অতিথি দেৱো ভৱ- ৩: বিলাসী (বিলাহী! ) দেওবাৰ (-জ্যোতিৰূপম দত্ত)

দেওবাৰ বা বন্ধৰ বাৰ কেইটালৈ বৰ ভয় লাগে৷
সপ্তাহটোৰ ছদিন অফিচত ‘বহিৰাগত’সকলৰ দৰে গেবাৰি খাটি শনিবাৰে আকাশত চাং পাতো যে অন্ততঃ দেওবাৰৰ দিনটো আৰামত ‘অসমীয়া’ৰ দৰে কটাম৷ কানীয়া, সোৰোপা, অকামিলা যিয়েই কওক, মুঠতে ভৰিত ভৰি তুলি দিনটো আৰামত শুই বহি কটাম৷ পিছে ভবা কথা নহয় সিদ্ধি, গিৰিহঁতনীৰ মুৰত আকৌ বেলেগ বুদ্ধি!
শনিবাৰে গধূলি গৃহলক্ষীয়ে মোবাইলত পঠোৱা দীঘলীয়া ফৰ্দিখনৰ পাঠোদ্ধাৰ কৰি পকেটৰ পইচাৰ মোনাখন পাতল কৰি বজাৰৰ মোনাখন গধুৰ কৰি ঘৰলৈ উভতিলো৷ ঘৰ সোমায়েই দেখিলো গৃহলক্ষীৰ মুখত আটকীয়া হাঁহিৰ ৰেঙণি৷ মনটো অলপ চেবালে৷ আনকালে প্ৰথমতে হাতলৈহে চোৱা মানুহজনীয়ে বজাৰৰ গধুৰ মোনাটোৰ ফালে পিছে সিদিনা কেৰেপেই নকৰিলে৷
অলপ পৰ পাচতেই অৱশ্যে উৰহীৰ ওৰ ওলাল আৰু মই তাতেই মেৰ খালো৷ দেওবাৰে হেনো দুপৰীয়া ভাত খোৱাকৈ আলহী আহিব! আগতে নহা আলহী, এইজনা একেবাৰে ‘স্পেচিয়েল’ হেনো! যি হওক, গৃহলক্ষীয়ে অকণো সময় নষ্ট নকৰি লগে লগে ‘স্পেচিয়েল’ অতিথিজনাৰ বায়’ডাটা, লিগেচী ডাটা, বংশাৱলী, কি, ক’ত, কিয় বিখ্যাত আদি সকলোবোৰ তথ্য এফালৰ পৰা মোৰ সমুখত বলকি গ’ল৷ ভাগ্য ভাল, বিধাতাই মোৰ মুৰটোত (সকলোৰে! ) কাণৰ দুয়োটা ফুটা একেবাৰে সমান্তৰালকৈ ‘ফিট’ কৰি দিছে বুলিহে, গতিকেই সেই আটাইবোৰ তথ্য কৰ্ণপ্ৰদেশৰ এফালেৰে সোমাই আনফালেৰে প্ৰস্থান কৰিলে!
বিয়াৰ দিনাখনৰ পৰা আৰম্ভ কৰি আজিলৈকে দুয়োপক্ষৰে এনে বহুতো ‘লিগেচী ডাটা’ৰ একেই দশা হৈছে৷ মোৰ মগজুৰ ‘ডাটাবেছ’ত ‘লিগেচী ডাটা’ৰ অভাবৰ বাবে বহুসময়ত লাজতো পৰিছো৷ কেতিয়াবা হয়তো কোনোবা ‘অধ্যাপক’ক বেপাৰ কেনে চলিছে বুলি সুধিছো, কেতিয়াবা কোনোবা ‘ছাত্ৰনেতা’ক পঢ়া-শুনা কেনে চলিছে বুলি সুধিছো, মাক-দেউতাকক বৃদ্ধাশ্ৰমত ৰাখি পৈতৃক সম্পত্তিৰে ‘মৌজ’ কৰা কাৰোবাক চুটিকৈ চুলি ৰখা ‘ষ্টাইল’ দেখি কিবা অনৰ্থক হ’ল নেকি বুলি সুধিছো, সৌ-সিদিনালৈকে ভাড়াঘৰত থাকি পুৰণা মাৰুতি এখন দৌৰাই ফুৰা সমাজ কল্যাণ বিভাগৰ মধ্যবিত্ত চাকৰিয়াল এজনে এবছৰতে ঘটা চিকচিকীয়া নতুন বিশ লাখটকীয়া গাড়ী আৰু গুৱাহাটীত নতুনকৈ লোৱা দুটাকৈ ফ্লেটৰ খবৰ শুনি বুৰ্বকৰ দৰে ‘কোন বেংকৰ পৰা লোণ ললে’ বুলিও সুধিছো, মানে বহু সময়ত বহু ‘জাহাজৰ বেপাৰী’ক আদাৰ খবৰ সুধি মই নিজে লাজত পৰিছো৷
দেওবাৰে আহিবলগা অতিথিজনা যে মোটামুটি ভি.আই.পি কেটেগৰীৰ সেয়া মোৰ বোধগম্য হ’বলৈ বেছি সময় নালাগিল৷ ইয়াৰ পাছত আৰম্ভ হ’ল খোৱা-বোৱাৰ ‘মেন্যু’ৰ কথা৷ অতিথিৰ পচন্দৰ খোৱা-বস্তুৰ ‘মেন্যু’ লগে-লগে তৈয়াৰ হৈ গ’ল৷ অতিথিৰ সবাতোকৈ প্ৰিয় ব্যঞ্জন হেনো মাছ-বিলাহীৰ আঞ্জা৷ মই ভাবিলো যে সপ্তাহটোৰ অধিকাংশ সময়েই আকাশ-কুসুম ভাবি মনতে পাগুলি থকা ‘বিলাসী’ দেওবাৰটো অৱশেষত ‘বিলাহী’ দেওবাৰলৈহে পৰ্য্যবসিত হ’ল!
সপ্তাহটোৰ ছদিনেই ছোৱালীজনীৰ স্কুলৰ বাবে ‘ৰেডী’ হবলৈ পুৱা পাঁচবজাতেই বজা এলাৰ্মৰ শব্দটো শুনি শুনি ভাবো যে দেওবাৰৰ দিনা একেবাৰে পুৱতিনিশা (! ) চাৰে আঠমান বজাতহে শয্যা ত্যাগ কৰিম৷ পিছে সিদিনা আকৌ শেনৰ এজাত! পুৱা চাৰে পাঁচবজাতেই শয্যা ত্যাগ কৰিব লগা হ’ল৷ কাৰণটো হ’ল ‘লোকেল’ মাছ! মোৰ হাতত মোনা এখন হাতত তুলি দি ‘ফ্ৰেচ লোকেল মাছ’ৰ সন্ধানত পঠিয়াই মাক-জীয়েকে আকৌ সুখ-নিদ্ৰাত বিভোৰ হ’ল৷ কুঁৱলীৰ মাজেৰে ‘লোকেল মাছ’ৰ বজাৰ পালো৷ কাষৰে বিল-নৈ-খালৰ পৰা ৰাতিটোৰ ভিতৰতে তুলি অনা বিভিন্ন সৰু-বৰ মাছ ডলাকেইখনত ধুনীয়াকৈ সজাই থোৱা আছে৷ পিছে দামহে একেবাৰে ‘ডলাৰ’ৰ লেখিয়া!
মাছৰ যোগাৰ হ’ল বাৰু৷ ‘মাছৰ চিকুণ মোৱা, টোপনিৰ চিকুণ পুৱা’, এই আপ্তবাক্যফেৰিকে সাৰোগত কৰি ঘৰলৈ ঘূৰি আহি চিকুণকৈ আকৌ এঘুমটি মাৰিবৰ পাং পাতোতেই আকৌ আদেশ আহিল যে পাচলিৰ বজাৰলৈ যাবৰ হ’ল৷ আকৌ পাচলিৰ বজাৰ পালোগৈ৷ বিধে বিধে ৰঙ-চঙীয়া পাচলি থৰে থৰে সজাই থোৱা আছে৷ দামবোৰ শুনি বৰ ভাল লাগি গ’ল৷ বেছিভাগ বেপাৰীয়েই পাচলিবোৰৰ দাম বিশ-পশিছ টকাকৈ চিঞৰি আছে৷ অলপ টং কৰি শুনি গম পালো সেইবোৰৰ বেছিভাগেই ‘পোৱা’ হিচাপৰ দাম! মানে কিল’গ্ৰামত আশীৰ পৰা এশটকা!
বজাৰ-সমাৰ কৰি ঘৰ পালোহি৷ এইবাৰ ভাবিলো যে দুপৰীয়ালৈ প্ৰায় তিনিঘণ্টা বাকী, গতিকে অলপ সময় চোফাখনতেই কলমটিয়াই লও৷ কথা বুলিলেই কাম৷ পিছে চকু জাপ খাবলৈ নৌ পাওতেই মই এটা প্ৰচণ্ড জোকাৰণি খালো৷ চকু মোহাৰি দেখিলো সমুখত ৰণচণ্ডী, মানে গৃহলক্ষী! ৰণচণ্ডীৰ হাতত বিৰাজমান হৈ থকা খৰ্গৰ দৰেই আমাৰ এওঁৰ হাততো এডাল প্ৰকাণ্ড ঝাৰু! স্বভাৱজাতভাৱে অলপ উচ্চ্যবাচ্য শুনাৰ পাছত আচল কথাটো গম পালো যে ড্ৰয়িংৰুমটোত হেনো মকৰাজালেৰে ভৰ্তি হৈ আছে! গৃহলক্ষীয়ে মই আনকালে দেখা নোপোৱা কেইখনমান অদৃশ্যপ্ৰায় মকৰাজাল দেখুৱাই সেই কোঠালীটোৰ চুকে-কোণে অৱস্থিত সকলোবোৰ মকৰাজাল নিৰ্মুলৰ আদেশ দিলে! দেশ বুলিলে আদেশ নালাগে, ঠিক তেনেদৰেই গৃহলক্ষীৰ আদেশ বুলিলে দেশৰ কামো পিছুৱাই থবলৈ ৰাজী! মুঠতে হাতত ঝাৰু লৈ কোঠাটোৰ আটাইবোৰ চুক-কোণৰ মকৰাজালবোৰত ‘চাৰ্জিকেল ষ্ট্ৰাইক’ কৰি সমুলঞ্চে ধ্বংস কৰি গৃহলক্ষীৰ সমুখত বীৰদৰ্পে উপস্থিত হৈ কামটো সুকলমে সমাধা হোৱাৰ সুখবৰটো বুকু ফিন্দাই দিলো৷ কিজানিবা তেৰাই মোৰ এই কাৰ্য্যত প্ৰসন্ন হৈ ক্ষণিক সময়ৰ বাবে ‘অসমীয়া’ হোৱাৰ সুযোগ দিয়েইবা, মানে অলপ শুবলৈ অনুমতি প্ৰদান কৰেইবা!
পিছে ‘আইৰ ঘৰলৈ যাম, দুই হাতে খাম, পিছে বিধাতাই বোলে, ময়ো পিছে পিছে যাম’ কথাটো অৱশেষত তেনেহে হ’লগৈ! গৃহলক্ষীয়ে মোৰ ‘স্পাইডাৰমেন’ বা ‘মকৰাজাল গুচোৱা মানৱ’ৰ ভাওত সন্তুষ্ট হৈ ঘৰৰ আটাইকেইটা কোঠাৰ মকৰাজাল গুচোৱা কামত নতুনকৈ মকৰল কৰিলে৷ আনকি এই অভিযানৰ পৰা বাথৰুম আৰু ষ্ট’ৰৰুমটোও সাৰি নগল৷ ইফালে আলহীৰ গুণানুকীৰ্তন চলি থাকিল৷ তেৰাই হেনো লেতেৰা হৈ থকা ঘৰ কোনোমতেই সহ্য নকৰে, ইফাল সিফাল নাচাই মুখতেই কৈ দিয়ে, বৰ চিকচাক ইত্যাদি ইত্যাদি৷
যথাসময়ত ‘স্পাইডাৰমেন’ৰ ভাওঁ সুকলমে সমাধা কৰি আহি ঘৰৰ ভিতৰ নোসোমাই বাৰণ্ডাৰ চকী এখনতে বহি কলমটিয়াবলৈ লাগিলো৷ ঘৰৰ ভিতৰ সোমালে গৃহলক্ষীয়ে বা আকৌ নতুনকৈ কি কাম বা পাচে?
এনেতে গৃহলক্ষী আহি সোণকালে গা-পা ধুই ‘ৰেডী’ হবলৈ ক’লে৷ ভাত খোৱা আলহীৰ কথা৷ যিকোনো মুহুৰ্ততে আহি পাব পাৰে৷ পিছে গৃহলক্ষীয়ে তাৰ আগতে মোৰ হতুৱাই সৰু সুৰা দুই এটা কাম কৰাই ল’বলৈ নাপাহৰিলে৷ যেনে আলু কেইটিমানৰ বাকলি গুচোৱা, নহৰু কেইফুটামান গুচোৱা, চোফাকেইখনৰ ধূলি জোকৰা, ৱাল-হেঙিংকেইখনৰ ধূলি জোকৰা এইবোৰ৷ মই লাহেকৈ চাহ একাপৰ কথা কবলৈহে পালো, গেছৰ দুইটা চুলা যে অহা এঘণ্টালৈ ব্যস্ত আৰু একেবাৰে আলহীৰ লগতেই ভাত খাবলৈ ৰেডী হৈ থকাৰ কথা কৈ ফুচুলাই থৈ দিলে৷
গা-পা ধুই আৰামত ড্ৰয়িংৰুমৰ মুঢ়া এটাতে বহি কলমটিয়াবলৈ লাগিলো৷ চোফাত বহা মানা৷ চোফাৰ কভাৰকেইখন সোঁত-মোচ খাই গলে শেষেই আৰু! টিভিটোৱো চলাব নোৱাৰা হলো৷ আলহীয়ে টিভি চোৱা একেবাৰে দেখিব নোৱাৰে হেনো!
লাহে লাহে খোৱা-বস্তুবোৰো ৰেডী হ’ল৷ ডাইনিং টেবুলখনত থৰে থৰে লোভনীয় খাদ্য-সম্ভাৰ৷ গৃহলক্ষীক বহু সাহস গোটাই এটুকুৰা ভজা মাছ খুজি যিখিনি কথা শুনিলো লোকেল ভজা মাছৰ টুকুৰাৰ লোভ সেইফালেই তল পৰিল৷
ইফালে তেতিয়ালৈ গৃহলক্ষীৰ মুখত অতিথিৰ নিয়মানুৱৰ্তীতা, সময়ৰ মু্ল্য বুজা, পৰম হিতৈষী ইত্যাদি ইত্যাদি আখ্যান শুনি শুনি ভোক লাগি আহিলেও দমাই ৰাখিলো৷ এনেতে ফোনটো বাজিল৷
ফোনটো উঠাবলৈ নৌ পাওতেই গৃহলক্ষীয়ে দৌৰা-দৌৰিকৈ গেটখন খুলিবলৈ ক’লে৷ আলহীয়ে নিজে গাড়ীৰ পৰা নামি মৰ্ত্যত ভৰি দি গেটখন খুলিলে যেন সকলো ৰসাতলে যাব৷ ময়ো তৰা-নৰা চিগি একেবাৰে গেটৰ কাষ পালোগৈ৷ লৌহদ্বাৰখনৰ দুয়োখন কপাট দুফালে মেলি দি সাক্ষাত বিপ্ৰ দামোদৰস্বৰূপ দুপৰীয়াৰ অতিথিজনাৰ ৰথখনৰ অপেক্ষাত ৰলো৷
পিছে অতিথিৰ ৰথখনৰ একো উম-ঘাম দেখা নাপালো৷ এনেতে বাৰাণ্ডাৰ পৰা গৃহলক্ষীৰ মুখনিসৃত সুমধুৰ এষাৰি বাক্য মোৰ কৰ্ণগোচৰ হ’ল –
: “হেৰা! গুচি আহা৷ গেটখনো বন্ধ কৰি আহা! আজি নাহে হেনো৷ অহা দেওবাৰেহে আহিব৷ লগতে পুৰ-ৰা ফেমিলীও আহিব হেনো! ”

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments