অতি প্ৰাচীন গ্ৰাম্য খেল ধেমালি: (অংকুৰ দত্ত)

ঘিলা খেল- এই ঘিলা খেল পুৰুষ আৰু তিৰোতা সকলোৱে খেলে। এডোখৰ সমান ঠাইত এটা ঘিলা পাতি ১২ আঙুলৰ আঁতৰে কেইবাটাও ঘিলা পাতে আৰু তাক নিৰ্দিষ্ট দূৰত্বৰ পৰা ঘিলা এটা দলিয়াই লগাব লাগে আৰু পাৰিলে ঘিলা পাই। আনহাতে, মাজৰ ঘিলাটোত লাগিলে ঘিলা ভৰিব লাগে। বুৰবুৰি, চেলচেলি, নৰখোৱা, চিউট আদি কৰি বিভিন্ন ধৰণৰ নিয়মেৰে ঘিলা মৰা হয়।

ঢোপ খেল-ঢোপ খেল খেলে পুৰুষ-তিৰোতা উভয়ে। এই খেলটো সাধাৰণতে মাঘ আৰু বহাগ বিহুত খেলা হয়। ফটাকানিৰে মেৰিয়াই টোপোলা এটা বান্ধি এফালে নেজৰ দৰে দীঘল কৰি ঢোপ সাজে। দুটা ফৈদ হৈ দলিয়া-দলি খেলে।

চাৰি চুকীয়া খেল-এডৰা মাটিত চাৰি চুকত থকা চাৰিটা ল’ৰাক মাজত থকা ঘাই খুটিৰ পৰা চুব লাগে।

লুকা-লুকি- এইটো খেল চাগৈ সকলোৱে খেলিছে। কেইবাটাও ল’ৰা-ছোৱালীয়ে এইটো খেল খেলে। এজনে চকু মুদি বাকী কেইজনক লুকাবলৈ দি সোধে- হ’লনে

হৈ গুডু খেল- এই খেলত দুটা পক্ষ হৈ “হৈ গুডু-গুডু” কৰি বিপক্ষ দলক চুলে মৰে আৰু উশাহ চিগিলে গুডু দিয়াজন মৰে। পাছলৈ এই খেলটোৰ সাল-সলনি ঘটি কাবাদি নামৰ খেলটোৰ সৃষ্টি হৈছে।

মঙ্গল খেল- এজনে এটাকৈ গুটি লৈ দুজনে খেলে। মাটিত তিনি তৰপীয়াকৈও আঁকি লৈ গুটি তিনিটাকৈ দিব লাগে, কিন্তু বিপৰীত জনে বাধা দিয়ে বাবে যিজনে ৯ টাকৈ দিব পাৰে তেওঁ জিকে।

টাং গুটি- গছৰ বুঢ়া আঙুলিৰ সমান ডাল এটাৰ চাৰি আঙুলমান কাটি লৈ দুয়োটা মূৰৰ বিপৰীত দিশত চেপেটা কৰি টাংগুটি সাজি উলিওৱা হয়। ডেৰ হাত মান দীঘল এডাল দেন্দায়মাৰি থাকে। দেন্দায় ডালেৰে ওকট মাৰি দলিওৱা হয় আৰু বিপৰীত দলে হাতেৰে ধৰিব লাগে। ধৰিব পাৰিলে পাল পায় নোৱাৰিলে সেই ঠাইৰ পৰা দেন্দায় মাৰিৰে টাংগুটিটো মাৰিব লাগে। যিমান দূৰত পৰিব জুখি চোৱা হয়।

ঘাই পকোৱা খেল- এই খেল দুটা ফৈদ হৈ বহি থাকি হাত পাছফালে কৰিব লাগে। ঘাই জনে গুটি প্ৰত্যেকজনৰ হাতত দিয়াৰ নিচিনা কৰে যদিও এজনৰ হাততহে দিয়ে আৰু তাক বিপৰীত পক্ষৰ ঘাই জনে ধৰা পেলাব পাৰিলে জিকে আৰু অন্যথা গুটি হাতত থকা জন এক জাপ আগলৈ যায়।

হৈ খেল- ইয়াতো এডৰা মাটিত দুটা ফৈদ হৈ এজনে বৃত্তৰ মাজত সোমাই ওলাই যাব খোজে, বিপক্ষ দলে বাধা দি চুব লাগে।

গৰখীয়া এছাৰি খেল- বৰ গৰখীয়াই নিজৰ এছাৰিডাল নৰানি বা যি ঠাইত পেলাই যায় আৰু বাকীবোৰ গৰখীয়াই দেই গ’লে এছাৰিডালৰ গাঁঠিৰ সমান তামোল-পাণ ভৰিব লাগে।

পেং খেল- দুডাল বাঁহৰ দাংলৈ তলৰ পৰা মূৰৰ সমান ওপৰত বিন্ধা কৰি অন্য দুটুকুৰা বাঁহ ভৰি দিব পৰাকৈ বান্ধি লয়। চাং বা ওখ ঠাইৰ পৰা পেঙত উঠি যায় আৰু জান-জুৰি পাৰ হয়। পেঙত উঠি বেগাই যোৱাৰ খেল খেলে।

কোমোৰা খেল- ল’ৰা-ছোৱালীবোৰে এটাৰ কঁকাল অন্যটোৱে ধৰি ১০/১২ টা মানে এডাল শিকলিৰ দৰে সাজে। অন্য দলটোৱে আহি “ইৰিকটি মিৰিকটি বাঁহৰ শলা, মোমাই পদুলিত বান্ধিলোঁ ঘোঁৰা, ৰজাৰ জীয়েকে ফুৰিবলৈ যাওঁতে পহু এটা পালে, তাকে খাবলৈ জালি কোমোৰা এটা লাগে” বুলি ইজনে-সিজনে ধৰি থকাৰ পৰা ছিঙিবলৈ যায়। এৰুৱাব পাৰিলে জিকে, নহ’লে হাৰে।

টোপা খেল- ধনু এখনৰ মূৰত বাঁহৰ টোপা এটা লগাই ধৰি থাকে। বাকী বিলাকে বাঁহৰ টোপা লগোৱা মেগেলা কাঁড় ২০/২১ হাত আঁতৰৰ পৰা লগাব লাগে।

কচুগুটি খেল- দুজনৰ মাজত খেলা হয়। এজনে হাতৰ মুঠিত পিছলৈ নি লুকুৱাই দুয়োখন হাত মুঠিমাৰি আগলৈ আনে আৰু আনজনে অলৌগুটি-তলৌগুটি-কচুগুটি খায়, এইখন হাতৰ গুটিটো সেইজনে পায় বুলি দেখুৱায়।

দৰা-কইনা বা পুতলা খেল- ভাৰতবৰ্ষত পুতলা নৃত্য অতি প্ৰাচীন। অসমৰ বিভিন্ন জনগোষ্ঠীৰ ল’ৰা-ছোৱালীবোৰে এতিয়াও শলাকানিৰ হাত দি ফটাকানিৰ দৰা-কন্যা সাজি খেলা দেখা যায়।

কড়ি খেল- আদিম সমাজত কড়িৰ ওপৰত ধৰ্মীয় গুণ আৰোপ কৰা হৈছিল। কড়ি প্ৰজনন অঙ্গৰ প্ৰতীক। টাই আহোম সকলৰ ভিতৰচ’ৰাত কড়ি আছিল অন্যতম জনপ্ৰিয় খেল।

কুকুৰ খেল- ইয়াত দুটা ফৈদ থাকে। কলীয়া লতাৰে ঘাঁহ-বন এমুঠি বান্ধি টোপোলা কৰি ঘাই জনে পথাৰৰ এমূৰৰ পৰা দলি মাৰি পঠিয়াই, আনিবলৈ যোৱাজনৰ গাত বিপক্ষ দলে কুকুৰ গুটি দলিয়াই লগাব লাগে, লাগিলে হাৰে।

মানুহৰ শক্তি পৰীক্ষা খেল- মাঘ বিহু, বহাগ বিহু আৰু বিশেষ বিশেষ সময়ত গাঁৱৰ ল’ৰাই কঁকালে কঁকালে, বাহুৱে বাহুৱে, বগৰা বগৰিকৈ যুঁজি শক্তি পৰীক্ষা কৰে।

গছ কুমটি খেল- এজোপা চাপৰ ডালপাত বেছিকৈ থকা গছত ল’ৰাবিলাক উঠে। মাটিত এটা কুমটি হৈ থাকে। সকলো ল’ৰা গছত উঠা হ’লে কুমটি গৈ প্ৰথম যিজনক চুব সি নামি আহি কুমটি হ’ব।

দৰীয়া বন্ধা খেল- এই খেল পথাৰত বহু খেলুৱৈৰ মাজত হয় আৰু খেলুৱৈ অনুসৰি ঘৰ সাজি লয়। বৰ্তমানৰ খো-খো খেলৰ দৰে খেলখন হয়। ইয়াক বেৰিয়া বোলে। ১০/১২ ফুটকৈ যিমান খেলুৱৈ থাকে সিমান পৰিমাণৰ ঘৰ বনাই দুটা ভাগ কৰি মাজৰ আঁচ ডালত এজন এজনকৈ থাকি ঘৰবোৰ পাৰ হৈ যাব নোৱাৰাকৈ বাধা দিয়ে। ঘৰবোৰ চুব নোৱাৰাকৈ পাৰহৈ পুনৰ ঘুৰি যাব লাগে।

কুকুৰা যুঁজ খেল- এইটো খুবেই জনপ্ৰিয় খেল। ল’ৰাবিলাকে এটা ভৰি হাতেৰে পাছফালে ধৰি থাকি দেইদি ইজনে সিজনক খুন্দিয়াই বগৰাব লাগে।

আদা খেল- দুয়োখন হাতেৰে আঙুলি এটাৰ ওপৰত অন্যটো উঠাই আদা বনাই কিনিব নেকি সোধে আৰু কাঁহী-বাতি খোজে। কাঁহী-বাতি নাদত পৰিল বুলি ক’লে অন্য বস্তু বিচাৰে আৰু পুনৰ নাদত পৰিল বুলি ক’লে আদা ভাঙি দিয়ে।

টোকৰ মৰা খেল- দুজন ঘাইৰে দুটা শাৰীত মুখা-মুখিকৈ বহি থাকে আৰু এজনে নিজৰ শাৰীৰ এজনৰ চকু মুদাই ধৰি বিপক্ষ দলক টোকৰ মাৰিব দিয়ে। টোকৰ মৰাজনক ধৰা পেলাব লাগে।

কণী যুঁজ খেল- সমগ্ৰ উজনি অসমত বহাগ বিহুত আৰু মাঘৰ বিহুত কণী যুঁজৰ প্ৰথা এতিয়াও বৰ্তি আছে।

তীৰ মৰা খেল- কেইবাজনেও ধনু-কাঁড় দূৰলৈ মাৰে আৰু বাকীবোৰে তাত লগাব লাগে।

আলি চিগা খেল- এইটো খেলত দুটা দলৰ এটা দলে ” হেইচ কুট কুট” বুলি বিপক্ষ দলক চুব বিচাৰে। আন এজনে পুনৰ “হৰি নিলে নিলে, বেলি দিলে ভাটি, ৰজাই গৰখীয়া বীন বায় ৰাতি, উৰি যাওঁ পুৰি যাওঁ, ডালে-পাতে লাগি যাওঁ, ডালে ধৰফৰায়, গুটি ধৰফৰায়। এইদৰে গাই চুবলৈ খেদি যায়।

তিৰোতাৰ চৰিয়া খেল- চাৰি-পাঁচজনী ছোৱালী মুখামুখিকৈ বহি ভৰি দুটা দীঘলকৈ মেলি ইজনীয়ে সিজনীৰ ভৰি তলুৱাই তলুৱাই লগাই হাতত ধৰি ঘূৰণীয়াকৈ জোৰেৰে ঘূৰে।

(উৎস- বিভিন্ন পুৰণি গ্ৰন্থ, আলোচনী, লখিমপুৰ জিলাৰ গ্ৰাম্য খেল ধেমালি, ইত্যাদিৰ পৰা সংগৃহীত)

 

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Devi
1 year ago

Very Nice information