অণু গল্পৰ কুঁকি

দুষ্ট নাট্য (ইফটিখাৰ হুছেইন)
~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~
: ভিনদেউ, আমাৰ এইজনীৰ যে কি হ’ব মই ভাবিয়েই পোৱা নাই!
: কি হ’লনো? মইতো ভালেই দেখিছোঁ – হাঁহিছে, নাচিছে, খেলিছে!
: তাই দেখোন পঢ়া শুনাত একেবাৰে মন নিদিয়ে?
: তাই কোন ক্লাছত পঢ়ে?
: নাৰ্চাৰী!
: হয় নেকি?
: অ৷ মোৰতো চিন্তাই হৈছে!
: এটা কাম কৰিবা – অহাবাৰ তুমি প্ৰেগনেণ্ট হোৱাৰ লগে লগে ইংৰাজী ৰাইমচ্ বিলাক শুনি থাকিবা! পেটত থাকোঁতেই সন্তানৰ মুখস্থ হৈ যাব৷
: কিযে কয় নহয় আপুনি!
: তোমাৰ টেনচন কমাইছোঁ আকৌ!
হে হে হে হে!
☆☆☆

অস্পৃশ্য (অঞ্জলি গগৈ বৰগোহাঞি)
~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~
মৃতদেহটো শ্মশানলৈ নি ভগৱানৰ দূত বিলাকৰ মাজত বু-বু-বা-বা চলিল৷ তেওঁলোকে সৰ্বসন্মতিক্ৰমে প্ৰথমে মৃতদেহটো শুদ্ধি কৰিলে৷ তাৰপিছতহে চিতাত তুলি দিয়া হ’ল৷ মৃত ব্যক্তিজন যে অ-শৰণীয়া আছিল!
☆☆☆

সূৰ্য (উৎপল জোনাক হাজৰিকা)
~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~
’তই আজিৰে পৰা ফ্ৰী৷ তোৰ যলৈ মন যায় গুচি যাব পাৰ৷’ পাঁচশ টকীয়া নোটৰ বান্দিলটো তাইলৈ দলিয়াই সি ক’লে৷ নিজৰ অমতত আনক সৰ্বস্ব দিব লগা হোৱা বাবে পলাই যাব নোৱাৰিলে আত্মহত্যা কৰিম বুলি ভাবি তাই ৰাজআলিত থিয় দি ভাবিলে, স্বাধীনতাৰ সূৰ্যটো আজি তাইৰ বাবে অস্বস্তিকৰ হৈ পৰিছে৷
☆☆☆

বাস্তৱ (মণিমালা শইকীয়া)
~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~
বিয়াৰ অতবছৰৰ পিছত ল’ৰা পোৱালিটোৰে ঘৰখন আৰু মানুহহালৰ মনটো নকৈ থন ধৰি উঠিছিল৷ পিছে মানুহজনীক যে হঠাতে মহামাৰী বেমাৰটোৱে লগ ল’ব কোনে জানিছিল! বহু চেষ্টাৰ শেষত আজি ডাক্টৰে কলে: “তেখেতক ঘৰলৈকে লৈ যাওক আমি কৰিবলগীয়া আৰু একো বাকী নাই৷ কিছুসময়ৰ পিছতে আমি তেখেতৰ শৰীৰৰ পৰা অক্সিজেনৰ চাপোৰ্ট খুলি দিম“৷ ডাক্টৰৰ কথাষাৰত মানুহজনে নিজকো প্ৰায় মৃত যেন অনুমান কৰিলে৷

পত্নীক ঘৰলৈ নিবৰ বাবে এম্বুলেঞ্চ এখন যোগাৰ কৰিলে ৷ তেনেতে ভতিজাক জিলিয়ে আহি ক’লে, “খুড়া,আপুনি বলক, কেণ্টিনত কিবা এটা খাই লওকগৈ”৷ মানুহজনে জিলিৰ কথা মানি তাইৰ পিছ ললে৷

কেণ্টিনত প্লেটখন সন্মুখত লৈ মানুহজনৰ দুচকুৰে হৰহৰাই চকুপানী বৈ গল৷ ’মই নেখাও জিলি’ বুলি তেওঁ প্লেটখন থেলামাৰি দিলে৷ জিলিয়ে পুনৰ কলে, ’খুড়া বিতুৰ কথা ভাৱক’৷

হঠাৎ যেন সম্বিত উলটি আহিল মানুহজনৰ৷ হয়তো কিছু সময়ৰ পিছত পত্নীয়ে তেওঁক এৰি যাবগৈ, কিন্তু কণমানি লৰাটোৰ বাবে এতিয়া তেওঁৱেই সকলো৷ দুহাতেৰে চকুলো মচি মানুহজনে ৰুটি দুখন নিজৰ মুখত হেচুকি দিলে৷ ৷
☆☆☆

কাল্পনিক (প্লাবিতা বৰুৱা)
~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~
“হেৰি শুনকচোন, আমাৰ ছোৱালীজনীৰ কিবা এটা হৈছে৷” অঞ্জলিয়ে চিন্তিত চেহেৰাৰে গিৰিয়েকক উদ্দেশ্যি ক’লে৷

“কি? ” মানুহজনে বিশেষ গুৰুত্ব নিদি বিৰক্তিৰ সুৰত সুধিলে৷

“তাইচোন অনবৰতে অকলে অকলে কথা পাতি থাকে আজিকালি৷ তাইৰ কিবা কাল্পনিক বন্ধু- চন্ধুহে আছে নেকি? ”

“কাইলৈ ডাঃ চক্ৰবৰ্তীৰ তালৈ যাম, ওলাবা” মানুহজনে হুমুনিয়াহ এটা কাঢ়ি ক’লে৷

প্ৰথম সন্তানটি ছোৱালী হ’ব বুলি গম পাই গিৰিয়েকৰ ঘৰৰ মানুহে জোৰ কৰি গৰ্ভপাত কৰাইছিল৷ তেতিয়াৰে পৰা অঞ্জলিয়ে তাইৰ কাল্পনিক জীয়েকৰ লগত অনবৰতে কথা পাতি থকাৰ বাবে মানসিক ৰোগৰ চিকিৎসক ডাঃ চক্ৰবৰ্তীৰ ওচৰত নিয়মীয়া চিকিৎসা গ্ৰহণ কৰি আছিল৷
☆☆☆

জৰী (জয়ন্ত আকাশ বৰ্মন)
~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~
: বিবাহিত জীৱনৰ দহবছৰত আমাৰ এবাৰো কাজিয়া নাই লগা৷

: অ’হ, ইমান ভাল সম্পৰ্ক! আপোনালোক সঁ‌চাকৈয়েই ভাগ্যবান!

গাড়ীৰ পৰা নামি তাই ভাবিলে- যদি আগতে এদিনো কাজিয়া লাগিলহেতেঁ‌ন, তেন্তে কিজানি প্ৰথম আৰু শেষ কাজিয়াখন ক’ৰ্টত কৰিব নালাগিলহেতেঁ‌ন৷ বিয়াখন বাচিলেহেতেঁ‌ন৷
☆☆☆

বোজা (নাজিয়া হাছান)
~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~
স্কুললৈ বুলি ওলাই থকা দহ বছৰীয়া জীয়েকলৈ চাই পূবালীৰ সদায় দুখ লাগে৷ ক্ষীণ মীন অকমানি দেহাটোৰ পিঠিখনত পাথৰৰ বোজা হেন কিতাপৰ বেগ৷ দহটা বিষয়৷ প্ৰতিটো বিষয়ৰ বহী-কিতাপ৷
মনে মনে ইংৰাজী আৰু বিজ্ঞানৰ কিতাপ দুখন উলিয়াই বোজাটো সামান্য পাতল কৰিলে৷ তাইৰ মনটো দিনটোলৈ ভাল লাগি থাকিল৷

‘মা আজি দুটা পিৰিয়দ, মই ৰ’দত থিয় হৈ থাকিলো৷ পাহৰাতে মই দুখন কিতাপ আজি বেগত নভৰালো৷’ টিভিটো লগে লগে অফ কৰি, পূবালীয়ে জীয়েকক বুকুৰ মাজত সাবটি ললে৷ ’ এই হেন চোকা ৰ’দত তই …? ! ’
☆☆☆

পশু (দ্ৱীপেন মহন্ত)
~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~
পশুতুল্য হলেও দেৱাশিষ ভট্ট পশু নহয়৷ সেয়ে তেওঁ “ষ্টেটাচ চিম্বল“ বুলি জ্ঞান কৰা বিলাতী কুকুৰটো সদায়েই লগত লৈ ফুৰে৷ আৰু সি সাক্ষী হৈ ৰয় ভট্টৰ প্ৰতিটো কুকৰ্মৰ৷ ভট্টৰ সুকৰ্মৰ বিষয়ে সকলো অজ্ঞাত (? )! কুকুৰটোৱো৷ সেয়ে চাগে সি নিশ্চিত হৈ স্বগোদক্তি কৰে “চিঃ মোৰ মালিকতকৈ দেখোন ময়েই শ্ৰেষ্ঠ“৷
☆☆☆

পৰিচয় (মৌচুমী বৰি)
~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~
মানুহ গৰাকীক গাঁওখনৰ সকলোৱে মহুৰাৰ ঘৈণীয়েক, বাপুকণৰ মাক বুলিহে চিনি পায়৷ এদিন মহুৰাৰ ঘৈণীয়েক তথা বাপুকণৰ মাকে বেমাৰ দেখুৱাবলৈ সোণকণক লগত লৈ হস্পিতেললৈ গ’ল৷ ডাক্তৰক দেখুৱাবলৈ টিকট ল’বলৈ যাওঁতেহে মানুহগৰাকী বিবুধিত পৰিল৷ নিজৰ নামটো বা কি আছিল তাইৰ! সোণকণক সুধিলে তাই– “অ সোণকণ, মোৰ নামটো কি আছিল অ? “
☆☆☆

বন্ধু (পাপৰি শৰ্মা)
~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~
ঘড়ীৰ কাটাৰ সমানে দৌৰে তাইৰ ব্যস্ততাপূৰ্ণ জীৱন৷ তাৰ মাজতো যিকণ আজৰি সময় পায় সেইখিনিও যেন তেওঁৰ সহ্য নহয়৷ TV টো অন কৰিলেই চিলনীৰ দৰে চোঁ মাৰি আহিব – “চাওঁ নিউজ কেইটা৷ “ বাতৰি কাকতখন মেলিলেই – “কাঢ়া চাহ একাপ আনাচোন৷ “
সাঁচতীয়া পইছাকেইটাৰে তাই কিতাপ কেইখনমান কিনিলে৷ সকলো কামৰ পৰা আজৰি হৈ নিশা ডুব গ’ল তাই কিতাপৰ মায়াবী জগতত……..
“কি পঢ়া হাঁ এইবোৰ৷ বেলেগে লিখা, বেলেগৰ কথা৷ কি আছে এইবোৰত? “
মূৰ নোতোলাকৈয়ে খুব শান্তভাৱে তাই কলে – “ ইয়াত মই ভালপোৱা, বিচৰা সকলোবোৰ আছে যিবোৰ তোমাৰ মাজত নাই৷ “
☆☆☆

শান্তি (নিলাক্ষী দেৱী ডেকা)
~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~
দেওবাৰৰ দুপৰীয়া৷ আঠ বছৰীয়া আৰু তিনি বছৰীয়া লৰা দুটাই নিজৰ নিজৰ দুচকীয়া আৰু তিনিচকীয়া চাইকেল দুখন চলাই চলাই চোতালত কোৰ্হাল কৰি আছে৷ ঘৰৰ গৃহিনীয়ে বাৰান্দাত চুবুৰীয়া শৰ্মানীৰ লগত মূঢ়াত বহি লৰাক তদাৰক কৰাৰ লগতে মেল মাৰিছে৷ মাজতে ইফাল সিফাল কৰোঁতে হোৱা খাৰুৰ ৰুণঝুণ শব্দ ভিতৰৰ কোঠাত শুই থকা মানুহজনৰ কাণতো পৰিছেহি৷

“ হেৰা, তোমালোকে মোক শুবলৈ অলপ শান্তি দিবাচোন৷ সপ্তাহত এদিনেই পাওঁ অলপ জিৰাবলৈ তাতো শান্তি নাই! ! “ — এইবুলি চিঞৰি কবলৈ ওলাওতেই মানুহজন টোপনিৰ পৰা খকামকাকৈ সাৰ পাই গ’ল৷ চাৰিওফালে কেৱল নিস্তব্ধতা৷ লৰাদুটাও আজি তেওঁৰ পৰা হাজাৰ মাইলৰ দূৰত৷ বেৰত ওলোমাই ৰখা পৰিবাৰৰ বন্ধোৱা ছবিখনৰ পৰা খাৰুৰ ৰুণঝুণ শব্দ ভাঁহি নাহে কেতিয়াও৷ ৷
☆☆☆
মালতী বুঢ়ীৰ হেঁপাহ (সুনীল দত্ত)
~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~
মালতী বুঢ়ী পৰিয়ালৰ সকলোৰে বাবে সন্ত্ৰাসৰ আন এটা নাম৷ বিয়া হৈ শৰণ লোৱাৰ পিছৰে পৰা বুঢ়ীয়ে নীতি নিয়মৰ মাজেৰে চলিয়েই জীৱনৰ অপৰাহ্ণত থিয় দিছে৷ গজগজীয়া চাৰিটা পুতেকৰ লগতে বোৱাৰীয়েক আৰু নাতি নাতিনীকেইটাই বুঢ়ীৰ ওচৰত মূৰ ওপৰ কৰি এটাও কথা নকয়৷ বুঢ়ীৰ কথা একেবাৰে শিলৰ ৰেখা৷ বাহী গা নোধোৱাকৈ কোনেও ঘৰৰ ভিতৰত সোমাব নোৱাৰে৷ ৰাতিপুৱা গা পা ধুই গোঁসাই ঘৰত সেঁৱা নকৰালৈকে বোৱাৰীয়েকহঁতে পানী এটুপিও গিলিব নোৱাৰে৷

পাকঘৰৰ ভিতৰত কুকুৰাৰ মাংস, কুকুৰাৰ কণী, শিঙি মাছ, কুচিয়া আদি বস্তুৰ প্ৰৱেশ নিষেধ হোৱাৰ লগতে বোৱাৰীয়েকহঁতেও খাব নোৱাৰে৷ পুতেক বা নাতিয়েক নাতিনীয়েকহঁতে খালেও পিছফালে ৰান্ধি বাঢ়ি কলপাতত খাই লৈ গোবৰ মাটিৰে ঠাইটুকুৰা মচি থ’ব লাগে৷ বুঢ়ীয়ে নিজেও হৰমোহন বুঢ়া মৰাৰ দিনৰ পৰা পঠা আৰু পাৰৰ মাংসও এৰিছে৷ সেই মালতী বুঢ়ী নৰিয়াত পৰিল৷ নৰিয়া মানে একেবাৰে যোৱা থোৱা অৱস্থা৷ ওচৰৰে শিম্ভু ভকতে ৰাতিপুৱা আৰু ৰাতি বুঢ়ীৰ ওচৰত বহি লৈ ভাগৱত পাঠ কৰিছে৷ তিনিদিন বুঢ়ীয়ে পানীৰ বাহিৰে একোৱেই খোৱা নাই৷

চতুৰ্থদিনা বুঢ়ীয়ে বিছনাত উঠি বহিল৷ হাত বাউলি দি ডাঙৰটো পুতেকক ওচৰলৈ মাতিলে৷ আটাইকেইটাই ওচৰলৈ দৌৰি আহিল৷ মৰাৰ আগে আগে বুঢ়ীয়ে কি বা কয়? বুঢ়ীয়ে হাতেৰেই ইঙ্গিত দি বাকীবোৰক যাবলৈ ক’লে৷ বাকীবোৰ বাহিৰলৈ গ’ল যদিও উৎসুকতাত থাকিব নোৱাৰি বাহিৰতেই জুমাজুমি কৰিবলৈ ধৰিলে৷ বুঢ়ীয়ে ডাঙৰ পুতেকৰ কাণত মুখখন লগাই সেঁহাই সেঁহাই ক’বলৈ ধৰিলে-“ডাঙৰ বাপু৷ বিয়াৰ আগতে মই মুৰ্গীৰ মাংস খাই বৰ ভাল পাইছিলোঁ৷ শৰণ লোৱাৰ দিন ধৰি মুৰ্গীৰ ছাঁটোও হাতেৰে চুই পোৱা নাই৷ মৰাৰ আগে আগে মুৰ্গীৰ জোলেৰে ভাত এগৰাহ খাবলৈ বৰ মন থাকি গ’ল৷ আজি খুৱাবি? “
☆☆☆

চেনেহ (কঙ্কণা মহন্ত)
~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~
কঠাল খাই ভালপোৱা জীয়েকলৈ কঠাল এটা আনি খাবলৈ দি দেউতাকে আগ্ৰহেৰে সুধিলে “কঠালটো ভালনে, মিঠানে মা“? “বৰ ভাল দেউতা, মিঠা৷ এইটো কঠাল কিনোতে তই ঠগ খোৱা নাই“..সেৰসেৰীয়া কঠালটো খাই খাই গৰমত ঘামি জামি বজাৰৰ পৰা অহা দেউতাকলৈ চাই জীয়েকে উত্তৰ দিলে..! !
☆☆☆

অহংকাৰী (আব্দুল ৰাকিব)
~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~
এই চলিহাৰ ইমান ফুটনি!
লগৰ কেইজনে আলোচনা কৰে৷ আমাৰ সন্তানে যেনিবা আমাৰ জন্মদিনটোহে পালন নকৰে, তাৰ বাদেটো একো ব্যতিক্ৰম নাই৷
শশীধৰ চলিহাই এই ইৰ্ষাকণ উপভোগ কৰিবলৈকে গৌৰৱ কৰি দেখুৱায়৷
তেওঁ জানে, এই অহংকাৰ তেনেই ফোঁপোলা৷

জন্মদিনতো আভুৱা হে৷ পেঞ্চনাৰ এজনে বছৰত এবাৰ বেঙ্কলৈ গৈ জীৱিত থকাৰ প্ৰমাণ দিব লাগে!
তেওঁৰ পেঞ্চনৰ টকাৰে পৰিয়াল চলোৱা একমাত্ৰ পুত্ৰই সেই কামফেৰা কৰিবলৈহে জন্মদিনৰ লগত মিলাই তেওঁক ঘৰলৈ লৈ যায়৷
বছৰটোৰ বাকী ৩৬০ দিন তেওঁৰ ঠিকনা হল – ’ বিয়লি ’৷ চহৰৰ উপকণ্ঠত থকা এখন বৃদ্ধাশ্ৰম৷
☆★☆

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক