অণুগল্প

 

প্ৰাপ্তি – বন্দিতা গগৈ বৰা

—————————————–

: বাইদেউ আজি অলপ সোনকালে ঘৰলৈ যাম৷
চশমাৰ ওপৰেৰে তাইলৈ তীৰ্যক চাৱনি এটাৰে চাই পঠালে মিচেছ দাসে,
: কিয় বা? আহিছহে মাত্ৰ, কামবোৰ শেষ কৰ আগতে৷
: বাইদেউ আজি আধাঘণ্টা আগতে আহিছোচোন, আপুনি মন নকৰিলে চাগৈ৷
: বাৰু আহিছ ভাল কৰিছ, যা কামত লাগ৷ পিছে নকলি যে কিয় ছুটী বিচাৰিছ?
: বাইদেউ আজি স্বাধীনতা দিৱস যে৷
: হয় তাতে? ?
: ছোৱালীজনীয়ে ছৱি অঁকা প্ৰতিযোগিতাত প্ৰথম হৈছে, ডি চি চাৰে পুৰস্কাৰ দিব৷
: ছোৱালীয়ে পুৰস্কাৰ পাইছে, তাই লব, তই কিয় যাব লাগে?
: মোৰো চাবলৈ মন গৈছে বাইদেউ, তাই ডি চি ছাৰৰ হাতৰ পৰা পুৰস্কাৰ লোৱাটো, আৰু চহৰত বৰ ভীৰ যে, সৰু ছোৱালীজনীক অকলে কেনেকৈনো পঠাও কওঁকছোন বাইদেউ? জন্মৰে পৰাই ভৰি এটা চুটি তাইৰ, অকলে ইমান দূৰ যাব নোৱাৰিব বাইদেউ৷

মিচেছ দাস,বাকৰূদ্ধ হৈ পৰিল| ঘৰৰ মালিকনী হ’লেও তেৱো দুজনী ছোৱালীৰ মাতৃ, ৰেণুকা নামৰ তেওঁৰ সন্মুখত থিয় হৈ থকা মাতৃগৰাকীলৈ কিবা এটা মৰম উপজিল তেওঁৰ৷ ৰেণুকাই কোনোদিন ছোৱালীজনীৰ ভৰিখনৰ কথা কোৱাও নাছিল, আজিহে জানিলে তাইৰপৰা৷

: ৰেণুকা যিমান পাৰ সোনকালেই যা, আজি স্কুলো নাই ইহঁতৰ, মই বাকীখিনি কৰিম৷ এটা কাম কৰিবি এই এশ টকা তোৰ ছোৱালীজনীলৈ বুলি মোৰ ফালৰ পৰা উপহাৰ দিলো, তাইক কিবা এটা কিনি দিবি আৰু পাৰিলে তাইক আহোতে -যাওঁতে ৰিক্মাতে লৈ যাবি অ৷ বৰ গৰম পৰিছে আজি৷
ৰেণুকাৰ মুখত এটা আনন্দৰ ঢৌ খেলি গ’ল, প্ৰাপ্তিৰ আনন্দ৷ স্বাধীনতা দিৱসে যেন সদায়ে ৰেণুকাহঁতৰ মুখত এনেকৈ প্ৰাপ্তিৰ আনন্দ ফুটাই তোলে, নহ’লে স্বাধীনতাৰ অৰ্থ কোনোবাখিনিত অৰ্থহীন হ’বগৈ৷

★★

লখিমী –  বিকী দাস

———————–

: এইজনী আমাৰ মনেশ্বৰ‍ৰ ছোৱালী নহয় নে? তই হেনো চাকৰি পালি?
নাৰ্চৰ লগত কথা পাতি থকা ছোৱালীজনীক দেখি মহীৰাম বুঢ়াই চিঞৰিলে৷
: হয় দেউতা ওচৰ‍ৰ স্কুলখনতে পালো৷
: হওক দে ভালেই হৈছে,তোৰ বাপেৰে ল’ৰা এটাৰ কাৰণে কম আশা কৰিছিলেনে! কিম্তূ তিনিওজনী ছোৱালীয়ে ইয়াত কি কৰিছ? বাপেৰ‍ৰ গা ভালে আছে নহয়৷
: নাই, অলপ প্ৰেছাৰে দিগদাৰ লগাইছে,সেয়ে লৈ আনিল | পিছে ধন দা আৰু মুণ্টি দা ক’ত? আপুনি অকলে আহিলে যে?
: সিহঁতে গুৱাহাটীত চাকৰি পালে নহয়,তাতে থাকে৷ মাহে মাহে টকা পঠিয়ায়৷ গাটো মোৰো বিশেষ ঠিক নহয় তাকে চাওঁচোন ডাক্তৰে বা কি কয়!

★★

পোৱালি – চৈয়দ হান্নাদ আহমেদ

———————–

: “পোৱালি, দুই নম্বৰত চাহ দুকাপ৷ একাপ বিনা চেনি৷”
পোৱালি দৌৰে৷

কেতিয়াবা চেগ চাই পোৱালি পিছফালৰ চকীখনত বহে৷

: “পোৱালি চাৰি নম্বৰখন চাফ কৰি দে“

পোৱালি ভিৰাই দৌৰ মাৰে৷ দিনটো চিধাচিধি দৌৰিলে ৰঙিয়াৰ পৰা হয়তো জালুকবাৰী পালেহেঁতেন৷ মানুহৰ ভোক গুচাবৰ বাবে পোৱালি দৌৰি থাকে৷ কিন্তু পোৱালিৰ খাবলৈ তৰণি নাই৷ ভোকত ৰ’ব নোৱাৰি চুক এটাত গৈ পৰঠাত কামোৰ মাৰে৷

:“পোৱালি—-!”

আধা কামোৰা পৰঠা পেলাই পোৱালি পুনৰ দৌৰে৷ পুৱা চাৰিবজাত পোৱালি উঠে৷ চাফ চিকুনৰ সমস্ত ভাৰ তাৰ কণমানি কান্ধত৷ ৰাতি ১২ বজাত বিছনালৈ যায়৷ বিছনানো কি মজিয়াতে বস্তাটো পাৰি অৱশ দেহাটো এৰি দিয়ে৷ বেলি উঠাৰ আগৰে পৰা পোৱালিৰ পুনৰ আৰম্ভ হয় দৌৰ৷ জীৱনে পিছফালৰ পৰা তাক খেদি যায় নে আগফালৰ পৰা টানি নিয়ে সি ধৰিব নোৱাৰে৷ বিছনাত পৰি থকা বাপেকলৈ মনত পৰে৷ মাক আহি থাকে খবৰ ল’ব মানে পইচা নিব৷

:“পোৱালি’ -কাণত বাজিলেই পোৱালি দৌৰে৷

এনেকৈ দৌৰোতে দৌৰোতে পোৱালি কিমান যে পিছুৱালে৷

■■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক