অথঃ বিবাহ সংবাদ ( অভিজিৎ কলিতা)

othoh bibahমই নাৰীবাদ সম্পৰ্কে বৰ বিশেষ নেজানো, তথাপিও মোৰ পিতৃ মাতৃয়ে সৰুতেই নাৰীক সন্মান কৰিব লাগে বুলি ধাৰণা এটা মনত সুমুৱাই দিবলে সক্ষম হৈছিল, জোখতকে বেছি কিতাপ পত্ৰও পঢ়িছিলো, গতিকে এক নিজস্ব চিন্তাধাৰা গঢ়ি উঠিছিল বুলি কব পাৰোঁ। যিহেতু বিয়াৰ পাছতহে মোৰ ঘৰৰ বাহিৰৰ এগৰাকী নাৰীৰ লগত এক গুৰুত্বপূৰ্ণ সম্পৰ্ক স্থাপিত হব, সেইবাবে মোৰ ভাৱী পত্নীক মই দিব লগা স্থান আৰু সন্মান সম্পৰ্কে যথেষ্ট ভৱা গুণা কৰি কিছুমান সিদ্ধান্তত উপনীত হৈছিলোহি। সেই ব্যক্তিগত অভিজ্ঞতাৰ কথাই অলপ কব বিছাৰিছো, নাৰীবাদৰ লগত নহলেও, নাৰীৰ লগত যিহেতু ইয়াৰ পোনপতীয়া সম্পৰ্ক আছে, গতিকে অলপ বহলাই লিখিলোঁ। ৰাইজে পঢ়ি কিবা ৰস পালে ভাল লাগিব।

প্ৰায় পাঁচবছৰ চাকৰি কৰাৰ পাছত, ঘৰৰ ডাঙৰ হিচাপে নিজৰ মেজৰ দ্বায়িত্ববোৰ প্ৰায় সামৰাৰ পাছত, ঘৰ বাহিৰ সকলো ফালৰে পৰা মোৰ ওপৰত তীব্ৰ চাপ প্ৰয়োগ কৰা হ’ল, সোনকালে বিয়া পাতিবলৈ। লগৰ সহকৰ্মীবোৰেও লাহে লাহে দুজনীয়া হবলৈ লোৱাত, মোৰ লগ সংগো কমি আহিল, গতিকে বিয়া পাতিম বুলি ঘৰত জনাই দিলোঁ। পিছে চাকৰিৰ নামত মই পাহাৰত উঠি থাকো, ছোৱালী নেলাগে মহিলাও কেতিয়াবা কাৎচিৎহে লগ পোৱা যায়। ছুটি বৰ কম আৰু, আটাইতকৈ ডাঙৰ অসুবিধা … তেতিয়া ফেচবুক, হোৱাটচ-এপ একো নাছিল। কৈশোৰৰ পৰা যৌৱনলৈকে যিকেইজনী ছোৱালী ভাৱী পত্নীৰ আসনত বহুৱাই গুণা-গঁঠা কৰি বিনিদ্ৰ ৰজনী পাৰ কৰিছিলো, সেই আটাইকেইজনীৰেই বিয়াত লুচি ভাজি, চিৰা দৈ খোৱাৰ সৌভাগ্য ইতিমধ্যে হৈছিলগৈ। কৰবাত কেনেবাকে উপযুক্ত কন্যা দুই এগৰাকী লগ পালেও, উমৰাংছু নামৰ ঠাইখন পৃথিৱীতে নে মংগল গ্ৰহত সেইটো নিশ্চিত নোহোৱা বাবে তেঁওলোকে আৰু তেঁওলোকৰ পিতৃ-মাতৃয়ে মোক দূৰতে বিদুৰ কৰিছিল, এলিয়েন এটালৈ ছোৱালী দিব পাৰিনে ? তাৰ মাজতে আকৌ আৰু এটা পাৰ্টিও আছিল, চীনা জোক পাৰ্টি!! এনেদৰে পিছত লাগিছিল, যেন ছোৱালী ঘৰত সুমুৱাই থৈয়েই যাব, মোৰ পলাব লগা অৱস্থা, দুই এবাৰ ‘আহুদি’ নামৰ গেৰিলা আক্ৰমণো চলোৱা হৈছিল বুলি মই বিশ্বস্ত সূত্ৰে পিছত জানিব পাৰিছিলো। এই বৈপৰীত্যৰ মাজত এটা কথা ফটফটীয়াকৈ ওলাই পৰিছিল যে, ঘৰৰ পৰা ছোৱালী চাই নিদিলে মই যে বৰলা ভাত খাই জীৱনটো কটাব লাগিব।

গতিকে দ্বায়িত্বটো মা আৰু ভাইটি ভণ্টীৰ কান্ধত দি, মই মনপুতি মেচিন ভাল কৰাত লাগিলো। পিছে মই বিয়া পতাৰ বাবে, তেওলোকৰ আগত তিনিটা চৰ্ত ৰাখিলোঁ, চৰ্ত কেইটা এনেকুৱা…

এক:- মই ছোৱালী চাবলে নেযাও, এই গৰুৰ বজাৰত গৰু ছোৱাদি ছোৱালী চোৱা, চাহ মিঠাই খোৱা কামটো মই কৰিবলে অপাৰগ। মই যদি কোনো ছোৱালীক সকলোৱে জনাকৈ বিয়াৰ উদ্দেশ্যেৰে লগ ধৰো, তেন্তে মই সেইজনী ছোৱালীক কেতিয়াও প্ৰত্যখ্যান নকৰো। গতিকে মোৰ বিয়াৰ বাবে ছোৱালী বিছাৰি দিয়াৰ দ্বায়িত্ব লোৱা সকলে বাকী সকলো কথা আগতীয়াকে নিশ্চিত কৰাৰ পাছতহে মোক খবৰ দিব। মোৰ ফালৰ পৰা ছোৱালীজনী কেনেকুৱা হব লাগিব, সেইবিষয়ে সৰু সুৰা কথা কেইটামান আগতীয়াকৈ জনাই দিলো, আৰু তাৰে ৫০% এৰাধৰা কৰিম বুলিও নিশ্চিত কৰিলোঁ।

দুই:- ছোৱালীজনীয়ে ঘৰৰ পৰা কোনো আচবাব, পিতলৰ কাঁহী বাতি, ৰাতি নকইনাই বাহিৰলৈ নেযোৱাকৈ সৰুপানী চুব পৰা এলুমিনিয়ামৰ চৰিয়া, আদি “অপৰিহাৰ্য(?)” বস্তু আনিব নোৱাৰিব, যি কেইটা আনিব, সেই কেইটা মই আগতেই গম পাব লাগিব আৰু অনাৰ কাৰণ মই জানিব লাগিব। প্ৰথমতে একো আনিব নোৱাৰিব বুলিয়েই ঠিক কৰিছিলো, কিন্তু কিছুমান বস্তুৰ লগত মানুহৰ আবেগিক সম্পৰ্ক থাকে বুলি সকলোৱে বুজোৱাৰ পাছত অলপ কম্প্ৰমাইজ কৰিলো। এইটো কথাও লগতে জনালোঁ, যে এজনী ছোৱালীৰ চোফাচেট, বক্স পালেং, গডৰেজ আলমাৰি, বানবাতি আদিৰ লগত আৱেগিক সম্পৰ্ক থাকিব পাৰে বুলি কোনোবাই বধ শপত দিলেও মই বিশ্বাস নকৰোঁ। মই এপ্ৰুভ নকৰা কোনো বস্তু ছোৱালী জনীয়ে মোৰ ঘৰলৈ আনিব নোৱাৰিব। মোৰ প্ৰশ্ন আছিল, মই যদি তোমাৰ ছোৱালীক, মোৰ সামৰ্থ্যৰে ভাল বিচনা এখনত শুৱাবই নোৱাৰো, তেন্তে কিয় দিবা তুমি মোৰ দৰে অলগদ্ধ এটালৈ ছোৱালী?

তিনিঃ- মই বিয়াৰ নামত কোনো জাকজমকতা নকৰো, পেণ্ডেল এখনো নিদিও, কাৰণ সেইবোৰ কৰিবলে মোৰ পইচা নাই, আৰু মোৰ বিয়াত মোৰ বাদে কাকো পইচা খৰছ কৰিবলে নিদিও, আৰু সমাজক দেখুৱাবলৈ ধাৰ ধুৰ নকৰো, কাৰণ সেই ধাৰ পাছত ময়ে মাৰিব লাগিব, আৰু তাৰ কাৰণে মোৰ ভাৱী পত্নীয়ে কষ্ট পাব। ড° ভৱেন্দ্ৰ নাথ শইকীয়াৰ দীণবন্ধু গল্পটোৱেও মোক উৎসাহ দিছিল- সেইযে বিয়াত খুওৱা ৰসগোল্লাৰ সোৱাদ আৰু কোনোবাই ছোৱালী পলুৱাই অনাৰ দূর্নাম, সেই কথাখিনি। বিয়াখনো ৰেজিষ্ট্ৰি কৰিহে পাতিম, কাৰণ মোৰ মতে বিয়াখনৰ সামাজিকৰ লগতে আইনী স্বীকৃতিও সমানে প্ৰয়োজনীয়। ঠিক আছে, কৰ্টলে গৈ নকৰো, দৰকাৰ হ’লে ৰেজিষ্ট্ৰাৰ ঘৰলে আহি বিয়া পাতি দিব। কইনা ঘৰত যি মন যায় কৰিব পাৰিব, তাত মোৰ কোনো আপত্তি নাই।

বিয়াৰ বাবে চৰ্ত ৰখাৰ কথা শুনিয়েই মা –দেউতাৰ লগতে বাকী আত্মীয় স্বজনৰ মুখ শুকাই গ’ল, দুই একে মোৰ উদ্ধতালিক পোনপতীয়াকৈয়ে গৰিহণা দিলে। প্ৰথম চৰ্তটোত ছোৱালী দিবলে ওলোৱা সকলে ভাল পালে, মোক শলাগি ততেই নোপোৱা হ’ল। হয়তো, নিজে তুলি তালি ডাঙৰ কৰা ছোৱালীজনীক সজাই পৰাই, দৰাৰ লগতে এসোপা মানুহক দকচি খুৱাব, যাবৰ সময়ত তেঁওলোকে – “ ঠিক আছে বাৰু, পিছত কথা পাতিম” বুলি দোধোৰ মোধোৰত পেলাই ওলাই যাব। তাৰ পাছত খা-খবৰ নাই, আৰু বহু ক্ষেত্ৰত বহুদিনৰ মূৰত কিবা এটা অজুহাত- যোৰা নিমিলে, আমি এইবছৰ বিয়া পাতিব নেপায়, ল’ৰাৰ ব্যৱসায় অলপ ডাউন, গতিকে এতিয়াই একো কব নোৱাৰি। বেটাহঁত এইবোৰ কথা ছোৱালীজনী চাবলে অহাৰ আগতে নাজানিছিলি নেকি তঁহতে? আচলতে, এনে কথা কোনো মাক বাপেকেই ভাল নেপায়, কেৱল পৰম্পৰা আৰু ছোৱালী জন্ম দিয়াৰ মহাপাপৰ বাবেই এইবিলাক সহ্য কৰি থাকে, মোৰ নিজৰো সেই অভিজ্ঞতা আছে বাবেই মই এই ‘ছোৱালী চোৱা’ নামৰ কামতো মনে প্ৰাণে বেয়া পাও। গতিকে এই চৰ্তটোৰ বাবে বিয়াৰ বজাৰত মোৰ অলপ জনপ্ৰিয়তা বাঢ়িলেও, বাকী চৰ্ত কেইটাই মোক প্ৰায় এক ভিলেইনলৈ পৰ্যৱসিত কৰিলে। প্ৰথম কথা, “খালি হাতেৰে ছোৱালীজনী কেনেকে উলিয়াই দিম? দৰাটোৱে একো নকলেও তাৰ ঘৰৰ মানুহ আত্মীয় স্বজনৰ আগত কইনা ঘৰৰ কি সন্মান থাকিব? আৰু কোনোবাই যদি দুই এষাৰ কথা শুনাই দিয়ে নতুন ঘৰ খনত গৈ ছোৱালীজনীয়ে কিমান লাজ পাব?” দ্বিতীয় যুক্তি “ বিয়াখন এক সামাজিক অনুষ্ঠান, পেণ্ডেল দিয়া, কলপুলি ৰোৱা এই বিলাক কথাই বিয়াখনক এক সামাজিক ৰূপ প্ৰদান কৰে, আৰু কইনা জনীয়ে খালি চোতালত ভৰি দিব নেকি, এইটো অশুভ লক্ষণ নহবনে?”

মই সকলো আলচনা বিলোচনাত নিজে ভাগ লব নোৱাৰা বাবে, ভাইটিকে মোৰ উকীল পাতিছিলো। আমাৰ ফালৰ যুক্তি আছিল “ আমাৰ ঘৰ আৰু আমাৰ আত্মীয় স্বজনে যৌতুক ননা বুলি কিবা প্ৰশ্ন উত্থাপন নকৰে, আৰু কোনোবাই কৰবাত কৰিলেও আমি বিহিত ব্যৱস্থা গ্ৰহণ কৰিম, আমাক জনালেই হ’ল। আৰু আমি আগতীয়াকৈয়ে সকলোকে জনাই দিছো যে মোৰ কইনাই একো বয়-বস্তু নানে, তাত কাৰোবাৰ কিবা অসুবিধা আছে যদি মোৰ বিয়ালে নাহিলেই হ’ল। দ্বিতীয়তে, এই পৰম্পৰা বোলো বস্তুটো কতো লিখি থোৱা নাই, সেয়ে তাৰ কোনো সীমাও নাই, পেণ্ডেল, কলপুলিত আৰম্ভ হোৱা কথাটো মোক দেউলীয়া নকৰালেকে ক্ষান্ত নহয়।আমি নেমানো।” এই অৰিয়া অৰিৰ পৰা মা-দেউতাৰ দৰে বয়সস্থ সকল অলপ আঁতৰি থাকিল। তেঁওলোক ইফালেও নাই, সিফালেও নাই।

মুঠতে সাতে সোতৰই মিলি…. নেচেল। মোৰ বাবে ছোৱালী পোৱাতো অসম্ভৱ যেনেই দেখা গ’ল। তাতে প্ৰথম চৰ্তটোৰ বাবে ঘৰত প্ৰায় গৃহকন্দলেই লাগিল, মোৰ মাক যদি পূৱা গধূলি গোঁসাই ঘৰত চাকি দিয়া, প্ৰাৰ্থনা গাব পৰা ধাৰ্মিক ধৰণৰ নিমাখিত ছোৱালী এজনী লাগে, ভাইটি ভণ্টীৰ আকৌ ফুৰ্তিবাজ, অলপ স্মাৰ্ট ছোৱালীহে পচন্দ হয়। গতিকে কোনে মোৰ হৈ আগতীয়াকৈ সকলো ঠিক ঠাক কৰি মোক খবৰ দিব? উপায় কৰিলোঁ, তোমালোকে ঠিক কৰাৰ পাছত মই ছোৱালীজনীৰ লগত প্ৰথমতে ফোনত কথা পাতিম, কোনেও গম নোপোৱাকে। কিন্তু ৰাইজক জনাই ছোৱালী চাবলে নেযাও। অলপ এৰাধৰা কৰাৰ বাবে সেইটো সমস্যা বাৰু মই সম্ভালিব পৰা অৱস্থাতে থাকিল।

আৰু এক শ্ৰেণী লোকে মোক সাংঘাটিক বিৰোধিতা কৰিলে, সেয়া মোৰ সম্পৰ্কীয় মানুহবোৰ; তেঁওলোকে বোলে মোৰ বিয়া বুলি ফুৰ্তি কৰিবলে ঠেং ডাঙি আছে। আৰু মোক পইচা পাতি লাগি যদি দিবলৈয়ো সাজু আছে। মুঠতে পৰিয়ালৰ বিয়া হেন বস্তু এটা এনেই নষ্ট কৰিবলৈ দিব নোৱাৰি। আকৌ মই ৰেজিষ্ট্ৰি কৰি বিয়া পাতিম বুলি কোৱা কথাটোত আমাৰ বংশৰ বৃদ্ধ সকলে একেবাৰে নহবৰ হ’ল বুলিলে। এনে নোহোৱা নোপজা কথা মই কেনেকে ভাবিব পাৰিলোঁ? নিশ্চৰ মোৰ মুৰৰ বিকৃতি ঘটিছে !!!

বহুদিন এইবোৰ খেলিমেলিৰ মাজতে পাৰ হ’ল। মোৰ ফালৰ পৰাও ছেগা ছোৰোকাকৈ প্ৰচেষ্টা চলি থাকিল। পিছে একো নহয় হে নহয়।

শেষত গৈ যেনিবা ছোৱালী এজনী ওলালগৈ, মোৰ কলেজৰ চিনিঅ’ৰ এজনে খবৰটো আনিলে। চৰ্ত বোৰ শুনিও তেঁওলোকে আগ্ৰহ প্ৰকাশ কৰিলে, যদিও, অলপ এৰাধৰা কৰিবলৈ অনুৰোধ জনালে। এৰাধৰা কৰাত মোৰ আপত্তি নাই, কিন্তু মূল আদৰ্শ কেইটা মই নেৰো। জাত পাতৰ কথাবোৰ আমাৰ পৰিয়ালত কেতিয়াও নাছিল, তেঁওলোকৰো নাছিল। গতিকে সেইটো সমস্যা নাহিল।

এতিয়া আৰম্ভ হ’ল নিগচিয়েচনৰ পৰ্ব, এফালে মোৰ ভাইটি, আনফালে গোটেই পৃথিৱী। কিমানলৈকে এৰাধৰা কৰিব পাৰি!! ৰাতি মোৰ লগত ফোনত কথা পাতে, দিনত পৰিয়াল, আত্মীয় স্বজন, কইনাঘৰীয়া, মূঠতে কিছুদিন চলিল। শেষত ভাইটি আৰু মোক একৰকম বলপুৰ্বক কিছুমান কথাত মান্তি কৰোৱা হ’ল – যেনে

১। ছোৱালীয়ে ঘৰৰ পৰা বিচনা এখন আনিবই আনিব, নহ’লে আমাৰ কৌটিকলীয়া পৰম্পৰা বিনষ্ট হৈ অসমীয়া জাতি সমূলঞ্চে নাশ পাব। কথাটো মোৰ বিনা অনুমতিত ভাইটিয়ে মানি ল’লে, মই বিয়াৰ পাছদিনা ৰাতিপূৱাহে গম পালোঁ। অৱশ্যে বাকী আচবাব পত্ৰ বিলাক নিদিয়াটো ঠিক হ’ল।

২। বিয়া ৰেজিষ্ট্ৰি হব, কিন্তু ছোৱালীৰ ঘৰত, লগতে ৰাইজে আমাক আশীৰ্বাদ এষাৰো দিব। মানি ললোঁ যদিও পিছত গম পালোঁ, আশীৰ্বাদৰ নামত বিধি পাঠৰ বিয়াখন পূৰাকৈয়ে পতা হ’লগৈ। আগতে বিয়া পতাৰ অভিজ্ঞতা নথকা বাবে মই গোটেই চিষ্টেমটো আশীৰ্বাদ বুলিয়েই বুজি থাকিলো, কিছুদিনলৈ।

৩। আমাৰ ঘৰৰ আগত ৰভা নেথাকিলেও, দুটা কলপুলি থাকিব আৰু তামুলী পীড়াত দৰা কইনাক মোৰ ভণ্টীয়ে আদৰিব।

মুঠৰ ওপৰত গৈ যেনেতেনে বিয়াখন হ’লগৈ আৰু মোৰো ইহকাল পৰকালৰ গতি লাগিল।

পৰিশিষ্টঃ-

১। মোৰ বিয়াৰ নেগচিয়েচনৰ জ্বলাকলা ভোগা মোৰ ভাইটিয়ে শেষত ক’লে – দাদা, তোৰ বিয়াত যি হ’ল হ’ল, মই কিন্তু একেবাৰে ১০০% সামাজিক বিয়া পাতিম। এই মানুহবোৰৰ লগত যুঁজি থাকি লাভ নাই। একো সলনি নহয়।

২। ছোৱালীৰ আৱেগিক সম্পৰ্ক ইমানবোৰ বস্তুৰ লগত থাকিব পাৰে বুলি মই অনুমানেই কৰিব পৰা নাছিলো। মুঠতে কাঠৰ আচবাব দুটামান বাদ দি, বাকী মোৰ নৰ্মেল বিয়াৰ সমানেই “লাভ” হ’ল।

৩। মই আৰু মোৰ পৰিয়ালৰ মানুহে অনবৰত সতৰ্ক দৃষ্টি ৰাখি থকাৰ মাজতো, মোৰ ওচৰ চুবুৰীয়া দুগৰাকী মান শুভাকাংখীয়ে মোৰ পত্নীক একো বস্তু ননাৰ বাবে দুষাৰ কথা শুনাইহে এৰিলে। অৱশ্যে তেঁওলোকক সকলোৱে মিলি পিছত গৰিহণা দিয়া হ’ল ।

৪। মোৰ পত্নীৰ আৱেগিক সম্পৰ্ক থকা বস্তুবোৰ কত গ’ল, কি হ’ল তাৰ খবৰ ৰাখিব নোৱাৰিলো। বিচনাখনো থবলৈ মোৰ ঘৰ ঠাই নাইকিয়া হৈছিলগৈ । আৰু বিচনা বোলা বস্তুটোৰ যে কিমান এক্সেচৰিজ থাকিব পাৰে, মোৰ বিয়া নেদেখা লোকে ভাবিয়েই উলিয়াব নোৱাৰিব।

৫। অভাৰ অল, এই গোটেই প্ৰচেষ্টাটোত মই ৩০% নম্বৰো নেপালোঁ, গতিকে মোৰ উদ্দেশ্যত মই ফেইল হ’লো!

 

 

 

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Papu
6 years ago

Bhal lagil…ultimately apuni pass korile… 🙂 😀