প্ৰথম কেচাঁ‌ পদক্ষেপ বুলি বিবেচিত হওক।
গল্পসমূহ কেৱল অসমীয়াত কথা বতৰা গোটৰ পৰা লোৱা হৈছে। সেয়াও এমাহতকৈয়ো কম এটি তেনেই সীমিত পৰিসৰৰ সময়ৰ ভিতৰত অসমীয়াত কথা বতৰা গোটত প্ৰকাশিত গল্পসমূহৰ পৰা।
-সম্পাদক )

১)
হিৰণ্য হিৰু
ভোগ –
-দাদা, আহক, আহক লৈ যাওঁক, তামৰঙা বিলৰ চিতল। ইয়াৰ দৰে সোৱাদৰ মাছ আপুনি কোনো বিলৰ মাছতে নাপাব।
বাপেকৰ কাষতে বহি মাছৰ বাকলি গুচাই থকা পুতেকে মনত পেলাবলৈ চেষ্টা কৰিলে–তামৰঙা বিলৰ চিতলৰ সোৱাদ জানিবলৈ সিহঁতে কেতিয়া চিতল মাছ খাইছিল!

২)
বন্দিতা গগৈ বৰা
#সপোন #
গাঁৱৰ পথাৰত আজি ধনী দুখীয়া সকলোৱে মিলিজুলি উৰুকাৰ ভোজৰ আয়োজন কৰিছে ! পথাৰৰ মাটিত শুকান নৰা কাটি বহাৰ ব্যৱস্থা ,কাষতে নৰা আৰু কলপাতেৰে তৈয়াৰ কৰা ভেলাঘৰ আৰু মেজি !
বহুত দিনৰ মূৰত আঘোণী হতঁৰ দৰে গাঁৱৰ দুখীয়া পৰিয়াল কেইটাইয়ো মাছে মঙহেৰে এসাঁজ ‘ সপোনৰ ‘ ভাত হেপাঁহেৰে খাব !

*****

৩)
নিলোৎপল শইকীয়া

-নিশব্দে আগবাঢ়িছিল তাৰ লক্ষ্যলৈ, ধীৰ, স্থিৰ তাৰ দৃষ্টি, একমাত্ৰ তাৰ চকু নিবন্ধ তাৰ লক্ষ্যত, তাৰ লক্ষ্যই নাজানে সি কাৰোবাৰ চকুত দৃষ্টিগোচৰ, সি মাথো তাৰ প্ৰেয়সীৰ প্ৰেমালাপত ব্যস্ত, সিও আগবাঢিছে সন্তৰ্পনে, প্ৰেমত আসক্ত প্ৰেমিক হাল জৈৱিক তাড়নাত লিপ্ত৷ সংগোপনে সি আহি সিঁঁহতৰ ওচৰত উপস্থিত, সিঁঁহতক তৰ্কিবই নোৱাৰিলে, প্ৰেমিক হৈ পৰিল কাৰোবাৰ উদৰস্থ, প্ৰেমিকা আঁঁতৰি গল বিষাদ মনে৷
হয় জেঠীৰ আগমন পখিলাটোৱে কোনো উমানেই নাপালে৷

৪)
হিমাংশু ভাগৱতী
কিয় এনে হ’ল?

হয়, তাইক মই ভালপাওঁ । বহুদিন ধৰি আমি একে ঠাইতে একেলগে একেধৰণে আছো। মোৰ স্পৰ্শৰ বাবে ব্যাকুলতাৰে তাই আগবাঢ়ি আহে, তাইৰ সংগই শেষ কৰে মোৰ নিসংগতা । দিনবোৰ এনেদৰেই আগবাঢ়ি গৈ আছিল , অন্তত আজি অলপ আগলৈ ।
তিনিদিন মান একো পোৱা নাই খাবলৈ, ইমান বৰষুণ আৰু পানী। থকা ঠাইকনতো বহুত অসুবিধা হৈছে তাইক লৈ ।
অলপ আগতে ডাষ্টবিনত পাওৰুটী এটুকুৰা পালো, তায়ো আগুৱাই আহিল। মোৰ নিজৰে পেট নভৰে তাইক আৰু কেনেকৈ দিম । ” যা, নিজে কিবা বিচাৰি ল” বুলি টাকোন এডাল জোকাৰি তাইক খেদি দিলো।
কিবা অজান দুখত নেজদাল জোকাৰি জোকাৰি কুকুৰজনী মোৰ ওচৰৰ পৰা আঁঁতৰি গ’লহে । বিশ্বাস কৰক, মই তাইক ভালপাওঁ।

৫) বন্দিতা গগৈ বৰা
#অপ্ৰিয় সত্য #

চাৰিটাকৈ পূৰঠ পাতিহাঁহ আৰু দুটা ৰাজহাঁহ বিক্ৰী কৰি পোৱা টকা কেইটা চাদৰৰ আচঁলত গাঁথিলৈ তাই এটা সন্তুষ্টিৰ হাঁহি মাৰিলে । এখৰাহী কুকুৰাৰ কণী তাইৰ হাতত মজুত আছে , বিহুৰ আগলৈকে সেইকেইটাও বিক্ৰী হৈ যাব ।
হাঁহ_ কুকুৰাৰ কণী আৰু হাঁহ কুকুৰা বিক্ৰী কৰি তাই আৰু ল’ৰাটো আজি দুবছৰে টানি টুনি হ’লেও চলি আছে । অভাৱৰ সংসাৰ তাইৰ , কিন্তু দুবছৰৰ আগতে হঠাতে তাইৰ মদাহী গিৰিয়েকটো ঢুকাই থকাৰ পাছত তাই আৰু পুতেক আগতকৈ যেন শান্তিত হে জীয়াই আছে !

৬)
নিলোৎপল শইকীয়া
সৌভাগ্য-
******
ৰাতিপুৱাই ফুৰিবলৈ ওলাই গ’লো, ৰাস্তাতে দুটা শালিকী খেলি আছে, ভাবিলো আজি দিনটো বৰ ভালেৰে যাব, মনত বিমল আনন্দ, ৰাতিপুৱা দুটা শালিকী দেখিলে সৌভাগ্য কঢিয়াই আনে, হঠাৎ দেখিলো ক’ৰবাৰ পৰা মেকুৰী এটা ওলাই আহি তাৰে এটা শালিকী থাপ মাৰি লৈ গ’ল, সি হয়তো ওচৰতে জোপমাৰি ৰৈ লুকাই আছিল, চিকাৰ ধৰিবলৈ, মইও অৱগত নাছিলো, সিহতেও হয়তো লক্ষ্য কৰা নাছিল চিকাৰী ৰৈ আছে চিকাৰ ধৰিবলৈ, মোৰ মনটো হাঁহাকাৰ কৰি উঠিল লগৰটোৰ আৰ্তনাদ দেখি, অলপসময়ৰ আগলৈকে স্ফূৰ্তিত খেলিমেলি থকা চৰাই এটাৰ জীৱনলৈ অন্ধকাৰ নামি আহিল, মোৰ ভাৱ হ’ল মোক দেখাৰ লগে লগে সিঁহতৰ জীৱনলৈ কাল অমানিশা নামি আহিল, মোৰ ভাৱ হ’ল সিঁহতে মোক দেখাটোৱে দুৰ্ভাগ্য প্ৰমান হ’ল৷
লগৰটোৱে মেকুৰীটোক খেদি গল লগৰটোক বচোৱাৰৰ অন্তিম প্ৰচেষ্টাৰ বাবে৷ ইতিমধ্য মেকুৰীটো হাতত প্ৰাণ গ’ল, মেকুৰীটোৱে বহি লৈ তাক ভক্ষণ কৰিল, লগৰটোৱে মাথো চিঞৰি থাকিল, মেকুৰীটোৱে তাক ভক্ষণ কৰি মুখ কোৱাৰি, হাতৰ তলোৱা চেলেকিল, পৰম উৎসাহত,
মোৰ বাবে ও যেন ৰাতিপুৱাটো দুখজনক হৈ পৰিল,

৭)

মঞ্জুলা বুজৰবৰুৱা
=বেৰ=

আজি মহিধৰ বৰাৰ ঘৰৰ মানুহ খিনিৰ ব্যস্ততাৰ সীমা নোহোৱা হৈছে ….! বিখ্যাত ঢোল বাদক মহীধৰ বৰাক চহৰৰ বিহু কমিটিৰ তৰফৰ পৰা জীৱন জোৰা সাধনাৰ বাবে সম্বর্ধনা জনোৱা হয়। স্থানীয় বিধায়কৰ হাতৰ পৰা শৰাই , গামোচা আৰু ডাঙৰ মানপত্ৰ গ্ৰহণ কৰি তেখেতৰ লগতে ঘৰৰ আটায়ে গৰ্বিত ..!
শৰাই খন বিচনাৰ কাষৰ টেবুল খনত সযতনে ৰাখি ডাঙৰ মানপত্ৰ খন ক’ত ৰাখিব ভাবি পোৱা নাই ..! ইমান ডাঙৰ মানপত্ৰ খন ৰাখিবলৈ ঘৰৰ বেৰ কেইখনৰ কোনো এটা কোণ সঠিক বিচাৰি নাপালে !
শেষত মহিধৰ বৰাৰ পত্নী সৰলা বৰাই কলে …” আপোনাৰ বিচনাৰ কাষত বেৰ খনত সেইখন লগাই থওঁক সেই ভগা বেৰখনেৰে ফিৰফিৰিয়া বতাহ আহে …!”

৮)
নৱজ্যোতি বৰ্মন

-ৰাস্তাটোৰে গতি কৰিলে বিলাসী গাড়ীখন । এটি সম্ভ্ৰান্ত পৰিয়াল । লগতে গাড়ীখনৰ ভিতৰত এটি বিলাসী কুকুৰ । গৈ থাকিল গাড়ীখন । ৰাস্তাৰ দুয়োকাষে ৰ লাগি চাই ৰ’ল আন কুকুৰবোৰ । ছাল চিগা উখহি যোৱা চেপেটা পেটৰ কুকুৰ । গাড়ীখনৰ খিৰিকীৰে জুমি জুমি প্ৰত্যক্ষ কৰি থাকিল বিলাসী কুকুৰটোৱে বাহিৰৰ পৃথিৱীখন ।

৯)
বৈকুণ্ঠ এমজে শইকীয়া

আজি উৰুকা

প্ৰণতিৰ ঘৰখনতো উৰুকাৰ উলহ-মালহ,আজি এসাজ ৰাতিলৈ হাঁহে-মাছে খাম বুলিয়েই সাজু আনবোৰৰ দৰে সিহঁতো ৷
উৰুকাৰ আনন্দৰ মাজতে কিয়জানো বাল্টিটোত জীয়ণ দি থোৱা সেই ধৰফৰাই থকা শ’ল মাছদুটালৈ তাইৰ দৰদ উপজিছে ৷
সিহঁত দুটাৰ জীয়াই থকাৰ প্ৰবল ইচ্ছা প্ৰণতিয়ে অনুভৱ কৰিছে প্ৰতি মূহুৰ্ততে ৷
প্ৰণতিয়ে লেতেৰা পানীখিনি পেলাই পুনৰ চাফা পানীৰে বাল্টিটো ভৰাই দিছে,
হয়তো আৰু কিছুসময়ৰ পাছতেই সিহঁতৰ জীৱনৰেখা মচ খাব ৷ মৃত্যুৰ আগৰসময়খিনি ভালদৰে জীয়াই থাকক এইবুলিয়ে পানী ভৰ্ত্তি বাল্টিটো প্ৰণতিয়ে পুনৰ ঢাকি দিলে কাঁহী এখনেৰে ৷
সিহঁতদুটাই জীৱনৰ মৰীচিকা খেদি খেদি আকৌ ধৰফৰাই আছে বাল্টিটোৰ ভিতৰত ৷

১০)
ধনমণি কলিতা

ভোগালী
” মা গড়ালত দেখোন কুকুৰাজনী নাই ।”
.. টোপনিৰ পৰা সাৰ পাই তাৰ একমাত্র লগৰীয়া পোহনীয়া কুকুৰাজনী নেদেখি সি চিঞৰি দিলে ।
” তই চিন্তা নকৰিবি বাবু, তোক মই আকৌ দুটা কুকুৰা পোৱালি আনি দিম । দুটকামান বেছিকৈ পোৱা বাবে কুকুৰাজনী বিক্ৰী কৰি দিলোঁদে , নহ’লেযে আমাৰ ভোগালীয়ে নহ’ব ।”
.. মাকৰ কথা শুনি তাৰ দুচকুৰে দুধাৰি লোতক বৈ গ’ল৷

১১)
ধনমণি কলিতা
শিশুৰ অধিকাৰ
” হেল্ল’ বাইদেউ , অভিনন্দন । আপোনাৰ শিশুৰ অধিকাৰৰ ওপৰত লিখা প্ৰবন্ধটোৱে এইবাৰ বছৰৰ শ্ৰেষ্ঠ প্ৰবন্ধৰ স্বীকৃতি পাইছে ।”
ফোনটো পায় মহিলা সমিতিৰ সম্পাদিকা মিচেছ দুৱৰা আনন্দত অভিভূত হৈ পৰিল । তেওঁহে জানে ঘৰত থকা আপীজনীয়ে যদি ঘৰৰ কামবোৰ নকৰিলে হেঁতেন ….. ।

১২)

ধনমণি কলিতা
চোৰ

চোৰ ..চোৰ..চোৰ ..
হঠাৎ ঠাইখনত হাহাকাৰ লাগি গ’ল । এজন ১২ বছৰীয়া ল’ৰা , তাৰ পিন্ধনত এটা মলিয়ন হাফপেন্ট আৰু এটা গেঞ্জী । ল’ৰাজনে হাতত কিবা এটা লৈ প্ৰাণতাকি দৌৰিছে । মানুহবোৰে পিছে পিছে দৌৰি তাক ধৰি পেলালে । তেওঁলোকৰ চৰ ঘোচাত এইমাত্ৰ চুৰি কৰি অনা পাওৰুটিৰ পেকেটটো ল’ৰাজনৰ হাতৰ পৰা নৰ্দমাত চিটিকি পৰিল ।

১৩)
নৱজ্যোতি বৰ্মন –

মাজৰাতি সপোনটো দেখিছিল ল’ৰাজনে । এটি ৰঙীন সপোন । হয়তো জীৱন কিম্বা প্ৰেমৰ ।
হঠাৎ সপোন ভাঙিল । সাৰ পালে সি । সৰু জুপুৰীটোৰ ফুটা চালখনৰ মাজেৰে জোনটোৱে থৰ হৈ চাই ৰৈছিল ল’ৰাজনক৷

১৪)
নৱজ্যোতি বৰ্মন

ব্যস্ত চহৰৰ পদপথৰ ওপৰতে এখন সৰু দোকান পাণ-তামোল,চকলেটৰ । জীৱন সংগ্ৰামত নাভগৰা এটি জীৱন । এজন ল’ৰা । দোকানখনত ৰাতিপুৱাৰ পৰা গধুলিলৈকে কৰ্মব্যস্ত ।
ৰাজপথেদি অহৰহ গতি কৰিছে মানুহ কিম্বা বিলাসী গাড়ীবোৰ ।
“এদিন এনেকুৱা গাড়ী এখন কিনিব পৰা হ’লে” হেজাৰ স্বপ্ন দুচকুত ।
-হেৰা ভাইটি,তামোল এখন দিয়াহে !!

১৫)
নৱজ্যোতি বৰ্মন

এসময়ত সেই ঠাইখিনিত এটি ভঙা জুপুৰী আছিল ।
এতিয়া একে ঠাইতেই এটি শ্বপিং মল । জুপুৰীতো নাই । শ্বপিং মলটোৰ সন্মুখৰ পদপথতে পৰি থাকে এজনী বুঢ়ী । বুঢ়ীজনীৰ একমাত্ৰ ল’ৰাটো শ্বপিং মলটোৰ মেনেজাৰ ।
জীৱন- অতীত,বৰ্তমানৰ । অনিশ্বয়তাত ভৱিষ্যত । সময় সলনি ।

১৬)
মঞ্জুলা বুজৰবৰুৱা
* * * * * * *
“অ’ মা এইবাৰ আমি লাৰু – পিঠা খাবলৈ নাপাম ন’
ৰহিলাৰ উখহি থকা হাত খনলৈ চাই চাই মিনু আৰু পোনাই দুখ মনেৰে সোধা কথাষাৰে ৰহিলাৰ বুকু খন যেন খুন্দা মাৰি ধৰিলে ….!
কাৰণ বিহুৰ সময়ত ঘৰে ঘৰে চাউল খুন্দি , নাৰিকল ৰুকি , পিঠা -লাৰু বনাই দিয়াৰ বিনিময়ত ল’ৰা ছোৱালী কেইটাৰ বাবেও আনিব পাৰিছিল …!

১৭)
টিংকুমণি দাস

এজন বন্ধুয়ে মোক সুধিলে, “তইযে আনৰ কাৰণে প্ৰেমৰ গল্প, কবিতা লিখা। নিজৰ প্ৰেমৰ কাহিনী কিয় নিলিখা?”
মই তেতিয়া বিৰক্তিৰ হাঁহি এটি মাৰি ক’লো, “মোৰ প্ৰেম কাহিনী শুনিলে হয়তো তই মোক হত্যা কৰিবি, নহ’লে নিজে আত্মহত্যা কৰিবি।”
তেতিয়া বন্ধুজনে কলে,” বাপৰে বাপ তোৰ প্ৰেম কাহিনী শুনি তোক হত্যা কৰি জেললৈ নাযাও আৰু নিজেও আত্মহত্যা নকৰো।”
সকলো বন্ধু-বান্ধবী, দাদা-বাইদেউ আৰু ভাইটি-ভণ্টিক ইংৰাজীৰ নতুন বছৰৰ শুভেচ্ছা জনালো।

১৮)
কুশল মহন্ত-

মণিহাৰি …

দেওবাৰে মণিহাৰি জন বাগানলৈ আহে কাৰণ শনিবাৰে চামেলি হতে বেতন পায় , তেওঁ অকল খাৰু মণিয়েই নানে লগতে সিহঁতলৈ আনে সপোন ও …
চামেলিৰ মণিহাৰি ৱালাজনক বৰ ভাল লাগে , কিমান মিঠা কথা কয় ,
চামেলি তই বাগান থেকে সুন্দৰ , এইটা চা তোক লাকি লিপচটিক আনিছো পুৰা চহৰৰ পৰা দামটা কিন্তু বেছি , তই মোৰ ৰেগুলাৰ কাষ্টমাৰ না অলপ কমাই দিবি , এইটা চা জুমকা , বিন্দি ..
তাইৰ বৰ ভাল লাগে, সেইবোৰ তাই বুধুৰ কাৰণেই লয় , তাই ধুনীয়াকে গ’লে বুধুয়ে বৰ ভাল পায় , বুধু বৰ ভাল ল’ৰা সি হাৰিয়া নাখায় , সি যেতিয়া হিৰো চাইকেল ত কালা চচ্মা লাগাই যায় তাক বৰ ভাল লাগে , সিহঁত দুয়োটা চাইকেলত ফুৰে আগত তাই বহে , মোবাইলৰ গান এটা তাঁৰ তাই আৰু এটা তাঁৰ সি কানত লাগাই গান শুনে …
আজি মণিহাৰি ৱালা আহিব ..
মণিহাৰি ৱালাজনক চামেলিৰ লগতে মিনি , চম্পা হঁঁতেও বেৰি ধৰিলে ..
এই একটা একটাকে ক , এই মিনি সেইটা নুচুবি , কি লাগে ? বালা , এইটা ল , দাম কিতনা ? তিৰিছ টাকা । ৰে , বাজাৰে দশ টাকাই পায় ? যা তবে বাজাৰ যা বিচ টাকাৰ কম নহব , চম্পা কি লাগে তোক .. বিন্দি .. এইটা ল দশ টাকা .. চামেলি তোৰ বস্তুটা আনিছো এয়া ল এইটা ফেয়াৰ এন্ড লাভলিৰ বাপ .. দামটা ষাঠি টাকা তই পঞ্চাশ টাকা দে .. আগলা মহিনা তোৰ চাদি ন , একদম গৌৰী হৈ যাবি …
মণিহাৰি ৱালাৰ উদ্দেশ্য সিদ্ধি হল , বিশ টকীয়া ক্ৰীমটো পঞ্চাশ টকাত বেছি তাইক ৰঙীন সপোন দেখুৱাই গ’ল….

১৯)
জ্যোতিপ্ৰসাদ শইকীয়া –

বাৰীৰ চুকৰ দেউতাকৰ দিনৰে আম গছজোপাই ফল নিদিয়া বহু বছৰ হ’ল যদিও,গছজোপা নকটাকৈ ৰাখিছিল পিতাম্বৰে কিবা এটা মোহত !আজি পুতেক হৰেনে কাঠৰ বেপাৰীটোক আনি দেখাওতেই পুতেকক কলে ” বোপাই অ’ তোৰ ককাৰৰ দিনৰে গছ এইডাল,নেবেচিবি ”
পুতেকে বোলে “দেউতা ফলফুল নিদিয়া বুঢ়া গছডাল কিয়নো ৰাখিব লাগে!”
পুতেকৰ কথাত পিতাম্বৰৰ বুকুখনে ক’ৰবাত ঢমঢমাই উঠিল !নিজেই নিজক কলে ” এৰা মোৰোতো বয়স হৈছে,কৰ্মহীন হৈছো মই…….”!

২০)
অংকুৰ শইকীয়া

সপোনৰ সিটোপাৰে

:- তই কিন্তু বেলি মাৰ যোৱাৰ আগতে ঘুৰিবি ৷ বতৰটো বৰ গোমোঠা মাৰি আছে ৷
:- পদুমণি বিলত মাছৰ উজান উঠিছে বোলে ৷ মই যোৱালৈ ৰত্ন দাইটিহ’ত বাট চাই ৰৈয়ে আছে চাগে ৷
জোনালীৰ জলজলীয়া চকুযুৰি দেখি ধনৰ বুকুৰে এজাক বৰষুণ বৰষি গ’ল ৷ কিবা কম ভাৱিয়ো একো নকৈ দীঘলকৈ এটি উশাহ ল’লে; এহ্,…. মই সোনকালেই উভতিম দে ৷
ধনৰ গোটেই বাটটি জোনালীৰ শেঁতা পৰা মুখখনিয়ে বাৰুকৈ আমনি কৰিলে ৷ তাইৰ জীৱনটোক লৈ যে তাৰ কিমান কি যে সপোন আছিল ৷ কিন্তু নিয়তিৰ কি পৰিহাস ৷
:- ঐ ….! বেলি ভটিয়াবৰ হ’’ল ৷ তোৰ চোন জালত মাছৰ ম টোও দেখা দেখি নাই ৷
থতমত খাই সি লৰালৰিকৈ মাছ্ত নামিল কিন্তু মনে নধৰিল জালৰ আকাশ ৷ টুলুং-ভুটুং নাৱত ক্ৰমশ: মেঘ উপঙিল ৷ নীৰস মুখত এটি হুমুনিয়াহ ৷ যেন জোনাকী সপোনবোৰ উচন গৈছে সন্ধ্যাৰ বুকুত ৷

২১)
পূজা বৰা

গতি-
দেউতাকে একপ্ৰ্কাৰে বাধ্য কৰি গাড়ীখন শিকাওতে কৈছিল- “গতি জীৱনৰেই হওক বা বাহনৰেই হওক বেগ বেছি হোৱা প্ৰয়োজন “। থিকেই । এক্সেলেটৰত চাপ বেচিকৈয়ে দিছিল তাই।মিটাৰৰ কাটাই ১০০ৰ ঘৰ অতিক্ৰম কৰিছিল এদিন। এতিয়া মালাৰ সৈতেধুনীয়া মুখৰ ফ’ট’ খন চাই চকুলোৰ গতি কমাব নোৱাৰে মানুহজনে।

২২)
উদিত গগৈ-

যাত্ৰা —-
উৎসৱৰ দিন বুলি ভাড়াগাড়ী তাকৰীয়া। সৰু ৪০৭ বাছখনে মানুহবোৰ পাণ জপাদি জাপিব ধৰিছে। “যাওক না বাইদেউ, পিছলৈ যাওক! ইমানকৈ ঠাই আছে। ” কাষেদি ভুৰুংকৈ ঢপলিয়ায় ব্যক্তিগত ‘খালী’ কাৰ। এনেতে উত্তেজিত মহিলাগৰাকীয়ে প্ৰতিবাদ কৰি উঠে। জেদী কন্ডাক্টৰ জনে চিঞৰি দিলে , “এতিয়াও পিছফালে ফুটবল খেলিব পৰাকৈ জেগা আছে !”
নিচা —-
আগতে সুৰুঙা পালেই বৰশীত টোপ দি দিনৰ দিনটো বহি থাকে । এতিয়া বিৰাটৰ শতক উপভোগ কৰিহে কৰ্তব্যলৈ দৌৰে বিকাশ । সময়ৰ হিচাপ ধৰি তাক সকলোৱে ইতিকিং কৰে। আজি পত্নীয়েও….! “ভালপোৱাখিনি, নিচাখিনি হিচাপ কৰি গোটাব নোৱাৰি অ’।”
নাৰীবাদ —-
গাৰ্লচ হোষ্টেলত ছোৱালী এজনী উলমিল । নাম-লোৱা, পূজা পাতল আদি কৰাৰ পাছতো কলেজৰ ছোৱালীবোৰ তাত থাকিবলৈ অপ্ৰস্তুত । কালি ল’ৰা এজনে ব্যৱসায় কৰাৰ মানসেৰে হোষ্টেল ঘৰটো কিনাৰ প্ৰস্তাৱ দিয়ে। আজি পুৱাই পুৱাই কলেজৰ আগত নাৰী সংগঠনৰ আন্দোলন।

২৩)
অঞ্জলি গগৈ বৰগোহাঞি

দূৰৈৰ পাহাৰ :
নিৰ্জন ঘৰটোত মানুহ বুলিবলৈ সিহঁত দুটাই । মানুহটো ঘৰৰ পৰা ওলাই যোৱাৰ পাছত তাইক প্ৰকাণ্ড ঘৰটোৱে গিলি পেলোৱাৰ দৰে লাগে । সামাজিক প্ৰতিপত্তি থকা মানুহ হেনো সেয়ে সাধাৰণ মানুহৰ লগত হলি-গলি নাই । বুকুত তাইৰ কিমান শিল জমা হৈ গৈ আছে দেখিলে জনা নাযায় ।
অঞ্জলি

২৪)
ৰাজীৱ শৰ্মা
পৰম্পৰা-
পৰম্পৰাৰ দোহাই দি বলিবিধানৰ সপক্ষে ডাঙৰ ডাঙৰ যুক্তি দিয়া বক্তাজনৰ সন্মুখত দুটা ফৈদ।এটা হত্যাকাৰীৰ আৰু আনটো নিৰ্বোধ ভয়াৰ্ত পশুবোৰৰ।
পশুবোৰে যেন ভয়তে চিঞৰি চিঞৰি নিজৰ মাজতে কথা পাতিছে ” পৰম্পৰা ৰক্ষা কৰিবলৈ নৰবলিৰ দৰকাৰ কিয় নোহোৱা কৰা হ’ল।”

২৫)
ৰাজীৱ শৰ্মা

অশুভ –
এম্বুলেঞ্চ খনৰ ভিতৰত মৃত মাকৰ কাষত বহি থকা চাৰি বছৰীয়া ল’ৰাটোৱে দেউতাকৰ মুখলৈ চাই সুধিলে ” সৌ খালী দলংখনেদি আমি কিয় মাক সোনকালে চিকিৎসালয়লৈ নিনিলো? ”
বোপাই, এইখন পৰিবৰ্তনৰ সপোন দেখুওঁৱা চৰকাৰখনৰ নিজে নৰক গমনৰ বাবে সজা দলংহে- দেউতাকে ক’লে।চালকৰ আসনৰ পৰা মই ল’ৰাটোলৈ চালো।কথাটো সি নুবুজিলেও চৰকাৰখনে বুজিবনে?

২৬)
ৰাজীৱ শৰ্মা-
-বিজ্ঞাপন-
চৰকাৰখনৰ বৰ্তমানৰ কাণ্ড কাৰখানাবোৰ দেখি দেখি এনে লাগিছে যেন অচিৰেই সচিবালয়ত এটা জ্যোতিষীৰ পদ সৃষ্টি কৰা হ’ব।
প্ৰত্যেক সফল পুৰুষৰ আঁৰত যদি এগৰাকী নাৰীৰ হাত থাকে, তেন্তে এগৰাকী সফল ৰাজনীতিবিদৰ পাছত এজন জ্যোতিষী থাকিবও পাৰে!

২৭)
অঞ্জলি গগৈ বৰগোহাঞি

সুখ::
“বাইদেউ মাঘৰ উৰুকাৰ বাবে মোক ঘৰলৈ যাবলৈ দিয়ক ।”
” কি আছে তোৰ সেই গাঁৱৰ ভিকহু ঘৰখনত ? আমাৰ ইয়াত মাছ-মাংসই উৰুকাৰ খানা খাবি । তাত গৈ কি পাবি ?”
” ভিকহু হ’লেও তাত আই-বোপাইৰ নিস্বাৰ্থ মৰম পাম বাইদেউ ।”

২৮)
কুশল মহন্ত
চহৰীয়া বিহু …
আলহী জনক ভোগালী মেলাৰ পৰা অনা পিঠা কেইটাৰে চাহকন দি বাইদেউ গৰাকীয়ে আলহী জনে কথাষাৰ কোৱালৈ বাটচাই থাকিল …..
মই কিন্তু এইবোৰ একো নাখাওঁ দেই , কেৱল মাত্ৰ চাহকনহে খাম ।
বাইদেউৱে মনতে ভাবিলে , ৰক্ষা ! পিঠাকেইটা সোনকালেই টেমাত ভৰাই থব লাগিব , অন্ততঃ বিহুকেইদিন পিঠা কেইটাই জুৰিলেই হ’ল ……

২৯)
উৎপলা কৌৰ

#জৰী চেনেহৰ
-মা তুমি ঘৰতে আছিলা?
-ও, পিঠা পুৰি আছিলো, কাইলৈ বিহু নহয়!
-মোৰ এনেই মনটো বেয়া লাগি আছিল তুমি ঘৰত নাই বুলি জানানে!

৩০)
ৰাজীৱ শৰ্মা
: নিচা-
ছাৰ, কিয় এনে হ’ল বাৰু! নিজৰ জীৱনতকৈ যাক মই বেছি ভাল পাইছিলো সিয়েই আজি মোৰ কলিজা ফুটা কৰি পেলালে।
মদে ধ্বংস কৰি পেলোৱা কলিজাখনৰ ৰোগীজনে ডাক্তৰক সুধিলে ।
—————————

৩১)

ৰাজীৱ শৰ্মা

বিবাহ-
দেউতা, মই নহ’লে বিয়াত নবহো। কণমানি জনীৰ কথাত উচপ খাই উঠি তাইলৈ চালো।তাই টিভিত একান্তমনে যৌতুকৰ বাবে হত্যা কৰা বোৱাৰী জনীৰ বাতৰিটো চাই চাই মোক ক’লে – যৌতুকত দিবলগীয়া পইচা খিনিৰে মই জীৱনটো তোমালোকৰ লগতে শান্তিৰে কটাম দিয়া ।
—————————–

৩৩)
ৰাজীৱ শৰ্মা

হত্যা –
ধৰ্মাৱতাৰ, কাঠগৰাৰ পৰা মহিলা গৰাকীয়ে ক’লে – মই পতিগৃহত জীৱনৰ শংকাত ভুগিছো, সেয়েহে বিবাহ বিচ্ছেদ বিচাৰিছো।
বিচাৰকক বিচলিত হোৱা দেখা গ’ল।বিচাৰ কক্ষৰ আনটো কাঠগৰাত কন্যা ভ্ৰুণ হত্যাত জড়িত আচামীজন যে তেওঁৰেই উত্তৰাধিকাৰী৷

৩৪)
ধ্ৰুৱজ্যোতি মৌচম
উৰুকাৰ চোৰ-

ৰাতিপুৱা শুই উঠিয়েই দেউতাই ক’লে বাৰীৰ জেওঁৰাখন আৰু হাঁহ এটা নিলে । পিছফালৰ ঢেঁকীটো নি নামঘৰৰ পদূলিত থৈছেগৈ । কোনে নিব পাৰে বাৰু ।
মই মনতে ভাবিলো ঘৰ শত্ৰু বিভীষণ নহ’লে কোনে জানিব পিছে হাঁহৰ গড়ালৰ চাবিটো ক’ত লুকুৱাই থৈ দেউতাই আৰু দেউতাক কওঁঁ বা কেনেকৈ মইও যে চুৰি দলটোৰ এজন সক্ৰিয় সদস্য আছিলো ।

৩৫)
ৰাজীৱ শৰ্মা –
চৰিত্ৰ –
বিয়াৰ পাছৰে পৰা ল’ৰাটো ঘৰলৈ নহা হ’ল।সকলোৱে বোলে বোৱাৰী বেয়া ।ল’ৰাটো তহঁতৰ বুকুৰ পৰা কাঢ়ি নিলে।
” চালক ঠিকে থাকিলে গাড়ী পথাৰত সোমাব নোৱাৰে” -ল’ৰাৰ দেউতাকৰ এইষাৰ কথাইহে যেন প্ৰকৃত সত্যটো উদঙাই দিলে।

৩৫)
মৃণাল শৰ্মা
প্ৰৱঞ্চনা-
ব’হাগ মাহৰ প্ৰথম সপ্তাহ।বাৰিষাই আধিপত্য বিস্তাৰৰ বাবে দুই এজাক বৰষুণেৰে ইতিমধ্যেই কুুচ-কাৱাজ আৰম্ভ কৰিছে।গাওঁৰ বাট-পথবোৰৰ প্ৰাচীনতম পৰিচয় খলা-বমাবোৰত বৰষুণৰ পানীয়ে নিজাৱবীয়াকৈ বাহ পাতি লবলৈ আয়োজন প্ৰায় সম্পূৰ্ণ কৰি তুলিছে।অজিত-মুকুলহঁতৰ সাতজনীয়া দলটো ৰাতি এঘাৰমান বজাত বিহু চাই ঘৰলৈ বুলি উভটিছে।গভীৰ বাঁহনিডৰাৰ মাজেৰে জোনাকে পোহৰাই তোলা বাটেৰে চলা সিহঁতৰ আড্ডাই শালীনতাৰ পৰিধি প্ৰায় ভঙাৰ উপক্ৰম কৰিছে।…..নিৰ্দিষ্ট এটুকুৰা ঠাইত ৰাস্তাৰ বোকা-পানীখিনি নখচাকৈ পথটো পাৰ হবলৈ বুলি বেঙা মেলি আটাইতকৈ ভাল বুলি যিখিনি ঠাইত মুকুলে ভৰিখন থৈছিল ,সেইখিনিতেই আছিল আটাইতকৈ বেছি পানী।দৰাচলতে বৰষুণৰ পানীৰ ওপৰত জোনৰ পোহৰ পৰি ঠাইটুকুৰা সুন্দৰ হৈ ধৰা দিচেহি। মুকুলৰ বোকাত ভৰি সোমোৱাটো আৰু লগৰকেইটাই তাক চাই মৰা বিদ্ৰুপৰ হাঁহিটোৰ কোনটো আগত সংঘটিত হ’ল মুকুলে যেন তৰ্কিবই নোৱাৰিলে। মূহুৰ্ততে তাৰ নিজকে নিৰ্দিষ্ট বিষয় কিছুমানত প্ৰবঞ্চিত সকলৰ সৈতে একে শাৰীত থিয় হ’বলৈ মন গ’ল—-পোহৰৰ প্ৰেমত পৰি প্ৰাণ বিষৰ্জন দিয়া ছগাটো,বৰশিত বজা মাছটো,সুতীব্ৰ প্ৰেমৰ তাড়ণাত পৰিয়ালৰ আটাইৰে মতৰ বিৰুদ্ধে গৈ ল’ৰাটোৰ সৈতে পলাই গৈ দুমাহো থাকিব নোৱাৰি ঘৰলৈ উভতি অহা মাহীয়েকৰ ছোৱালীজনী ,ইউনি পেত নিজৰ সাঁচতীয়া ধন জমা থৈ সৰ্বস্বান্ত হোৱা লোকসকল ইত্যাদি ইত্যাদি……..সমনীয়া কেইজনৰ কোনোবা এজনে যেন দৈৱ বাণীৰ নিচিনাকৈ কথা এষাৰ এৰিলে……”প্ৰৱঞ্চনাৰ উৎসৰ আকৰ্ষণ সদায় অলঙ্ঘণীয়”।

৩৬)

কুশল মহন্ত
ভোগালী

সি আজি কেইটামান টকা বেছিকৈ পাইছে সেয়ে সি আজি ডাঙৰ মাছ খাব । বহুত দিনৰ হেঁপাহ তাৰ , এনেইটো নোৱাৰেই কিন্তু আজি বিহু বুলি .. ঘৰৰ প্ৰতিজনৰ কাৰণে মুঠ চাৰি ডোখৰ মাছ ল’লে , বেলেগ এজনক মাতি খোৱাবৰ শক্তি ভগৱানে তাক নিদিলে …
ভাতৰ পাতত সকলোৱে বহি খাবলৈ ল ওতে তাৰ চকু ঘৈণীয়েকৰ পাত খনলৈ গ’ল ,
সুধিলে : , তোৰ মাছ ক’ত ?
আপোনালোকে খাওক চোন ! মোৰ হ’ব ।
কি হ’ল নকৱ কিয় ?
মানে এডোখৰ মেকুৰীয়ে নিলে ?
অ সেইটো কোৱা নাই কিয় ? সিয়ো ভোগালী কৰক দে , এয়া ল ভগাই খালে আটি যায় লুকাই খালে হে ঢুকাই যায় ।
ল’ৰা ছোৱালী কেইটাও কলে এয়া আমাৰ ভাগৰ পৰা ও লোৱা মা …
এয়াই আমাৰ ভোগালী …

৩৭)

দৰ্শনা কলিতা-
ভেলাঘৰ

মাঘ বিহু উপলক্ষে গাৱঁৰ পুথিভঁৰাল প্ৰাঙ্গণত অনুস্থিত হোৱা চিত্ৰাংকণ প্ৰতিযোগিতাত কৌশিকে বৰ আগ্ৰহেৰে অংশগ্ৰহণ কৰিলে। বৰ সুন্দৰ ছবি আঁকে  সি। এইবাৰ পিছে সি একো আঁকিব  নোৱাৰি উকা কাগজ খন জমা দি গুচি আহিল ।
আঁকিবলৈ দিয়া বিষয়বস্তুটো আছিল ভেলাঘৰ । সি গাৱঁৰ ককাকহঁতে বনোৱা টো আঁকিবনে  টিভিত দেখি থকা ধৰণে (ৰংঘৰ-কাৰেংঘৰ,হাতী,জাহাজ ) আঁকিব  ভাবি নাপালে ।
দুই ঘণ্টা সময় প্ৰতিযোগিতাত এনেয়ে বহি থাকোতে তাৰ মূৰত এটাই চিন্তা পাকঘূৰণি খাই থাকিল,”ভেলাঘৰ আচলতে কোনটো ?”

৩৮).
ৰন্জু শৰ্মা

উপলব্ধি-

“.. . এখন জয়াল শ্মশান,…কেইবাখনো আধাজ্বলা চিতা। সোঁমাজত বন্দী হৈ আছে এজনী কণমানি ছোৱালী।.. মুখ বিবর্ণ, দৃষ্টি ভয়ার্ত । ধোৱাই থকা আধাজ্বলা চিতাবোৰৰ পৰা আঙুলিৰে বগুৱা বাই ওলাই আহিছে কেইবাখনো আধাকটা হাত… । আহি আছে ..আহিয়েই আছে…..।. ছোৱালীজনীৰ ভৰিৰ বুঢ়া আঙুলিটোৱেদি হাত এখন উজাই আহি ক্রমে ওপৰলৈ উজাৱলৈ চেষ্টা কৰিছে।…আন এখনে ইতিমধ্যেই তাইৰ পিঠিতে খামুছি ধৰিছেহি…। ছোৱালীজনী ভয়তে ঘামিছে, সমগ্র মুখমণ্ডল নীলা…।উপায়বিহীন হৈ কেৱল মাথো তাই গগনভেদা আটাহ পাৰিছে “.বাবা” …” বাবা” …৷
…..সপোনটোৱে ঢকা এটা মাৰি তাক টোপনিৰ পৰা জগাই দিলে..। আন্ধাৰতে খেপিয়াই মজিয়াৰ বিচনাত শুই থকা জীয়েকৰ গালে মুৰে সি এবাৰ হাত ফুৰাই চালে।…ভঙা বেৰৰ জোলোঙাৰে সোমাই অহা ক্ষীন পোহৰৰ ৰেখাডালে ছোৱালীজনীৰ ওচৰতে কুছিমুছি শুই থকা তাৰ মানুহজনীৰ গালত লগা যোৱাৰাতিৰ আঘাতটো উজ্বলাই তুলিছেহি। … এতিয়াও তাত এক বিন্দু কেঁচা তেজ ।…..সেই পোহৰতে সি তাৰ নিজৰ হাতখনলৈ চালে… আচৰিত!!!…শ্মশানৰ আধাজ্বলা হাতকেইখনৰ স’তে তাৰ হাতখনৰ ইমান মিল!!!….দুচকুৰে বৈ অহা তপত চকুলোধাৰিয়ে সেই হাতবোৰ উটুৱাই লৈ গ’ল।…

৩৯)
অঞ্জলি গগৈ বৰগোহাঞি
গিবন –

মোৰ পৰিয়ালবৰ্গ ৰেল- লাইনৰ সিটো পাৰে , অকল মোৰেই নহয় আৰু বহুতো পৰিয়ালৰ এই দশা হ’ল । কত দিন হ’ল পৰিয়ালবৰ্গক কাষত লগ নোপোৱাৰ । আমি এজোপা গছৰ পৰা সিজোপা গছলৈ জপিয়াই যাত্ৰা কৰোঁ । মানুহ নামৰ প্ৰাণীবিধে নিজৰ সুবিধা ঠিকেই ললে , কিন্তু আমাৰ কথা একেবাৰে নাভাৱিলে । সেয়েহে আমি এতিয়া মানুহৰ বাৰীত হোৱা বস্তু ধ্বংস কৰাৰ ওপৰিও ,চল পালেই ভিতৰৰ খাদ্যবস্তুও খোৱাৰ বাদেও ধ্বংস কৰোঁ ।

৪০)
অঞ্জলি গগৈ বৰগোহাঞি
বাৰ্ধক্য-

পুৱাই হাঁহি উঠিল মোৰ , মানে ল’ৰাটোৱে বাহিৰলৈ ফুৰাবলৈ লৈ গৈছিল । দূৰলৈ নহয় পাছ-চোতালতে । গাহৰিটো ,কুকুৰা কেইজনী দৌৰি মোৰ কাষ চাপি আহিল বৰ্জনীয় পদাৰ্থ বিধ খাবলৈ । সেই দৃশ্য দেখিয়েই মোৰ যি হাঁহি উঠিল , মই সেই হাঁহি সামৰিবকে পৰা নাই । চাৰিকুৰি দহ বছৰীয়া মইজনী সেই তেতিয়াই এজনী ছয় বছৰীয়া ছোৱালী হৈ হাঁহিয়েই আছোঁ , হাঁহিয়েই আছোঁ ।

৪১)
অঞ্জলি গগৈ বৰগোহাঞি
স্বাৰ্থ –

পো-বোৱাৰী , নাতি-নাতিনীৰে মোৰ উদং ঘৰখন এই দুদিন ভৰি আছে । ল’ৰাটোৱে ভাল পোৱা বস্তুবোৰ কঁকাল পৰা বেমাৰী দেহাৰে ৰান্ধি খোৱাইছোঁ । মাকৰ হৃদয় যে , তিনিবছৰে সি মোৰ খবৰ এটা নোলোৱাৰ কথা পাহৰি গৈছোঁ । এইবাৰ সি আহিছে পৈত্ৰিক সম্পত্তি সমস্ত বিক্ৰী কৰিবলৈ । নগৰত সি এটা ডাঙৰ ঘৰ কিনিব বোলে , কিন্তু তাৰ আগতে মই কিছুদিন মোৰ দৰে বুঢ়া-বুঢ়ী মানুহ থকা ঘৰত কিছুদিন থাকিব লাগিব ।

৪২)
অঞ্জলি গগৈ বৰগোহাঞি
: প্ৰেম

” জোক , জোক ! মৰিলোঁ অ’ !”
সি একেদৌৰে আহি মোৰ কলাফুলৰ পৰা জোকটো এৰুৱাই দূৰলৈ দলি মাৰি দিলে । সেই তেতিয়াই তাৰ বুকুৰ ধপ্ ধপনি মোৰ বুকুৰ ধপ্ ধপনিৰ লগত এক হৈ গৈছিল । কালি তাৰ ছোৱালীজনী মোৰ ল’ৰাটোৱে পলুৱাই আনিলে । তাৰ লগত মোৰ বিয়ৈ-বিয়নী সমন্ধ ! কথাটো ভাৱোতেই বুকুখন মোচৰ মাৰি ধৰিলে ।

৪৩)
অঞ্জলি গগৈ বৰগোহাঞি
সাহিত্যিক –

মোৰ জীৱনৰ সমস্ত অভিজ্ঞতাৰে পুষ্ট উপন্যাসখনৰ পাণ্ডুলিপিটো পত্নীৰ জীৱনৰ বিনিময়ত তেওঁক বিক্ৰী কৰি দিলোঁ । তেখেত আজিকালি সাহিত্যৰ জগতত এজন মূধা-ফটা ব্যক্তি এখন উপন্যাসৰ বাবে ৷

৪৪)

অঞ্জলি গগৈ বৰগোহাঞি
আইনা-

মই তেওঁৰ পত্নী , সেইটো মোৰ পৰিচয় । তই যদিও তেওঁৰ নিশাৰ সংগীনী , তোৰ পৰিচয় বনকৰা ছোৱালীহে । তোৰ যৌৱন থকালৈকে তেওঁ তোৰ মোহান্ধ হৈ থাকিব । গতিকে এই টকা দহ হাজাৰ ল’ আৰু নিজৰ ভৱিষ্যত বিচাৰি সময় থাকোতেই আঁতৰি যা । তেওঁ মোৰ বাবে কোনো নহয় ,কেৱল এখন ভগা আইনা !

৪৫)
ৰাজীৱ শৰ্মা-
গহনা

আজি পুৱাৰে পৰা বৃদ্ধ সোণাৰীজনক উচ্চ ৰক্তচাপে বৰকৈ দিগদাৰ দি আছে।বিশেষকৈ তেওঁৰ বোৱাৰীয়েকে বিয়াত দিয়া অলংকাৰখিনি হলমাৰ্কযুক্ত সোণৰ লগত সলাবলৈ যোৱাৰে পৰা।
“সোণাৰীয়ে মাকৰ কাণৰো সোণ খাই” বোলা কথাষাৰ আজি তেওঁৰ সন্মুখত সঁচাই পৰ্বত আকাৰে ঠিয় দিছে।

৪৬)
ৰাজীৱ শৰ্মা-

দক্ষিণা

মাঘ মাহৰ প্ৰচণ্ড শীতকো নেওচি বিয়াৰ মাংগলিক কামখিনি কৰাৰ বাবদ মাত্ৰ তিনিশ টকাহে দক্ষিণা দিয়াত পুৰোহিত দেউৱে হঠাতে এটা ভুমিকম্প আহিব পৰা সিদ্ধান্ত লৈ পেলালে ।
” এইবাৰৰ পৰা কামৰ পুৰ্বেই দক্ষিণাৰ পৰিমাণটো ঠিক কৰি ল’ব লাগিব। ” তেহেলৈ তেওঁক কোনোবাই পুৰোহিতালি কৰিবলৈ মাতক বা নামাতক।

৪৭)

ৰাজীৱ শৰ্মা-

নাটক

আজিকালি আমাৰ কৃপণ মহাজন দেউতা সলনি হ’ল।সিদিনা তেখেতৰ ঘৰত কাম কৰা মানুহজনীৰ ৰেলৰ আগত পৰি মৃত্যু হোৱাত তাইৰ দুদিনিয়া কেঁচুৱাতো তুলি লোৱাৰ লগতে তাইৰ হৈ ৰাইজখনক এটা ডাঙৰ ভোজ দিলে।
ইপিনে মহাজনে ভয়েৰে ভাবিছে- ভোজৰ খকত মানুহমখাই কেঁচুৱাটোৰ মুখৰ সাদৃশ্য যে তেওঁৰে লগত মিলে মন নকৰিলেই হ’ল আৰু !

৪৮)

গীতিকা বৰা
“দেউতা কেনেকৈ?”
______________

বিয়া হৈ আহিয়েই বিপত্নীক শহুৰেকক শ্ৰদ্ধাৰে ‘দেউতা’ সম্বোধনেৰে নিজৰ দেউতাকৰ দৰেই ভাবিবলৈ লোৱা একমাত্ৰ বোৱাৰীজনীয়ে এবছৰৰ ভিতৰতে শহুৰেকক নমতা হ’ল।
গিৰিয়েকৰ হাজাৰ গালি শুনাৰ পিছতো তাই নক’লে নিজ পুত্ৰৰ অনুপস্থিতিত ‘দেউতা’কে যে তাইৰ গাত হাত দিব খোজে।অন্ততঃ সি তেওঁক ‘দেউতা’ বুলি মাতি থাকক।

৪৯)

অংকুৰ শইকীয়া
সপোনৰ সিটোপাৰে

:-  তই কিন্তু বেলি মাৰ যোৱাৰ আগতে ঘুৰিবি ৷ বতৰটো বৰ গোমোঠা মাৰি আছে ৷
:-  পদুমণি বিলত মাছৰ উজান উঠিছে বোলে ৷ মই যোৱালৈ ৰত্ন দাইটিহ’ত বাট চাই ৰৈয়ে আছে চাগে ৷
জোনালীৰ জলজলীয়া চকুযুৰি দেখি ধনৰ বুকুৰে এজাক বৰষুণ বৰষি গ’ল ৷ কিবা কম ভাৱিয়ো একো নকৈ দীঘলকৈ এটি উশাহ ল’লে; এহ্,…. মই সোনকালেই উভতিম দে ৷
ধনৰ গোটেই বাটটি জোনালীৰ শেঁতা পৰা মুখখনিয়ে বাৰুকৈ আমনি কৰিলে ৷ তাইৰ জীৱনটোক লৈ যে তাৰ কিমান কি যে সপোন আছিল ৷ কিন্তু নিয়তিৰ কি পৰিহাস ৷
:- ঐ ….! বেলি ভটিয়াবৰ হ’ল ৷ তোৰ চোন জালত মাছৰ ম তোও দেখা দেখি নাই ৷
থতমত খাই সি লৰালৰিকৈ মাছত নামিল কিন্তু মনে নধৰিল জালৰ আকাশ ৷ টুলুং-ভুটুং নাৱত ক্ৰমশ: মেঘ উপঙিল ৷ নীৰস মুখত এটি হুমুনিয়াহ ৷ যেন জোনাকী সপোনবোৰ উচন গৈছে সন্ধ্যাৰ বুকুত ৷

৫০)

মানৱজ্যোতি গোস্বামী-

তাই তাক স্কুললৈ থবলৈ গ’ল। স্কুলত সি আওৰাব ধৰিলে ওৱান টু থ্ৰী ফোৰ ।
তাইও ইতিমধ্যে ঘৰ আহি পালে। ধুবলগীয়া কাপোৰবোৰ হিচাপ কৰিবলৈ ধৰিলে এক, দুই, তিনি চাৰি।

৫১)

নেজিব মোহফোজ (Najib Mahfuz)

ৰূঢ় বাস্তৱ
—————-
টাউনখনৰ সিমূৰৰ ডাষ্টবিনটোৰ কাষত পেলোৱাৰ হেমাহিত সিঁচৰিত জাবৰখিনিত এটি কান্দোনৰ শব্দ। নৱজাতকৰ কান্দোন..!
“পুলিচক খবৰ দিয়া হৈছেনে নাই বা? কোনে ৰৈ থাকিব এই মৰ ঠাণ্ডাত আপদটো আগত লৈ?” -ভিৰৰ মাজত কাৰোবাৰ স্বগতোক্তি।
পুহমহীয়া জাৰত ঠৰঙা লাগি অলপ দুৰৈৰ পৰা কুকুৰ এটাৰ কেঁচা মাংসৰ প্ৰতি লোলুপ দৃষ্টি..! কেতিয়া যে এই উদাস মানুহবোৰৰ ভীৰটো নোহোৱা হ’ব..??

৫২)

নয়নমণি হালৈ
অভাৱ-

সোঁ-সোঁৱাই চাইকেল চলাই গৈ থকা ‘পুৰোহিত’ নৰহৰি শৰ্মা বাগৰি পৰিল ৷ পৰিলতো পৰিলেই, একেবাৰে মৰা গৰু এটাৰ ওপৰতে বাগৰি পৰিল ৷ শ্ৰী বিষ্ণু শ্ৰী বিষ্ণু ! এয়া কি হৈ গ’ল ! শাস্ত্ৰৰ বিধিমতে এতিয়া তেওঁৰ সম্পূৰ্ণ তিনিদিন নিৰন্ন উপবাস, তাৰপিচত প্ৰায়শ্চিত্ত !
কিছুসময় পৰি থাকি নৰহৰি শৰ্মা উঠিল ৷ জীয়েকৰ ‘এডমিছন’ৰ আজি ‘লাষ্ট ডেট’ ৷ পকেটত ফুটাকড়ি এটা নাই ৷ কলিতা মাষ্টৰৰ বাপেকৰ বছৰেকীয়া শ্ৰাদ্ধভাগ শেষ কৰিয়ে কলেজ পাবগৈ লাগিব ৷
চাইকেলত লাফ মাৰি উঠি নৰহৰি শৰ্মা পুনৰ সোঁ-সোঁৱাই আগবাঢ়িল ৷

৫৩)

অনিমা দেৱী
অণুগল্প

——————————
মন্টুৱে চিগাৰেটৰ দামটো দি ফোনত কৈ উঠিল ‘আৰে দ’ষ্ট পকেট খালী হলেও সোনকালে গুচি নাহো খেলিম দে এতিয়া আৰু চিন্তা নাই পেটিএম (PayTM)আছে নহয় ।
যাদব দোকানীয়ে তাকে শুনি নিজে স্বগতোক্তি কৰিলে হে ভগৱান কি উন্নতিৰ বাবে দেশ আগবাঢ়িব খুজিছে আৰু এচামে ক’লৈ লৈ গৈছে……।

৫৪)

কুশল মহন্ত
জখলা

পান পাৰিবলৈ সি সঠিক জখলাই নিৰ্বাচন কৰিছিল আৰু সফলতাৰে নামি আহিছিল কিন্তু উন্নতিৰ জখলা ডালে তাক চৰম বিন্দুত আৰোহণ কৰাইছিল ঠিকেই , কিন্তু সি ভৰিৰে মোহাৰি অহা মানবিয়তাই তাক এনেকুৱা এটা গেলা গাতত পেলালে য’ৰ পৰা উঠি অহা তাৰ বাবে সম্ভৱ নহয় ।

৫৫)

অঞ্জলি গগৈ বৰগোহাঞি

অহংকাৰ :

পৰমাৰ ঘৰত আজি গাঁৱৰ ৰাইজে উদৰ পূৰাই খাইছে , দেউতাকৰ মাহেকীয়া শ্ৰাদ্ধ আছিল বাবে । সেই হেন ঘোঁকোট ঠাইৰ গঞা ৰাইজে চহৰীয়া কাৰিকৰে ৰন্ধা ভাতসাঁজ আজিলৈকে খায়েই পোৱা নাছিল । ৰাইজে হৃদয় উজাৰি আশীৰ্বাদ দিলে । পৰমাৰ দেউতাকৰ শেষ বয়সৰ লগৰীয়া কাম কৰা ল’ৰা মন্টুৱে আমন-জিমনকৈ পাছ-চোতালৰ এফালে বহি শেষ বয়সত হোৱা ককাকৰ অৱস্থাতোৰ কথা ভাৱি থাকিল । ” আচলতে ককাই বাৰু কি বিচাৰিছিল পৰমা দাইটিৰ পৰা , আৰু পৰমা দাইটিয়ে ৰাইজক এনেকৈ ককাৰ শ্ৰাদ্ধত খুৱাই কি বুজাবলৈ বিচাৰিছে বাৰু ?”

৫৬)

অঞ্জলি গগৈ বৰগোহাঞি
অণুগল্প : বান্ধোন

বগী ছাগলীজনী , মুগা বৰণীয়া গাইজনী লগত কাজলী পোৱালিজনী , হাঁহ , পাৰ আৰু কুকুৰা কেইটা , এই সকলোবোৰ পুৱাই বান্ধোন মুক্ত কৰি মেলি দিয়ে মেলেঙনী আইতাই । কিন্তু সন্ধিয়াৰ আগে আগে সিহঁতবোৰ দেখোন ঘৰখনলৈ আকৌ ঘুৰি আহে । কেতিয়াবা যদি এদিনৰ বাবে কিবা কাৰণত বাট হেৰুৱাই , পাছদিনা সন্ধিয়াৰ বহু আগতেই ঘৰ সোমাই আহি । মেলেঙনী আইতাৰ একমাত্ৰ ল’ৰাটো আজিৰ পৰা প্ৰায় ১০ বছৰৰ আগতেই বান্ধোন মুক্ত কৰি দিলে , পিছে সি আজিলৈকে দেখোন ঘুৰিয়েই নাহিল !

৫৭)

সুনীল দত্ত
ইচ্ছা-

শীতলা বুঢ়ী মৰিবলৈ ওলাইছে।বাহিৰত থকা পুতেক,বোৱাৰীয়েক,জীয়েক,জোঁৱায়েকহঁত আহি এইকেইদিন পুৰণি ঘৰত বাহৰ পাতিছে।বুঢ়ীৰ জীউটো ভালকৈ যাবলৈ পুৱা গধূলি মনোহৰ দেউৱে গীতা পাঠ কৰি আছে।ওচৰৰে বিলৰ পৰা আজি দুপৰীয়াতে ডাঙৰ পুতেকে এটা প্ৰকাণ্ড বৰালি মাছ আনিছে।সন্ধিয়া পাকঘৰত বোৱাৰীয়েকহঁতে মাছ ভাজিবলৈ ধৰিলে।ভজা মাছৰ মলমলীয়া গোন্ধে গোটেই ঘৰটোতে পাকঘূৰণি খাবলৈ ধৰিলে।শীতলা বুঢ়ীয়ে হাতৰ ইঙ্গিতেৰে সৰু জীয়েকক ওচৰলৈ মাতি আনিলে।জীয়েকৰ কাণৰ কাষত বুঢ়ীয়ে সেঁহাই সেঁহাই ক’বলৈ ধৰিলে-“সৰুমাকো। পিতাৰ মৰাৰ দিন ধৰি নিৰামিষেই খাই আহিছোঁ।বামুণৰ বিধৱা।আজি মাছ এচকল খুৱাবি?”

৫৮)

অংকুৰ শইকীয়া
জোনাকৰ পদূলি-

“এই মুঠি ধান কাটি আগলি কলপাত খিলাত ভালকৈ মেৰিয়াই লোৱা “৷ শাহুৱেকৰ কথা শুনি ন-বোৱাৰী আচৰিত হ’ল ৷মা, কথা এটি কওঁনে ? …..কিয়নো এনেকৈ ধানমুঠি ল’ব লাগে ? উহ্ আই তাকো নাজানানে ! নহয় অ’ মা মই খেতি-পথাৰৰ কথা ভালকৈ নাজানো যে ৷ হ’ব দিয়া মই তোমাক বুজাই ক’ম ৷ বেলি ভটিয়ালে ৷ ঘৰলৈ গৈ লওঁ বলা ৷
-মা, কথাটো নকলে যে …. ৷বোৱাৰী, আগতে তুমি ভঁড়ালৰ মুখত ধানমুঠি থৈ চাকিগচি জ্বলাই সেৱা কৰি আহাচোন ৷ মই দেউতাৰক থাপনাখন সজাই-পৰাই ল’বলৈ কওঁ ৷
বোৱাৰীয়েকৰ সজল চকুযুৰি দেখি শাহুয়েকৰ বুকুখন বৰফ গলাদি গলি গ’ল ৷ হেৰ’ আই আজি জানো লক্ষিমী ঘৰলৈ অনা দিন নহয় ৷ যোৱা কামবোৰ সোনকালে কৰা ৷ এতিয়া সোণটি নিচাদেউহ’ত পাবহিয়ে ৷ মাহ-প্ৰসাদবোৰ ধুবলৈও আছে ৷

৫৯)

ৰাজীৱ শৰ্মা
জীৱন –

ছাৰ, এই বাথৰূমটো দেখিলে মোৰ নিজৰ জীৱনলৈ ধিক্কাৰ জন্মে।মোক হাতৰ কামৰ নমুনা দেখুৱাবলৈ নিয়া মিস্ত্ৰীজনৰ কথাত মই অবাক হৈ তেওঁলৈ চালো।
অন্তৰত জমা হৈ থকা এগালমান দুখ মোৰ সন্মুখত উদঙাই দি তেওঁ ক’লে

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক