অতীত আৰু বৰ্তমান সময়ৰ দুৰ্গাপূজাৰ কিছু তাৎপৰ্য্য (পিঙ্কুমনি ডেকা)

যুগৰ পিছত যুগ ধৰি হিন্দুসকলে শক্তিৰ আধাৰ, মহামায়া সৰ্বশক্তিমান ৰুপে শৰতৰ অধিষ্ঠাত্ৰী দুৰ্গাদেৱীক বিভিন্ন সময়ত বিভিন্ন ধৰণে পূজা -অৰ্চনা কৰি আহিছে৷ এই দেৱীয়ে হৈছে সৃষ্টি, স্থিতি, বিনাশকাৰিনী। সকলোবোৰ তেওঁৰেই সৃষ্টি, অৰ্থাৎ ব্ৰহ্মা, বিষ্ণু, শিৱ এই তিনিশক্তিৰ অধিকাৰিনীও আকৌ দেৱী দুৰ্গাই৷ এই পৃথিৱীত দেৱীয়েই যেন পৃথিৱীৰ সকলো দিশতে সৎ-অসৎ সকলো সৃষ্টি তেওঁৱেই কৰিছে আৰু ত্ৰিগুণ শক্তিৰদ্বাৰাও তেৱেঁই পালন কৰিছে৷ আকৌ প্ৰলয়কালত সকলোেদিশে বিনাশ কৰিছে সেয়েহে চাগে আমি সকলোৱে দুৰ্গাদেৱীক স্মৰণ কৰোঁ৷ দুৰ্গা শব্দৰ অৰ্থ যদি আমি চাবলৈ যাওঁ তেন্তে আমি জানিম যে দৈত্য, বিঘ্ন, ৰোগ, পাপ আৰু শত্রুৰ হাতৰ পৰা যি ৰক্ষা কৰে, তেঁৱেই দুর্গা ইত্যাদি৷ প্ৰবাদ মতে আসুৰিক শক্তিৰ বিনাশকাৰিনী বুলি যাক আমি কওঁ সেয়ে শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গা৷ বুৎপত্তিগত দেৱী দুৰ্গাক অৰ্থ-বিজয়া, মহাময়া, ভাগৱতী আদি বিভিন্ন সময়ত বিভিন্ন নামেৰে অভিহিত কৰা হৈছে৷ সেয়েহে দুৰ্গাক সৰ্বশক্তিময় অধিষ্ঠাত্ৰী দেৱীৰুপে পূজা-অৰ্চনা কৰি আহিছে অতীজৰে পৰা আজিকোপতি৷ ভাৰতবৰ্ষৰ ইতিহাসত দুৰ্গা পূজাৰ কেতিয়া প্ৰচলন হৈছিল সেইটো সঠিক ৰুপে কোৱাটো ইমান সম্ভৱ নহয় যদিও প্ৰায় তিনি সহশ্ৰাব্দ বছৰ আগতে প্ৰচলন হোৱা বুলি পণ্ডিতসকলে কয়৷
প্ৰাচীনকালত হেনো ৰজাসকলে শত্ৰুক নিধন কৰি ন্যায় প্ৰদানৰ উদ্দেশ্যে সৰ্বশক্তিমান অধিষ্ঠাত্ৰী দেৱীৰ জৰিয়তে একপ্ৰকাৰ ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ শক্তি পূজাৰ আশ্ৰয় লৈছিল৷ আমি যদি “ৰামায়ণ’ৰ কথাই চাওঁ ৰামায়ণৰ যুগত ৰামচন্দ্ৰই অসুৰ শক্তি ৰাৱণক হেনো বধ কৰাৰ উদ্দেশ্যে শক্তি(বৰ) বিচাৰি শৰৎ কালতে দুৰ্গাদেৱীৰ পূজা-অৰ্চনা কৰিছিল৷ সাম্প্ৰতিক সময়ৰ অসমত নৈসৰ্গিক প্ৰকৃতিৰ লগত এই শৰৎ কালত শুকুলা মেঘৰ ডাৱৰৰ মাজত শেৱালিফুলা বতৰত, যিধৰণে দুৰ্গাপূজা সমাপন কৰিবলৈ লোৱা হল সেৱা কোনো প্ৰাচীন কথা নহয়৷ আজিৰ এই শাৰদীয় দুৰ্গোৎসৱৰ শাৰদীয় ৰুপটো হেনো অসমত অতীজৰে পৰা আছিল৷ ৰজাসকলৰ দিনৰ পৰাই প্ৰচলিত শাৰদীয় দুৰ্গোৎসৱৰ ক্ৰমান্বয়ে পৰৱৰ্তী সময়ত এই পূজাৰ হ’বলৈ ধৰে৷ সমাজ-বিৱৰ্তনৰ বাবে লগে লগে দুৰ্গাপূজা সমূহৰো ভাৱ-ধাৰণা, নীতি-নিয়মবোৰ ও সলনি হবলৈ ধৰিলে৷ সম্প্ৰীতি আজি দুৰ্গাপূজা যেন জাতীয় উৎসৱলৈ পৰ্য্যবেসিত হবলৈ ধৰিছে আৰু সেইবাবেই চাগে সাম্প্ৰতিক সময়ছোৱাত দুৰ্গাপূজা সাৰ্বজনীণভাৱে অনুষ্ঠিত হৈ আহিছে৷ ইয়াত যদি চাবলৈ যাওঁ সামগ্ৰিকভাৱে দেখিবলৈ পোৱা যায়, ইয়াত যেন সকলো ভাষা-ভাষী, জাতি-ধৰ্ম, আনন্দ-উচ্ছাস, উলহ-মালহেৰে মিলনৰ মধুৰ সমন্বয়ৰ সমাৱেশস্থলীলৈ পৰিবৰ্তিত হৈছে৷ কলিকতা বুলিয়েই নহয় ই যেন সমগ্ৰ অসমভূমিতে বিভিন্ন ঠাইত বিভিন্ন ধৰণে উৎযাপন কৰা হয় এই দুৰ্গাপূজা৷ অসমত থকা বাঙালী সম্প্ৰদায়ৰ লোকসকলৰ বাবে দূৰ্গা পূজা অতি মৰমৰ উৎসৱ৷ দূৰ্গা পূজা আন উৎসৱসমূহৰ নিচিনা পাৰিবাৰিক মিলনৰ কাৰক হৈ পৰিছে৷ সুদুৰ বিদেশত থাকিও যেন ভাই-ককাই, বাই-ভনী, আত্মীয়-স্বজনসকলক ঘৰলৈ এই দুৰ্গাপূজা টানি আনে বুলি বিনাদ্বিধাই কব পাৰি।
দুৰ্গা পূজাই বৰ্তমান সময়ৰ অসমৰ জাতীয় সংহতিৰ বিশেষভাৱে অৰিহনা যোগায় বুলি কব পাৰি, কাৰণ এই দুৰ্গাপূজাৰ সময়ছোৱাতে বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত গা-কৰি উঠা সন্দেহ, সংশয় দূৰ কৰি, বুজাবুজি, ভাতৃত্ববোধ, সৌহাদ্যপূৰ্ণ যোগাযোগ তথা আৱেগ আৰু আত্মিক ভাৱৰ আদান-প্ৰদান কৰি সকলোবোৰ মিলিত হয় পূজামণ্ডপস্থলীত৷ সেয়ে একপ্ৰকাৰ কব পাৰি যে দুৰ্গাপূজা সকলো জাতি-ধৰ্ম, নিৰ্বিশেষে সমন্বয়ৰ মিলনৰ সেঁতু৷ যান্ত্ৰিকতাৰ যুগতো অইনবেলিৰ দৰে এইবেলিও আমাৰ সমাজতো দুৰ্গাপূজাৰ যি মহা আয়োজন চলিব ধৰিছে, দেৱী দুৰ্গাৰ পূজা-অৰ্চনাৰ হেতুকে ই এটা শুভ লক্ষণ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments