অতি সন্তৰ্পণে মই এজোপা গছ হ’ব ধৰিলো (-দীপ্তি দেউৰী বৰা)

অতি সন্তৰ্পণে মই এজোপা গছ হ’ব ধৰিলো
-দীপ্তি দেউৰী বৰা

কৰ্ণৰ শৰীৰত কবচ কুণ্ডলtree
কুন্তীৰ অমোঘ মন্ত্ৰৰ ফলাফল
বিষাদ আৰু হেঁপাহৰ অৱনমিত দাবানল
কৰ্ণৰ বিদীৰ্ণ দুখ….
আকুল সময়ৰ সাক্ষীক কুন্তীৰ কোলাত দি
উদয় আৰু অস্তৰ গতানুগতিকতাৰে
হেৰাই যাবলৈ দিলে কৰ্ণৰ ঠিকনা
(কিয় জানো মোৰ মাজে মাজে সূৰ্যটোক গছত বান্ধি থবৰ মন যায়)
নিৰ্বাক সময়
প্ৰতিটো মুহূৰ্তত কৰ্ণৰ স্পন্দনত আঘাত
তীব্ৰ অন্তৰ্দ্বন্দ্ব তীব্ৰ সংঘাট
হায় পৰশুৰাম দুৰ্বিপাকৰো কি যে পাক
মোৰ জন্মও আছিল অবাটে লোৱা এটা বাট
সেই বাটেৰে আহি সন্তৰ্পণে মই এজোপা গছ হ’বলৈ ধৰিলো
শিপা আৰু সেউজীয়া
শিপাত ভৰদি মই থিয় হ’লো মাটিত
সেউজীয়াবোৰ যোদ্ধা হৈ পৰিল
এজাক বায়ুৰ অন্বেষণত পাতবোৰ যুঁজাৰু হ’ল৷
কৰ্ণৰ হৃদয়ত বিষাদৰ টুকুৰা এটা সন্তৰ্পণে ঘূৰি ফুৰিছিল
ঠিক মোৰ গা গছ আৰু সেউজীয়াবোৰত পিতপিতাই ফুৰা দুখবোৰৰ দৰে
কৰ্ণ,
তুমি তোমাৰ সঠিক ঠিকনা জানিও “মাৰফৎ “ লিখিব নোৱাৰিলা
আৰু
অতি সন্তৰ্পণে মই এজোপা যুঁজাৰু গছ হৈ পৰিলো৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments