অনন্য এক কাহিনী, ফুটবলৰ… (আগকথা) (আব্দুছ চাজিদ)

বৰ্ণনা : অচ্যুত বৰা ( পুতুলদা)

অনুলেখন তথা কাহিনীৰ সুত্ৰধাৰ : আব্দুছ চাজিদ ।

 

 

"... মই জাৰ্মানীৰ সমৰ্থক ..."

 

মানুহজনৰ বহুলভাৱে প্ৰচলিত, জনপ্ৰিয় নামটো পুতুল৷ পোছাকী নামো সেইটোৱেই বুলিব পাৰি৷ আচল নাম অচ্যুত বৰা৷ নিশ্চিতভাৱেই কওঁ যে বহুতেই এইটো আজিও নাজানে৷ জন্মাৱধি কাৰবি আংলঙৰ সদৰ ঠাই ডিফু চহৰৰ বাসিন্দা তেওঁ৷ আগতে বেছিক এল.পি. স্কুলৰ সমীপত আছিল৷ সম্প্ৰতি পুলিচ ৰিজাৰ্ভ এলেকাত বাস কৰে৷ পেছাত এজন ক্ষুদ্ৰ ব্যৱসায়ী৷ আপোনাৰ-মোৰ, আন বহুতৰ দৰেই তেওঁৰো প্ৰিয় খেল ফুটবল৷ আপোনাৰ-মোৰ দৰেই তেৱোঁ শৈশৱ-কৈশোৰৰ দিনবোৰৰ এজন নিয়মীয়া ফুটবল খেলুৱৈ৷ এতিয়াও এজন ফুটবলপ্ৰেমী, আপোনাৰ-মোৰ দৰেই৷

আপোনাৰ-মোৰ দৰেই ফুটবলপ্ৰেমী৷ তেনেহ’লে কি বিশেষত্ব এইজন লোকৰ? জানিবলৈ যদি আপুনি ইচ্ছা কৰে, তেন্তে পঢ়িব লাগিব এই সত্য কাহিনী৷ এই কাহিনীয়ে কৈ দিব সাধাৰণ মানুহ এজনে কিমান অসাধাৰণভাৱে ভাল পাব পাৰে ফুটবলক, কিমান অন্তঃকৰণেৰে সৈতে সমৰ্থন আগ বঢ়াব পাৰে নিজৰ প্ৰিয় দলটোক৷

সমাগত ব্ৰাজিল বিশ্বকাপকলৈ বিশ্বৰ চুকে-কোণে জল্পনা-কল্পনা চলাৰ সময়তে, ফুটবলে বিশ্ববাসীৰ তন-মন-ধন অধিকাৰ কৰি লোৱাৰ আসন্ন পৰতে, আমি দেখিছোঁ, সাহিত্য ডট অৰ্গৰ মূল আধাৰ ফেচবুকৰ  “অসমীয়া কথা-বতৰা” গোটতো ফুটবলক লৈ চৰ্চা হোৱাটো বিভিন্নজনে একান্তভাৱে বিচাৰিছে৷ কেইগৰাকীমান মাননীয় সদস্যই মনোগ্ৰাহী লেখা ইতিমধ্যে প’ষ্টো কৰিছে৷ সেইসমূহ পঢ়িছোঁ৷ তাৰ প্ৰভাৱতে নেকি জানো, ভুৰুকাত হাতী ভৰোৱাৰ দৰে কাণ্ড এটা সংঘটিত কৰিবলৈ মোৰোচোন গা উঠিল৷ গতিকে ভাবিছোঁ… কল্পনাও নহয়, সমালোচনাও নহয়, নিজৰ স্মৃতি ৰোমন্থনো নহওক, ভৱিষ্যৎ-বাণীও নহওক, এক সত্য কাহিনীকে আগ বঢ়োৱা যাওক, আমাৰ মাননীয় সদস্যবৃন্দলৈ৷ ফুটবল আলোচনাৰ বিষয় হওক বুলি তাকে ক’বলৈ ওলাইছোঁ৷

" ... মোৰ সৰু পৰিয়ালটো ..."

 

এজন ফুটবলপ্ৰেমী, যাৰ প্ৰিয় দল জাৰ্মানী, ফুটবলৰ কাৰণে, জাৰ্মানী দলৰ কাৰণে যি এক কথাত ক’বলৈ গ’লে বলিয়া, আগতে কৈ অহা পুতুল বৰা নামৰ সেই মানুহজনৰে জীৱনৰ সঁচা কাহিনী এয়া৷ চুটিকৈ কেইটামান মাত্ৰ খণ্ডত শেষ কৰিব বিচৰা এই ঘটনাক্রম আৰম্ভ হ’ব ১৯৮৬চনত মেক্সিকো চিটীৰ Estadio Azteca Stadiumত অনুষ্ঠিত আৰ্জেণ্টিনা আৰু পশ্চিম জাৰ্মানীৰ মাজৰ বিশ্বকাপ ফুটবলৰ ফাইনেলৰ মুহূৰ্তটোৰ পৰা৷ কাৰণ, উক্ত দিনটোতে সূচনা হৈছিল অনন্য এক যাত্ৰা, যি যাত্ৰাৰ অন্তৰালত কেৱল ফুটবলেই নহয়, আন বহুতো কথাই লুকাই আছে৷ যিবোৰ কথা শুনাৰ, জনাৰ, বুজাৰ প্ৰয়োজন আছে বুলি ভাবিছোঁ, আমাৰ সকলোৰে৷

 

বহুতেই হয়তো এই মানুহজনৰ খবৰ ৰাখিছে৷ বহুতইে হয়তো নাজানিবও পাৰে৷ কোনো কথা নাই৷ ফিফা ৱৰ্ল্ডকাপ আহিলেই প্ৰাণ পাই উঠা পুতুলদাক সাহিত্য ডট অৰ্গৰ পাঠকে  সোনকালেই মুখামুখিকৈ লগ পাব৷ এই মুহূৰ্তত এইটো ভাল খবৰ যে কালি ব্ৰাজিল বিশ্বকাপ ২০১৪ৰ কাম-কাজ সংক্রান্তত মোৰ ওচৰলৈ আহোঁতে মই তেওঁৰ আগত মোৰ ইচ্ছাৰ প্ৰসংগটো উত্থাপন কৰিলত তৎমুহূৰ্ততে মানুহজন সৈমান হ’ল আৰু ক’লে ‘হ’ব, ভাল কথা’৷ গতিকে প্ৰথমবাৰৰ বাবে তেওঁ নিজ মুখেৰেই কৈ যাব নিজৰ কাহিনী, তেতিয়াৰ পৰা এতিয়ালৈ৷ মাইক্রফোনটো মই তেওঁলৈ আগ বঢ়ায়ে থৈছোঁ৷ মই টাচ্ছ লাইনৰ বাহিৰতে থাকি পানী, গ্লুক’জ, চিউৱিংগাম আদি যোগাই যাম৷ আৰু আমি সকলোৱে শুনিম, তেওঁৰ কথা৷ এজন ফুটবল-পাগলৰ মনৰ কথা৷

 

সদ্যহতে, তেওঁ দক্ষিণ আফ্ৰিকাত হৈ যোৱা বিশ্বকাপ ২০১০ৰ সময়ত বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিকেইটামান আগ বঢ়াইছে৷ ৱাৰ্ম-আপৰ উদ্দেশ্যে৷

কাৰ্টেন ৰাইজাৰ :

পৰ্দা আঁতৰি যোৱাৰ পিছত   প্ৰতি মাহে ক্ৰীড়াভিত্তিক এই সত্যালাপ চলি থাকিব কাহিনী শেষ নোহোৱা পৰ্যন্ত৷মই ইয়াত অনুলেখকহে মাত্ৰ৷ গতিকে অকণো সময় নষ্ট নকৰি মাইক্রফোনটো আগ বঢ়াই দিছোঁ আচল মানুহজনলৈ, যাৰ বাবে সকলো অপেক্ষাৰত৷

………………………………………………..

নমস্কাৰ৷

পোনপ্ৰথমেই আপোনালোকলৈ মোৰ আন্তৰিক সম্ভাষণ জনাইছোঁ৷

মোৰ নাম পুতুল বৰা৷ ওৰফে অচ্যুত বৰা৷ মই ভাৰতবৰ্ষৰ উত্তৰ-পূব প্ৰান্তত অৱস্থিত অসম প্ৰদেশৰ কাৰবি আংলং নামৰ সেউজ পাহাৰীয়া অঞ্চল তথা অসমৰ সৰ্ববৃহৎ জিলাখনৰ নিবাসী৷ এজন সাধাৰণ মানুহ৷ এই জিলাৰে সদৰ ঠাই ডিফু চহৰত ২৮.১১.১৯৬১ তাৰিখে মই জন্ম গ্ৰহণ কৰিছিলোঁ৷ শিক্ষাৰ ফালৰ পৰা বৰ কম, মুঠেই হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ৷ বৰ্তমান মোৰ পত্নী আৰু ১০ বছৰীয়া একমাত্ৰ কন্যা সন্তানেৰে সৰু সংসাৰ এখন আছে৷ পেছাত মই এজন ক্ষুদ্ৰ ব্যৱসায়ী৷ মোৰ পত্নী তৃতীয় বৰ্গৰ এগৰাকী চৰকাৰী চাকৰিয়াল৷

আপোনালোকৰ দৰেই ময়ো সৰুৰে পৰাই ফুটবল খেলিছিলোঁ৷ আমাৰ দিনত মুখ্য খেল হিচাপে ফুটবলেই চৌপাশ জিনি আছিল৷ ক্রিকেট নিচেই তাকৰ আছিল৷ হকী আদিতো নাছিলেই৷ সেই দেখি সৰুতেই ফুটবলক ভাল পাই পেলালোঁ৷ আৰু সেয়ে নেকি জানো, এৰিব নোৱাৰাও হৈ থাকিলোঁ, এতিয়াও৷ এতিয়া নিজে নেখেলিলেও সাংগঠনিক কাম-কাজ কৰি বা খেলা চাই আনন্দ লভোঁ৷ লগতে আন দুজনকো দেখুৱাবৰ বাবে দুৱাৰ মুকলি ৰাখোঁ৷ বন্ধু-বান্ধৱ আৰু ফুটবলপ্ৰেমীৰ সৈতে একেলগে বহি খেলবোৰ চাই বেলেগ ধৰণৰ তৃপ্তি এটা পাওঁ৷ বিশেষকৈ বিশ্বকাপ ফুটবল৷ ফিফা ৱৰ্ল্ডকাপৰ মাহটো মই উৎসৱ হিচাপে পালন কৰোঁ৷ইচ্ছুকজনে ইয়াত স্বতঃস্ফূৰ্তভাৱে যোগদান কৰেহি৷ কাৰণ ফুটবলযে আমি ভাল পাওঁ৷ বন্ধুত্ব, ভ্ৰাতৃত্ব, একতা ইত্যাদি এই খেলবিধৰ মাজতে আন দহজনৰ দৰে ময়ো বিচাৰি পাওঁ৷

মোৰ মনত খুন্দ খাই থকা কথাবিলাক ই-দুনীয়াৰ  জনপ্ৰিয় আলোচনী সাহিত্য ডট অৰ্গৰ মাধ্যমেৰে বিশ্ববাসীৰ আগত কৈ পেলাবলৈ সুবিধা পোৱাটো মোৰ বাবে নিশ্চয়কৈ গৌৰৱৰে কথা৷ সেয়ে সাহিত্য ডট অৰ্গৰ প্ৰতি মই পোনতেই ঋণ স্বীকাৰ কৰিছোঁ৷ পুৰণি দিনৰ স্মৃতি সুঁৱৰি মেক্সিকোত বিগত ১৯৮৬চনত অনুষ্ঠিত হৈ যোৱা ফিফা ৱৰ্ল্ড কাপৰ কথাৰেই আগ বঢ়াই নিম জীৱনৰ এই সত্য কাহিনী৷ এয়া দৰাচলতে পুৰণি দিনৰ কথা৷ মনৰ গভীৰ তলিৰ পৰা কুৰুকি কুৰুকি উলিয়াইছোঁ, আপোনালোকলৈ বুলি, বৰ হেঁপাহেৰে৷

আপোনালোকে মোক আপোনালোকৰ মাজৰে এজন বুলি আদৰি ল’লে মই নিজকে সৌভাগ্যৱান বুলি ভাবিম৷ মোৰ মনৰ কথাবোৰ সজাই-পৰাই  পঢ়িব পৰা কৰি দিছে  মোৰ অনুজ ভ্ৰাতৃপ্ৰতিম আব্দুছ ছাজিদে৷

আগতীয়াকৈ কৈ থওঁ, ক’ৰবাত কিবা ভুল-ভ্ৰান্তি হ’লে নিজগুণে মাফ কৰে যেন৷ মোৰ লেখা-মেলাৰ, আনকি কথা কোৱাৰো তেনেকৈ অভ্যাস নাই৷ তথ্যৰ কিবা বিসংগতি দেখা পালেও অনুগ্ৰহ কৰি উনুকিয়াবলৈ নাপাহৰিব৷ আলোচনা-বিলোচনাৰ জৰিয়তে শুধৰণি নিশ্চয় সম্ভৱ৷

আয়োজন-২০১০

 

এইখিনিতে ক’ব খোজোঁ, প্ৰত্যেকজন সফল ব্যক্তিৰ জীৱন-যাত্ৰাৰ পথত এগৰাকী নাৰীৰ সহায়ৰ হাত থাকে৷ বিশ্বকাপ ফুটবলৰ খেলবোৰ ৰাজহুৱাভাৱে উপভোগ কৰাৰ বাবে চলাই অহা মোৰ এই সমগ্ৰ প্ৰচেষ্টাটোত আৰম্ভণিৰে পৰা বৰ্তমান পৰ্যন্ত মোৰ পত্নী গ্ৰেছী মালস্বামীয়ে এশ শতাংশ সহায়-সহযোগিতা আগ বঢ়াই আহিছে, যাৰ বাবে আহি আহি আগন্তুক ব্ৰাজিল ২০১৪ৰ আয়োজনত ব্ৰতী হ’ব পাৰিছোঁ৷ আনহাতে ৰাজ্যিক পৰ্যায়ৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়লৈকে সংবাদ মাধ্যমত বিগত বছৰত আয়োজন সম্পৰ্কে প্ৰচাৰ হোৱাটো মোৰ বাবে এটা যোগাত্মক দিশ৷ সেই বাতৰি আৰু ছবিবোৰৰ কেইখনমান আপোনালোকে ইতিমধ্যে পঢ়িবলৈ বা চাবলৈ পাইছে৷ পিচে, মই ভাবোঁ, জাৰ্মান দেশৰ কোনো ব্যক্তিয়েই হয়তো এই বিষয়ে সিমানখিনি জ্ঞাত নহয়৷ কিন্তু মই যে জাৰ্মান ফুটবল দলৰ এজন Die Hard Blind Supporter, তাত কোনো সন্দেহ নাই৷ মোৰ আশা, জাৰ্মানসকল যথাসময়ত এই বিষয়ে নিশ্চয় অৱগত হ’ব৷ তাৰ বাবে মই মোৰ কৰ্তব্য নিশ্চয় কৰি যাব লাগিব, যিটো মই আজি ২৪বছৰে একাদিক্রমে কৰি আহিছোঁ আৰু ভৱিষ্যতেও কৰি যাম বুলি দৃঢ়প্ৰতিজ্ঞ হৈ লাগি আছোঁ৷

 

আপোনালোকৰ পৰা অধিক সময় মই নলওঁ৷ এতিয়া মই জনাও, মই জাৰ্মান দলৰ সমৰ্থক হৈ পৰিলোঁ… কিয় আৰু কেনেকৈ?

ভালকৈ মনত আছে, মোৰ বয়স তেতিয়া ২৫ বছৰ৷ ফুটবল তেতিয়াও মোৰ প্ৰিয় খেল৷ আৰু ভালকৈ মনত আছে, ১৯৮৬চনত যেতিয়া আমাৰ দেশলৈ টিভিৰ আগমন ঘটিছিল, তেতিয়া দুখৰ কথা, আমি বাস কৰা নাতিবৃহৎ ডিফু চহৰখনলৈ টিভি অহাই নাছিল৷ টেলিভিচনৰ স্ক্ৰীণত খেল চোৱাৰ প্ৰবল ইচ্ছা জাগিছিল যদিও সম্ভৱ হোৱা নাছিল৷ ইফালে অবুজন মনটোৱে উচপিচাই আছিল৷ কাৰণ এটাই, ফুটবলৰ প্ৰতি থকা চিৰন্তন ভালপোৱা৷

বিশ্বকাপ ১৯৮৬ৰ খেল চাবলৈ যোৱা তিনি বন্ধু... বাঁওফালৰ পৰা ক্রমে প্ৰদীপ সিংহ, প্ৰশান্ত দাস আৰু পুতুল বৰা।

মোৰ নগা বন্ধু তুতু ৰংমায়ে টিভি এটা লোৱা বুলি এদিন কৈছিল, সিহঁতৰ ডিমাপুৰৰ ঘৰত৷ তাৰ মানে, সিহঁতৰ তাত টিভি চলিছে৷ আমি আকৌ জিলাৰ সদৰ ঠাইত থাকিও ছাঁটোকে দেখিবলৈ পোৱা নাই৷ তাকে লৈ মনে মনে খং এটা নুঠা নহয় অৱশ্যে৷ সেয়ে নেকি জানো, ইচ্ছাক দমাব নোৱাৰি সিদ্ধান্ত কৰিলোঁ, তাৰ তালৈকে যাম নহ’লে৷ অন্ততঃ ফাইনেলখনকে চাবলৈ৷ ইফালে বিশ্বকাপৰ খবৰবোৰ ৰেডিঅ’, নিউজ পেপাৰত নিতৌ পাই আছোঁ৷ ২৪খন দেশৰ মাজৰ পৰা খেলি খেলি আৰ্জেণ্টিনা আৰু পশ্চিম জাৰ্মানী 13th FIFA World Cup Footballৰ ফাইনেল পাইছেগৈ৷ ২৯জুন ১৯৮৬ত হ’ব ফুটবলৰ মহাৰণ৷ যাক লৈ পৃথিৱীজুৰি উৎকণ্ঠা৷ নিশ্চয় উপভোগ্য হ’ব খেলখন৷ গতিকে নিৰ্দিষ্ট দিনটোত ডিফুৰ পৰা প্ৰায় ৪৮কিল’মিটাৰ পূবে অৱস্থিত ডিমাপুৰলৈ বুলি উজনিমুৱা পেচেঞ্জাৰ ৰে’লত উঠি পুৱাতে যাত্ৰা আৰম্ভ কৰি দিলোঁ৷ লগত গ’ল মোৰ বাল্যবন্ধু প্ৰদীপ সিংহ আৰু প্ৰশান্ত দাস৷ সঁচাকৈ এটা স্মৰণীয় দিন, যিটো দিনৰ স্মৃতিচাৰণ কৰিবলৈ পাই, আপোনালোককো অকৃত্ৰিমভাৱে আজি তাৰ ভাগ দিবলৈ পাই এতিয়া মই নথৈ আনন্দিত হৈছোঁ৷

 

ৰে’লখনে আমাক ডিমাপুৰ ঠিকে-ঠাকে পোৱালেগৈ হয়, কিন্তু দুৰ্ভাগ্যইয়ে তাতো অপেক্ষা কৰি আছিল! বন্ধুটোক লগ নাপালোঁ৷ ক’হিমা নে ক’ৰবালৈ গ’ল সি৷ মনটো শুকাই থাকিল৷ কি কৰা যায় এতিয়া? ১৯৮৬ৰ কথা এয়া৷ গতিকে বুজিছেই নহয়, তেতিয়াৰ যোগাযোগ ব্যৱস্থা আজিৰ দৰে খৰতকীয়া নাছিল যে ম’বাইলত নম্বৰ টিপিয়েই তাক পাই যাম৷

 

বিশ্বকাপৰ সময়তে আমাৰ ঘৰত এদিন ঘুনুক-ঘানাককৈ শুনা পাইছিলোঁ বোলে বোকাজানত থকা মোৰ খুড়া যজ্ঞেশ্বৰ বৰাৰ ঘৰত হেনো টিভি এটা কিনিছে৷ অৰ্থাৎ, তেওঁলোকেও টিভিত বিশ্বকাপ ফুটবলৰ খেলা চাবলৈ পাইছে৷ কথাটো মূৰত খেলোৱাত ডিমাপুৰ ত্যাগ কৰাৰ সিদ্ধান্ত ল’লোঁ৷ ৰাষ্ট্ৰীয় ঘাইপথেৰে যোৱা ট্ৰাক এখন ৰখাই তাতে উঠি আমি তিনিওটা বোকাজান পালোঁগৈ৷ যি হ’লেও মুঠতে খেলা চাবই লাগিব আজি৷

এসময়ত খুড়াৰ ঘৰত পদাৰ্পণ কৰিলোঁগৈ৷ আগমনৰ উদ্দেশ্য বেকত কৰিলোঁ আৰু সময়লৈ খাপ পাতি ৰ’লোঁ৷ ভাত-পানীও তাতে খোৱা হ’ল৷

যথাসময়ত জীৱনত পোনপ্ৰথমবাৰৰ বাবে টিভিৰ সন্মুখত বহি ফুটবল খেল এখনৰ পোনপটীয়া সম্প্ৰচাৰ চাবলৈ বহিলোঁ৷ মুখৰ আগত এটা সৰু টিভি৷ ব্লেক এণ্ড হোৱাইট৷ ছবিবোৰো বৰ স্পষ্ট নহয়৷ তথাপি মনোকামনা এটা পূৰণ কৰিবলৈ বহিছোঁ, ডিফুৰ পৰা সবান্ধৱে গৈ৷ মনত খুদুৱনি, কেনেকুৱা বা দেখিম! তেনেকুৱাতে আচম্বিতে কথা এটা মনত খেলালে৷ কথাটো হ’ল মই কাক সমৰ্থন দিম? এনেয়ে চাই কিনো মজা লাগিব? মুহূৰ্ততে মই নিজস্ব সিদ্ধান্ত এটা লৈ ললোঁ৷ বন্ধু দুজনক স্পষ্টভাৱেই ক’লোঁ যে যিখন দেশে প্ৰথমে গ’ল খাব, সেইখন দেশেই মোৰ টীম হ’ব৷ সেইখন দেশকেই মই সমৰ্থন কৰিম৷

"জীৱনলৈ যি স্মৃতি মধুৰ হৈ ৰ’ল..." পুতুল বৰা, প্ৰশান্ত দাস আৰু প্ৰদীপ সিংহ।

 

Mexico Cityৰ Estadio Aztecaত আৰ্জেণ্টিনা আৰু পশ্চিম জাৰ্মানীৰ মাজত অনুষ্ঠিত উক্ত ফাইনেল খেলৰ কিক্‌-অফ্‌ হৈ হ’ল৷ মাৰাডোনা, ভালদানো, বুৰুচাগা, ৰুগাৰী, বেটিষ্টা আদি ষ্টাৰ প্লেয়াৰেৰে সমৃদ্ধ দল আৰ্জেণ্টিনা৷ আনফালে পশ্চিম জাৰ্মানী৷ দলত আছে ৰুমানিগ, মেথিয়াচ, ভলেৰ আদি বিচক্ষণ ফুটবলাৰ৷ টিভিৰ পৰ্দাত খেলুৱৈবিলাকৰ চেহেৰা যেনেকৈয়ে নহওক, দেখা পাইছোঁ৷ ডিফুমুৱা হোৱাহেঁতেন কেতিয়াও নাপাওঁ৷ বিশ্ব খিতাপৰ বাবে দুয়ো পক্ষৰে মাজত তুমুল প্ৰতিদ্বন্দ্বিতা৷

 

সময় বাগৰি গৈ আছে৷ প্ৰথমাৰ্ধৰ ২৩মিনিটত আৰ্জেণ্টিনাৰ সুযোগসন্ধানী ডিফেণ্ডাৰ, ৫নং জাৰ্চি পৰিহিত, জ’চ লুই ব্ৰাউনে দলৰ হৈ খেলখনৰ প্ৰথম গ’লটো স্ক’ৰ কৰিলে৷ নিজ মুখৰ পৰা ওলাই যোৱা কথা ৰাখি তাৰ লগে লগে ময়ো জীৱনকালৰ বাবে এখন দেশৰ এটা ফুটবল দলৰ সমৰ্থক হৈ পৰিলোঁ৷

 

"... জ’চ লুই ব্ৰাউন যিজন খেলুৱৈয়ে আৰ্জেণ্টিনাৰ হৈ গ’লটো দিছিল আৰু যাৰ কাৰণে আজীৱন হৈ পৰিলোঁ জাৰ্মানীৰ সমৰ্থক ..."

তৎমুহূৰ্তৰ পৰাই ৱৰ্ল্ড কাপ ফুটবলত মোৰ সমৰ্থিত দেশ হৈ পৰিল পশ্চিম জাৰ্মানী (পিছলৈ জাৰ্মানী) ৷ হাৰিলেও জাৰ্মানী, জিকিলেও জাৰ্মানী৷ আজিও মোৰ টীম জাৰ্মানী৷ কথাটো আপোনালোকে ইতিমধ্যে জানিছেই৷

সমৰ্থন অব্যাহত ৰাখি খেলখনৰ পিছৰছোৱা উপভোগ কৰি গ’লোঁ৷ এটা সময়ত দুয়োটা দল ২-২ গ’লত উপনীত হ’ল৷ ভাবিলোঁ, প্ৰথমে গ’ল খালেও মোৰ দল জাৰ্মানীয়েই কাপটো জিকিব৷ পিছে খেলৰ শেষৰ ফালে ৮৪ মিনিটত বুৰুচাগাৰ জৰিয়তে আৰ্জেণ্টিনাই বিজয়সূচক গ’লটো দি Mexico 1986 World Cup Footballৰ চূড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন (বিশ্বকাপৰ বুৰঞ্জীত দ্বিতীয়বাৰৰ বাবে) কৰিলে৷যুঁজ দিও মোৰ দলটো হাৰিল৷

মনটো আকৌ এবাৰলৈ বেয়া লাগিল৷ সেয়ে হ’লেও জীৱনত প্ৰথমবাৰ টিভিৰ আগত বহি খেলা চাই অভূতপূৰ্ব আনন্দ লভিলোঁ৷ বহুতৰে হয়তো সেই সৌভাগ্য হোৱা নাই৷ মোৰ হ’ল৷ মনে মনে ভাবিলোঁ, নিজাববীয়াকৈ টেলিভিচন এটা থকাহেঁতেন… যেতিয়াই তেতিয়াই খেলা চাব পাৰিলোঁ হয়৷

আৰু সেইদিনাই মই এটা প্ৰতিজ্ঞা কৰি পেলালোঁ৷ ইটালীত ১৯৯০চনত হ’বলগীয়া পৰৱৰ্তী বিশ্বকাপ ফুটবল প্ৰতিযোগিতাখন মোৰ ঘৰত নিজৰ ৰঙীণ টিভিতহে চাম৷ বেলেগত নহয়৷

বোকাজানত ৰাতিটো কটাই পিছদিনা ঘূৰি আহি ঘৰ পালোঁহি৷ FIFA World Cup 1990 অহালৈ মাজত চাৰিটা বছৰ৷ সেই বছৰকেইটা অধীৰ আগ্ৰহেৰে ৰৈ থাকিলোঁ আৰু নিজৰ প্ৰতিজ্ঞা পূৰণাৰ্থে কৰণীয় কৰ্মত ৰত হৈ গ’লোঁ৷

 

আজিলৈ কথা ইমানতে সামৰোঁ৷সকলোৰে সুস্বাস্থ্য আৰু মংগল কামনা কৰিলোঁ৷ অহা মাহত  আকৌ লগ পাম৷ সেইদিনা জনাম, বিশ্বকাপ ফুটবল কেনেদৰে মোৰ জীৱনৰ মহোৎসৱ হৈ পৰিল৷

( ক্ৰমশঃ)

 

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments