অতৃপ্ত — মনালিছা পাঠক নেওগ

প্ৰকৃতি ভাল পায় নীলয়ে। প্ৰকৃতিৰ সেউজীয়াবোৰৰ মাজত ঘূৰি ফুৰি ভাল পায় সি।
কংক্ৰীট মহানগৰীত তাৰ উশাহ ল’বলৈ কষ্ট হয়। পেটৰ তাড়নাত থাকিবলগীয়া হয়; কিন্তু তাৰ মনটো ঘূৰি ফুৰে গাঁৱৰ অৰঙে দৰঙে। বন্ধ পালেই সি ঢাপলি মেলি গুচি যায় গাঁৱৰ ঘৰলৈ। ৰংজুলি গাঁৱত তাৰ ককাক-আইতাক থাকে। এইবাৰ বন্ধতো সি গাঁৱলৈ বুলি ওলায় যায়। সংগী হ’ল তাৰ মৰমৰ কেমেৰাটো। কেমেৰাটো তাৰ চিৰ লগৰী।
গাঁৱলৈ গৈ পায়েই আৰু ৰ’বলৈ নাই; পথাৰ, নদী আদিলৈ গৈ প্ৰকৃতিৰ শোভা প্ৰাণ ভৰি উপভোগ কৰাত লাগি যায়। সযতনে কেমেৰাত আৱদ্ধ কৰি ৰাখে উদিত সূৰ্য্য, অষ্টগামী বেলি, উৰি ফুৰা চৰাই। ঘৰমুখী গৰু-গাই আৰু ক’ত কি! প্ৰাণ খুলি উশাহ লয় নিৰ্মল বায়ুত। ককাক-আইতাকৰ লগত পোৰা গৰৈ মাছ, পোৰা আলু পিতিকা, বিবিধ বন শাক আৰু বাঁহ গাজৰ জুতি লয়। আইতাকৰ ঘৰৰ পিছফালে এডৰা ডাঙৰ গেজেপা মৰা বাঁহনী আছে। কেইবাঘৰ মানুহৰ তাতে ভাগ আছে। সেই বাঁহনীডৰাৰ শেষত পথাৰখন। আগতে সেইটো গো-বাট আছিল। এতিয়া সেইটো বাটেদি কোনো অহা-যোৱা নকৰে।
এদিন ৰাতি জুহালত ককাক-আইতাকৰ লগত জুই পুৱাই থাকোতে বাঁহনী দৰাৰ পৰা জেং খৰি জ্বলালে যেনেকৈ ফুটাৰ শব্দ হয় ঠিক তেনে শব্দ এটি ভাঁহি আহিল। সি পাকঘৰৰ খিৰিকীখন মেলি শব্দটো ক’ৰ পৰা আহিছে চাব খোজোঁতে দেখে বাঁহনী ডৰাৰ মাজত একুৰা জুই। সি ককাক-আইতাকক কথাটো কোৱাত আইতাকে কয় কোনোবাই দিনতে জ্বলাইছিল চাগে’, এতিয়া বতাহ পাই আকৌ জুইকুৰা জ্বলি গৈছে। উঠি গৈ তেওঁ খিৰিকীখন বন্ধ কৰি দিয়ে আৰু দঢ়াই দঢ়াই তাক সেই বাৰীখনলৈ ভুলটো নাযাবি বুলি কয়।
কিয় বুলি নীলয়ে প্ৰশ্ন কৰে। তেতিয়া তেওঁ কয় সেইখন বাৰীলৈ আজিকালি কোনো নাযায়। সেয়ে যাবলৈ মানা কৰিছোঁ।
পিছদিনা নীলয়ে দুপৰীয়া ভাতমুঠি খাই কেমেৰাটো লৈ পথাৰলৈ বুলি যাবলৈ ওলায়। দীঘলীয়া বাটেদি যোৱাতকৈ বাৰীৰ মাজৰ চমু বাটটোকে লয়। ককাক-আইতাকে ভাত খাই উঠি তামোলৰ জুতি লৈছে। সেইটো সুযোগতে সি বাৰীৰ মাজৰ বাটটোয়েদি পথাৰলৈ বুলি পোনাই দিয়ে।
জপনাখন নাৰিকলৰ ৰছীৰে কচি কচি বান্ধি থোৱা আছিল। সেইখন খোলোতে তাৰ অলপ সময় লাগিল। জপনাখন খুলি সি আগবাঢ়ে। লুংলুঙীয়া বাটটোৰ দুয়ো কাষে শাৰী শাৰী ভলুকা আৰু জাতি বাঁহ। সি সৰুতে ককাকৰ লগত এইটো ৰাস্তায়েদি গৰু চৰাবলৈ পথাৰলৈ গৈছিল। তেতিয়া ৰাস্তাটো পুৱা-গধূলি ঢকুৱা শোতাৰে সাৰি আইতাকে ফু মাৰি ভাত খাব পৰা কৰি থৈছিল। এতিয়া গোটেইখন বাঁহ পাতেৰে ভৰ্তি। বহুতদিন যে সেইটো ৰাস্তাইদি কোনো নৰ-মনিছ পাৰ হৈ যোৱা নাই সি বুজি উঠিল। খোজ দিয়াৰ লগে লগে শুকান বাঁহ পাতৰ খৰমৰনি উঠে। সেই শব্দটো তাৰ খুবেই ভাল লাগে। শৈশৱত সমনীয়াৰ লগত বাঁহ জোকাৰি বাঁহ পাত ধৰা দিনবোৰলৈ তাৰ মনত পৰি যায়।
ডিঙিত লৈ যোৱা কেমেৰাটোৰে সি ৰাস্তাটোৰ ফটো তুলিলে। বাঁহবোৰৰ ফটো তুলিলে বিভিন্ন ধৰণে আৰু ছচিয়াল নেটৱৰ্কিং চাইট এটাত এৰি দিলে। লগৰ এজনীয়ে ফটো দেখি সেই মুহূৰ্ততে ফোন কৰিলে —
— ঐ নীলয় ক’ত ঘূৰি ফুৰিছ এই দুপৰীয়াখন?
— বাঁহৰ তলে তলে …
— চাবি, দুপৰীয়া বাঁহৰ তলে তলে ঘূৰি ফুৰা যখিনী ওলাব কিন্তু…
— অমুকায়ে ভূতলৈ ভয় নকৰে বুজিছ। হাঃ হাঃ ….
— হ’ব বাৰু! ভয় কি বস্তু লগ পালেহে গম পাবি…
ফোনটো কাটি যায়। গাঁৱত নেটৱৰ্ক সিমান ভাল নহয়। কোনোবা এঠাইত পাই কোনোবা ঠাইত নাপায়। দুপৰীয়াৰ নিৰ্জনতা ভাঙি অনামী চৰাই এটাই মাতি উঠিল। নীলয়ে চৰাইটোৰ লগত সুৰ মিলাই সুহুৰিয়াই উঠিল। ঠিক সেইসময়ত আৰু এটা সুহুৰি ভাঁহি আহিল। ইফালে সিফালে চাই নীলয়ে কোন বুলি চিঞৰি উঠিল। সোঁহাতে অলপ দূৰত বাঁহ-খৰি জুকিয়াই থকা কোনোবা এটাক দেখি সি মাত দিলে।
— কোন সেয়া?
“মইহে!” -বুলি কৈ আঁঠু মূৰলৈকে বগাত ৰঙা শেল দিয়া বহল গামোচা পিন্ধি উদং গাৰে খৰি জুকিয়াই থকা ল’ৰাজনে খৰি তাতেই পেলাই থৈ নীলয়ৰ কাষ পালেহি।
— তোমাক চিনি পোৱা নাই।
— মই হৰেশ্বৰ.. চেনিৰাম পাঠকৰ ল’ৰা।
— অ’ গেলামালৰ দোকান থকা চেনিৰাম খুড়াৰ ন?
— হয়..
— আপুনি কণমাই বৰমাহঁতৰ নাতি নহয় জানোঁ?
— ঠিক ধৰিছা।
— ক’লৈ যায় এই ভৰদুপৰীয়াখন?
— পথাৰৰ ফালে এপাক মাৰোঁ বুলি আহিলোঁ।
— এইটো ৰাস্তাইদি কিয় আহিলে? এইফালে আজিকালি কোনো অহা-যোৱা নকৰে।
— কোনো অহা-যোৱা নকৰে মানে.. তোমাক চোন ইয়াতেই পাইছোঁ!
— মোৰ কথা বেলেগ.. মই ইয়াতেই থাকোঁ। আপুনি কেতিয়া আহিল?
— হ’ল দুদিনমান বুলি কৈ নীলয়ে খোজ ল’লে। হৰেশ্বৰো লগতে গৈ থাকিল।
— আপুনি চহৰত থাকে ন?
— উম…
— মোৰো এবাৰ চহৰখন চাবলৈ বৰ মন আছিল…
— মন আছিল মানে… এতিয়াও ওলাবা আকৌ। মোৰ তাতে থাকি চাব পাৰিবা।
— এতিয়া আৰু কেনেকৈ যাম… বুলি কৈ হৰেশ্বৰ ৰৈ যায়।
— কি হ’ল ৰৈ গ’লা যে?
— নাই একো নাই। আজি বহুত দিনৰ মূৰত কাৰোবাৰ লগত কথা পাতিলোঁ।
এইবাৰ নীলয়ৰ আচৰিত হোৱাৰ পাল…
— তাৰ মানে.. ঘৰত তুমি কথা নাপাতা নেকি?
— নহয় মানে.. আজি-কালি মন খুলি আগৰদৰে কাৰো লগত কথা পতা নহয় যে..
— কথা পাতিব লাগে মনৰ কথাবোৰৰ আদান-প্ৰদান কৰিব লাগে।
— এৰা! কিন্তু সুবিধাওতো পাব লাগিব।
— কি কৈছা?
— একো নাই… আপোনাৰ ভয় নালাগে?
— কিয়, ভয় লাগিবলৈ কিটো আছে। মোৰ একোলৈকে ভয় নালাগে। আইতাই মোক এইফালেদি আহিবলৈ খুব মানা কৰিছিল। কিয়, নাজানোঁ!
— আপুনি তেওঁৰ কথা শুনিব লাগিছিল..
— হ’ব বাৰু! বলা পথাৰখন এই পাওঁ পাওঁ হ’ল।
দুয়ো এপাক মাৰি আহোঁ ব’লা।
— আপুনি যাওঁক মোৰ এয়াই সীমা। ইয়াৰ পৰা আৰু মই আগবাঢ়িব নোৱাৰোঁ।
হৰেশ্বৰৰ কথাবোৰ শুনি নীলয়ৰ কিবা অখজা লাগিল।
কিবা এটা শব্দ শুনি উভতি চাই দেখে ইমান পৰ তাৰ লগত কথা-বতৰা পাতি আহি থকা ল’ৰাটো তাৰ পৰা কেইহাতমান দূৰৰ গৈ বাঁহ এজোপাৰ গুৰিত ওখ হৈ থকা মাতিৰ তললৈ চো.. চোকৈ অদ্ভুত শব্দ এটা কৰি সোমাই যায়।
নীলয়ে হঠাৎ হোৱা ঘটনাটোৰ একো তত ধৰিব নোৱাৰি দিক্-বিদিক হেৰুৱাই পথাৰলৈ দৌৰ দিয়ে আৰু অলপ দূৰ গৈয়েই মূৰ ঘূৰাই পৰি যায়।
৹৹৹৹৹৹৹৹৹৹৹
যেতিয়া সংজ্ঞা ঘূৰাই পায় তেতিয়া নীলয়ে নিজকে ককাকৰ বিচনাত আবিষ্কাৰ কৰে। আকুল চকু দুযুৰিয়ে দুয়োকাষে বহি তালৈকে চাই আছিল। সি খপজপাই উঠি বহে। আইতাকে তাক সাবটি ধৰি “তোৰ কিবা এটা হৈ যোৱা হ’লে মাৰ-দেউতাৰক কি বুলি উত্তৰ দিলোঁহেঁতেন… আমি কেনেদৰে জীয়াই থাকিলোঁহেঁতেন!” বুলি কৈ চকুলো টোকে।
— ৰ’ চোন আইতা, মোৰ একো হোৱা নাই নহয়। কিয় কন্দা-কটাখন কৰিছ বুলি নীলয় ব্যস্ত হৈ পৰে। ককাকে তাক দবিয়াই উঠে “বাৰীলৈ কিয় গৈছিলি তই? তোক আমি যাবলৈ মানা কৰা নাছিলোঁ জানোঁ?”
— ৰ’বা চোন মোৰ হৈছিল কি ককা?
— গাঁৱৰ ল’ৰা এটাই গৰু আনিবলৈ যাওঁতে তোক পথাৰৰ মাজত পৰি থকা অৱস্থাত পাই আমাৰ ঘৰত খবৰ দিছিল। তাৰ পিছত ল’ৰা তিনিজনমান গোট খাই তোক তাৰ পৰা উঠাই আনিছে। বাৰীৰ জপনাখন খোল খাই থকা দেখিহে অনুমান কৰিলোঁ তই বাৰীৰ মাজেদি পথাৰলৈ গৈছিলি বুলি।
আইতাকে নীলয়ৰ গাটো মোহাৰি সুধিলে,
— বোপা কি হৈছিল তোৰ লগত ক’চোন! কিয় তই তেনেকৈ পথাৰত পৰি থাকিব লগা হ’ল?
নীলয়ে সমস্ত ঘটনা বৰ্ণনা কৰিলে। ককাক-আইতাকে সেপ ঢুকি ইজনে সিজনলৈ চোৱা চুই কৰিলে। তাৰ পিছত ককাকে যিখিনি কথা ক’লে সেয়া শুনি নীলয়ৰ অণ্ঠ-কণ্ঠ শুকাই গ’ল। হৰেশ্বৰৰ ছয় মাহমানৰ আগত অচিন বেমাৰ হৈ মৃত্যু হৈছিল। সি নাইকিয়া হৈ যোৱা বাঁহ জোপাৰ গুৰিতে তাক খৰি দিয়া হৈছিল। তাৰ পিছৰ পৰা বাৰীখনত অদ্ভুত কাণ্ড কিছুমান হৈ থাকিবলৈ ল’লে। কেতিয়াবা দুপৰীয়া, কেতিয়াবা ৰাতি তাৰ পৰা বাঁহ কটাৰ শব্দ, সুহুৰিয়াই থকাৰ শব্দ শুনিবলৈ পোৱা যায়। ৰাতি হ’লেই জুই একুৰা জ্বলি থকা দেখিবলৈ পোৱা যায়। কথাবোৰ কাণ বাগৰি গোটেই গাঁওখনত বিয়পি পৰিল। কথাবোৰ গম পোৱাৰ পৰা কোনো তালৈ নহা হ’ল। কেতিয়াবা বাঁহ কাটিবলগীয়া হ’লে কেইবাজনো লগ হৈ হাতত সৰিয়হ আদি লৈ হে আহে।
আইতাকে মাত লগালে,
— বৰ ভাল ল’ৰা আছিল অ’ সি। কিবা কাম পাচিলে কেতিয়াও না বুলি নকয়। মৰি-তৰি হ’লেও শেষ কৰি হে এৰে। আদবয়সত মৰা বাবে চাগে তাৰ আত্মাটো অতৃপ্ত হৈ থাকিল। হ’লেও কিন্তু সি কাকো আমনি নকৰে।
আইতাকৰ কথাবোৰ শুনি নীলয়ৰ বুকুখন গধুৰ হৈ পৰিল। পিছদিনা বুকুত গধুৰ স্মৃতি এটি বান্ধি লৈ নীলয় চহৰলৈ উভতি আহিল। আগদিনা হৰেশ্বৰে কোৱা কথাটো তাৰ বুকুত বাজি থাকিল —
“মোৰো এবাৰ চহৰখন চাবলৈ বৰ মন আছিল…”


Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক