অনতিক্ৰম্য (দেৱব্ৰত বৰা)

অনতিক্ৰম্য

(এটা চিঠিৰ আকাৰে লিখা গল্প)

মিহিৰ,

জানো চিঠিখন পাই আচৰিত হ’বি। হ’বৰে কথা। মোবাইলৰ দ্বাৰা আমি খবৰ খাটি লৈয়ে থাকো। তাৰ পাছতো মই তোলৈ কিয় চিঠি লিখিলোঁ ? তই নিশ্চয়এই কথা ভাবিছ। লগতে ভাবিছ যে মই অলপ পাগল হ’লো নেকি বাৰু? নহয়নে? হয়। মাজে মাজে নিজকে পাগল পাগল লাগি যায়। জীৱনৰ বাটত এনে কিছুমান পৰিস্থিতিৰ মুখামুখি হ’ব লগা হয় যে সেইবোৰ সঁচা নে মিছা বুজিব নোৱাৰা হৈ পৰোঁ । আৰু সেই ঘটনাবোৰে আমাৰ নিজৰ ওপৰতে সন্দেহ আনি দিয়ে যে আমি মানসিক ভাৱে সুস্থ নে অসুস্থ বাৰু। আমি বুলি কৈছোঁ, আচলতে মই বুলিহে লিখিব লাগিছিল। কাটি দিবলৈ মন নগ’ল।

বাৰু পাতনি থওঁ। আজিৰ পৰা বাৰ পোন্ধৰ বছৰৰ আগৰ ঘটনা এটা। মই তোক সদায়ে ক’ম বুলি ভাবো । কিন্তু তোক লগ পালে বা তোৰ লগত ফোনত কথা হ’লে মই কথাটো ক’ব নোৱাৰা হৈ পৰো। ঠিক ক’ম ক’ম বুলি থাকোঁতেই সময় পাৰ হৈ যায় আৰু আমাৰ কথা-বাৰ্তাই বেলেগ দিশে গতি কৰে। তোক ক’ম ক’ম বুলি ভাবি থকা সেই এযুগৰ আগৰ সেই ঘটনাটোকে মই আজি এই চিঠিখনৰে তোক ক’ম বুলি ভাৱিছোঁ। চিঠিখন অলপ দীঘল হ’ব, তথাপি আশাকৰোঁ তই পঢ়িবি।

সেই সময়ত মই গুৱাহাটীত। সংবাদ মাধ্যমত নিজকে প্ৰতিস্থিত কৰাৰ বাবে সংগ্ৰাম কৰিছিলোঁ। আমাৰ কাকতৰ প্ৰায়খিনি কৰ্মচাৰীৰ লগতেই মোৰ এক বন্ধুত্বৰ সম্পৰ্ক গঢ় লৈ উঠিছিল। তাৰে ভিতৰত সত্যেনৰ সৈতে মোৰ ঘনিষ্ঠতা অলপ বেছি হৈছিল। সত্যেনৰ ককায়েক দিগন্ত মোৰ দাদাৰ বন্ধু আছিল। সেই সূত্ৰেই তাৰ সৈতে মোৰ ঘৰুৱা সম্পৰ্ক গঢ় লৈ উঠিছিল। সেই সময়ত দিগন্ত দাই অসমীয়া সংগীত জগতত খোজ পেলাইছিল। তেওঁ সুৰ কৰা কেইটামান গান মানুহৰ মুখে মুখে শুনা গৈছিল। আনহাতে সত্যেনে আকৌ মোৰ দৰে কবিতা লিখিছিল আৰু তাৰ কবিতা কাকত আলোচনীত প্ৰকাশ হৈছিল।

আমি প্ৰায়ে সময় পালে কমাৰ্চ কলেজৰ ওচৰত আড্ডা মাৰিছিলোঁ, যিটো আড্ডালৈ গুৱাহাটীত থাকোঁতে তয়ো মাজে মাজে আহিছিলি। আড্ডাত বহুতো কথাই ওলাইছিল আৰু তাতে এদিন মই আচৰিত হ’ব লগা কথা এটা শুনিছিলোঁ । সেইদিনাৰ আড্ডাত সত্যেন উপস্থিত নাছিল। মৃগেন নামৰ ল’ৰা এটাই (তই মৃগেনক লগ পোৱা নাই।) দিগন্ত দাৰ বিষয়ে সাংঘাতিক কথা এটা কৈছিল। কথাটো হ’ল যে দিগন্ত দাৰ তেওঁলোকৰ ঘৰত কাম কৰা মিলি নামৰ ছোৱালীজনীৰ সৈতে অবৈধ সম্পৰ্ক আছে। দিগন্তদাৰ ভাৰাঘৰলৈ মাজে মাজে গৈছিলোঁ । সত্যেনোদিগন্তদাৰ লগতে থাকে। তালৈ গ’লে মিলি নামৰ ছোৱালীজনীক মই লগ পাওঁ। কিন্তু সন্দেহজনক একোৱেই মই তেওঁলোকৰ ঘৰত দেখা নাছিলোঁ। সেয়ে মৃগেনে কোৱা কথাটো মিছা বুলিয়েই মই ভাৱিছিলোঁ।

কিন্তু লাহে লাহেদিগন্তদা আৰু মিলিৰ কাহিনী মই চিনি পোৱা সকলোৰে মুখে মুখে হ’ল। ফলত মই নিজেও কথাটো কিছু পৰিমাণে হ’লেও বিশ্বাস কৰিবলৈ ল’লো। লগতে তেওঁলোকৰ ঘৰলৈ যাবলৈ মই একধৰণৰ সংকোচ অনুভৱ কৰিবলৈ ল’লো। তেনেতে সেই বিশেষ দিনটো আহি পৰিল।

সেইদিনা মোৰ আৰু সত্যেন দুয়োটাৰে অফ আছিল। ৰাজগড়ৰ ষ্টুডিঅ’’ এটাত দিগন্তদাই সংগীত পৰিচালনা কৰা অডিঅ’ কেছেট এটাৰ বাণীবন্ধনৰ কাম চলি আছিল। সত্যেন আৰু মই অদিঅ’ ৰেকৰ্ডিং চাবলৈ ষ্টুডিঅ’টোলৈ গৈছিলোঁ । বতৰ বৰ বেয়া আছিল। তীব্ৰ বৰষুণৰ বাবে আমি ষ্টুডিঅ’টোৰ পৰা ওলাব নোৱাৰা হ’লো। অৱশেষত নিশা দহ মান বজাত সেইদিনালৈদিগন্তদাৰ কাম শেষ হ’ল। যিহেতু মোৰ ভাৰাঘৰ থকা অঞ্চলটোত সেইজাক বৰষুণত কৃত্ৰিম বানপানী হোৱাটো এক প্ৰকাৰ খাটাং আছিল, সেয়ে(?) সত্যেন আৰু দিগন্তদাই মোকো তেওঁলোকৰ লগতে তেওঁলোকৰ ঘৰলৈকে যাবলৈ লগ ধৰিলে। উপায় নাপাই ময়ো তেওঁলোকৰ লগতে ওলালোঁ। মনত কিন্তু এক ভীষণ ভয়ভাব আছিল। সেই ভয়ভাবটোনো মোৰ মনত কেনেদৰে সৃষ্টি হৈছিল সেইটোও মোৰ বাবে এক অবুজ সাঁথৰ।

অৱশেষত দিগন্তদাৰ ঘৰত উপস্থিত হ’লো। বৌৱে বেছ আদৰ-অভ্যৰ্থনা জনালে। হাত মুখ ধুই উঠি দিগন্তদাই চাৰি কোঠলীয়া ঘৰটোৰ আলহীৰ বাবে ৰখা কোঠাটোলৈ মোক মাতি নিলে। কোঠাটোৰ মজিয়াতে বহি আমি দুয়ো অলপ মদিৰা পান কৰিলোঁ।(মই দাদাৰ সৈতে একেলগে মদিৰা পান কৰো বাবেই দিগন্তদাৰ লগতো ফ্ৰী হৈ গৈছিলোঁ। লগতে এইটোও ঠিক যে মদৰ প্ৰতি মোৰ বিশেষ দুৰ্বলতাও নাই।) তাৰ পিছত বৌৱে নে মিলিয়ে জানো ধুনীয়াকৈ ৰন্ধা মাছৰ টেঙাৰে ভাত খালো। অৱশেষত সেই আলহীৰ কোঠাৰ বিচনাখনতে মোক শুবলৈ দিয়া হ’ল। মই তাৰ আগতে তেওঁলোকৰ ঘৰত কেতিয়াও ৰাতি থকা নাছিলোঁ। সেয়ে অলপ আখজা লাগিল যদিও শুবলৈ চেষ্টা কৰিলোঁ।

মই কোঠাটোৰ লাইটটো নুমুৱাই শুবলৈ আয়োজন কৰিলোঁ। তেনেতে দেখোন কোঠাটোৰ লাইটটো পুনৰ জ্বলি উঠিল। মই দেখিলো কোঠাটোলৈ বিচনা কাপোৰ এজাপ লৈ মিলি আহিছে আৰু তাই মাটিতে বিচনা পাৰিছে। কথাটো মোৰ ভাল নালাগিল। মই সত্যেনৰ কোঠালৈ গৈ তাক ক’লো যে মিলিৰ লগত মই একেটা কোঠাতে শুবলৈ ভাল পোৱা নাই। গতিকে ময়ো তাৰ লগতে শোৱাৰ প্ৰস্তাৱ দিলোঁ। সি কিন্তু মোক পুনৰ মোক শুবলৈ দিয়া কোঠাটোতে শুবলৈ পঠিয়াই দিলে। কোঠাটোলৈ ঘূৰি আহি দেখিলো যে মিলিয়ে ইতিমধ্যে বিচনা পাৰি অঁটাই শুবলৈ লৈছে। উপায় নাপাই ময়ো মোৰ বিচনাত শুই দিলোঁ। কোঠাটোৰ লাইটটো কিন্তু মই নুমুৱাই নিদিলোঁ। অলপ পিছত মিলিয়ে লাইটটো নুমুৱাই দিলে। মই উঠি গৈ আকৌ লাইটটো জ্বলাই দিলোঁ। এনেদৰে মই তিনিবাৰমান লাইটটো জ্বলাই দিওঁ আৰু মিলিয়ে নুমুৱাই দিয়ে। শেষবাৰৰ বাবে যেতিয়া মই লাইটটো জ্বলাই দিলোঁ, সেইবাৰ মিলিয়ে আৰু লাইটটো নুমুৱাই নিদিলে। তাই বিচনা কাপোৰবোৰ উঠাই দিগন্তদাৰ কোঠালৈ গুছি গ’ল। দিগন্তদা এটা কোঠাত অকলে শোৱে আৰু বৌ আন এটা কোঠাত অকণমানিজনীৰ লগত শোৱে।

ৰাতিটো কোনোৰকম ইকাতি-সিকাতি কৰি থাকি ৰাতিপুৱাই তেওঁলোকৰ ঘৰৰ পৰা গুছি আহিলো। তাৰ পিছৰপৰা মই মন কৰিবলৈ ধৰিলোঁ যে মোক দেখিলে যেন মোৰ লগৰবোৰে কিবা ফিচিঙা-ফিচিঙি কৰে! সকলোৱে যেন মোৰ পৰা আঁতৰত মোৰেই কথা পাতে! মই গম পালো যে সেইদিনা ৰাতিৰ দিগন্তদাহঁতৰ ঘৰৰ কাহিনীটো দিগন্তদা বা সত্যেনৰ কোনো এজনে বা দুয়োজনে মিলি ৰহণ সানি ৰাইজৰ আগৰ পৰিবেশন কৰিছে। যিহেতু দিগন্তদা আৰু মিলিৰ কাহিনী সকলোৱে জানে বুলি তেওঁলোকে ইতিমধ্যেই গম পাইছে, সেয়ে, সেই কাহিনী তল পেলোৱাৰ এয়া এক কুটিল ষড়যন্ত্ৰ বুলিয়েই মোৰ ভাৱ হ’ল। ময়ো দুই এজনক সেইদিনা ৰাতিৰ ঘটনাবোৰ কৈছিলোঁ (তোক কোৱা নাছিলোঁ ।) যদিও মোক কোনেও বিশ্বাস নকৰা যেন লাগিল। মই বৰ হতাশ হৈ পৰিছিলোঁ ।

অৱশেষত যেনিবা মোৰ ভাগ্য মুকলি হ’ল। মই বেলেগ এখন কাকতত চাকৰি পালো। লাহে লাহে মোৰ বন্ধুসকলো সলনি হ’ল। সেই হতাশাৰ পৰাও মই কিছুপৰিমাণে হ’লেও মুক্তি পালো।

তই চাগৈ ভাৱিছ মই সেই হতাশাৰ পৰা মুক্তি পালোঁৱেই যেতিয়া এই বেবেৰিবাংখননো কিয় গাই আছো? নহয়নে বাৰু? নহয়। আৰু অলপ আছে। আশাকৰোঁ ধৈৰ্য্য ধৰি সেইখিনিও পঢ়িবি।

আজি দুমাহমান আগেয়ে মই এখন নতুন কাকতত যোগদান কৰিলোঁ। আচৰিত ভাৱে সেই কাকতখনত সত্যেনক মই পুনৰ সহকৰ্মী হিচাপে পালো। সি মোৰ বিভাগতে মোৰ তলতীয়া কৰ্মচাৰী হিচাপে কাম কৰে। আনহাতে সি কাকতখনত মোতকৈ প্ৰবীণ। লাহে লাহে মই মন কৰিছোঁ যে অফিচৰ মানুহবোৰে মোৰ প্ৰতি এক বিশেষ দৃষ্টি দিবলৈ লৈছে। সকলোৱে যেন দূৰৰ পৰা মোক হাঁহে! মই প্ৰথমে নতুন কাৰ্য্যালয়ত যোগদান কৰাৰ সময়ত অফিচটোৰ চাকৰিয়ালসকলৰ মোৰ প্ৰতি যি সমীহ আছিল, সেয়া যেন কমি গৈছে। মই গম পাইছোঁ, সত্যেনে সেই বিশেষ ৰাতিটোৰ কথা অতিৰঞ্জিত কৰি মোৰ সহকৰ্মী সকলক পুনৰ লগাইছে।

বেয়া নাপাবি। মনৰ দুখতে এই কথাখিনি তোলৈ লিখিলোঁ। মোৰ ক্ষেত্ৰত সদায়ে এনেকুৱা কিয় হয় বাৰু? সত্যেনে বাৰু সঁচাকৈ মোৰ কথা সহকৰ্মীসকলক লগাইছে নেকি? সি তেনে কাম কৰিব পাৰেনে বাৰু? মই বৰ হতাশ হৈ পৰিছোঁ।

হ’ব দে। আজিলৈ থওঁ। চন্দনা আৰু কুকীৰভালনে? ৰশ্মীহঁত ঠিকেই আছে।

এইবোৰ পঢ়ি তই বাৰু মোক পাগল বুলি ভাবিবিনেকি?

ইতি,

তোৰ বিপ্লৱ

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments