অণুগল্প

ফাঁচী: উৎপল জোনাক হাজৰিকা

জন্ম, মৃত্যু আৰু বিবাহৰ কথা হেনো কোনেও ক’ব নোৱাৰে। কথাষাৰ তাৰ ক্ষেত্ৰত মিচা প্ৰমাণিত হ’ল। এগৰাকী নাৰীক বলাৎকাৰ আৰু হত্যাৰ অপৰাধত আদালতত সি চৰম শাস্তিৰ সন্মুখীন হ’ল। কাৰাগাৰৰ এটা নিৰ্জন কুঠৰিত বহি সি মৃত্যুৰ ক্ষণ গণিছে। কিমান দুৰ্ধৰ্ষ হ’লে এজন মানুহে আদালতত বিচাৰকে দিয়া ৰায়ত নিৰ্বিকাৰ হৈ থাকিব পাৰে? অনুতাপ বুলি কোনো শব্দ কি তাৰ জীৱনৰ সংবিধানত নাই? সকলোৰে মুখত এটাই প্ৰশ্ন। পুলিচে তাক বিচাৰি কৰায়ত্ত কৰাৰে পৰা শেষ বিচাৰৰ সময়লৈকে তাৰ মুখখন আছিল ভাবলেশহীন। সকলো যেন সি জানি বুজিয়ে কৰিছিল। এটা সাধাৰণ ঘৰৰ ল’ৰা সি। দেউতাকে দুবেলা-দুমুঠিৰ বাবে কঠোৰ সংগ্ৰাম কৰিব লগা হৈছিল। সামান্য অজুহাততে কাৰখানাৰ সৰু চাকৰিটো হেৰুৱাব লগা বাপেকে পিচত মদ খাবলৈ আৰম্ভ কৰিছিল। এদিন তেনেকৈয়ে মৰি থাকিল। মাকে অ’ত-ত’ত কাম কৰি তাক আৰু বায়েকক পোহপাল দিছিল। ভৱিষ্যতৰ কথা ভাবি এদিন বায়েক পলাই গৈছিল বাপেকৰ সমবয়সৰ এজন মানুহৰ স’তে। মফচলীয় চহৰখনত সি নিজকে অকলশৰীয়া অনুভৱ কৰিছিল যেতিয়া তাৰ কোনো প্ৰশ্নৰ উত্তৰ সি মাকৰ পৰা পোৱা নাছিল। নিজতকৈ বয়সত বহু বছৰে ডাঙৰ এজাকৰ সৈতে আৰম্ভ হৈছিল তাৰ নতুন জীৱন। ভুল-শুদ্ধৰ বিচাৰ নোহোৱা তাৰ জীৱনত সি আৰম্ভ কৰিছিল তাৰ বাবে শুদ্ধ বুলি পৰিগণিত হোৱা অপৰাধ। আৰু এদিন সি কৰি পেলালে সেই মাৰাত্মক অপৰাধ। তাৰ বায়েকৰ সমবয়সীয়া এজনী কলেজীয়া ছোৱালীৰ ওপৰত তাৰ আৰু তাৰ বন্ধুবৰ্গৰ যৌন উৎপীড়ন আৰু পাছত নৃশংসভাৱে হত্যা। তাক ধৰি পেলাইছিল পুলিচে। সমগ্ৰ দেশজুৰি আৰম্ভ হৈছিল বিষয়টোৰ চৰ্চা আৰু ধিক্কাৰ। সকলোৱে বিচাৰিছিল তাৰ চৰম শাস্তি হোৱাটো। যাতে ভবিষ্যতে কোনোৱে এনে অপৰাধৰ সাহস নকৰে। হৈছিলো তাৰ শাস্তি। আদালতত তাৰ বিপক্ষে ঠিয় দিয়া কোনোটো প্ৰমাণৰ বিৰুদ্ধেই সি মাত মাতিব পৰা নাছিল। তাৰ মৃত্যুদণ্ডৰ বাবে আদালতে ৰায়দান কৰিছিল। তেতিয়াও তাৰ মুখ আছিল ভাবলেশহীন। এটা নিৰ্জন কুঠৰীত তাক ৰখা হৈছিল অকলশৰে। অৱসৰৰ বাবে মাত্ৰ কেইটামান মাহ বাকী থকা কাৰাধ্যক্ষজনৰ বাবে সি আছিল পৰম বিস্ময়। তেওঁৰ জীৱন কালত লগ পোৱা কোনো কাৰাবন্দীৰ সতে তেওঁ তাক ৰিজাব পৰা নাছিল। কিবা এটা যেন তেওঁ বিচাৰি আছিল তাৰ মাজত। ফাঁচীৰ আগৰ দিনটোত তেওঁ তাক নিজাকৈ প্ৰশ্ন কৰিছিল যে তাৰ কোনো অন্তিম ইচ্ছা আছে নেকি। তেতিয়া সি কোনো জবাব দিয়া নাছিল। সিদিনাই পিছবেলালৈ কাৰাৰক্ষীৰ হতুৱাই সি কাৰাধ্যক্ষজনক মতাই পঠাইছিল। কাৰাধ্যক্ষজন ততাতৈয়াকৈ তাৰ কাষত উপস্থিত হ’লত সি তেওঁক অনুচ্চ সুৰত ক’লে তাৰ এটা অন্তিম ইচ্ছা আছে। কাৰাধ্যক্ষজনৰ মুখখন উজলি উঠিল। তেওঁ যেন তাকেই বিচাৰি আছিল। সি ক’লে সি বিচাৰিছে তাক তাৰ চিনাকীসকলৰ সমুখত ফাঁচী দিয়া হওক। কাৰাধ্যক্ষজনে চঁক খালে। নামাতিলে একো। যেন তেওঁ বিচাৰিছে প্ৰথমে তাৰ ক’বলগীয়াখিনি শেষ হওক। সি আকৌ আৰম্ভ কৰিলে যে সি বিচাৰিছে মানুহ মৰিলে কিমান কষ্ট হয় তাক সি তাৰ মাক, বায়েক আৰু তাৰ চুবুৰীয়াক দেখুৱাব খোজে, তেওঁলোকে তাৰ ফাঁচীৰ দৃশ্য চোৱাটো সি বিচাৰে। তাৰ মনে বিচাৰে সিহঁতেও বুজক মৃত্যুৰ ক্ষণ গণি থকা কিমান কষ্টকৰ যিমান সহজ কাৰোবাক আঙুলি টোঁৱাবলৈ। নিসংগতাতকৈও ভয়াৱহ চাগে’ ক্লীৱতা। সি ভোৰভোৰালে। কাৰাধ্যক্ষজন এইবাৰ সচকিত হ’ল। তেওঁ বুজিলে তেওঁ যি বিচাৰিছিল সি তাকে ক’লে। তেওঁ ভাবিলে তাৰ সমস্ত নীৰৱতা আৰু তাৰ অন্তিম ইচ্ছাই যেন তাৰ চৰম শাস্তিটোক ইতিকিং কৰিছে। কাৰাধ্যক্ষজনৰ মুখখন আৰু উজ্বল হ’ল। তেওঁ তাৰ প্ৰস্তাৱৰ পূৰ্ণ সন্মতিৰ ভাব মুখলৈ আনি তাক কাৰ্যকৰী কৰিবৰ বাবে ল’বলগা সন্মতি বিচাৰি লৰ ধৰিলে।

********************************

তিনিটা আধামিনিটৰ গল্প: দেৱব্ৰত বৰা

থাৰ্টি ফাৰ্ষ্ট

———————–
তিনিআলিটোতে মেলেং খুড়াৰ গাহৰি মাংসৰ দোকান। আগেয়ে নিজে গাহৰি কাটি মাংস বিক্রি কৰিছিল। এতিয়া মাংস আনৰ পৰা কিনি আনে। আজি বোলে থাৰ্টি ফাৰ্ষ্ট । মাংস অলপ বেছি বিক্রি হ’ব। সেয়ে তেওঁ মাংস অলপ বেছি আনিছে। সন্ধ্যালৈকে মাংস ঠিকেই বিক্রি হ’ল। লাহে লাহে ৰাতি হ’ল। মাংসও আৰু বেছি নাই। চাৰি কিলোগ্ৰামমানহে আছে। তেনেতে বাইক এখনত তিনিজন যুৱক আহিল। মাংস লাগে। দাম সোধাত খুড়াই আগৰ দামতকৈ বিশ টকা বেছিকৈ ক’লে। উপাই নাই। থলীতে দাম বেছি। ল’ৰাকেইজন নাচোৰবান্দা। সিহঁতক আগৰ দামতে মাংস লাগে। সিহঁতৰ হাতত বোলে আৰু পইচা নাই । তেনেতে এটা ল’ৰাই জেপৰ পৰা বটল এটা উলিয়ালে, কাষৰ চাহ দোকানখনৰ পৰা প্লাষ্টিকৰ গিলাচ এটা আনিলে আৰু বটলটোৰ পৰা পানীয় অলপ বাকি মেলেং খুড়াৰ হাতত দিলে। খুড়াৰ ওঁঠৰ তলেদি এক বিচিত্র হাঁহি বাগৰি গ’ল। পানী অলপ মিহলাই সেইখিনি পি থ’লে। ল’ৰাকেইজনক এক কিলোগ্ৰাম মাংস বিনামূল্যে দি দিলে। ক’লে— “যাঃ, থাৰ্টি ফাৰ্ষ্ট বুলি তহঁতৰ লগতে ময়ো অলপ ফুৰ্টি কৰিলোং আৰু দে।”

উৰুকাৰ জুই
———————–
গাওঁখনত কুকুৰা খোৱা নিষেধ। ঘৰলৈ আলহী আহিলে পাৰ মৰা হয়। উৰুকাৰ দিনা গাঁওখনৰে ল’ৰাকেইজনমানে ছাগলি কাটে। বুবুল, জানহঁতে ঢেৰাঘৰ সাজিছে। উৰুকাৰ দিনা সিহঁতেও গাঁৱতে কটা ছাগলিৰ মাংস খাব। কিন্তু সিহঁতে উৰুকাৰ আগদিনাই ঢেৰাঘৰটো তৈয়াৰ কৰি উলিয়ালে আৰু মনে মনে কুকুৰাৰ মাংস খোৱাৰ পৰিকল্পনা কৰিলে। কুকুৰা আহিল। অনভিজ্ঞ হাতেৰে মাংস সাজু কৰি কেৰাহিত বহালে। তেনেতে সিহঁতৰ খবৰ ল’বলৈ থানেশ্বৰ খুড়া আহিল আৰু ঘটনাটো ঘটি গ’ল। সিহঁতৰ আধা সিজা মাংস কেৰাহিৰ পৰাই পেলাই দিয়া হ’ল। কুকুৰা মাংস খোৱাৰ অপৰাধত সিহঁতৰ ঢেৰাঘৰটোও উৰুকাৰ দিনাই জ্বলাই দিয়া হ’ল।

এতিয়া উৰুকাৰ দিনা থানেশ্বৰ খুড়াৰ বুকুত একুৰা জুই জ্বলে। তেওঁৰ পুত্ৰ-ভতিজাহঁতে সেইদিনা ঘৰতে গাহৰি মাংস আৰু পনীয়া বিধেৰে ভোজ পাতে।

(ঢেৰাঘৰ = ভেলাঘৰ)

জ্যোতি
———————-
মালিক পৰিয়ালৰ সন্তান বিচাপে সি খুব সৰুৰে পৰাই চাহবাগিছা দেখিছে। শাৰী শাৰী শিৰীশ গছৰ মাজে মাজে জোপোহা চাহ গছবোৰ। এই সেউজীয়াই তাক বৰকৈ আকৰ্ষণ কৰে। ডাঙৰ হৈ অহাৰ লগে লগে সি বুজি উঠিছে, এই যে বিশাল সেউজ, এয়া সৌন্দৰ্য বৰ্ধণৰ বাবে নহয়। ইয়াত লাভ-লোকচানৰ অংক আছে। শ্রমিক-শোষকৰ কাহিনী আছে। এই চাহ পাতবোৰ মালিক পক্ষৰ বাবে একো একোটা সেউজীয়া সোণৰ পাত। তাৰ বিপৰিতে শ্রমিকসকলৰ জীৱন মূল্যহীন। এতিয়া তাক সেউজীয়াই যেনেকৈ আকৰ্ষণ কৰে, চাহ শ্রমিকৰ জীৱনেও তেনেকৈয়ে আকৰ্ষণ কৰে। সি বাগিছাৰ মাজে মাজে খোজ কাঢ়িবলৈ ধৰিলে। দেখিবলৈ পালে তীব্র গৰমত কেইগৰাকীমান শ্রমিক ছোৱালীয়ে শিৰীশৰ তলত জিৰাইছে। আধা লিখা গানটো মনলৈ আহিল। সি বিয়া নামৰ সুৰত গুনগুনাবলৈ ধৰিলে “ভাটি দেশৰে কুলি ছোৱালী অ’/ টুকুৰিত ভৰাবি কোমল পাতে/ভাগৰি জিৰাবি শিৰীশৰ ছাঁতে/আঙুলি বুলাবি পাতে পাতে/খৰকৈ বুলাবি অ’ তই/লাখো লাখ টকাৰে মোকে নাটে…….।” গানটো সম্পূৰ্ণ হোৱাৰ পথত। তাৰ চকুৱে মুখে এক বিমল জ্যোতি বিয়পি পৰিল।

ভাস্কৰজ্যোতি দাস
ছাদ্দাম আলীৰ ম’বাইল

গুৰু চিনেমাৰ ‘বৰচো ৰে মেঘা মেঘা…” গানটো কম ভলিউমত শুনি শুনি কম্পিউটাৰত কিবা কাম এটা কৰি থকা সময়তে বাহিৰত কাৰোবাৰ চাইনিজ ম’বাইলৰ টেঙটেঙীয়া চাউণ্ডত সুধাকন্ঠৰ “ৰংপুৰ তোমাৰে নাম হওক মংগল তোমাৰ….” গানটো বাজি উঠিল । শব্দটো অনুসৰণ কৰি দেখো নিৰ্মীয়মাণ টয়লেটটোত কাম কৰি থকা টাইলছ মিস্ত্ৰীৰ চিলেটীয়া যোগালি ছাদ্দাম আলি।

****************************

পাখি: উৎপলজোনাক হাজৰিকা

এজাক বতাহ বলাৰ উমান পাই নতুনকৈ পাখি গজা পোৱালিহালে মাকক উৰিবলৈ শিকাবলৈ কুটুৰিছে। মাক চৰাইজনীয়ে ভাবিলে হয়তো, বতাহজাকত উৰিলে সিহঁতক অলপ দূৰলৈও নিব পৰা যাব। আজিকালি তলৰ ৰাস্তাটোত মানুহৰ ভীৰ বাঢ়িছে। আৰু ইটোডালৰ পৰা আনটো ডাললৈ সিহঁতে উৰিবলৈ শিকিছেই। মাকে সিহঁতক সেউজ সংকেট দিয়াত কণমানি চৰাইহালৰ আনন্দতে হিয়া নধৰা হ’ল। বতাহজাক অলপ জোৰেৰে বলিবলৈ আৰম্ভ কৰিছে। দুয়ো মাকৰ স’তে উৰিছে। বতাহজাকো আগতকৈ বেগত বলিছে। সিহঁতেও বতাহৰ তালত তাল মিলাই উৰিছে। লাহে লাহে বতাহৰ বেগ আৰু বাঢ়িছে। মাকে পোৱালিহালক মাতিলে, নাযাবা নাযাবা আৰু দূৰলৈ। নাই, সিহঁতে আনন্দতে মাকৰ কথালৈ কৰ্ণপাতেই নকৰিলে। ক্ৰমশঃ পোৱালিহাল মাকৰ চকুৰ পৰা আঁতৰ হৈ গল। মাকে যাব খুজিও বতাহৰ বাবে যাব নোৱাৰিলে। বতাহ নকমিল। বতাহৰ হো-হোঁৱনিত মাকৰ চিঞৰ তল পৰিল। গছৰ ডালত বহি মাকে সিহঁতক মাতি থাকিল।

*********************************

 

ভ্ৰম বনাম যুক্তি: ডেভিদ স্বৰ্গীয়াৰী

কি নাম দিব বাৰু এই সম্বন্ধৰ! – ৰমাকাইটিয়ে ভাবি উলিয়াব পৰা নাই। অথচ সি খুব ভালকৈয়ে জানে যে এয়া বেছিদিন টিকাটো অসম্ভৱ ৷ …

বাৰে বাৰে একেটা কথাকে মনত পাগুলিয়াই থাকিল সি; অথচ সমাধান সূত্ৰ বিচাৰি উলিয়াব পৰা নাই ৷ খুবেই জটিল এই জীৱনৰ অংক ৷ পাৰিব নে বাৰু সি !

অ’ ৰ’ব, আপুনি যদি তাক চিনি পায়, এবাৰ মোৰ কথা কৈ দিবচোন ৷ দেখিব কিদৰে জঁকি উঠে সি। “মোৰ বিষয়ে ইমান মিছা মিছা কথা লিখা সেইটো মৰাই নাই নেকি …?”

আপুনি হয়তো ভাবিব – তাৰ কথাই সঁচা ৷ অৱশ্যে সেয়া মিছাও নহয় ৷ অলপ যুক্তি খটুৱালেই উত্তৰটো ফটফটীয়াকৈ ওলাই যায় ৷ আপুনিও এবাৰ চেষ্টা কৰি চাওকচোন ৷

কিন্তু মোৰ অনুৰোধ – আপুনি মোৰ প্ৰতি বিশ্বাস নেহেৰুৱাব ৷…

*****************************

 

পৰোপকাৰ: মৃণাল কুমাৰ বৰা

ঠাণ্ডা বেছি হৈ আহিছে। মোৰ ফটা, টাপলি মৰা কম্বলখনে বাধা দি ৰাখিব পৰা নাই নিশা আগবঢ়াৰ লগে লগে বঢ়ি অহা নিয়ৰক’ণাৰ খুন্দা। সিহঁতে মোৰ নিঃকিন কম্বল আৰু ফটা চোলাটোক ইতিকিং কৰিছে। জাৰকালিটোলৈ মোৰ খং উঠিছে। জুই একুৰা জ্বলাব পৰা হ’লে ভাল হ’লহেঁতেন। পিছে যি কাগজ, টায়াৰ আৰু শুকান পাত আছিল সেয়া গধূলিৰ জুইকুৰাতে শেষ হ’ল। আজিকালি কাগজ আৰু গছৰ পাতৰ পৰিমাণ কমি আহিছে। সৌ ফপৰা কুকুৰটোৱেও শুব পৰা নাই ঠাণ্ডাত। মই লাহে লাহে ঠিয় হ’লোঁ। এখোজ দুখোজকৈ আগবাঢ়ি কুকুৰটোকো মোৰ কম্বলৰ তলত সুমুৱাই দুয়োটা শুই পৰিলোঁ। ঠাণ্ডা এতিয়া আগতকৈ কম।

*****************************

 

অর্ধাংগিনী: সিদ্ধাৰ্থ শৰ্মা

সত্তৰোর্ধৰ ব্যক্তিজনে বাৰাণ্ডাত বহি পুৰণা ডায়েৰি পঢ়ি গল। পৃষ্ঠাবোৰ পঢ়ি তেওঁ অকলে হাঁহিলে, কিছুমান পৃষ্ঠাত মুখত খঙৰ অভিব্যক্তি আৰু কিছুমানত কপালত চিন্তাৰ ৰেখা দেখা গ’ল।
এখন ডায়েৰিৰ এটা পৃষ্ঠাত তেওঁ কিছুসময়ৰ থমকি ৰ’ল। তেওঁৰ চকুৰে চকুলো ববলৈ ধৰিলে।
তেওঁ হঠাৎ চকীৰ উঠি পত্নীৰ ফটোত ওলমাই থোৱা মালাডাল ছিঙিলে আৰু ডায়েৰিৰ পৃষ্ঠাখন ফালি পেলালে।
তেওঁ সেইদিনা ডায়েৰিত লিখিলে ‘ মই এতিয়াওঁ জীয়াই আছো।’

****************************

তাড়না: দেৱব্ৰত বৰা

পেহীয়েকৰ ওচৰলৈ যোৱা দাদাজনে পূজা চাবলৈ টকা এশ দিলে। সি আনন্দতে মাকক ক’লে “এইবাৰ পূজাত ভাল পিষ্টল এটা কিনিম।“ মাকে দেউতাকৰ প্রতি এক বিশেষ দৃষ্টি নিক্ষেপ কৰিলে। দেউতাকে টকাশ থাপ মাৰি লৈ ক’লে “ঘৰত খাবলৈ চাউল নাই।“

*****************************

অভাৱ: মৃণাল কুমাৰ বৰা

চহৰত কেইদিনমানৰ পৰা আৰু এজন পগলা মানুহে ঘূৰিবলৈ লৈছে। চহৰখনত প্ৰতিভাশালী ঢুলীয়া বুলি সুনাম থকা শইকীয়া ওজালৈ পুতৌ কৰি সকলোৱে দুটকা-পাঁচটকা বা খোৱা বস্তু দি থৈ যায়। মানসিক বিকাৰগ্রস্ত বুলি তেওঁক অন্ততঃ কোনেও লেইলেই চেইচেই কৰা নাই এতিয়ালৈকে। অভাৱে পগলা কৰিলে মানুহটোক। মানুহবোৰে অৱশ্যে পাহৰিছে যে শইকীয়া ওজা এজন ভাল ভাৱৰীয়াও আছিল।

******************************

বৃত্ত: উৎপলজোনাক হাজৰিকা

‘কি চাইছা?’—তাজমহ’ললৈ চাই থকা বৃদ্ধাক প্ৰশ্ন কৰিলে বৃদ্ধই।
‘কিবা এটা মনত পৰিছে।’—ক’লে বৃদ্ধাই
‘নাতিনীজনীলৈ ?’
‘ওঁহো।’
‘নে অহা বছৰলৈ আকৌ আহিব পাৰিম নে নাই তাকে ভাবিছা?’
‘নহয়। এইটো কখা তোমাক কোৱা নহ’ল।’
‘এনে কি কথা আছে যি তুমি মোক কোৱা নাই?’
‘সেইবাৰ মই প্ৰথম তাজমহ’ল চাবলৈ আহিছো। ঠিক এনেদৰেই বহি আছিলো এখন বেন্সত। কোনোবা এজনে মোৰ কাষত এখন গ্ৰিটিংছ কাৰ্ড আৰু চিঠি এখন এৰি গৈছিল। লিখা আছিল—মই তোমাক গোটেই জীৱন কাষত পাব বিচাৰো। কিন্তু কাৰ্ড-চিঠি দিওতাৰ কোনো নাম-ঠিকনা নাছিল।’
‘তাৰ পাছত?’
‘তাৰ পাছত কি ? তোমাক পালোঁ, সকলো পাহৰি গ’লো।’
‘কাৰ্ডখন এনেকুৱা আছিল নেকি?’ বৃদ্ধই পুৰণা গ্ৰিটিংছ কাৰ্ড এখন বৃদ্ধালৈ আগবঢ়়াই দিলে।
বিস্ফোৰিত নেত্ৰে বৃদ্ধাই সুধিলে— ‘তুমি কেনেকৈ জানিলা?’
‘কাৰণ ল’ৰাজন মইয়ে আছিলো।’
স্থান-কাল-পাত্ৰ পাহৰি বৃদ্ধাই বৃদ্ধক সাবটি ধৰিলে।

****************************

 

আধামিনিটৰ ভৌতিক গল্প: লাকী আহমেদ
( সত্য ঘটনাৰ আলমত )

সময় : নিশা ১ বাজি ১৫ মিনিট!

বহুদিন ‘অ ক ব’ত একো লিখা নাই। মাইক্ৰ’গল্প এটাকে লিখোঁ বুলি লেপটপটো লৈ বিছনাত গা এৰি দিলোঁl ‘অ ক ব’ত এইবিধ গল্পৰ ছাহিদা বাঢ়িছে l চকু দুটা জোৰকৈ মুদি দিলোঁ গল্পৰ বাবে ‘আইডিয়া’ৰ সন্ধানত l হঠাৎ দৰ্জাত টোকৰ পৰা শুনি উচপ খাই উঠিলো l কোন এই মাজৰাতি!
নতুন চহৰ, নতুন ঘৰ। ম’বাইল স্ক্ৰীণৰ ক্ষীণ পোহৰকে সাৰথি কৰি দৰ্জাৰ ফালে অগ্ৰসৰ হওঁতেই খুন্দা খালোঁ l এক হিমশীতল স্পৰ্শ l লগতে এটা ভেকেটা-ভেকেট গন্ধ l মোৰ কোঠাত কোন এই দ্বিতীয় ব্যক্তি! সৰ্বশৰীৰ কঁপি উঠিল মোৰ l সন্মুখত এক অস্পষ্ট নাৰীমূৰ্তি, দীঘল চুলিকোছাৰে আৱৰি আছে মুখমণ্ডল l খুন্দা মাৰিয়ে খোলা দৰ্জাৰে হুৰমূৰকৈ ওলাই গল সেই ৰহস্যময়ী l আগপিছ নেভাবি ময়ো অনুসৰণ কৰিলো নাৰীমূৰ্তিক l আন্ধাৰ আৰু কুঁৱলী ফালি জঁয়াল কেঁকুৰিটো অতিক্ৰম কৰি বৃহৎ বগৰীজোপাৰ তলত ৰৈ গল সেই নাৰীমূৰ্তি আৰু কিবা এটাক সাবটি আউলি-বাউলি হৈ কান্দিবলৈ ধৰিলে l বুকু কঁপোৱা কান্দোন l ভূত-প্ৰেত বিশ্বাস নকৰো মই l ঘটনাটো প্ৰকৃততে কিনো জানিবলৈ সন্তৰ্পণে আগবাঢ়িলোঁ l আস… কি ভয়াৱহ! কি বিভৎস! দৃ্শ্যটো দেখি ডিচেম্বৰৰ প্ৰচণ্ড ঠাণ্ডাতো মই ঘামিবলৈ ধৰিলোঁ l গছজোপাৰ এটা ডালত চীপ লৈ ওলমি আছে এজন যুৱক l যুৱকৰ ওলমি থকা ভৰি দুখনত সাবটি চিঞৰি চিঞৰি কান্দিছে নাৰীমূৰ্তিয়ে l অলপ আগুৱাই গৈ ম’বাইলটো যুৱকৰ মুখমণ্ডলৰ ফালে দাঙি ধৰি তীব্ৰ চিৎকাৰ কৰি উঠিলোঁ l বাহিৰলৈ ওলাই পৰা চকুদুটাৰে আৰু বুকুলৈকে ওলমি পৰা জিভাখনেৰে খুব বিভৎস দেখাইছিল মোক l লাহে লাহে অনুভৱ কৰিলো মোৰ ডিঙিটোত যেন কিহবাই চেপা মাৰি ধৰিছে, ৰুদ্ধ হৈ পৰিছে শ্বাস-প্ৰশ্বাস l তীব্ৰ যন্ত্ৰণাত চটফটাইছে মোৰ সমগ্ৰ শৰীৰ…

: টি টিটি টিট…টি টিটি টিট-সশব্দে বাজি উঠিল এলাৰ্ম ক্ল’কটো!

সময় : পুৱা ৭ বাজি ৩০ মিনিট!
:ধেৎতেৰি, গল্প লিখাই ন’হ’ল!

***************************

 

চিপজৰী: সিদ্ধাৰ্থ শৰ্মা

বৰুৱাই বহুতদিন কন্দা নাছিল। শিক্ষা জীৱনত শিক্ষাৰ বোজা, চাকৰিকালত ব্যস্ততা, সমাজত ল’ৰা-ছোৱালীক পঢ়ুৱাই স্বাৱলম্বী কৰাৰ সংকল্পৰ বাবে তেওঁৰ সময়ে নাছিল।
বৰুৱানী অত্যন্ত ৰাংঢালী আছিল। প্ৰতিটো কথা আৰু কামত হাঁহিৰে বৰুৱাৰ সংগ দিবলৈ চেষ্টা কৰিছিল। এটা বয়সত বৰুৱানীৰ মনত এটি ভাব আহিছিল তেওঁ অৱহেলিত পতিৰ পৰা , শিক্ষিত এই সমাজৰ পৰা। লাহে লাহে ই মানসিক বিকাৰ হ’লগৈ আৰু অৱশেষত চিপ লৈ বৰুৱানীয়ে আত্মহত্যা কৰোতেও বৰুৱাৰ এটোপাল চকুলোৰ বাবে সময় নাছিল।
চাৰিদিন আগতে বৰুৱাৰ পুত্ৰ জী নাতি নাতিনী তেওঁৰ ঘৰলৈ আহি ৬৫ বছৰীয়া জন্ম দিৱস পাতিলে। চাৰিওফালে ৰঙচঙীয়া বেলুন ৰঙানীলা ফিটা আৰু সকলোৰে হাঁহি ধেমালিৰ মাজত বৰুৱাই হাঁহিবলৈ চেষ্টা কৰিলে। সিহঁত গুচি যোৱাৰ পিছতো বেলুন আৰু ফিটা ওলমি ৰল।
আজি কাম কৰা মানুহজনীয়ে ঘৰ চাফা কৰোতে বৰুৱাই শোঁতোৰা পৰা বেলুনবোৰ বুটলি লৈ তেওঁৰ আৰু বৰুৱানীৰ ৰুমটোলৈ সোমাই গল।
তাৰ পিছত বেলুনবোৰৰ ডিঙিৰ ৰছীকেইডাল খুলি দি উচুপি উচুপি কান্দিবলৈ ধৰিলে।

*******************************

কুকুৰ: শাৰদা শ্ৰেষ্ঠ

ৰাস্তাৰ দাঁতিত প্ৰায় অৰ্ধ-উলংগ মগনীয়া । হঠাৎ মাৰ্চিডিছ গাড়ী এখন মগনীয়াজনৰ অলপ আঁতৰত ৰ’লহি । গাড়ীখনৰ পৰা মানুহ এজন খৰখেদাকৈ ওলাই আহি ৰাস্তাৰ সিপাৰে থকা দোকানখনলৈ গ’ল । গাড়ীখনত এগৰাকী আধুনিকা মহিলা আৰু তেওঁৰ কাষত তেওঁৰ মৰমৰ কুকুৰটো । কুকুৰটোৱে এপাকত গাড়ীখনৰ খিৰিড়িকিৰে মূৰ উলিয়াই ইফালে সিফালে চালে । মগনীয়াজনে দেখিলে ইফালে সিফালে চকু ফুৰাই সি তালৈ দৃষ্টি নিক্ষেপ কৰিলে । তাক দেখি সি যেন মূৰ দাঙি জিভা উলিয়াই গৰ্বেৰে চালে । মগনীয়াজনে কুকুৰটোলৈ চাই থাকিব নোৱাৰি আনফালে মুখ ঘূৰালে ।

*********************************

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments