অধ্যায় (গীতাৰ্থ বৰদলৈ)

অধ্যায়

গীতাৰ্থ বৰদলৈ

(আগকথা: মই কোনো চলচ্চিত্ৰ সমালোচক নহয়। এই লেখাত বোলছবিখনৰ কাহিনীৰ টুকুৰা থাকিব পাৰে। ছবিখন চাম বুলি ভবাসকলে এই লেখা এৰাই চলিব পাৰে।)

যোৱা শুকুৰবাৰে আবেলি ৩:৩০ মান বজাত বিভাগীয় কামৰপৰা আজৰি হ’লোঁ। ভাবিলোঁ চিনেমা এখনকে চোৱা যাওক। ৩:৫৫ মান বজাত বজাৰ গৈ পাই ফান চিনেমাত খবৰ কৰিলোঁ। নতুন ইংৰাজী চিনেমা এখনৰ দৰ্শনী ডেৰঘণ্টামান পিছতহে আছে। অৰোৰা ছবিঘৰত “অধ্যায়” নামৰ অসমীয়া বোলছবি এখন অহা বুলি খবৰ পাইছিলোঁ। গতিকে তালৈকে ঢাপলি মেলিলোঁ। টিকট কাটি তলৰ মহলাৰ আসন এখনত বহি চাৰিওফালে চকু ফুৰালোঁ। মুঠ বাৰজনমান মানুহ আছে। দহমিনিটৰ আমনিদায়ক চৰকাৰী বিজ্ঞাপনৰ পিছত ছবি আৰম্ভ হ’ল।

আৰম্ভণিতেই মহিলা এগৰাকীক গাঁৱৰ ৰাইজে খেদি যোৱাৰ দৃশ্য আছে। মহিলাগৰাকীয়ে প্ৰাণ ৰক্ষাৰ নিমিত্তে নদীত জাঁপ দিয়ে। তাৰ পিছৰ দৃশ্যত ছবিখনৰ মূল পুৰুষ চৰিত্ৰত অভিনয় কৰা ভোলাই (পবিত্ৰ ৰাভা) ফটিকাৰ ৰাগীত মাতাল হৈ ঘৰলৈ উভতে। ইফালে ভোলাৰ পত্নী তৰুৱে (তৰুলতা কুটুম) ভাত ৰান্ধি থকা দেখুওৱা হয়। এইদৰে চুটি চুটি দৃশ্য কেইটামানেৰে ছবিখনৰ কাহিনী আগুৱাই যায়। অৱশ্যে প্ৰথমতেই সম্পাদনাৰ বিসংগতি এটা চকুত পৰিল। তৰুৱে ভাত ৰান্ধি থাকোঁতে ভোলাক খঙেৰে কয়- “মতা মানুহৰ মৰম ৰাতিহে জাগে”। তাৰ পিছৰ শ্বটটোত আকৌ পুৱা ভোলাই তৰুৰপৰা ঘৰৰ পিতলৰ ঘটি এটা কাঢ়ি লৈ যায়। দুইটা দৃশ্যৰ মাজত একো সামঞ্জস্য নাই।

লাহে লাহে দুখীয়া ভোলা আৰু তৰুৰ দৈনিক জীৱনৰ কাহিনী মুকলি কৰা হয়। দুয়ো শিল ভঙা কাম কৰি কেইটামান টকা হাজিৰা পায়। ভোলাই বেছিভাগ পইছাৰে লটাৰীৰ টিকট কিনে, লাভৰ নামত শূন্য। সদায় মদ খাই ঘৰলৈ উভতে। তৰুৱে তাৰ বাবে শুদা ভাত ৰান্ধি থয়। সন্তান নোহোৱাৰ বাবে তৰুৰ দুখ। বেলেগৰ সন্তানলৈ তাইৰ খুব মৰম। আৰম্ভণিতে দেখুওৱা নদীত জাঁপ দিয়া মানুহজনী সিহঁতৰ গাঁৱৰে। গাঁৱৰ ৰাইজে বেজৰ কথামতে তাইক ডাইনী বুলি ভাবি হত্যা কৰিছিল। ইফালে গাঁৱত পানীৰ বাবে হাহাকাৰ।

গাঁৱৰ মহাজন বৰ প্ৰতাপী। দুখীয়া মানুহৰ মাটি বন্ধকত লৈ, নানা ব্যৱসায়েৰে তেওঁ ধন গোটায়। তেওঁৰ পত্নী ৰুগীয়া বাবে কাম কৰিবলৈ তৰুক ঘৰলৈ মাতে। মহাজনৰ ঘৰত দাইল, শাক-পাচলিৰে ভাত খাবলৈ পাই, চাবোনেৰে গা ধুবলৈ পাই তৰুৰ মুখত হাঁহি বিৰিঙে। কিন্তু কিছুদিন পিছতেই অথন্তৰ ঘটে। মহাজন, সেনা জোৱানৰ অত্যাচাৰত, ঠগ বেজৰ চক্ৰান্তত তাইৰ জীৱনলৈ ক’লীয়া ডাৱৰ নামি আহে। ভোলা আৰু তাইৰ দুখ কুলাই পাচিয়ে নধৰা হয়। এতিয়া গাঁও এৰি পলাই যোৱাৰ বাহিৰে সিহঁতৰ আৰু কি উপায় আছে?

ছবিখনৰ প্ৰচাৰ দুৰ্বল। কেতিয়াবা বাতৰি কাকতত পঢ়িবলৈ পোৱা খবৰ আৰু দুদিনমান আগতে দেৱালত লগাই থোৱা প’ষ্টাৰবোৰৰ বাদে আন একো প্ৰচাৰ কৌশল চকুত নপৰিল (বা মইহে একো নাজানো)। মানুহে একো গম নোপোৱাকৈ হঠাৎ কিবা এখন বোলছবি চাবলৈ যাব বুলি আশা কৰাটো ভুল। সম্ভৱ প্ৰযোজকৰ অৰ্থৰ অভাৱ। আন কেইবাখনো অসমীয়া বোলছবিৰ দৰে কেৱল ভৰ দুপৰীয়া এইখনৰ দৰ্শনী নাছিল, তথাপিও ছবিঘৰত মানুহ দুখলগাকৈ কম।

মই ছবিঘৰলৈ বৰ বেছি আশা কৰি যোৱা নাছিলোঁ যদিও ছবিখনে মোক হতাশ নকৰিলে। অৰূপ মান্নাৰ নামটো “আইদেউ”ৰ পৰিচালক হিচাপে শুনিছিলোঁ যদিও সেইখন ছবি মই চোৱা নাই। “অধ্যায়”ৰ প’ষ্টাৰত থকা অভিনেতা কেইজনকো মই আগতে দেখা নাছিলোঁ। এখন গাঁৱৰ আৰ্থ-সামাজিক সমস্যাক ডাঙি ধৰা ছবিখনৰ কাহিনীত কোনো জটিলতা নাই। ধীৰে ধীৰে কাহিনী মুকলি কৰা শৈলীয়ে মোক ছবিখন সহজে বুজি পাবলৈ সুযোগ দিলে। অৱশ্যে ছবিখনৰ পৰিসমাপ্তিত মই সন্তুষ্ট নহ’লোঁ (যিদৰে “বান্ধোন”ৰ সমাপ্তিও মোৰ ভাল লগা নাছিল)। ছবিঘৰত বহি থকা আন কেইজনমান দৰ্শকেও “শেষেই হ’ল নেকি!” বুলি কোৱা শুনা গ’ল। তথাপিও ক’ম, বোলছবিখনৰ কাহিনী আৰু কথনশৈলীয়ে মোৰ মন চুই গ’ল।

মুখ্য চৰিত্ৰ দুটাত পবিত্ৰ ৰাভা আৰু তৰুলতা কুটুমৰ অভিনয়ৰ বৰ ভাল লাগিল। তেওঁলোকে ছবিখনৰ বাবে ক’ৰবাত শ্ৰেষ্ঠ অভিনেতা-অভিনেত্ৰীৰ বঁটা পোৱা বুলি কালি ৱেবছাইট এটাত পঢ়িবলৈ পাইছিলোঁ। ভালকৈ অভিনয় কৰিব নোৱাৰা পৰম্পৰাগত নায়ক-নায়িকাৰ সলনি পৰিচালকে তেওঁলোকৰপৰা খুব সুন্দৰ কাম আদায় কৰিলে। দুয়োজনৰ মাজত কাজিয়া লগা সত্বেও হাজিৰা কৰোঁতে আজৰি সময়ত তৰুৱে ভোলাক ভাত আনি দিয়া দৃশ্য, তৰুৱে মহাজনৰ ঘৰৰপৰা বান্ধি অনা ভাত-দাইল-ভাজি ভোলাই গো-গ্ৰোসে গিলা দৃশ্য, ভোলাই বিধায়কক পইছা ঘূৰাই দিয়া, মুষলধাৰ বৰষুণত তৰুৱে দেওধনীৰ দৰে নচা দৃশ্য, ৰেডিঅ’ত কিশোৰ কুমাৰৰ গান শুনি থাকোঁতে ভোলাৰ চকু-মুখৰ অভিব্যক্তি আদিবোৰ মোৰ ভাল লাগিল। ছবিখনত চৰিত্ৰৰ ভিৰ নাই। মহাজন, লটাৰীৰ টিকট বেচা যুৱকজন আদিৰ লগতে মহাজনৰ শয্যাগত পত্নীৰ সংলাপবিহীন অভিনয়ো সুন্দৰ।

কেমেৰাৰ কাম যথাযথ। বিশেষ একো নতুনত্ব নাই যেন লাগিল। যিমান পাৰি সৰলভাৱে দৃশ্যবোৰ গ্ৰহণ কৰা হৈছে। প্ৰায় ডেৰঘণ্টীয়া চিনেমাখনত এটাও গান নাই। প্ৰথম অংশত আৱহ সংগীতৰ ব্যৱহাৰো অতি কম। আৱহ সংগীতৰ নূন্যতম ব্যৱহাৰ হ’লে বোলছবি এখন মোৰ উকা উকা যেন অনুভৱ হয়। তেনে অৱস্থাত দৰ্শকেও কাহিনীৰ সতে একাত্ম হোৱাত বাধা ওপজে বুলি মই ভাবোঁ।

প্ৰথমতেই উল্লেখ কৰা দৃশ্য দুটাৰ বাদে সম্পাদনাক লৈ মই অভিযোগ কৰাৰ বিশেষ কাৰণ নাই। অৱশ্যে প্ৰথম আধা ঘণ্টামানত কিছুমান দৃশ্যৰ গতি আৰু মসৃণ হোৱা সম্ভাৱনা আছিল বুলি মই ভাবোঁ। পৰিচালনাও সুন্দৰ। বিধায়কে গাঁৱত পানী যোগান আঁচনিৰ কথা ঘোষণা কৰোঁতে চৰ্চৰণি খোৱা, গাঁৱৰ পেন্দুকণামখাই বিধায়কৰ গাড়ীৰপৰা পানীৰ বটল মনে মনে লৈ গৈ খোৱা আৰু বটলটোৰে ফুটবল খেলা, সপোনৰ কথা কৈ লটাৰিৰ টিকট বেচা আদি দৃশ্যই আমোদ দিলে।

ছবিখন সংলাপ প্ৰধান নহয়। বিশেষকৈ বিৰতিৰ পিছত সংলাপৰ ব্যৱহাৰ কম। তথাপিও ভোলা আৰু তৰুৰ মুখৰ কিছুমান সংলাপ বহুদিনলৈ মনত থাকি যোৱা বিধৰ। কিন্তু “অহাকালি”, “যোৱাকালি” কেইটামান শুনি ভাল নালাগিল!

ছবিখনে মানুহক মনোৰঞ্জন নোযোগায়, চিন্তা কৰিবলৈহে বাধ্য কৰে। জাহ্নু বৰুৱা শৈলীৰ বোলছবি চাই ভাল পোৱা মানুহে বোধকৰোঁ এইখনো ভাল পাব। কিন্তু এইখন চাবলৈ ছবিঘৰলৈ মানুহ নাযায়। ইয়াত নাচ-গান নাই, যতীন বৰা নাই, নদী-সাগৰ-পাহাৰ-বৰফৰ দৃশ্য নাই; তাৰ উপৰি ছবিখনৰ বেছি প্ৰচাৰো নাই। এনেকুৱা বোলছবিৰ প্ৰয়োজন কেতিয়াও শেষ নহয়, কিন্তু দৰ্শকক আকৃষ্ট কৰিবলৈ কি কি কৰিব লাগিব সেয়া অৰূপ মান্না বা আন পৰিচালকে ভাবিবৰ হ’ল।

বোলছবিখন চোৱাৰ পিছত মোৰ মনলৈ ভাৱ আহিল- “ভাল”।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments