অতিথি দেৱো ভৱঃ (দিগন্ত কুমাৰ ভট্টাচাৰ্য্য)

২০০৬ চনৰ কথা। সহকৰ্মী এগৰাকীয়ে আমেৰিকাত খুউব লোভনীয় চাকৰি এটি পাই আমাৰ কোম্পেনীৰ চাকৰিটো বাদ দিলে। তাৰ লগত আমাৰ বেচ ভাল সম্পৰ্ক আছিল। মহাৰাষ্ট্ৰীয়ান ল’ৰা, ঘৰ মুম্বাইৰ ওচৰৰে কল্যাণ নামৰ ঠাইখনত। চাকৰি পাই আমেৰিকালৈ গ’ল। পিছৰ বছৰ বিয়াও পাতিলে। অসুবিধাৰ বাবে আমি যাব নোৱাৰিলোঁ। সি পিছত এদিন আমেৰিকাৰপৰা ফোন কৰি দহ মিনিট মান গালি পাৰিলে। সি মাজে মাজে ফোন কৰে, অৰ্কুট, মেছেঞ্জাৰ আদিৰ যোগেৰে খবৰ-বাতৰি লোৱা-দিয়া হৈ থাকে।

এবাৰ সি কিবা কামত ভাৰতলৈ আহিল। এদিন ৰাতিপুৱা ফোন কৰি ক’লে – ‘ঐ পুণে আহি আছোঁ। তহঁতৰ ঘৰত থাকিম দুদিন, গাহৰি কিন্তু খামেই’।

তাৰ কথা শুনি ভাল যিমান লাগিল, সি তাৰ পত্নীকো লগত লৈ আহিব বুলি শুনি -টেনশ্যনো সিমানেই হ’ল। তেতিয়া মই আন এজন অসমীয়া লগৰ লগত ভাড়াঘৰত থাকোঁ। দৌৰা-দৌৰি আৰম্ভ হ’ল। ঘৰ সৰা-মচা, বাথৰুম আদি ঘঁহি-পিহি চিকচিকীয়া কৰা, কত যে কাম! লগৰজনক নতুন বে’ডকভাৰ-গাৰু ক’ভাৰ আনিবলৈ পঠালোঁ। খুউব বেছি সোঁতোৰা পৰা বন্ধা কবি আৰু দুটা কণীয়ে ৰাজত্ব চলোৱা ফ্ৰীজটো হঠাতে ভৰি গ’ল।

বন্ধুক গাহৰি খাবলৈ ময়েই শিকাইছিলোঁ। পিছলৈ গাহৰি-ফ্ৰাই তাৰ প্ৰিয় খাদ্যৰ ভিতৰত পৰিলেগৈ। বিধে বিধে গাহৰিৰ ব্যঞ্জন ৰান্ধিলোঁ। বন্ধুপত্নীয়ে গাহৰি নাখায়। ঘৰলৈ ফোন কৰি মা-বাইদেউৰ পৰা বিস্তৃত ৰূপত ‘চিকেন ৰেচিপি’ ল’লোঁ। আমাৰ আপ্যায়ন দেখি দুয়োগৰাকীৰে চকুপানী ওলাওঁ ওলাওঁ হ’ল। দুদিন থাকি সিহঁত গ’লগৈ। যাওঁতে কৈ গ’ল -‘ভাই, আমেৰিকালৈ আহ ফুৰিবলৈ..আমি সদায় আছোঁ’।

সিহঁত যোৱাৰ দুমাহমান পিছতে ময়ো আমেৰিকালৈ যোৱাৰ সুবিধা এটি পালোঁ কিছুদিনৰ বাবে। লগে লগে বন্ধুক ফোন কৰিলোঁ। মই থাকিবলগীয়া ঠাই টুকুৰা তাৰ ঘৰৰপৰা প্ৰায় তিনিঘন্টাৰ বাট, ট্ৰেইনেৰে গ’লে।

‘এদিন কিন্তু লগ কৰি যাবই লাগিব দেই দোস্ত! এইবাৰ মই তোক গাহৰি খুৱাম’ সি ক’লে। মোৰ ভাল লাগিল। শুক্ৰবাৰ এটিত গৈ দুদিন থাকিব পাৰিম তাৰ তাত।

আমেৰিকা গৈ পোৱাৰ পিছৰ শুক্ৰবাৰ এটি দুপৰীয়া তাৰ ঠাইখনলৈ বুলি ট্ৰেইনত উঠিলোঁ। সি সকলোবোৰ শিকাই দিছিলেই। আস: আমেৰিকাৰ দৰে ঠাইত নিজৰ আপোন বন্ধু এজনৰ ঘৰত গৈ থকা-খোৱাৰ মজা! সি মোক ৰেষ্টুৰেন্ট এখনৰ কাষত ৰৈ থাকিম বুলি কৈছিল। প্ৰায় তিনিঘন্টাৰ পিছত ময়ো সেই ঠাই পালোঁ। সি দৌৰি আহি মোক সাবটি ধৰিলে। ঘৈণীয়েকৰো মোক দেখি ফূৰ্ত্তি লাগিল।

‘ব’ল, ব’ল কিবা খুৱাও তোক। ইমান কষ্ট কৰি আহিছ।’ সিহঁতে মোক ৰেষ্টুৰেন্টৰ ভিতৰলৈ লৈ গ’ল। চাইনিজ ডিচ্ দুটামান অৰ্ডাৰ কৰিলে। লগত পৰ্ক ফ্ৰাই। পৰ্ক ফ্ৰাই খাই কিবা শুকান শুকান লাগিল।

‘তহঁতৰ ঘৰ কিমান দূৰত?’

‘ওচৰতে, এক কিল’মিটাৰ।’

‘ধেই এনেয়ে ইয়াতে খালোঁ, ৰাতি ভালকৈ খাবই নোৱাৰিম।’ – মই মনে মনে ভাবিলোঁ।

খোৱা-লোৱা হোৱাৰ পিছত সি সুধিলে-‘তোৰ ৰিটাৰ্ণ ট্ৰেইন কেই বজাত? আমি আৰু এঠাইলৈ যাব লাগিব। তোক ইয়াতে এৰোঁ দেই। নেক্সট টাইম আহিলে বহুত কথা পাতিম কিন্তু। আহিলি যে তই!’ সি মোক আকৌ এবাৰ সাবট মাৰি ধৰিলে। মোৰ বুকুখন বিষাই উঠিল।

মই সিহঁতক বিদায় দি ষ্টেচনলৈ দৌৰিলোঁ। কান্ধত ওলমি থকা বেগটোৰ ওজন হৈছে। দুদিনৰ কাপোৰ-কানি আদি ভৰাই লৈ আনিছিলোঁ বেগটোত। তাক এইবাৰ অসমৰ বাঁহৰ গাজেৰে ৰন্ধা গাহৰিৰ সোৱাদ দিম বুলি বাঁহৰ গাজ অলপো লৈ আহিছিলোঁ ভাৰতৰ পৰা আহোঁতে। ক’ৰবাত পেলাই দিব লাগিব এতিয়া!!

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments