অদৃশ্য শক্তিৰ সন্ধানত (ঋতুৰাজ)

২০০৬ চনৰ মে’মাহ । স্থান চিকন্দৰপুৰ, গুৰগাঁও, হাৰিয়ানা। মই, মোৰ এটা ভাইটি আৰু এজন বন্ধু ৰিংকুৰ সৈতে একেলগে একেটা কোঠাতে থাকো, মানে এটা 1BHK set. আমাৰ গোটেই ঘৰটোত মুঠ ২১টামান set আছে । আমি থকা কোঠাটোৰ ঠিক সন্মূখতে দুজন উত্তৰপ্রদেশৰ ল’ৰা থাকে । বয়স ২৩-২৪ মান হ’ব । আমাৰ লগত ভাল, কেতিয়াবাএকেলগে খোৱা লোৱাও কৰে । প্রথমতে সকলো ঠিকেই আছিল । কিন্তু কিছুদিনৰ পৰাসিহঁতৰ কোঠাত এটা আচৰিত এটা ঘটনা ঘটিবলে ধৰিলে । ৰাতি প্রায় ১২ বাজি যোৱাৰ পাছত সিহঁতৰ দর্জাখন কোনোবাই খুব জোৰত ঢকিয়াই আৰু হেঁচি খুলিবলৈ চেষ্টাকৰে । প্রথমতে আমি কথাটো গুৰুত্ত দিয়া নাচিলো, ভাবিছিলো মদ চদ খাই আহি চাগে হুলস্থুল কৰি আছে । এদিন ৰাতি প্রায় ৯ টা মান বজাত সিহঁতৰ এটা আহিআমাৰ কোঠা পালেহি আৰু ক’লে যে লগৰটো আজি নাই সেইবাবে সি তাত অকলে নুশুৱে ।প্রথমে তাক অলপ ধমকি দিলো, কিন্তু সি কোনোপধ্যেই তাত নুশুৱে । শেষত ভাইটিকে পঠাই দিলো তাৰ লগত শুবলৈ । ৰাতি ঠিক ১২ বাজি গৈছেহে, আকৌ শুনিলো চিঞৰ বাখৰসিহতৰ কোঠাৰ পৰা । মই গৈ ভাইটিক মাতিলো কি হৈছে বুলি । পিছে দর্জাৰ পৰাকেইফুটমান আঁতৰত হে ৰৈছো,কি ঠিক ! দর্জা খুলিয়েই যদি মোৰ মূৰত মাৰ পৰে । ভাইতি ওলাই আহিল, তাক সুধিলো কি হ’ল অ’? সি ক’লে, জানো কি হ’ল মই টোপনি গৈছিলো, ইয়াৰ চিঞৰতহে সাৰ পালো । মই ক’লো “শুইথাক এইডালে কিবা সপোন চপোন দেখিব পাই আৰু মই আহি আকৌ বিচনাত পৰিলোহি । প্রায় ১ ঘন্টামান হৈছেহে আকৌ হুলস্থুল । এইবাৰ ভাইটিৰ চিঞৰ । মই আৰু ৰিংকু দৌৰি গৈ মাত দিলো কি হ’লবুলি। দেখিলো এইবাৰ ভাইটিও ভয়ত ঘামি জামি আছে । সি ক’লে যে তাৰ চিলমিলকৈ টোপনি আহিছিল, কিন্তু কোনোবাই তাৰ ভৰিত ধৰি টনা যেন লগাত সি সাৰ পাই গ’লআৰু দর্জাখন কোনোবাই জোৰত হেঁচি থকা যেন অনুভব হৈছিল । ভাইতিৰ কথাই এইবাৰ বিষয়টোৰ ওপৰত চিন্তা কৰিবলৈ বাধ্য কৰালে । সেইদিনা ৰাতি তাত শোৱা নহ’ল আৰু ।গোটোইকেইটা আমাৰ কোঠাতে শুলো । পিচদিনা ভাবিলো ষ্ট্রিং অপাৰেচন কৰা যাওক ।সেইদিনা তাৰ লগৰটোও আহিল । দিনতে আমি দুডাল ৰড আৰু অসমৰ পৰা আহোতে লৈ অহাসৰু দা এখন জোগাৰ কৰি থলো । ৰাতি ৯:৩০ মানত খাই বৈ আমি তিনিটা মানে মইভাইতি আৰু ৰিংকু তাঁচ খেলিবলৈ বহিলো আৰু সিহঁত দুটা গ’ল সিহঁতৰ কোঠাত শুবলৈ। ৰাতি ১১ টামান বজাত বিল্ডিংটোৰ প্রায়বোৰেই শুলে, ওপৰৰ ফ্ল’ৰত কোনোবাই টিভি চাই আছিল, পিছে ১২ টাৰ আগত সিও বন্ধ হ’ল । একেবাৰে নিজান পৰিবেশ ।দুৰত কুকুৰ দুটামানে ভূকি আছিল আৰু আমি কাণ পাতি আছিলো সন্মুখৰ দর্জাত কিবাশব্দ হয় নেকি শুনিবলৈ । ১২ টা ২০-২৫ মান হৈছে কোনোবাই সিহঁতৰ দর্জাত ঢকিওৱাৰ শব্দ শুনিবলৈ পালো । মই লগে লগে আমাৰ দর্জাখন খুলি চালো আৰু ৰিংকুক পিছফালে চাব দিলো অহা যোৱা কৰা মেইন গেটৰ ফালে কোনোবা আছে নেকি। আমাৰ দর্জাৰ পৰা সিহঁতৰ দর্জাখন প্রায় মুখামুখিকৈ আছে, গতিকে তাত কি হৈছে স্পষ্টকৈ দেখা পোৱা যায়। মই দর্জা খোলাৰ লগে লগেই শব্দ নাইকিয়া হ’ল আৰু মইএকো নেদেখিলো । মই সাধাৰণতে ভূত প্রেত বিশ্বাস নকৰো, কিন্তু দর্জাখন খুলিমোৰ গাটো কিবা সিৰসিৰাই গ’ল । আমাৰ দুয়োটা কোঠাৰ মাজৰ কৰিড’ৰটো যঠেষ্ট দীঘল আৰু দুয়োফালে ওখ গ্রীল দিয়া আছে, গতিকে সেইফালে কোনোবা পাৰ হৈ যোৱাতো অসম্ভৱ । ল’ৰাদুটাক আগতেই চিঞৰ বাখৰ নকৰিবলৈ কৈ থৈছিলো, সেয়ে সিহঁতো অলপসময় মনে মনে আছিল । আমাৰ বিল্ডিংটোৰ পিছফালে হেনো এসময়ত কবৰস্থান আছিল । এতিয়া সেইবোৰ গ্রীণ এৰিয়া মানে চৰকাৰী ফুলনি । পিছদিনাসিহঁত দুইটা ৰিংকুৰ কথামতে মন্দিৰত চাকি দিলে আৰু অলপ প্রসাদ আনি কোঠাত থ’লে । আচৰিত কথা সেইদিনাৰ পৰা এই ঘটনাটোৰ পুনৰাবৃত্তি নোহোৱা হ’ল । ল’ৰাদুটা অলপদিনৰ পাছত তাৰ পৰা গুছি গৈছিল ৷ পাছত কাৰোবাৰ মুখত শুনিছিলো সিহঁতে হেনো কিবা পৌৰাণিক মূর্তিৰ ব্যৱসায় কৰিছিল । মই আজিও এই প্রশ্নটোৰ একো সমিধান নাপালো, আচলতে ঘটনাটোনো কিয় আৰু কেনেকৈ হৈছিল!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক