অণুগল্প সম্বন্ধে মোৰ ক’বলগীয়া (প্ৰতিম প্ৰতাপ বৰুৱা)

এটা লেখাৰ দৈৰ্ঘ্যই লেখাটোৰ পাঠকৰ সংখ্যা নিৰ্ধাৰণ নকৰে, লিখাটোৰ মানদণ্ডইহে পাঠকৰ সংখ্যা নিৰ্ধাৰণ কৰে।

অণুগল্প বা ক্ষুদ্ৰগল্প বা এধানি গল্প বা আন যি নামেই দিয়া নহওক, এই ধাৰাটো নতুনকৈ আৰম্ভ হৈছেহে মাত্ৰ। এটা সাধাৰণ জোখৰ (প্ৰয়োজনমতে ছুটি বা দীঘল), ইতিমধ্যে নিৰ্ধাৰিত সকলো বৈশিষ্ট থকা পূৰ্ণাংগ গল্পৰ লগত এই নতুন ধৰণৰ অণুগল্পসমূহৰ বৈশিষ্ট মিলিবই লাগিব বুলি ভবাটো শূদ্ধ নহ’ব।

মই ভাবোঁ অণুগল্পৰ এই নতুন ধাৰাটোক বাধা নিদি নিজৰ মতে আগুৱাবলৈ দিয়া হওক। অণুগল্পসমূহক সময়ৰ পৰীক্ষাত ঊত্তীৰ্ণ হ’বলৈ দিয়া হওক। সময়ে এই ধাৰাটোত এটা পৰিপক্কতাৰ প্ৰলেপ নিজে নিজে সানি দিব আৰু তেতিয়াই আমি এই অণুগল্পসমূহৰ এটা বৈশিষ্ট পাম।

মন্তব্যসমূহ:
অজয়লাল দত্ত: লাইক

উৎপল জোনাক হাজৰিকা: একমত

মাধুৰিমা ঘৰফলীয়া: লাইক

দেৱব্ৰত বৰা: মই আপোনাৰ সৈতে একমত।

ভাস্কৰজ্যোতি দাস: সকলো বিষয় প্ৰথমে পৰীক্ষামুলকেই হয় । লাহে লাহে বৈশিষ্ট বা আন আন দিশসমুহ আহে । সেয়ে উচিত মাত্ৰাৰে কৰা পৰীক্ষণৰ পাচতহে ইয়াৰ সংজ্ঞা নিৰূপণ কৰাটো উচিত । অনুগল্পৰ ক্ষেত্ৰটো একেটা কথাই খাটে । সেয়ে, ময়ো সহমত আগবঢ়ালো ।

ঋতুৰাজ: মোৰ মতে এই অনুগল্পৰ ধাৰণাটো নতুন নহয় । কাৰণ আজিৰ পৰা প্রায় ২০ বছৰৰ আগতেও বিষ্ময়, ৰহস্য আদি আলোচনীত এনে ধৰণৰ গল্প পাইছিলো । সেই সময়ত গল্পবোৰৰ শিৰোনামা আছিল “এক মিনিতৰ গল্প” ।

অজয়লাল দত্ত: প্ৰাঞ্জল কুমাৰ শৰ্মা বশিষ্ঠ আৰু প্ৰাঞ্জল দলৈ এই শিতানৰ নিয়মীয়া লেখক আছিল ৷ আৰু এই দুজনৰ নাম, নুন্যতম দহ বছৰ আগতেই পঢ়া ৷

ভাস্কৰজ্যোতি দাস: ধাৰণাটো নতুন নহয় । কিন্তু পুৰ্বৰ এক মিনিটৰ গল্পবোৰ বিষ্ময়, ৰহস্য আদি আলোচনীত এটা পৃষ্ঠাতে প্ৰকাশ পাইছিল (বা শেষ হৈছিল) । বিষয় বা সমলৰ লেখেৰে চাবলৈ গ’লে এইবোৰ পঢ়িবলৈ এক মিনিট বা তাতোকৈ কিছু কম বা বেছি সময় লাগিছিল বাবেই হয়টো এইবোৰে “এক মিনিটৰ গল্প”ৰ নাম পাইছিল । কিন্তু শেহতীয়াকৈ অ.ক.ব.ত আলোচিত হোৱা গল্পবোৰ ৮-১০ বাক্যতে শেষ হয় । গল্পৰ এই নতুন ধাৰাটোৰ সন্দৰ্ভতহে আলোচনা হৈছে মোৰ বোধেৰে । ঋতুৰাজ আৰু অজয়লাল দত্ত ডাঙৰীয়া ।

ঋতুৰাজ: হয় কথাটো সচা । সেই সময়ৰ এক মিনিতৰ গল্পবোৰ এক বা আধা পৃষ্ঠাত শেষ হৈছিল ।
প্ৰতিম প্ৰতাপ বৰুৱা: এক মিনিটৰ গল্পৰ যিটো শৈলী আছিল সেই শৈলীটো আমাৰ ইয়াত আলোচিত অণুগল্প সমূহত দেখা পোৱা নাযায়। এই অণুগল্পসমূহ দুটা বা তিনিটা শাৰীতে বা খুব বেছি ছয়টামান শাৰীত শেষ কৰা হৈছে। এতিয়ালৈকে মই অকবত পঢ়া অণুগল্পসমূহত মূল কাহিনীটোৰ এটা ক্ষুদ্ৰ অংশহে পাইছোঁ। সেয়ে এবাৰ লিখিছিলো যে কেইটামান অণুগল্প পঢ়ি ভাৱ হয় যে এইকেইটাত পূৰ্ণাংগ গল্প হ’ব পৰাৰ সকলো উপাদান আছে।

গীতাৰ্থ বৰদলৈ: যিহেতু গল্পৰ (আমি বুজা) সাধাৰণ উপাদানসমূহ নাই, গতিকে তেনেকুৱা লেখাকেইটাৰ নামৰপৰা ‘গল্প’ শব্দটো আঁতৰাই আন নাম দিয়া উচিত। তেতিয়া আপত্তিৰো থল নাথাকে। ধাৰাটো কিন্তু ৰৈ যাব নালাগে।

দেৱব্ৰত গগৈ: গীৰ্তাথৰ কথাষাৰত সহমত পোষণ কৰিলো । মিতিৰো ৰওক চাউলো সিজক ।
মনোৰঞ্জন মজুমদাৰ সহমত গীতাৰ্থদাৰ সৈতে৷ গল্পৰ উপাদান নাথাকে সঁচা, কিন্তু লিখনীটো পঢ়ি কবিতা নে গল্পই লিখিছে সেয়া পাৰ্থক্য চকুত পৰিব লাগিব৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments