অদৃশ্য লাভাবোৰ….(ৰক্তিম গোস্বামী)

“……..পৃথিবীৰ ইতিহাসত আটাইতকৈ ভয়ানক আগ্নেয়গিৰিটোৰ উদগীৰণ হৈছিল ইণ্ডোনেছিয়াৰ চুম্বাৱা দ্বীপত ১৮১৫ চনত। এই উদগীৰণ প্রাণ হেৰুৱাইছিলে প্রায় ১ লক্ষাধিক মানুহে।

ডিচক’ভাৰী চেনেলৰ নৃতত্ত্ব বিষয়ক অনুষ্ঠানটিৰ পৰা ভাঁহি অহা কথাখিনি কিয় জানো ভাল নালাগিল। গাঢ়, উত্তপ্ত লাভা বৈ অহা ৰঙা চিকমিকীয়া ছবিবোৰে নিশাৰ শান্ত অথচ ৰহস্যময় পৃথিৱীখনক আৰু ভয় লগা কৰি তুলিলে। কিবা এক বুজাব নোৱাৰা অস্বস্তিয়ে মনটো আগুৰি ধৰিলে। মন ভাল লগা বাতৰি এটা চাবলৈ বুলি ৰিমট কণ্ট্রলৰ বটনত ক্ৰমাত হেঁচা পৰিল।

“…নদীবান্ধৰ বিৰোধীতা কালিৰ পৰা অনিৰ্দিষ্ট কাললৈ বিৰোধীৰ অনশনৰ ঘোষণা…”

“ইজিপ্তৰ হিংসাত্মক ঘটনাত ৭ জন নিহত…”

“…আৰ্ন্তজাতিক ক্রিকেটৰ পৰা আজি ৰিকি পণ্টিঙে সন্যাস গ্ৰহণ কৰে। পণ্টিঙে কয়…..”

“…ওৰাংত আজি আৰু এটা খৰ্গহীন গড়ৰ মৃতদেহ উদ্ধাৰ।..”

….অসহ্য। অলপ আগেয়ে দেখা লাভাৰ সাগৰখন যেন বুকুত গমগমাই উঠিল বাতৰিবোৰ দেখি। ক’ৰবাত ফাট মেলা টোপনিৰ উভতি অহা বাটচোৱা ধোঁৱাময় কৰাৰ উদ্দেশ্যে চিনাকী নেভি কাটৰ পেকেটটোৰ পৰা এটা চিগাৰেট উলিয়াই জ্বলাই ল’লে নিশান্তই। নিশান্তৰ অশান্ত মনৰ লগৰী- নেভিকাট। শনিবাৰৰ নিশা দুপৰলৈকে ৰিমৰ্টৰ বটন টিপি থকা অভ্যাসটো এৰিম বুলি প্রতিটো সোমবাৰতে পণ কৰা হয় কিন্তু কেতিয়াও হাতে কামে কামটো সফল নহয় ঠিক তাৰ “কালিৰ পৰা আৰু চিগাৰেট নাখাওঁ” লেখীয়া কথাটোৰ দৰে। অকলে থকা মানুহ এটাৰ মনত অহৰহ বহু কথাই বাঁহ ল’বলৈ সুযোগ পায়। ভাল-বেয়া, আস্তিক-নাস্তিক,শুদ্ধ-নষ্ট সকলো চিন্তা কিন্তু মনটো যেতিয়া উদাস হৈ থাকে নিসংগতাৰ মায়াবী সাপটোৰ দংশন আটাইতকৈ বিষাক্ত হয়।

নিশান্তৰ অস্থিৰ আৰু উদাস মনটোক যেন টিভিৰ ঋণাত্মক বাতৰি সমূহে আৰু উদাস কৰি তুলিলে । তাৰ শুৱা কোঠাৰ লগতে সংলগ্ন কণমানি বেলকনিটোলৈ বুলি নিশান্ত ওলাই আহিল। কৰ্মব্যস্ত দূৰৈৰ নিয়ন লাইটবোৰ আৰু দুই এটা বাদুলিৰ বাদে সকলো নিশাৰ নিস্তব্ধতাৰ লগত একাত্ম । সকলোকে অলপ জিৰণি লাগে। সকলোকে অলপ সময় লাগে নিজৰ বাবে। টোপনিয়েই হয়তো সেইকণ সময় য’ত প্রতিজন মানুহ অজ্ঞাতসাৰে নিজৰ লগত বিলীন হয়। প্ৰত্যেকে একো একোখন নিজস্ব পৃথিবী অলপ সপোনৰ সৈতে সেয়ে হয়তো টোপনিৰ বুকুত সাঁচি থয় সংগোপনে ।

আমিবোৰ হ’ম’চেপিয়েন। ৫০,০০০ বছৰ পুৰণি আমাৰ স্বভাৱজাত ব্যৱহাৰিক জ্ঞানৰ ম্যাদ অথচ আজিও বুজাব নোৱাৰা কিবা এক অচিন অনুভৱৰ অপ্রাপ্তিৰ এবুকু বেদনা কঢ়িয়াই ফুৰা আমিবোৰ। অপ্রাপ্তিৰ এই বেদনাৰ বুকুত পৃথিবীৰ প্রতিটো কোণত সৃষ্টি হোৱা অগণন ছবি, অলেখ কবিতা, শত সহস্র গীত, মন জোকাৰি যোৱা সংগীত। হ’ম’চেপিয়েনৰ অপ্রাপ্তিৰ বেদনাৰ মাদকতা ইয়াতকৈ আৰু কিমান সুন্দৰ হ’ব পাৰে !!? গীতা, সংহিতা, বেদ, বাইবেল, কোৰাণ, অস্তিত্ববাদ, নাজীবাদ, ত্রিকোণবাদ, ফেচীবাদ, পুঁজীবাদ, মাৰ্ক্সবাদ, সিদ্ধি প্রাপ্তিৰ আকাংক্ষা, মক্কা-মডিনা, হৰিদ্বাৰ, অমৰনাথ – এই সকলোবোৰৰ মাজত সামঞ্জস্য আছে। নাজীবাদ, ফেঁচীবাদকে ধৰি নিজ নিজ ধৰণে এই সকলোবোৰ মানুহৰ মংগলৰ উদ্দেশ্য বহন কৰে , হয়তো কোনোতো শ্ৰেণীবিশেষ অথবা কোনোতো নহয়। নিশান্তই প্রায়ে ভাবে মানুহৰ মংগলৰ ধাৰণা অতিজৰে পৰা শ্রেণীহীন হোৱা হ’লে পৃথিবীখন হয়তো এতিয়ালৈ এক মানুহৰ সৰ্বমংগলময় পৃথিৱীলৈ পৰিবৰ্ত্তিত হ’ল হয়। গীতাৰ লগত হিন্দুত্বৰ আৰু কোৰাণৰ লগত মুছলমানৰ সাম্প্ৰদায়িক পৰিচয় নথকা হ’লে মানুহৰ মংগলৰ ক্ষেত্রত এই গ্রন্থবোৰ অধিক ফলপ্ৰসূ ন’হল হেতেন নে? এই গ্রন্থবোৰৰ পৰিচয় যদি হিন্দুৰ-মুছলমানৰ বা খ্রীষ্টানৰ ধৰ্মীয় গ্ৰন্থ ৰূপে নহৈ কেৱল মানুহৰ গ্রন্থ হোৱা হ’লে? এই গ্রন্থবোৰৰ লগত সংলগ্ন সাম্প্ৰদায়িক পৰিচয়বোৰে যে কতবাৰ ধোৱাই গ’ল পৃথিবীৰ বুকু তপত তেজেৰে।

দুপৰ নিশা নিশান্তৰ মনটোক অজস্র আউল লগা আৰু বেবেৰিবাং চিন্তায়ে খেলিমেলি কৰি পেলালে। নেভি কাটৰ পেকেটতোৰ পৰা আন এটা চিগাৰেট উলিয়াই নিশান্তই কেতিয়া জ্বলাই আধা শেষ কৰিলে ধৰিবই নোৱাৰিলে। ‘ভগবান’ আৰু ‘অনুমতিৰ’ পুৰণা অনুসিদ্ধান্তহীন সমীকৰণটোত পুনৰ উজুটি খালে সি। ‘ভগবান’ আৰু ‘অনুমতি’ শব্দ দুটা পৰিপূৰক নেকি? ভগবানক/ধৰ্মকলৈ বান্ধি দিয়া ‘কৰিব পায়’ বা ‘কৰিব নাপায়’ নিয়মবোৰ ভগবান নাথাকিলে হয় নেকি ? তেনে ক্ষেত্রত মানুহে সকলো কাম কৰিলেহেঁতেন নেকি বিনা দ্বিধাই? অৰাজকতাই তেতিয়া এটা সু-শৃংখলিত নিয়ম হ’লহেতেন নেকি? নে মানুহে তেতিয়া নিজৰ বৌদ্ধিক সজাগতাৰে একোটা শৃংখলাকেন্দ্রিক নিয়ম বনালেহেঁতেন? এই শৃংখলাকেন্দ্রিক নিয়মবোৰই ‘ধৰ্ম’ নেকি যাক পালন কৰিবলৈ বাধ্য কৰাবলৈ একোটা অতি-মানৱীয় শক্তিৰ প্রয়োজন আৰু যাক ‘ভগবান’ নাম দিয়া হৈছে আৰু যাৰ লগত সাঙুৰ খাইছে ‘অনুমতি’ৰ প্রশ্নটো।

….. নিশান্তই খালী চিগাৰেটৰ পেকেটতো খুচৰি খুচৰি ভাৱৰ এখন অনন্য পৃথিবীত ডুব গৈছিল। ডাঙৰকৈ পাৰ্টি মিউজক লগাই জোৰেৰে পাৰ হৈ যোৱা এখন চিদানৰ শব্দত নিশান্ত বাস্তৱলৈ ঘূৰি আহিল। ৰাতি পুৱাও পুৱাও। নিয়ন লাইটবোৰৰ পোহৰ আকাশৰ কোমল ৰঙা ৰঙৰ লগত লাহে লাহে মিলি গৈছে। পুঁৱতি নিশাৰ প্রথম কাউৰীটোৱে কা কা শব্দ কৰি আনবোৰক পুৱাৰ বতৰা দিবলৈ বুলি তাৰ চকুৰ আগেদি উৰা মাৰিলে। ক্লান্ত হৈ পৰা নিশান্তয়ো দেহ এৰি দিলে তাৰ চিনাকী শেতেলিত । সি এতিয়া একাত্ম হ’ব নিজৰ লগত। একাত্ম হ’ব তাৰ টোপনিৰ বুকুত সংগোপনে সাঁচি থোৱা সপোনবোৰৰ লগত য’ত নাথাকিব কোনো ইজিপ্তৰ বা ইজৰাইলৰ কোনো হিসাত্মক ঘটনাত, কাজিৰঙাৰ মৃত গড়, নদীবান্ধ, কাচব অথবা ৰিকি পন্টিং।

সকলোকে অলপ সময় লাগে নিজৰ বাবে।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক