“অথঃ বিকি সংবাদ”-(দিগন্ত কুমাৰ ভট্টাচাৰ্য)

বিকিয়ে হায়াৰ ছেকেণ্ডাৰী দিয়াৰ পিছৰ কথা। ১৯৯৫ চন মানৰ ঘটনা। নতুনকৈ সি চিগাৰেট খাবলৈ শিকিছিল তেতিয়া। মাজে মাজে দেউতাকৰ পকেটত থকা পেকেটটোৰ পৰা এডাল-দুডাল মনে মনে নি বাৰীৰ পিছফালে আপোনমনে হুপে। কিন্তু দেউতাকে পিছলৈ চিগাৰেট হিচাপ কৰি থোৱা যেন অনুভৱ হোৱাত সি দুনাই ৰিস্ক ল’বলৈ নিবিচাৰিলে। ইফালে সৰু চহৰখনত পাণ দোকানলৈ গৈ চিগাৰেট কিনাটোও মস্কিল, কোনোবা নহয় কোনোবা চিনাকি মানুহ থাকেই।

শেষত সি উপায় এটা বিচাৰি পালে। দেউতাকে ঘৰৰপৰা চাৰি কিল’মিটাৰ নিলগৰ সৰু বেংক এটাত চাকৰি কৰে। সদায় ৰাতিপুৱা স্কুটাৰখন লৈ যায়। বিকিয়ে পৰীক্ষাৰ পিছতে ক’ম্পিউটাৰ ক’ৰ্চ এটাত নাম লগাইছে।
– “দেউতা, মোৰ ক্লাছ আৰু তোমাৰ অফিচৰ সময় একে কৰি লৈছোঁ। একেলগে স্কুটাৰত যাব পাৰিম। তুমি মোক ইনষ্টিটিউটত নমাই থৈ যাবা।স্কুটাৰ কিন্তু মই চলাম”।

বিকিয়ে স্কুটাৰ ষ্টাৰ্ট দিয়ে। দেউতাকে চিগাৰেট এটা জ্বলাই পিছত বহে। ইনষ্টিটিউটলৈ দুই কিল’মিটাৰ পথ দুই মিনিটতে পায় বিকিয়ে। দেউতাক নামে- ‘হেহ.. বতাহৰ দৰে চলাৱ দেখোন তই’। অনিচ্ছাস্বত্বেও দেউতাকে মাত্ৰ বিছ শতাংশমানহে খোৱা চিগাৰেটটো দলিয়াই স্কুটাৰখন চলাই লাহে লাহে আগ বাঢ়ে। বিকিয়ে মুহূৰ্ততে দেউতাকে পেলাই দিয়া চিগাৰেটটো বুটলি ইনষ্টিটিউটৰ পিছফালে গৈ মহাসুখে হুপিবলৈ লয়।

এনেকৈ কিছুদিন চলিল। এদিন এনেদৰে চিগাৰেট হুপি থাকোতে হঠাৎ বিকিৰ সন্মুখত মাকৰ আৱিৰ্ভাৱ হ’ল। কাষত কুমুদ খুড়া। ইনষ্টিটিউটৰ কাষতে কুমুদ খুড়াৰ গেলামালৰ দোকান আছে। মাকক দেখি মুখলৈ নিয়া চিগাৰেটৰ ধোঁৱা কাণ আৰু চকুৰেও ওলাল।

– “মই কোৱা নাছিলোঁ নে বৌ, ই সদায় ইয়াতে চিগাৰেট খায়”- কুমুদ খুড়াৰ মুখত হাঁহি। মাকে কাণত ধৰি ভালকৈ দুচৰ লগালে তাক। সেইসময়তে সিহঁতক চাই হাঁহি হাঁহি পাৰ হৈ গ’ল গাৰ্লছ স্কুলত পঢ়া দশম মানৰ ‘দশমী’। বিকিৰ যেন সকলো ‘ইজ্জত’ মাটিত মিহলি হৈ গ’ল নিমিষতে। সেইদিনাৰ পৰা সি কুমুদ খুড়াক ভাল এশিকনি এটা দিয়াৰ সুযোগৰ সন্ধানত থাকিল।

এবাৰ কিবা কাম এটাত কুমুদ খুড়াই বিকিক লৈ গুৱাহাটীলৈ গ’ল। তেওঁ গুৱাহাটীৰ আও-ভাও ধৰিব নোৱাৰে। বিকি আকৌ এইবোৰত ভাল। কাম শেষ কৰি দুয়োজন তেওঁলোকৰ গাঁৱৰ ৰত্নে ঠিকাদাৰৰ ঘৰলৈ গ’ল। ৰত্নে ঠিকাদাৰে গুৱাহাটীলৈ উঠি অহাৰ এবছৰমান হ’ল। বিয়াগোম, চালে চকুৰোৱা ঘৰ সাজিছে। বিকি আগতে কেইবাবাৰো আহিছে তেওঁলোকৰ ঘৰলৈ, কুমুদ খুড়াৰ এয়াই প্ৰথম।

– “হেৰৌ, মজিয়াখন দেখোঁ আইনাৰ দৰে! পিছলি পৰিম নেকি বাৰু?”

– “এয়া টাইলছ বুলি কয়। সাৱধানে খোজ দিবা।“ কুমুদ খুড়াই পেলাওঁ-নেপেলাওঁকৈ লাহে লাহে খোজ দিলে যাতে ভৰিত লাগি থকা ধূলিৰ ক্ষুদ্ৰ অংশ এটিয়েও মজিয়াখন লেতেৰা কৰিব নোৱাৰে।

– “ইমান চফা মজিয়া… ইয়াতে ভাত খাবও পৰা যাব”।

কামকৰা ছোৱালীজনীয়ে চাহ দি গ’ল।

– “বিকি, মুখখন অলপ ধুই ল’ব লাগিছিল। ক’ত বা আছে বাথৰুম?”

– “সৌৱা বাওঁফালে সেয়া বাথৰুম। এটা কথা কিন্তু। পানীৰ টেপ হাতেৰে নুখুলিবা। ইয়াত চব অ’টোমেটিক। টেপটোৰ ওচৰলৈ গৈ সৰুকৈ ক’বা- “পানী…ৱাটাৰ”। পানী ওলাই আহিব। যদি নাহে তেনেহ’লে কাষতে বগা ডাঙৰ পাত্ৰ এটা আছে। তাৰপৰাই অলপ ল’বা”।

কিছু সময়ৰ পিছত কুমুদ খুড়া বাথৰুমৰ পৰা আহিল। আহিয়ে ঠিকাদাৰৰ ঘৈণীয়কক ক’লে- “আপোনালোকৰ পানীৰ টেপটোৱে আজি কথা শুনা নাই। কাষৰ পাত্ৰটোও বৰ গধূৰ দেই। কিবা পকাখনতে ফিক্সড কৰি থোৱা যেন লাগিল।“

– “পাত্ৰ? কোনটো পাত্ৰ? সেইটো বাথৰুমত বাল্টি-মগ একো নাই দেখোন”।

– ‘কিয় সেই বগা পাত্ৰটোৰ কথা কৈছোঁ। তাতো অলপহে পানী আছে। তাৰেই এচলু মুখত দিলোঁ আৰু। ভৰ্তি কৰি থ’ব আকৌ, নহ’লে শেষ হৈ যাব”।

ঠিকাদাৰৰ ঘৈণীয়েকৰ কি কওঁ, কি নকওঁ যেন লাগিল। প্ৰায় দহমিনিট লাগিল কুমুদ খুড়াক বুজাওঁতে যে সেই বগা ডাঙৰ পাত্ৰটো আচলতে “ক’মোড”হে আৰু ই কি আৰু কিয় বিখ্যাত! বিকিয়ে ইতিমধ্যে চাহ খাই চিটিবাছেৰে গৈ আদাবাৰী পালেগৈ।

এতিয়াও গাঁৱৰ প্ৰায় সকলোৱে কুমুদ খুড়াক “ক’মোড খুড়া” বুলিয়েই মাতে।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক