অথঃ ভোট সংবাদ (সুস্মিতা দাস)

ভালেমান দিনৰ পৰা মনটো উগুল-থুগুল হৈ আছে। ২৪ তাৰিখে ভোট দিবলৈ যাম। ভাইটিক ক’লোঁ, “আমি ৰাতিপুৱা ৬.৪৫ বজাতে ঘৰৰ পৰা যাম ভোটকেন্দ্ৰলৈ। তই সোনকালে শুই উঠিবি। মনতে ভাবিলোঁ কি পিন্ধিম, হেয়াৰ ষ্টাইল কি কৰিম, কোনটো ছাতি লৈ যাম, কম দামী ছান-গ্লাছ পিন্ধিম নে ফাষ্ট ট্ৰেকৰ পিন্ধিম ইত্যাদি ইত্যাদি এশ এবুৰি চিন্তা।

আচলতে বিহু বুলিও এইবাৰ বেছি ফূৰ্তি লগা নাছিল যিমান ইলেকচন বুলি লাগিছে। এনে নহয় যে আগতে ভোট দিয়া নাই, দিছোঁ, কেইবাৰমান দিছোঁ। কিন্তু এইবাৰৰ কথা সুকীয়া। আগতে ভোট দিয়া সময়বোৰত মোৰ ফে’চবুক একাউণ্ট নাছিল। আছিল চাগৈ যোৱাবাৰ, মানে আছিল আছিল যেন লাগিছে যদিও ইয়াৰ ব্যৱহাৰ সম্পৰ্কে ইমান সজাগ নাছিলোঁ। কিন্তু এইবাৰ এই দিনটো ‘বেল’ৰ দৰে পাৰ কৰি দিব নোৱাৰি। ফটো উঠিম আৰু ৰাতিপুৱাই আপলোড কৰিম বুলি মনতে ঠিৰাং কৰিলোঁ। বিহুতে কিনা চেলোৱাৰ-কামিজ এযোৰ সযতনে থৈ দিলোঁ ইলেকচনলৈ বুলি। উবা উঠা পুৰণি সাজ পিন্ধিয়েই বিহু চালোঁ। পাতল ৰঙৰ লিপষ্টিক এটাও ল’লোঁ। ৰাতিপুৱাই মেবিলিনৰ ডাঠ ৰঙৰ লিপষ্টিকটো ভাল নেদেখিব আৰু লাইকো কম আহিব পাৰে বুলি ভয় হ’ল। কালিয়ে ভোট দিবলৈ যোৱাৰ সকলো যা-যোগাৰ সম্পূৰ্ণ হ’ল। আবেলি ঘৰমুৱা হওঁতেই মেনিকিউৰো কৰাই ল’লোঁ। ৩০০ টকাৰে মেনিকিউৰ কৰা হাত দুখনলৈ নিজৰেই মৰম লাগি গ’ল। ভাবিলোঁ ফটোখন ভালেই আহিব।

 

ৰাতি উলাহতে টোপনি নাহিল। ভাবিলোঁ ফটোৰ কেপচন কি দিয়া যায়। কাৰেক্ট সাতটাত ভোট দিলে চাৰে সাত মানত আপলোড কৰিব পাৰিম। কেনেবাকৈ যদি ময়েই প্ৰথম ভোট দিয়াজনী হওঁ তেনেহ’লেতো কথাই নাই… কেপচন হ’ব, “হেপ্পী টু বি দ্যা ফাৰ্ষ্ট ৱান”। মোৰ মেনিকিউৰ কৰা আঙুলিটো কি ধুনীয়াকৈ জিলিকি থাকিব, বেকগ্ৰাউণ্ডত এশ ডেৰশ মানুহে ভোট দিবলৈ শাৰী পাতি থকাৰ দৃশ্য। আহ, ভাবিয়েই ভাল লাগি গ’ল। চানগ্লাছযোৰ মূৰলৈ উঠাই ল’লে ট্ৰেণ্ডি লাগিব তামাম। যদি প্ৰথম ভোটাৰ নহওঁ তেন্তে কি কেপচন দিম বাৰু…“হৰ হাথ শক্তি হৰ হাথ তৰক্কী” নে “হৰ নাৰা হো জায়েগা তাৰ তাৰ, অৱকী বাৰ চিৰ্ফ ঔৰ চিৰ্ফ মোডী চৰকাৰ”। মুঠতে যিয়েই নহওক কিয় মুঠতে ফটো উঠিমেই উঠিম।

 

সাধাৰণতে বন্ধৰ দিনত “টোপনিৰ চিকুণ পুৱা” ফ’লো কৰিবলৈ ভাল পাওঁ। আজি সেই এলাহ এৰিলোঁ। পুৱাতেই বাহী বন সামৰি গাটো তিয়াই ল’লোঁ। চুলিখিনি চেম্পু কৰিলোঁ। লেকমি পিছ মিল্কৰ মইশ্চাৰাইজাৰ লগালোঁ মুখত। তাৰ ওপৰত লেকমিৰেই মুজ ফাউণ্ডেচন লগালোঁ বগী দেখা হ’বলৈ। চুলিখিনি মেলি ল’লোঁ। আই লাইনাৰ আৰু লিপষ্টিকো লগালোঁ। ভাল লগা মানুহজনৰ মুখখন মনত পেলালোঁ। অলপ লাজ লাগিল। সাজি-পাৰি ওলালোঁ।

 

আইনাত নিজৰ ৰূপটো চাই সন্তুষ্ট হ’লোঁ। ভাইটিয়ে ক’লে, “কাৰ বিয়া খাবলৈ যাৱ”। একো নামাতিলোঁ। ফটোগ্ৰাফাৰক জোকাই ল’ব নোৱাৰি আৰু মই ইমানো মূৰ্খ নহয় যে কুঠাৰত নিজে নিজে গৈ ভৰি মাৰিম। মাইনো কিয় ইমান দেৰি কৰিছে। চাকিগছ মায়ে দুপৰীয়াও জ্বলাব পাৰিব। খং উঠিল। ঘৰতেই ৭.৩০ বাজিল। ভোটকেন্দ্ৰ পাওঁতে ৭.৪৫ মান হ’ল। ই কি? আমাৰ আগত প্ৰায় দুশমান মহিলা ৰৈ আছে। ৰাতিপুৱা পাঁচ বজাৰে পৰা ৰৈ আছে। ভাইটি গৈ পুৰুষ লাইনত সোমাল। তাক ঠাৰ চিঁয়াৰে বুজালোঁ যে তোৰ ধুমা কিতাপহেন ১২ নে ১৪ মেগাপিক্সেলৰ মোবাইলটোৰে মোৰ ধুনীয়া ফটো কেইখনমান তোল। ঘৰলৈ গৈ এডিট কৰি আপলোড কৰিম। সি পট্টাই নিদিলে মোৰ চিঁয়াৰক। এইবাৰ অলপ অনুৰোধ কৰিলোঁ ইংগিতেৰে। নাই গুৰুত্বই নিদিলে। বেটাই ইলেকচনৰ আওভাৱৰ বিষয়ে লোকৰ মুখৰ ভাষণৰ বিৱৰণী বৰ মনোযোগৰে শুনি আছে। ৰ, দি আছোঁ তোক পকেট-মানি আৰু ৰকমে ৰকমে কাপোৰ-কানি। কান্দি দিবলৈ মন গ’ল। অলপ পানী খাই ল’লোঁ। মূৰৰ ওপৰত উঠাই লোৱা ছানগ্লাছযোৰ হাতত ল’লোঁ। পিন্ধিলে চকুৰ গুৰি ঘামি যায়। ভাইটিলৈ বাৰে বাৰে চাওঁ। নাই, সি নাচায়হে নাচায়। ফটো উঠা নহ’ব নেকি আজি ? পাবলগীয়া লাইক, কমেণ্টবোৰৰ কি হ’ব ? ৭ তাৰিখে ফটো উঠি ৰুমীয়ে ১৭১টা, পৰীয়ে ২৪৫টা আৰু ৠষিতাই ১৮৬টা লাইক পাইছিল। লাষ্ট ফে’জৰ ইলেকচনত মোৰচোন লাইকতো দূৰৰে কথা, ফটো উঠাই নহ’ব চাগৈ এতিয়া। চেহ ! ১১.৩০ মানত ভাইটি মুকলি হ’ল। ওচৰলৈ আহি ক’লে, “দে প’জ দে, ফটো তোলো”। মোৰ সন্মুখত তেতিয়াও ২০ গৰাকীমান আছে। কিন্তু মোৰ মেকআপহে লাহে লাহে নোহোৱা হ’বলৈ ধৰিছিল। ফটোখন চাগৈ কিমান বেয়া হ’ব। নুঠিলোঁ। ৰ’দে পুৰি আহিছিল, ঘামিও আছিলোঁ। মনটো সেমেকি গ’ল। ভোট কেন্দ্ৰৰ পৰা ওলাই আহোঁতে ১২.৪৫ মান হ’ল।

 

মনে মনে ঘৰমুৱা হ’লোঁ। ভাইটিয়ে বাটত ক’লে, “গৰমৰ দিনত দুপৰীয়া আৰু ঠাণ্ডাৰ দিনত ৰাতিপুৱা আহিব লাগে ভোট দিবলৈ”। মানি ল’লোঁ তাৰ কথাখিনি। কঁকালৰ বিষটো তেতিয়াহে অনুভৱ কৰিলোঁ। ফটো উঠিব নোৱাৰাৰ দুখটোৱে বহু দিনলৈ আমনি কৰি থাকিব।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments