অথ শ্ৰীমহাভাৰত কথা- খগেশ সেন ডেকা

৷৷ ১৷৷
সাহিত্যৰ ধ্ৰুপদী সমালোচকসকলে মহাকাব্যৰ যিবোৰ লক্ষণ নিৰ্ধাৰণ কৰিছে সেইবোৰৰ আধাৰত ভাৰতীয় কাব্য মহাভাৰত আৰু ৰামায়ণক মহাকাব্য আখ্যা দিয়া হৈছে৷ মহাকাব্য কি সেই বিষয়ে আলচ কৰা এই লেখাৰ উদ্দেশ্যৰ বাহিৰত৷ তথাপি বিষয়টো বুজিবৰ বাবে তাৰ দুটি মাত্ৰ লক্ষণ ইয়াত উল্লেখ কৰা হ’ল৷ প্ৰথমতে, মহাকাব্য হ’বলৈ সি কেইবাটাও পৰ্ব/কাণ্ড বা খণ্ডত বিভক্ত হ’ব লাগিব৷ সেই পৰ্ব বা খণ্ডবোৰ আকৌ কেতবোৰ অধ্যায়/উপ অধ্যায়ত ভাগ কৰি একাদিক্ৰমে বৰ্ণনীয় বিষয় উত্থাপিত হ’ব লাগিব৷ উদাহৰণ স্বৰূপে, মহাভাৰতত মুঠ ওঠৰটা পৰ্ব আছে, আনহাতে ৰামায়ণ সাতটা কাণ্ডত বিভক্ত৷ দ্বিতীয়তে, ইয়াত বৰ্ণিত ঘটনাৱলী কোনো বক্তাই জনৈক শ্ৰোতাৰ আগত কৈ যোৱা ধৰণে আগবাঢ়িব লাগিব, যেনে— “বৈশম্পায়ন বদতি শুনিয়ো জন্মেজয়৷” ভাৰতীয় পৰম্পৰাত এনে লক্ষণেৰে পৰিপুষ্ট আৰু মহাকাব্য আছে৷ সিবোৰৰ ভিতৰত কাশ্মীৰৰাজ দ্বিতীয় প্ৰৱৰসেনৰ দ্বাৰা মাহাৰাষ্ট্ৰী প্ৰাকৃতত ৰচিত সেতুবন্ধ (সেতুবংধো, নামান্তৰে ৰাৱণবহো বা দহমুহবহো) অন্যতম৷ উল্লেখনীয় যে এই মহাকাব্যখনি পণ্ডিতপ্ৰবৰ কৃষ্ণকান্ত সন্দিকৈ ডাঙৰীয়াৰ সুসম্পাদনাৰে প্ৰকাশিত হৈছিল৷

৷৷ ২৷৷
মহাকাব্যৰ সংজ্ঞাৰ কথা এৰি আমি আন এটা দিশলৈ আহোঁ৷ ভাৰতীয় পৰম্পৰাত ৰামায়ণ আৰু মহাভাৰত—এই দুই মহাকাব্যৰ ভিতৰত মহাভাৰতক “ইতিহাস” বোলা হৈছে৷ অসমীয়াত ইতিহাস, বুৰঞ্জী আৰু ইংৰাজী History—এই তিনিটা অভিধা সমাৰ্থক হিচাপে ব্যৱহাৰ হৈ আহিছে যদিও তিনিওটা শব্দৰ অৰ্থগত দিশৰ মৌলিক পাৰ্থক্য আছে৷ তলত তিনিওটা অভিধাৰ পাৰ্থক্য চমুকৈ দাঙি ধৰা হৈছেঃ

History মূলতঃ পাশ্চাত্যৰ দান৷ ই এনে এক বিদ্যা য’ত বিভিন্ন মানৱ-সম্প্ৰদায়ৰ উৎস আৰু ক্ৰম বিকাশৰ, বিবিধ প্ৰকাৰৰ মানৱ-জ্ঞানৰ বিকাশৰ বস্তুনিষ্ঠ, বিজ্ঞানসন্মত আৰু যথাসম্ভৱ বাস্তৱ বিৱৰণ দাঙি ধৰা হয়৷ History-ত বৰ্ণিত সকলো বিষয় প্ৰমাণসিদ্ধ হোৱা আৱশ্যক৷ কল্পনাপ্ৰসূত অসত্য কথাৰ ইয়াত কোনো স্থান নাই৷ পুৰাতাত্ত্বিক সমল, শিলালিপি-তাম্ৰলিপি, স্থাপত্য-ভাস্কৰ্য, মুদ্ৰা আদি History ৰচনাৰ মুখ্য উৎস (Primary source)৷ আনহাতে বিদেশী পৰিব্ৰাজকৰ টোকাকে ধৰি সাহিত্যিক সমলবোৰক গৌণ উৎস (Secondary source) হিচাপে গণ্য কৰা হয়৷ কাৰ্য-কাৰণৰ (Cause and effect) সম্পৰ্ক নিৰ্ণয় History প্ৰণয়নৰ অন্যতম প্ৰধান চৰ্ত৷

আহোমসকলৰ পৰা অসমীয়ালৈ যিমানবোৰ শব্দ আহিছে সেইবোৰৰ ভিতৰত বুৰঞ্জী অন্যতম৷ আহোম ভাষাত এই অভিধাটোৰ অৰ্থ হৈছে “মূৰ্খৰ জ্ঞানৰ ভঁড়াল” : ’বু’—মূৰ্খ, ’ৰণ’—শিক্ষা/বিজ্ঞ/জ্ঞান, ’জী’—ভঁড়াল৷ আহোমসকলৰ মানত বুৰঞ্জী আছিল সকলো প্ৰকাৰৰ জ্ঞানৰ উৎস, অতিশয় পৱিত্ৰ সম্পদ৷ ৰাজকুমাৰ আৰু উচ্চ পৰ্যায়ৰ বিষয়াবৰ্গৰ সতি-সন্ততিৰ শিক্ষাৰ প্ৰধান অংগ আছিল এই বুৰঞ্জীসমূহ৷ এনে কাৰণতে ৰাজ-বিষয়াসকলে কমপক্ষেও এখন হ’লেও বুৰঞ্জী নিজৰ ঘৰত ৰখাটো আৱশ্যক ৰূপে গণ্য কৰিছিল৷ আন প্ৰকাৰে সেয়া আছিল আভিজাত্যৰ দলিল স্বৰূপ৷ তদুপৰি, পূৰ্ব পুৰুষৰ কাৰ্য-কলাপৰ খতিয়ান ৰাখি তাৰ জৰিয়তে নৱ-প্ৰজন্মক উদ্বুদ্ধ কৰাটোও আছিল বুৰঞ্জী সংৰক্ষণৰ আন এক উদ্দেশ্য৷ মুঠতে আহোমসকলৰ মানত বুৰঞ্জী— শিক্ষা আৰু সংস্কৃতিৰ ঘাই উৎসৰূপে বিবেচিত হৈছিল৷ বৈবাহিক অনুষ্ঠানত বুৰঞ্জীৰ কম পক্ষেও এটা অধ্যায়ৰ পাঠ অতি পৱিত্ৰ কৰ্মৰূপে গণ্য কৰা হৈছিল৷ কেতিয়াবা একোটা দল বা সমূহৰ মাজতো বুৰঞ্জী পাঠ কৰি শুনোৱা হৈছিল৷

সি যি কি নহওক, বুৰঞ্জী-প্ৰণয়নৰ প্ৰধান উদ্দেশ্য আছিল আহোম ৰাজ্যৰ ভিতৰ-বাহিৰৰ সকলো দৰকাৰী ঘটনাপঞ্জীৰ ধাৰাবাহিক বিৱৰণ লিপিবদ্ধ ৰূপত সংৰক্ষণ কৰা৷ সেইবাবে ইংৰাজীত বুৰঞ্জীৰ প্ৰতিশব্দ Chronicle অভিধাৰে সামৰি লোৱা হৈছে৷ অৱশ্যে ঘটনাৰ ধাৰাবাহিক বিৱৰণ দিবলৈ যাওঁতে ৰচকসকল বহু সময়ত অলৌকিক কথাবোৰকো স্থান দিছে৷ সেই বাবে বুৰঞ্জীসমূহত সাহিত্যৰ সকলো উপাদান উপলব্ধ হয়, যিটো History-ত সমূলি অনুপস্থিত৷ অৱশ্যে আহোম ৰজাদিনীয়া বুৰঞ্জীসমূহত বৰ্ণিত তথ্যৰ আধাৰত অতি সহজে সেই যুগৰ History প্ৰণয়ন কৰিব পাৰি৷

আহোমসকলে বুৰঞ্জী প্ৰণয়নৰ এই পৰম্পৰা চীনাসকলৰ পৰা আহৰণ কৰিছিল বুলি ধাৰণা কৰা হয়৷ বিভিন্ন বুৰঞ্জীত থকা বিৱৰণ অনুসাৰে ১২২৮ খ্ৰীঃত নামকিউ (ইৰাৱতী) নদী পাৰ হৈ স্বৰ্গদেৱ চ্যুকাফাৰ নেতৃত্বত আহোমসকলৰ এটা দল উজনি ব্ৰহ্মদেশৰ পৰা অসম অভিমুখে আহে৷ তেওঁলোক পাটকাই পৰ্বত পাৰ হৈ খামজাঙ্গ নামৰ ঠাইত উপস্থিত হয়৷ তাতে মানুহ গণনা কৰাত দেখা গ’ল কিছু মৰিল আৰু কিছু হেৰাল৷ তেতিয়া চ্যুকাফাই লগত অনা পণ্ডিতক বিধান দিছিলঃ এতিয়াৰে পৰা “যি ঘটে, যি মৰে, যাক লগ পাওঁ সকল কথা পণ্ডিতে লেখি ৰাখিব৷” স্বৰ্গদেৱ চাওলুং চ্যুকাফাৰ সেই বিশেষ উক্তিটোকে অসমীয়া সাহিত্য জগতৰ অন্যতম শক্তিশালী ধাৰা মধ্যযুগীয় বুৰঞ্জী সাহিত্যৰ উৎস বুলি গণ্য কৰা হয়৷

অসমীয়াত বুৰঞ্জীৰ সমাৰ্থক হিচাপে প্ৰয়োগ হোৱা ‘ইতিহাস’ শব্দটো সংস্কৃতৰ পৰা পোনপটীয়াকৈ আহৰিত৷ সংস্কৃতত শব্দটোৰ ব্যুৎপত্তি এনে ধৰণৰঃ ’ইতি’—এনেদৰে, ’হ’—নিশ্চিতভাৱে, ’√আস’—আছে৷ অৰ্থাৎ “এনেদৰে নিশ্চিতভাৱে আছে“ যি, সেয়ে ইতিহাস৷ সংস্কৃতত ইতিহাসৰ সংজ্ঞা এনেদৰে দিয়া হৈছেঃ

“ধৰ্মাৰ্থকামমোক্ষানাম্
উপদেশ সমন্বিতং
পুৰাবৃত্ত কথাযুক্তং
ইতিহাসং প্ৰচক্ষ্যতে৷ ৷ “
(ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষ—এই চতুৰ্বৰ্গ সাধনৰ উপদেশ সম্বলিত পুৰাবৃত্ত কথাই ইতিহাস৷ )

অৰ্থাৎ, ইতিহাসত বৰ্ণিত ঘটনাৱলীৰ মূল আধাৰ পুৰাকথা তথা লোক-পৰম্পৰাৰে জনশ্ৰুতিৰ ৰূপত চলি অহা কোনো প্ৰাচীন ঘটনা৷ সেই ঘটনাৰ সত্যতা হয়তো আছিল৷ কিন্তু লোক-মুখ বাগৰি তাত নিত্য নতুন কথাৰ সংযোগ ঘটাত আচল ঘটনাৰ সৈতে নতুন কাহিনীৰ যোগসূত্ৰ নিৰ্ণয় কৰা কঠিন হৈ পৰে৷ পৰৱৰ্তী সময়ত তাৰ লিপিবদ্ধ ৰূপত ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষ সাধনৰ ইংগিত সংযোজিত হয়৷ ইতিহাসত History-ৰ বিজ্ঞানসন্মত দৃষ্টিভংগী সমূলি অনুপস্থিত৷ সেইবাবে ইতিহাস বুজাবলৈ ইংৰাজী Legendary tales শব্দগুচ্ছ ব্যৱহাৰ কৰা হয়৷ ভাৰতীয় মহাকাব্য “মহাভাৰত“ ইতিহাসৰ এক প্ৰকৃষ্ট উদাহৰণ৷ মহাকাব্যখনিত বৰ্ণিত ঘটনাৱলীৰ সত্যতা হয়তো আছিল৷ অৰ্থাৎ, বহু অতীতত কুৰুক্ষেত্ৰত কুৰু-পাণ্ডৱৰ এক ৰক্তক্ষয়ী যুঁজ হয়তো সংঘটিত হৈছিল আৰু তাত তেতিয়াৰ ভাৰতৰ গান্ধাৰৰ পৰা কামৰূপলৈ বিভিন্ন প্ৰান্তৰৰ ৰাজন্যৱৰ্গই সসৈন্যে অংশ গ্ৰহণো কৰিছিল৷ কিন্তু সেই মূল ঘটনাই মানুহৰ মুখ বাগৰি এনে ৰূপ পালে যে আচল ঘটনা কি আছিল তাক নিৰ্ণয় কৰা কঠিন হৈ পৰিল৷ ফলত লিপিবদ্ধ ৰূপটোৰ সৈতে প্ৰকৃত ঘটনাৰ সংযোগ সাধন এতিয়া আৰু সম্ভৱ নহয়৷ তদুপৰি, লিখিত ৰূপটোত চতুৰ্বৰ্গ সাধনৰ উপদেশো অন্তৰ্ভুক্ত কৰা হ’ল৷ মহাকাব্যখনিৰ ভীষ্মপৰ্বৰ অন্তৰ্গত গীতাকে ধৰি ভালেমান ঠাইত কুৰুক্ষেত্ৰক ধৰ্মক্ষেত্ৰ আখ্যা দিয়া “যথা ধৰ্ম তথা জয়“ বাণী বিলোৱা কাৰ্যই সেই কথাকে প্ৰমাণ কৰে৷

মহাকাব্যখনিৰ লিপিবদ্ধ ৰূপটোত বাদৰায়ণ ব্যাসৰ নাম এককভাৱে জড়িত যদিও, ই প্ৰকৃতপক্ষে বহু কবিৰ ৰচনা৷ সুদীৰ্ঘ কাল জুৰি তাত নিত্য নতুন সংযোজন হৈয়ে আছিল৷ এনে কাৰণতে ইয়াত বৰ্ণিত কাহিনীভাগৰ সৈতে মূল সত্য ঘটনাৰ যোগসূত্ৰ হেৰাই যায়৷ ঐতিহাসিক পুৰুষ শ্ৰীকৃষ্ণক নতুনকৈ ঈশ্বৰৰূপে গণ্য কৰা হয়৷ এনে দৃষ্টিৰে বিচাৰ কৰিয়ে মহাভাৰতক ইতিহাস আখ্যা দিয়া হৈছে৷

মহাকাব্যখনিৰ হাতেলিখা নকলবোৰো এখনৰ লগত আনখন নিমিলে৷ যোৱাটো শতিকাৰ শেষৰ ফালে পুণেৰ নিৰ্ণয় সাগৰ প্ৰেছে এই বিষয়ত বিশেষ উদ্যোগ লৈ পাঠ-সমীক্ষা বিজ্ঞানৰ আধাৰত ভি এছ সুখথংকৰৰ দ্বাৰা ইয়াৰ যথাসম্ভৱ শুদ্ধ পাঠ এটি নিৰ্ণয় কৰে৷ সুখথংকৰৰ দ্বাৰা নিৰ্ধাৰিত পাঠেই অধুনাপৰ্যন্ত বিশ্বাসযোগ্য বুলি বিদ্বৎ সমাজত স্বীকৃত হৈছে৷ গুৱাহাটী বিশ্ববিদ্যালয়ে এই পাঠৰ আধাৰতে মহাভাৰতৰ আটাইবোৰ পৰ্বৰ কেইবাটাও খণ্ডত গদ্যানুবাদ কৰাইছে৷

৷৷ ৩৷৷
লেখাটোৰ মূল উদ্দেশ্য আছিল মহাকাব্যখনিত বৰ্ণিত এটি বিশেষ ঘটনা আৰু তাৰ অনুষংগ স্বৰূপ এমুঠি প্ৰশ্নোত্তৰৰ প্ৰসংগৰ অৱতাৰণা কৰা৷ কিন্তু পাতনিতে ভালেমান সময় ব্যতীত হ’ল৷ সি যি কি নহওক, এতিয়া মূল কথালৈ আহোঁ৷

মহাকাব্যখনৰ মতে পাণ্ডৱসকলে দুবাৰকৈ বনবাস খাটিবলগীয়া হৈছিল৷ প্ৰথমবাৰ জতুগৃহ দাহৰ পাছত আৰু দ্বিতীয়বাৰ পাশাখেলত পৰাস্ত হোৱাৰ পাছত৷ সকলোৱে জনা কথা পাশাখেলৰ পণ আছিল ১২ বছৰ জোৰা বনবাস আৰু এবছৰ অজ্ঞাতবাস৷ অজ্ঞাতবাসৰ কালছোৱাত ধৰা পৰিলে পুনৰ ১২ বছৰ বন পৰিভ্ৰমণ৷ এই খেলৰ মূল হোতা আছিল কৌৰৱ পক্ষৰ মোমায়েক গান্ধাৰৰাজ শকুনি৷ কথাত কথা বাঢ়ে৷ শকুনিৰ উদ্দেশ্য আছিল পিতৃ সুবল নৃপতি আৰু তেওঁৰ নিৰানব্বৈগৰাকী পুত্ৰৰ দুৰ্য্যোধনে কৰা হত্যাৰ প্ৰতিশোধ লোৱা৷ উল্লেখনীয় যে দুৰ্য্যোধনে সিংহাসন নিষ্কণ্টক কৰিবৰ বাবে গান্ধাৰৰাজ সুবল আৰু তেওঁৰ এশগৰাকী পুত্ৰক ভোজলৈ বুলি নিমন্ত্ৰণ কৰি আনি অতি নিৰ্মমভাৱে কাৰাগাৰলৈ নিক্ষেপ কৰিছিল৷ কাৰাগাৰত প্ৰত্যেককে নামমাত্ৰ আহাৰ যোগান ধৰিছিল যাতে অনাহাৰে অচিৰেই সকলোৰে মৃত্যু ঘটে৷ কিন্তু সকলোৱে নিজৰ ভাগৰ আহাৰ শকুনিক খুৱাই এই জঘন্য হত্যাৰ প্ৰতিশোধ ল’বলৈ শকুনিক জীয়াই ৰাখিলে৷ সময়ত শকুনি অন্তৰত প্ৰতিশোধৰ বহ্নি লৈ দুৰ্যোধনৰ অন্যতম পৰামৰ্শদাতা হৈ পৰে৷ সেয়া মহাকাব্যখনিৰ অন্য এক বিচিত্ৰ অধ্যায়৷ মই ইয়াত শকুনিৰ কূট পাশাখেলত হাৰি বনবাস খাটিবলৈ যোৱা পাণ্ডৱসকলে সমুখীন হোৱা বিভিন্ন ঘটনাৰ মাজৰ এটি নিচেই সৰু ঘটনা চমুকৈ দাঙি ধৰিব খুজিছোঁ৷ মূল মহাভাৰতৰ বনপৰ্বত এই কাহিনীভাগ সন্নিৱিষ্ট হৈছে৷

৷৷ ৪৷৷
সেই সময়ত পাণ্ডৱসকল যিখন বনত আছিল সেই বনত আশ্ৰম পাতি বসবাস কৰা জনৈক ঋষিয়ে এদিন পাণ্ডৱ জ্যেষ্ঠ যুধিষ্ঠিৰক মাতি নি কৈছিল—“তোমালোক ইয়াত বহুকাল থাকিলা৷ এতিয়া এই বন এৰি অন্য বনলৈ যোৱাগৈ৷ কাৰণ তোমালোক থকা বাবে এই বনৰ পশু-পক্ষী, গছ-বিৰিখ, লতা-গুল্মৰ বহু হানি হ’ল৷ সেইখিনি পূৰণ হ’লে আকৌ আহিব পাৰিবা৷ সেই দিনত প্ৰকৃতিৰ সুৰক্ষাৰ প্ৰতি মানুহৰ কেনে দায়বদ্ধতা আৰু সদৰ্থক চিন্তা আছিল, ভাবিলে অভিভূত হ’ব লাগে৷ বৰ্তমানৰ বন ধ্বংসকাৰী স্বাৰ্থপৰ মনুষ্য জাতিয়ে সেই বিষয়ে যদি সামান্যও চিন্তা কৰিলেহেঁতেন, তেন্তে চৰাচৰ জগতৰ ভাৰসাম্য নিশ্চয়কৈ ৰক্ষা পৰিলেহেঁতেন৷ বাৰু থাওক সেই কথা৷ পুনৰ মূল কথালৈ আহোঁ৷

৷৷ ৫৷৷
মুনিজনাই যুধিষ্ঠিৰক তেনেদৰে পৰামৰ্শ দিয়াত তেওঁ তৎকালেই ভাতৃ আৰু পত্নী সমন্বিতে সেই বন এৰি শূৰসেন বনলৈ গমন কৰে৷ শূৰসেন প্ৰদেশৰ বনত প্ৰৱেশ কৰাৰ ঠিক পাছতে যুধিষ্ঠিৰ পিয়াহত আতুৰ হৈ পৰে৷ ভীমে ওচৰে-পাঁজৰে পানীৰ অনুসন্ধান কৰে যদিও বিফল হয়; ক’তো এটুপি পানী পাবলৈ নাই৷ উপায় বিহীন হৈ তেওঁ এজোপা ওখ গছত উঠি পানীৰ উৎস বিচাৰে আৰু কিছু দূৰৈত পানী জিলমিলাই থকা এটা সৰোবৰ দেখিবলৈ পায়৷ অলপো বিলম্ব নকৰি তেওঁ সেই সৰোবৰ অভিমুখে খোজ পেলায় আৰু এটা সময়ত তাৰ পাৰত উপস্থিত হয়৷ প্ৰচণ্ড পিয়াহত অণ্ঠ কণ্ঠ শুকাই যোৱা ভীমে সৰোবৰটোত নামিয়ে পানী এচলু মুখলৈ নিবলৈ খোজোঁতেই আকাশী বচন হ’ল “ভীম, সৰোবৰৰ পানী পিয়াৰ আগতে মোৰ চাৰিটা প্ৰশ্নৰ উত্তৰ দি লোৱা৷ কা চ ৱাৰ্তা, কিমাশ্চৰ্যম্, কঃ পন্থা, কস্য মোদতে৷ ইয়াৰ অন্যথা আচৰিলে তোমাৰ মৃত্যু অৱশ্যম্ভাৱী৷” ভীমে ঘূৰি চাই দেখিলে, কথাখিনি কোনো আকাশী বচন নহয়, বৰং এটা বিয়াগোম বাৰিচৰ—বকপক্ষীয়ে কৈছে৷ চৰাইটোৰ কথালৈ কাণ নিদি পানী পিব খোজোঁতেই ভীম থিতাতে ঢলি পৰিল৷

বহু পৰলৈ ভীম উভতি নহা দেখি মধ্যম পাণ্ডৱ অৰ্জুন তেওঁৰ সন্ধানত সৰোবৰৰ পাৰত উপস্থিত হ’ল৷ কিন্তু তৃষ্ণাতুৰ অৰ্জুনেও ককায়েকৰ দৰেই ইন্দ্ৰিয়ৰ আহ্বানক অগ্ৰাধিকাৰ দিয়াত তেওঁৰো একে দশা হ’ল আৰু সৰোবৰৰ তীৰত অচেতন হৈ পৰি থাকিল৷ একে পথৰ পথিক হ’ল নকুল, সহদেৱ আৰু পাণ্ডৱ-পত্নী দ্ৰৌপদী৷ পৰিশেষত ক’ৰবাত কিবা ডাঙৰ অঘটন ঘটাৰ শংকা কৰি ভাতৃগণ আৰু পত্নী যাজ্ঞসেনীক বিচাৰি যুধিষ্ঠিৰ সেই বিশেষ সৰোবৰটোৰ পাৰত আহি উপস্থিত হ’ল৷ পানী দেখিয়েই সকলো পাহৰি তেৱোঁ আঁজলি ভৰাই তাক পিব খোজোঁতেই প্ৰকাণ্ড বক চৰাইটোৰ গলগলীয়া মাত বায়ুমণ্ডলত ভাঁহি আহিল—“কা চ ৱাৰ্তা…৷ “ যুধিষ্ঠিৰ থমকি ৰ’ল৷ মূৰ তুলি দেখিলে এটা বিয়াগোম জলচৰ বকপক্ষী৷ হাতৰ পানী পেলাই দি যুধিষ্ঠিৰ সাজু হ’ল পক্ষীৰাজৰ চাৰি প্ৰশ্নৰ উত্তৰ দিবলৈ৷

৷৷ ৬৷৷
বক চৰাইটোৱে প্ৰথম প্ৰশ্ন নিক্ষেপ কৰিলে—’কা চ ৱাৰ্তা’? অৰ্থাৎ ৱাৰ্তা বা খবৰ কি?

যুধিষ্ঠিৰে বিলম্ব নকৰি তাৰ উত্তৰ দিলে এনেদৰেঃ

“মাসৰ্তুদৰ্ৱী পৰিঘট্টনেন
সূৰ্য্যাগ্নিনা ৰাত্ৰিদিবা ইন্ধনেন৷
অস্মিন মহামোহময় কটাহে
ভূতানি কাল পচত ইতি ৱাৰ্তাঃ৷ ৷ “

ইয়াৰ অৰ্থ হ’ল—
মাহ আৰু ঋতু হেতা, সূৰ্য হ’ল অগ্নি, দিন আৰু ৰাতি ইন্ধন বা খৰি৷ এই সংসাৰৰূপী কেৰাহীত সময়ে জীৱবিলাকক পাগ কৰিছে (বা ৰান্ধিছে)৷ এয়াই ৱাৰ্তা বা খবৰ৷

যুধিষ্ঠিৰৰ মুখৰ পৰা প্ৰশ্নটোৰ যথাযথ উত্তৰ পাই পক্ষীৰাজ সন্তুষ্ট হ’ল আৰু দ্বিতীয় প্ৰশ্নলৈ যাবলৈ ইংগিত দিলে৷

দ্বিতীয় প্ৰশ্নঃ কিমাশ্চৰ্যম্, অৰ্থাৎ সবাতো আচৰিত কথা কি?

যুধিষ্ঠিৰৰ উত্তৰঃ
“অহন্যহনি ভূতানি
গচ্ছন্তি যমমন্দিৰম্৷
শেষাঃ স্থিৰত্বমিচ্ছতি
কিমাশ্চৰ্যম্ অতঃ পৰম্৷ ৷

অৰ্থাৎ, প্ৰতিদিনে জীৱবিলাক যমৰ ঘৰলৈ গৈয়ে আছে৷ যিসকল জীয়াই আছে, তেওঁলোকে নিজকে অমৰ জ্ঞান কৰে৷ ইয়াতকৈ আচৰিত কথা কি থাকিব পাৰে?

যুধিষ্ঠিৰৰ উত্তৰত সন্তুষ্ট হৈ বকপক্ষী তৃতীয় প্ৰশ্ন ’কঃ পন্থা’ বা পথ কি-ৰ উত্তৰৰ অপেক্ষাত থাকিল৷ যুধিষ্ঠিৰে অতিশয় বুদ্ধিমত্তাৰে তাৰ উত্তৰ এনেদৰে দিলে—

“ৱেদাঃ বিভিন্নাঃ স্মৃতয়ো বিভিন্নাঃ
নাসৌ মুনিৰ্যস্য মতং ন ভিন্নম্৷
ধৰ্মস্য তত্ত্বং নিহিতং গুহায়াং
মহাজনো যেন গতা স পন্থা৷ ৷ “

অৰ্থাৎ, বেদৰ মত সুকীয়া, স্মৃতিশাস্ত্ৰৰ মতো সুকীয়া৷ ধৰ্মৰ তত্ত্ব কোন গুহাত নিহিত হৈ আছে কোনেও নাজানে৷ গতিকে মহাজন (মহৎ লোক)-সকল যি পথেৰে যায়, সেই বাটেৰেই বাট বুলিব লাগে৷ সেয়াই পথ৷

মহাভাৰত যে প্ৰাতিষ্ঠানিক ধৰ্মৰ বিৰোধী আছিল সেই কথা এই শ্লোকটোৰ মাজেৰে সুন্দৰকৈ প্ৰকাশ পাইছে৷ মহাকাব্যখনিত পোৱা ধৰ্ম, অলৌকিকতা আদি বিষয়বোৰ সম্ভৱতঃ প্ৰক্ষিপ্ত৷ বহুকাল পাছত এইবোৰৰ অন্তৰ্ভুক্তি ঘটিছিল৷ কোৱা বাহুল্য যে শ্লোকফাঁকিত থকা মহাজন শব্দটোৰ পাছত অৰ্থাপকৰ্ষ বা অৰ্থৰ অৱনতি ঘটিছে৷ অতীতত ইয়াৰ অৰ্থ আছিল মহৎ লোক, এতিয়া হ’ল চহকী ব্যৱসায়ী৷

যুধিষ্ঠিৰৰ ধৈৰ্য, স্থৈৰ্য আৰু প্ৰত্যুৎপন্নমতিত্ব দেখি বকপক্ষী অতিশয় প্ৰসন্ন হ’ল আৰু এইবাৰ চতুৰ্থ তথা অন্তিম প্ৰশ্ন উত্থাপন কৰিলে—’কস্য মোদতে’ বা সুখী কোন?

যুধিষ্ঠিৰে তৎকালে উত্তৰ দিলে—

“দিৱসস্য অষ্টম ভাগে
শাকং পচতি যো নৰঃ৷
অণৃণী চ প্ৰৱাসী চ
সঃ বাৰিচৰ মোদতে৷ ৷ “

অৰ্থাৎ, দিনৰ অষ্টম প্ৰহৰত, বা আন কথাত ভৰ দুপৰীয়া যিয়ে শাক ভাত খায়, তেওঁৰ যদি ধাৰ-ঋণ নাই আৰু যদি তেওঁ বিদেশত থাকিবলগীয়া হোৱা নাই, তেন্তে তেৱেঁই সবাতো সুখী৷

সুখ-দুখ, ভাল-বেয়া এইবোৰ আপেক্ষিক, তুলনাৰ পৰা ওপজে৷ যুধিষ্ঠিৰৰ সুখৰ এই সংজ্ঞাৰ সৈতে আমি বহুতেই এতিয়াৰ পৰিস্থিতিত হয়তো একমত নহ’ম৷ কিন্তু বকপক্ষী হ’লে অতি আহ্লাদিত হৈছিল৷ ইয়াৰ পাছতো পক্ষীৰাজে তেওঁক আৰু কিছুমান সৰু সৰু প্ৰশ্ন কৰিছিল, যেনে—জন্মিয়েই কোন স্পন্দিত নহয়, টোপনিত কাৰ চকু জাপ নাযায় ইত্যাদি ইত্যাদি৷ যুধিষ্ঠিৰেও ধৈৰ্য সহকাৰে সিবোৰৰ এটি এটিকৈ যথাযথ উত্তৰ দিছিল৷ যেনে—জন্মিয়েই স্পন্দিত নোহোৱা বস্তু হৈছে কণী; তেনেদৰে টোপনিত চকু জাপ নোযোৱা জীৱবিধ হৈছে মাছ৷

ইয়াৰ পাছত বকপক্ষীয়ে যুধিষ্ঠিৰক তেওঁৰ চাৰি ভাতৃৰ যিকোনো এজনক জীয়াই দিম বুলি কোনজনৰ জীৱন লাগে সুধিলে৷ যুধিষ্ঠিৰে নকুলক লাগে বুলি উত্তৰ দিলে৷ তেতিয়া বকৰাজে ক’লে—“তোমাৰ বাহুবলী গদাধাৰী বীৰ বৃকোদৰ, ত্ৰিলোক বিজয়ী ধনুৰ্ধৰ মহাবীৰ পাৰ্থ, যিয়ে তোমাক সৰ্বক্ষণ ৰক্ষা কৰিব পাৰে, তেওঁলোকক এৰি নকুলক বিচৰাৰ কাৰণ কি?”

তেতিয়া যুধিষ্ঠিৰে উত্তৰ দিলে—“হে পক্ষীৰাজ৷ ভীম আৰু অৰ্জুন মোৰ সহোদৰ ভাই, আমি একে মাতৃৰ সন্তান৷ আনহাতে নকুল আৰু সহদেৱ বৈমাত্ৰেয় ভ্ৰাতা৷ এতিয়া মই যদি ভীম বা অৰ্জুনৰ পুনৰ্জীৱন বিচাৰোঁ, তেন্তে মানুহে মোৰ বদনাম ৰটিব যে নকুল, সহদেৱ বিমাতাৰ পুত্ৰ বাবে তেওঁলোকক জীয়াই তোলাৰ চেষ্টা নকৰি নিজৰ সহোদৰ ভায়েকক জীৱন দিলে৷ যুধিষ্ঠিৰ ইমানেই স্বাৰ্থপৰ৷”

বকপক্ষীয়ে নিজ ৰূপ ধাৰণ কৰিলে৷ আচলতে তেওঁ আছিল যুধিষ্ঠিৰৰ পিতৃ ধৰ্মৰাজ যম৷ নিজ পুত্ৰ সত্য আৰু ধৰ্মত অবিচলিত আছেনে নাই তাৰ পৰীক্ষা ল’বলৈ তেওঁ সেই সৰোবৰটোত বিয়াগোম বক এটাৰ ৰূপ ধাৰণ কৰি থিতাপি লৈছিলহি৷ পুত্ৰক নানান বিপদ-বিঘিনিৰ মাজতো সঠিক পথেৰে বাট বুলা দেখি তেওঁ পৰম আনন্দ পালে৷ অচেতন হৈ পৰি থকা দ্ৰৌপদী সহ চাৰি পাণ্ডৱক জীয়াই দি মৃত্যুৰাজ যম নিজ ৰাজ্যলৈ উভতি গ’ল আৰু পাঞ্চালী সহিতে পঞ্চ-পাণ্ডৱে নিজৰ আশ্ৰয় স্থলী অভিমুখে খোজ পেলালে৷ ■■
______________________

লেখকৰ টোকাঃ “ইয়াত বৰ্ণিত সমস্ত ঘটনাৰ উৎস মোৰ স্মৃতি৷ কাৰণ কিতাপ-পত্ৰত হাত দিয়া সমূলি নিষেধ৷ যদি কিবা ভুল থাকে তাৰ বাবে মই ক্ষমাপ্ৰাৰ্থী৷”
____________________

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments