অনন্তশয্যা-পাহি গগৈ

” আপোনাৰ দুচকুলৈ চাই ওৰেটো জীৱন অনাহাৰে থাকিব পাৰোঁ!”
সুনয়নাৰ কথাষাৰত আছে হাজাৰ বিজাৰ ভালপোৱা আৰু বিশ্বাস। বিশ্বাসে এটি সমন্ধলৈ যোগাত্মক দিশ কঢ়িয়াই আনে। প্ৰতিটো শব্দত থাকে অপৰিসীম মৰম। এই মৰমে টনকিয়াল কৰে ঘৰখনৰ চাৰিটা খুঁটা। ঘৰখনৰ মূধচ বুলিও ক’ব পাৰি মৰমক। মৰমে পাৰ ভাঙি কেতিয়া কোন দিশলৈ ধাৱমান হয় তাৰ খবৰ ৰাখে সুদীপ্তই।

সুদীপ্ত আৰু সুনয়নাৰ প্ৰেমৰ কাহিনী গাওঁখনৰ সকলোৰে মুখেমুখে। কিমান দিন কিমান ৰাতি অনাহাৰে থাকে সেইবোৰ সিহঁতে গন্তি নকৰে। সিহঁতৰ ভালপোৱাবোৰ ক’ৰ পৰা আৰম্ভ হৈ ক’ত শেষ হ’ব তাক লৈহে দুয়োৰে মাজত বাৰ্তালাপ হয়।

বছৰটোৰ বাবে ভাতমুঠি জোৰা মৰাকৈ সিহঁতে আধি খেতি কৰে। খেতিৰ দিনকেইটাত চুবুৰীয়াই সিহঁতক চাবলৈ বৰ ভালপায়। সুদীপ্তই গৰুহাল লৈ পথাৰলৈ যায় আৰু পিছেপিছে সুনয়না। কঁকালৰ খোঁচনিত মেখলাখন খুঁচি দীঘলকৈ ওৰণি টানি এখন হাতত জলপানৰ টোপোলা আৰু আনখন হাতত চাহৰ কেটলিটো। কোনোখিনিত আলিবোৰৰ পৰা মাটি খহি খোজ দিবলৈ অসুবিধা হোৱাৰ বাবে তাই পথাৰলৈ নামি যাব লগীয়া হয়। জবক্, জবক্ কৈ পথাৰৰ পানীত পৰা খোজবোৰে গৈ সুদীপ্তৰ বুকুত খুন্দিয়ায়। মূৰৰ জাপিটো খুলি গৰুহালক ৰখাই সুনয়নালৈ চাই হাতখন আগবঢ়াই তাইৰ ফালে আগুৱাই আহে। সুদীপ্তৰ হাতত লাগি থকা আলতীয়া বোকাবোৰে সুনয়নাৰ হাতখন লেতেৰা কৰে। তাইৰ কিন্তু অলপো বেয়া নালাগে। স্বামীৰ হাতৰ বোকাবোৰ যেন ফাগুনৰ আবিৰ।

দুয়ো পথাৰৰ আলিতে বহি ভীমকল আৰু গুড়ৰ সৈতে ভজা বৰাচাউলৰ সোৱাদ লয়। দুটা ভীমকল নিয়ে গৰুহাললৈ। গৰুহাল তাইৰ বৰ মৰমৰ। সিহঁতেও বুজে সুনয়নাৰ মৰমবোৰ। হয়তো সেয়ে সিহঁতে জলপান খাওঁতে অলপো আমনি নকৰাকৈ ৰৈ থাকে।

বিয়াৰ পাছৰ পৰা স্বামীৰ পথাৰত কাম কৰা পোছাকযোৰ তাই বাবে প্ৰিয় হৈ পৰে। সেই কাপোযোৰৰ কথাই সুকীয়া। স্বামীৰ গাৰ গোন্ধ আৰু পথাৰৰ আলতীয়া গোন্ধৰ সংমিশ্ৰণটো তাইৰ বাবে হৈ পৰে বজাৰৰ নামীদামী সুগন্ধি। দুবাৰমান পানীৰে আওখালি আকৌ ঢেলা চাবোন মাৰি কাঠ চটাত এচাৰি এচাৰি ধুৱে।

পথাৰৰ পৰা অহাৰ পাছত সুদীপ্তই টেঙা দাইল অকণমান পালে ভাতকেইটা বেছিকৈ খায়। শাক-ভাতৰ সোৱাদবোৰ দুগুণে বাঢ়ে, যেতিয়া গৃহিণীগৰাকীয়ে মনৰ উৎসাহত সকলো ৰান্ধি গৰাকীৰ সমুখত দিয়ে।

পথাৰৰ দিনবোৰত ঘৰে ঘৰে উপলব্ধ সহজলভ্য খাদ্যৰ জুতি হ’ল কঁঠালগুটি। পিটিকা কৰি, দাইলত দি, তৰকাৰী কৰি বিভিন্ন ধৰণেৰে ৰান্ধিব পাৰি। এই সকলোবোৰৰ ভিতৰত ঢেকীয়া শাক, কঁঠালগুটি দি ৰন্ধা দাইলকণৰ সোৱাদ অনন্য লগত যদি খৰিচা অকণমান হয়! এহ, বাকীখিনি নকলেও হ’ব। কাঁহীখনৰ এটা কোণত বগা ভাতকেইটামানৰ বাহিৰে যদি কাঁহীখন ধুই চাফা কৰা দৰে হৈ থাকে তেতিয়া সুনয়নাই বুজি উঠে প্ৰিয়জনে মনৰ হেঁপাহেৰে ভাতমুঠি খালে। বগা ভাতকেইটা চৰাইলৈ বুলি থৈ দিয়ে। আচলতে এই কামটো আগৰে পৰা দেউতাকক কৰা দেখি সিয়ো কৰে। এক কথাত ক’বলৈ গ’লে আমি সকলোৱে ডাঙৰক অনুকৰণ কৰোঁ।

সি যদি প্ৰকৃতাৰ্থত দেউতাকক অনুকৰণ কৰিলে হয়, আজি তাৰ এই দশা নহ’লহেতেন। স্বভাৱত সি দাৰুণ। কথা-বতৰাত তাৰ গাম্ভীৰ্য প্ৰকাশ পায়। ইমান গহীন ল’ৰাটোৱে সেই কামটো কৰিব বুলি কোনোৱে বিশ্বাস কৰা নাছিল। নেদেখালৈকে অন্ততঃ কাণ বাগৰা কথা বুলিয়েই উৰুৱাই দিছিল।

কাহিনীটো আৰম্ভ হৈছিল কম্পিউটাৰ চেণ্টাৰৰ পৰা। ৰাজ্যৰ বাহিৰত পঢ়ি আহি সিহঁতৰ পৰিয়ালৰ ল’ৰা এটাই চুবুৰীৰ ল’ৰাছোৱালীৰ বাবে কম্পিউটাৰ চেণ্টাৰ এটা খুলিছিল। অকলে সকলো চম্ভালি ল’ব নোৱাৰাত সুদীপ্তক শিকাই লৈ পঢ়োৱাৰ বাবে দায়িত্ব দিছিল। ল’ৰাছোৱালীহঁতক নিখুঁতভাৱে পঢ়োৱাৰ বাবে তাৰ ওচৰলৈ ল’ৰাছোৱালীৰ সোঁত ববলৈ ধৰিছিল। সেই ছাত্ৰ-ছাত্ৰীৰবোৰৰ মাজৰে আছিল মাৰিয়া। সকলো কথা সহজতে আয়ত্ত্ব কৰি লোৱা গুণৰ বাবে সুদীপ্তৰ প্ৰিয় ছাত্ৰী।

মাৰিয়া ঘৰৰ আৰ্থিক অৱস্থা টনকিয়াল নাছিল। বিধবা মাকৰ সৈতে তায়ো কম বয়সৰ পৰাই পুৱাতেই উঠি নাস্তা তৈয়াৰ কৰাত সহায় কৰিছিল। মাৰিয়াৰ মাকৰ হাতৰ নাস্তা আছিল খুবেই সোৱাদযুক্ত। গ্ৰাহকৰ মুখৰ ৰুচি বুজিব পাৰি নতুন নতুন সোৱাদ দিবলৈ চেষ্টা কৰিছিল। সৰুকৈ কৰা ব্যৱসায়টোৰেই সিহঁত চলিব পাৰিছিল।

উচ্চাকাংক্ষী মাৰিয়াই মাকক কম্পিউটাৰ শিকিবলৈ মন বুলি কোৱাত তাইয়ো গৈ সুদীপ্তৰ চেণ্টাৰত নাম লগাইছিল। দক্ষ মাৰিয়াই নিজৰ হেঁপাহ আৰু চেষ্টাৰ বলত খোকোজা নথকাকৈ কম্পিউটাৰ শিক্ষা সমাপ্ত কৰি সুদীপ্ত হৃদয়তো ঠাই লৈছিল।

সুদীপ্তৰ মনত জ্বলি থকা প্ৰেমৰ জুইকুৰা নুমুৱাব নোৱাৰি এদিন মাৰিয়াক ঘৰ সোমোৱালেগৈ। তাৰ স্পষ্টবাদী কথাত দেউতাকৰ মুৰত যেন সৰগখন খহি পৰিল। কাহিনীও মুখ নাচাওঁ বুলি তাক সেই মুহূৰ্ততে ঘৰৰ পৰাই নহয় সেই সমাজৰ পৰা বহিষ্কাৰ কৰি দিলে। উপায়হীন হৈ সিহঁতে মাথোঁ খোজ দিছিল আগলৈ।

সেইদিনা দেৱী ৰূপত থিয় দিছিল আশীৰো উৰ্ধৰ এগৰাকী বৃদ্ধাই। বয়-বস্তুৰ সৈতে নিজকে চম্ভালি ল’ব নোৱাৰি সহায়ৰ হাত বিচাৰিছিল সিহঁতক। সেই সহায়ে সিহঁতৰ জীৱনৰ এক নতুন অধ্যায় লিখিলে। মাৰিয়া নামৰ সলনি সুনয়না হ’ল।
দেৱীতুল্য মানুহগৰাকী সিহঁতৰ বাবে মাতৃসদৃশ। এদিন চাহৰ জুতি লৈ থাকোঁতেই খুলি দিছিল তেওঁৰ জীৱনৰ অধ্যায়। তেওঁ আছিল দলডাঁহী। ঠিকনাবিহীন জীৱনটো সমাপ্তিৰ পথতেই ঈশ্বৰে সংগ দিছিল সিহঁতক। সিহঁতৰ মৰমৰ আবদাৰত এটি বছৰ সুকলমে পাৰ কৰি বাৰ্ধক্যজনিত কাৰণত ইহলীলা সম্বৰণ কৰে। মৃত্যুৰ পূৰ্বতে মাটিডোখৰ সুদীপ্তৰ নামত কৰি যায়। মাতৃসম মানুহগৰাকীক হেৰুৱাই সিহঁত আকৌ ভাগি পৰিছিল। তথাপি দীঘলীয়া জীৱনৰ পথ অতিক্ৰম কৰিবলৈ মূৰ দাঙি থিয় হৈছিল।
প্ৰকৃতিৰ বিনন্দীয়া ৰূপত পথাৰখনে সঘনাই পোচাক সলায়। কোনোবাদিনা যদি সেউজীয়া কোনোবাদিনা আকৌ সোণবৰণীয়া। সোণবৰণীয়া সাজ পিন্ধিলেই মানৱসমাজে চপাই কোঁচাই আনি ভঁৰালটো টনকিয়াল কৰে। বছেৰেকৰ বাবে সোণগুটিকেইটা চপাই সিহঁতেও প্ৰাপ্তিৰ হাঁহি মাৰে যদিও সেই হাঁহিত থাকে পাই হেৰুৱাৰ বেদনা।

চাৰিটা খুঁটাৰ মাজতেই কণমানি সংসাৰখনত আনন্দৰ সীমা নাছিল। সুদীপ্তই যদি বাৰীৰ চুক-কাণ চিকুণায়, তাই ঢকুৱা শোঁতাটো লৈ চৰক চৰককৈ সাৰি যায়। বাৰীৰ ঢাপত লগোৱা আম, পনিয়ল, থেৰেজুৰ পুলিবোৰ লহ-পহকৈ বাঢ়ি আহিছিল। মাজে মাজে গুৰিবোৰ চিকুণাই গোবৰ গুজি দিয়ে। খৰালি দিনকেইটাত সুনয়নাই পানী দিয়ে। প্ৰকৃতিৰ সৈতে মিতিৰালি কৰি সিহঁত হৈ পৰিল প্ৰকৃতি প্ৰেমী। প্ৰকৃতিৰ মান অভিমান বুজিব পৰাকৈ কম পৰিমাণে জ্ঞান অৰ্জন কৰে ফলৰ পুলি কেইটাৰ পৰা। খৰালি দিনত দুদিন পানী নিদিলেই জয় পৰি যোৱা ফলৰ পুলিকেইটা দেখিয়েই সুনয়নাই বুজিছিল সিহঁতে পেঁচ পতাৰ কথাটো। সিহঁতৰো আছে অভিমান। মানৱৰূপী দানৱসকলকে যেতিয়া অযথা সিহঁতক কাটি ধবংস কৰে সিহঁতৰো বুকুত আঘাত লাগে। আঘাতপ্ৰাপ্ত প্ৰকৃতিয়ে ক্ষোভৰ অগণি জ্বলাই তচ্ নচ্ কৰি দিয়ে মুহূৰ্ততে। উভালি পেলায় গছবোৰ। উৰুৱাই ক’ৰবাত সিঁচৰতি কৰি দিয়ে মূধচৰ টিনপাত।

সময়ৰ চক্ৰবেহুত মানৱসমাজ বৰ বেয়াকৈ সোমাই পৰিল। এই বেহুত সোমোৱাৰ বাট ঠিকেই দেখিলে পিছে তাৰ পৰা ওলাই অহাৰ বাট! কি ৰজা কি প্ৰজা সকলো যেন উপায়ন্তৰ। এফালে ক’ৰোনা নামৰ মহামাৰীৰ আতংক আনফালে প্ৰলয়কাৰী বানপানী। বজাৰত শাকপাচলিৰ জুই চাই দাম। মানৱ সমাজ আৱদ্ধ ঘৰৰ ভিতৰত। বৰ্তমান সময়ত জীৱশ্ৰেষ্ঠ মানুহৰ পশু পক্ষীলৈ ইৰ্ষা হয়। সিহঁতে মুক্তমনে বিচৰণ কৰিব পাৰিছে অথচ মানৱসমাজ!

ভূতৰ ওপৰত দানহ পৰাদি আহিল বলিয়া বান। কাপোৰ কানি সামৰিবলৈ তত নোহোৱা হ’ল। পাহৰি গ’ল মানুহে ক’ৰোনাৰ আতংকৰ কথা। সুদীপ্তহঁতৰ ভেটিটো ওখ বাবে সিহঁতে কাপোৰ কানি টোপোলা বান্ধিবলৈ সময় পালে। গৰুহালৰ কথা চিন্তা কৰি থাকোঁতেই পানী আহি সিহঁতৰ ভেটি চুবহি হ’ল। চিমেণ্টৰ বস্তাত বান্ধি থোৱা ধানবোৰ লাহেকৈ তিতিবলৈ আৰম্ভ কৰিল। তৎক্ষণাৎ গৰুহাল আনি পিছফালৰ বাৰাণ্ডাতে বান্ধি থৈ আগফালে ওলাই গৈ দেখে পদূলিৰ চিনচাব নাই। পানী, পানী আৰু পানী….

”সুনয়না সাগৰ দেখিছানে” সুদীপ্তৰ প্ৰশ্নটোৰ বাবে তাই অলপো প্ৰস্তুত নাছিল।

”যিজনী ছোৱালীয়ে নিজা চহৰখনকে ভালকৈ দেখি নাপালে আপুনি সাগৰ দেখা কথা কৈছে!”

”এইয়া চোৱা সুনয়না……আমাৰ দশোদিশে সাগৰ সদৃশ পানী।

:এই পানীৰ মাজতে আপুনি আৰু মই …

: উমমমম…..তুমি, মই যেন সাইলাখ ভগৱান বিষ্ণু আৰু লক্ষ্মী। সৌৱা চৌৱা, আমাৰ বিষ্ণুপুৰীলৈ আহিছে আশ্ৰয়হীন সৰ্পবোৰ। সিহঁতৰ মনত মানৱৰ প্ৰতি শংকা নাই এই মুহূৰ্তত! আছে বিশ্বাস। সিহঁতেও বুজিছে আমাৰ ওচৰত নিৰাপদ।

: (হাঁহি হাঁহি ) আপোনাৰ কথাবোৰো যে….

: হয় সুনয়না, এইয়া আমাৰ অনন্তশয্যা। এইহেন বিষ্ণুপুৰী এৰি কেনেকৈ যাম কোৱা? যদি জীয়াই থাকো অনাগত দিনত লিপিবদ্ধ কৰিম আমাৰ বিষ্ণুপুৰীৰ কথা। আহাচোন এতিয়া দুয়ো সুখনিদ্ৰাত মগন হওঁ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক