অনন্য এক কাহিনী, ফুটবলৰ… ( তৃতীয় খণ্ড)

বৰ্ণনা : অচ্যুত বৰা ( পুতুলদা)

অনুলেখন তথা কাহিনীৰ সুত্ৰধাৰ : আব্দুছ চাজিদ

 

( ৬ )

কোঠাৰ ভিতৰৰ পৰা মুক্তাংগনলৈ… মোৰ আয়োজন

ষষ্ঠবাৰৰ প্ৰতিজ্ঞা ৰক্ষা কৰি সুৰাপানৰ পৰা সম্পূৰ্ণভাৱে বিৰত থাকি একে লেথাৰিয়ে ৪টা বছৰ পাৰ কৰি দিলোঁ৷ তাৰ জৰিয়তে স্থানীয় ৰাইজৰ ওচৰত প্ৰমাণ কৰিবলৈ সক্ষম হ’লোঁ যে মই জাৰ্মানীক কিমান ভাল পাওঁ, আৰু জাৰ্মানীৰ কাৰণে কি কৰিব পাৰোঁ৷ মইযে এজন Diehard German Fan, সেই ভাবমূৰ্তি মোৰ বোধেৰে নিশ্চয় পৰিষ্কাৰ ৰূপত ধৰি ৰাখিবলৈ সমৰ্থ হ’লোঁ৷

8th FIFA World Cup চমু চাপি আহিল, চাৰিটা বছৰৰ অন্তৰত৷ ৯জুনৰ পৰা ৯জুলাই ২০০৬লৈ৷ লক্ষ্যণীয় এইটোৱেই যে সেইবাৰৰ বিশ্বকাপ মোৰ সমৰ্থিত দেশ জাৰ্মানীত৷ ঘৰুৱা দল, ঘৰুৱা খেলপথাৰ, ঘৰুৱা দৰ্শক৷ গতিকে আশা অনেক৷ আৰু আশাৰ নাগপাশত বন্দী হৈ ময়ো নতুন সাহ-উৎসাহেৰে, নতুন চিন্তা-ভাবনাৰে আয়োজনত হাত দিলোঁ, বেচ আগতীয়াকৈ৷

সেইবাৰ অলপ বেলেগ ধৰণে ভাবিলোঁ৷ প্ৰথম কথা, বিগত বিশ্বকাপৰ খেলাবোৰ মোৰ ঘৰৰ কোঠাৰ ভিতৰত সীমাবদ্ধ এলেকাত উপভোগ কৰি আহিছিলোঁ৷ গতিকে স্থিৰ সিদ্ধান্ত ল’লোঁ যে এইবাৰ সেইটো নকৰোঁ৷ এইবাৰ সকলোৰে সুবিধা হোৱাকৈ, একেলগে ২০০ মানুহে বহি আৰামত খেল চাব পৰাকৈ ঘৰৰ সন্মুখৰ চোতালখনত পাতিম৷ এটা নহয়, দুটা টিভিৰ ব্যৱস্থা কৰিম৷ কাৰো বাবে কোনো বাধা নাথাকিব৷ ফুটবল যি ভাল পায় তেওঁ নিজমনে আহিব, হেঁপাহ পলুৱাই খেলা চাব, এচেৰেঙা আনন্দ অন্তৰত লৈ গুচি যাব৷ ফুটবলৰ দুনীয়াত এইযে ৯০মিনিট ধৰি কোনোবাই বিচৰণ কৰিব, সেয়া হয়তো কাৰোবাৰ জীৱনলৈও মনত থাকি যাব, অমল ৰূপত৷ তেনেকৈয়ে ভাবিলোঁ৷ 

দ্বিতীয়তে, যোগদানকাৰী দেশ ৩২খনৰ জাতীয় পতাকাসমূহ যোগাৰ কৰা হ’ল৷ ঘৰৰ চৌপাশে সেইসমূহ স্থাপন কৰি দিলোঁ৷ লগতে কাৰ্টুন, ফেষ্টুন আদিও আঁকিলোঁ৷ সকলোবোৰ সজাই-পৰাই দিয়াত পৰিৱেশটোৱে কিবা অভূতপূৰ্ব, কিবা বেলেগ ধৰণৰ হৈ পৰিল৷ ষ্টেডিয়ামৰ আৰ্হিত কল্পনাই ঢুকি পোৱামতে কৰা এই সাজোনৰ মাজত উচ্চশিৰে উৰি ৰ’ল মোৰ প্ৰিয় দল জাৰ্মানীৰ ধ্বজা৷ ফ্লেগখন সুদূৰ জাৰ্মানীৰ পৰা আনি দিছিল মোৰ নগা বন্ধু এম. জমিৰে, উপহাৰ স্বৰূপে৷

জাৰ্মানী বিশ্বকাপ ২০০৬ৰ শুভাৰম্ভৰ সূত্ৰে ফ্লেগ অফ্‌ কৰি অভ্যাগতলৈ সম্ভাষণ জনালোঁ৷ বন্ধুসকলৰ উপস্থিতিত আৰম্ভণিৰ দিনা পূৰ্বপ্ৰচলিত নিয়মেৰে কেক্‌ এটা কটা হ’ল৷ বিবাহৰ সুদীৰ্ঘ ১২বছৰৰ পিছত জন্মা আমাৰ একমাত্ৰ সন্তান জেইনে সেইবাৰ কেক্‌টো কাটিলে৷ তায়ো চাগৈ ফুটবল-বলিয়া দেউতাকৰ ইচ্ছাৰ কথা কিবা এটা বুজি পালে৷ উপস্থিত সকলোৱে ভাগ-বতৰা কৰি কেক খালোঁ৷ মিউনিখত খেলা উদ্বোধনী খেলত ঘৰুৱা দল জাৰ্মানীয়েও কষ্টাৰিকাক ৪-২গ’লত পৰাভূত কৰি বিজয়-যাত্ৰাৰ সূচনা কৰিলে৷ আৰম্ভণিৰে পৰাই ষ্টীল কেমেৰাৰ উপৰি সেইবাৰ ভিডিঅ’ কেমেৰা যোগে মুহূৰ্তবোৰ ভৱিষ্যতৰ কাৰণে সাঁচি থৈ গৈছিলোঁ৷ বিভিন্নজন ক্রীড়াপ্ৰেমীৰ সৈতে বহি ফিফাৰ ফিকচাৰ অনুসৰি প্ৰত্যেকখন খেলেই উপভোগ কৰি গৈছিলোঁ, সমিলমিল আৰু ভ্ৰাতৃবৎ চেনেহ-প্ৰীতিৰে৷

এনেকৈ ক্রমান্বয়ে দিন আগুৱাই গৈ ২০০৬ৰ বিশ্বকাপে এদিন কোৱাৰ্টাৰ ফাইনেলত ভৰি দিলে৷ স্মৰ্তব্য যে গ্ৰুপৰ আন দুখন খেলত পোলেণ্ডক ১-০ আৰু ইকুৱেডৰক ৩-০ত পৰাস্ত কৰিছিল জাৰ্মানীয়ে৷ তাৰ পিছত ৰাউণ্ড অব চিক্সটিনত চুইডেনক ২-০গ’লত হৰুৱাই প্ৰথমেই কোৱাৰ্টাৰ ফাইনেলত সোমাল৷

তেনেকুৱাতে কাহানিও নভবা-নিচিন্তা ধৰণৰ কথা এটা হ’ল৷ ডিফুৰ পৰা ২৭০কিল’মিটাৰ নিলগৰ, আমাৰ ৰাজ্যৰ ৰাজধানী গুৱাহাটী মহানগৰীত বাস কৰা মোৰ দুজন বন্ধুৱে ফোনেৰে ঘটা সংযোগত বিশ্বকাপৰ আয়োজনৰ কথা গম পালে৷ মনৰ ইচ্ছা আৰু আকৰ্ষণক দমাব নোৱাৰি হঠাতে এদিন দুয়ো উপস্থিত হ’লহি মোৰ ঘৰত, বিশ্বকাপৰ খেল চাবলৈকে৷ বন্ধুদ্বয় আছিল ক্রমে জয়ন্ত শৰ্মা আৰু খগেন বুঢ়াগোহাঁই৷ আমাৰ স্থানীয় ক্রীড়ানুৰাগী ৰাইজৰ লগত দুয়ো একেলগে প্ৰাণভৰি উপভোগ কৰিলে আৰ্জেণ্টিনা আৰু জাৰ্মানীৰ মাজৰ ৩০জুনত বাৰ্লিনত অনুষ্ঠিত উত্তেজনাপূৰ্ণ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেল খেল৷ খেলখন নিৰ্ধাৰিত সময়ত ১-১গ’লত অমীমাংসিত হৈছিল৷ প্ৰথম গ’লটো অৱশ্যে আৰ্জেণ্টিনায়ে স্ক’ৰ কৰিছিল, ৪৯মিনিটত৷ ৮০মিনিটত জাৰ্মানীৰ Miroslav Kloseএ সমতা স্থাপন কৰিলে৷ আৰু অন্তত মোৰ সমৰ্থিত দল জাৰ্মানী ৪-২গ’লত বিজয়ী হ’ল, পেনাল্টী শ্বুট আউটত৷ আলহী বন্ধুৰ উপস্থিতিত নিজ দলৰ বিজয়ত স্বাভাৱিকতে মোৰ আনন্দৰ মাত্ৰাও এখোপ চ’ৰা হ’ল৷

পিছদিনা বন্ধুদ্বয় গুৱাহাটীলৈ ঘূৰিল৷ তেওঁলোকে মোৰ চোতালত বিশ্বকাপৰ খেল চোৱাৰ পৰিৱেশটো দেখি আনন্দিত আৰু মনে মনে অতিশয় বিস্মিতও হৈছিল৷ খগেন বুঢ়াগোহাঁই আছিল অসমৰ আগশাৰীৰ বাতৰি কাকত ‘অসমীয়া প্ৰতিদিন’ৰ গৰাকী জয়ন্ত বৰুৱাৰ নিকট বন্ধু৷ দুদিন গুৱাহাটীত অনুপস্থিত থকাত বৰুৱাই তেওঁক ক’ত গৈছিল সুধিলে৷ বুঢ়াগোহাঁয়ে জনালে : ডিফুলৈ গৈছিলোঁ, ৱৰ্ল্ডকাপ চাবলৈ৷ জয়ন্ত বৰুৱা আচৰিত হ’ল৷ ক’লে : বিশ্বকাপ, আৰু ডিফুত! তেতিয়া বুঢ়াগোহাঁয়ে নিজৰ অভিজ্ঞতাৰ বৰ্ণনা শুনালে৷ কথা শুনি জয়ন্ত বৰুৱা উৎসুক হৈ পৰিল৷ তৎমুহূৰ্ততে তেওঁ ‘অসমীয়া প্ৰতিদিন’ৰ ষ্টাফ ৰিপৰ্টাৰক নিৰ্দেশ দিলে যে ডিফুৰ পুতুল বৰাৰ লগত ইমিডিয়েট যোগাযোগ কৰিব লাগে৷ লগে লগে কাকতখনৰ হৈ জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্তৰ পৰা মোলৈ এটা ফোনকল আহিল৷ তেওঁ মোৰ মুখৰ পৰা আয়োজন সম্পৰ্কে সবিশেষ জানিব বিচাৰিলে৷ ক’বলৈ গ’লে ফোনতেই তেওঁ মোৰ এটা সাক্ষাৎকাৰেই লৈ পেলালে৷ পত্নী গ্ৰেচীকো দুই-এটা প্ৰশ্ন সুধিলে৷ আনহাতে প্ৰয়োজন হোৱা ফটো এখন স্থানীয় সংবাদদাতাৰ জৰিয়তে তেতিয়াই যোগাৰ কৰি ল’লে৷পিছদিনা অৰ্থাৎ ৩.৭.২০০৬ তাৰিখে ‘অসমীয়া প্ৰতিদিন’ কাকতৰ প্ৰথম পৃষ্ঠাত হেডলাইন ওলাল… ‘ডিফুৰ পুলিচ লাইনৰ ক্ষুদ্ৰ জাৰ্মানীত উৰিছে নানাদেশী পতাকা : বিশ্বকাপত বিলীন পুতুল বৰাৰ চোতালেই এতিয়া বাৰ্লিন ষ্টেডিয়াম’৷ পঢ়িবলৈ পাইছিল চাগৈ আপোনালোকেও৷ হয়তো সকলোৰে মনত নাথাকিবও পাৰে৷ কিন্তু এটা নভবা-নিচিন্তা কথাই, অন্ততঃ মোৰ দৰে সাধাৰণ লোকৰ বাবে৷ মই কৰি অহা বিশ্বকাপ ফুটবলৰ আয়োজনৰ সম্পৰ্কত প্ৰচাৰ মাধ্যমত সেয়াই আছিল প্ৰথম প্ৰকাশ৷ দীঘলীয়া লেখাটোৰ মাজেৰে বিগত ৱৰ্ল্ডকাপসমূহৰ দৰ্শনীৰ প্ৰচেষ্টা, জাৰ্মানীৰ এজন অন্ধ সমৰ্থক হিচাপে মই কেনেকৈ বন্ধুবৰ্গৰ সৈতে খেলা চাওঁ, ডিফুত থকা ফুটবল অনুৰাগীসকল, যাক মই ‘Greater Diphu Football Fan’ আখ্যা দিওঁ, সেইসকলে কেনেকৈ বিশ্বকাপৰ খেলসমূহ উপভোগ কৰে, সেই কথাবোৰ আমাৰ ৰাজ্যৰ প্ৰিণ্ট মিডিয়াত পোনপ্ৰথমবাৰৰ বাবে ছপা হ’ল৷বহুল প্ৰচাৰিত অসমীয়া দৈনিকখনৰ সিদিনাৰ সেই বাতৰিটোৰ পৰা স্বাভাৱিকতে বহুতৰে মনত কৌতূহলো বৃদ্ধি পালে৷ চিনাকি-অচিনাকি অনেকেই মোক তেতিয়া যোগাযোগ কৰিছিল৷ এইদৰে ভাবিব নোৱাৰা ধৰণে, নিজৰ অগোচৰে প্ৰচাৰ লাভ কৰাটো মোৰ বাবে বৰ আনন্দদায়ক কথাই আছিল৷ তাৰ পিছদিনা ‘জনসাধাৰণ’ কাকততো লুইত পাঠকে ফুটবলৰ আগ্ৰাসী উন্মাদনাৰ প্ৰসংগত মোৰ বিষয়ে সামান্য উল্লেখ কৰিছিল৷ এই চেগতে প্ৰতিবেদক আৰু কাকত গোষ্ঠীসমূহলৈ মই কৃতজ্ঞতা জনাওঁ৷

সেইখিনিলৈকে বেচ স্ফূৰ্তিয়ে লাগি আছিল৷ পিছে! তাৰ পিছতেই দৰ্শন কৰিবলগীয়া হ’ল মৰ্মন্তুদ দৃশ্যটো৷ মোৰ প্ৰিয় দলটো ইতিমধ্যে ছেমি ফাইনেল পাইছিলগৈ৷ হ’লেও নিজৰ ঘৰুৱা খেলপথাৰতে মই কাহানিও নিবিচৰা অঘটনটো ঘটিল৷ ইটালীৰ লগত সেইবাৰৰ বিশ্বকাপৰ প্ৰথমখন ছেমিফাইনেলত Dortmund1 FIFA WM Stadionত ৪.৭.২০০৬ তাৰিখে ২-০গ’লত জাৰ্মানী বিধ্বস্ত হ’ল৷ মোৰ সপোনবিলাকো পুনৰ নিমিষতে ছাৰখাৰ হৈ গ’ল৷ দুখবোধে বেয়াকৈ আবৰি ধৰিলে মন৷ প্ৰাক্তন খেলুৱৈ Jurgen Klinsmannৰ দ্বাৰা প্ৰশিক্ষণপ্ৰাপ্ত, Michael Ballackৰ নেতৃত্বত Miroslav Klose, Philipp Lahm, Lukas Podolski আদিৰে পুষ্ট মোৰ জাৰ্মানীয়ে কি খেলিলে এয়া? ঘৰুৱা পৰিৱেশতো ইমানেই শক্তিহীন হৈ পৰিলেনে? মনত আছে, সেই পৰাজয়ত উক্ত মুহূৰ্তত মোৰ ইমানেই খং উঠিছিল যে মুখৰ আগতে পোৱা, বিশ্বকাপৰ সময়ত জাবৰ পেলাবলৈ ডাষ্টবিন হিচাপে ব্যৱহাৰ কৰা ‘জাৰ্মানী ২০০৬’ লিখা এলুমিনিয়ামৰ বাল্টিটোতে প্ৰচণ্ড এটা ঘোঁচা সোধালোঁ৷ কাণ্ডটো ৰাজহুৱাভাৱে উল্লেখৰ একেবাৰে অযোগ্য যদিও সত্যৰ খাতিৰত নোকোৱাকৈ নোৱাৰিলোঁ৷ আৰ্জেণ্টিনা আৰু জাৰ্মানীৰ মাজত পূৰ্বৰ খেলত হোৱা বাক-বিতণ্ডাৰ সূত্ৰে ইটালীয়ে উত্থাপন কৰা অভিযোগৰ ভিত্তিত ফিফাৰ সিদ্ধান্ত মৰ্মে Torsten Fringsক উক্ত খেলখনৰ পৰা বিতাড়ন কৰা হৈছিল৷ ইটালীৰ চতুৰালিৰ কাৰণেই জাৰ্মানীৰ এজন নিৰ্ভৰযোগ্য মিডফিল্ডাৰ সেইদিনাৰ গুৰুত্বপূৰ্ণ খেলখনৰ পৰা আঁতৰত ৰ’ল৷ Fringsক নেখেলোৱাৰ আঁৰৰ এই কথাটোৱেও মনত স্বাভাৱিকতে নঞৰ্থক প্ৰকাৰে ক্রিয়া কৰি আছিল৷ সঁচাকৈয়ে খঙৰ বহিঃপ্ৰকাশ ঘটিছিল সিদিনা৷ মাটিৰ তলত নীৰবে শুই থকা Passport Scotchৰ বটলটো আকৌ চাৰিটা বছৰৰ বাবে তেনেকৈয়ে ৰৈ গ’ল! ভাবটোৱেও চাগৈ মোৰ খঙৰ তীব্ৰতা অনেকগুণে বঢ়াই তুলিছিল৷ 

বাল্টিটোৰ কথা ওলালত ফৎকৈ মনত পৰিল৷ ১৯৯০ৰ ইটালী বিশ্বকাপৰ পৰা আৰম্ভ কৰি প্ৰতি চাৰি বছৰৰ মূৰে মূৰে এলুমিনিয়ামৰ বাল্টি একোটাৰ ওপৰতো মই নিজহাতে বিশ্বকাপৰ চিহ্ন আঁকিছিলোঁ৷ খেল চোৱাৰ সময়ত ডাষ্টবিন হিচাপে সেই বাল্টিটো ব্যৱহাৰ কৰোঁ৷ তাৰ পিছত পৰৱৰ্তী বিশ্বকাপলৈকে সেইটো বাল্টিয়ে ঘৰুৱাভাৱে ব্যৱহাৰ কৰি থকা হয়৷ অৰ্থাৎ বিশ্বকাপৰ দৰেই মোৰ একোটা ‘World Cup Dustbin’ৰো ম্যাদৰ অন্তৰ ৪বছৰ৷

অৱশেষত Berlinৰ Olympia stadionত চূড়ান্ত খেলত ইটালী আৰু ফ্ৰান্স মুখামুখি হ’ল৷ নিৰ্ধাৰিত সময়ত ১-১গ’লত অমীমাংসিত হৈ ৰোৱা ফাইনেল খেলখনত পেনাল্টিৰ জৰিয়তে ইটালীয়ে ফ্ৰান্সক ৫-৩গ’লত পৰাভূত কৰি চতুৰ্থবাৰৰ বাবে বিজয়ীৰ খিতাপ অৰ্জন কৰিলে৷ জাৰ্মানী সন্তুষ্ট থাকিব লগা হ’ল তৃতীয় স্থানত৷ তৃতীয় স্থান নিৰ্ধাৰণকাৰী খেলখনত জাৰ্মানীয়ে প্ৰতিদ্বন্দ্বী, Christiano Ronaldo, Ricardo Costa, Luis Figo আদিৰে সমৃদ্ধ পৰ্তুগালক ৩-১গ’লত হৰুৱাইছিল৷ আৰু সন্তুষ্টি লভিব লগা হ’ল এইবুলি যে টুৰ্ণামেণ্টখনত ৫টা গ’ল স্ক’ৰ কৰি জাৰ্মানীৰ Miroslav Klose সৰ্বাধিক গ’লদিওঁতা বিবেচিত হ’ল, জাৰ্মানীৰ Lukas Podolski পৰিগণিত হ’ল শ্ৰেষ্ঠ যুৱ খেলুৱৈ হিচাপে৷ সেয়ে হ’লেও সান্ত্বনা জানো লভিব পাৰোঁ?  জাৰ্মানীয়ে বিশ্বকাপটোত চুমুক দিয়াটোহে মোৰ একমাত্ৰ সপোন৷ তাৰ বাবেই ঈশ্বৰক প্ৰতিদিনে খাটোঁ৷

পৰৱৰ্তী বিশ্বকাপত জাৰ্মানী বিজয়ী নোহোৱালৈকে সুৰাপানৰ পৰা বিৰত থাকিম বুলি কৰা প্ৰতিজ্ঞা বাহাল ৰাখিলোঁ আৰু অনাগত চাৰি বছৰলৈ আকৌ ধৈৰ্য ধৰি ৰ’লোঁ৷

আগতে কৰাৰ দৰেই বিশ্বকাপৰ পিছতে লটাৰী খেল এখন সেইবাৰো পাতিলোঁ৷

কথা আজি বৰ দীঘলীয়া হ’ল৷ এতিয়া সামৰোঁ৷ সকলোটি কুশলে থাওক৷ অহা সংখ্যাত জনাম, নেলছন মেণ্ডেলাৰ দেশত অনুষ্ঠিত বিশ্বকাপ ২০১০ৰ সময়ত আধুনিক যুগৰ সৈতে সামঞ্জস্য ৰাখি মোৰ আয়োজনে কেনে ৰূপ ধাৰণ কৰিলে৷

—————————————————————————————————————————————————–

সংলগ্নিত  কৰা আলোক-চিত্ৰৰ সৱিশেষ —–

১. চোতালত বিশ্বকাপ… পতাকাৰ বেষ্টনীত মোৰ চৌহদ… উৰি আছে বন্ধু জমিৰৰ মৰমৰ উপহাৰ

২. জাৰ্মানী বিশ্বকাপ ২০০৬ৰ শুভাৰম্ভ… ফ্লেগ অফ্‌ কৰি সকলোকে সম্ভাষণ জনালোঁ

৩. জীয়ৰী জেইনৰ হাতেৰে কেক্‌ কাটি সূচনা কৰা হ’ল

৪. জাৰ্মান সমৰ্থক জেইন আৰু দেবনি

৫. খেল উপভোগৰ এটা মুহূৰ্ত

৬. অন্তৰংগ মুহূৰ্তত বন্ধুদ্বয়… জয়ন্ত শৰ্মা আৰু খগেন বুঢ়াগোহাঁই

৭. ‘অসমীয়া প্ৰতিদিন’ৰ পাতত বিশ্বকাপ ২০০৬ৰ আয়োজনৰ খবৰ

৮. খেল উপভোগৰ আৰু এক মুহূৰ্ত

৯. ‘জনসাধাৰণ’ত প্ৰকাশিত লেখাটো…

১০. খেল উপভোগৰ আৰু এটা মুহূৰ্ত

১১. ‘World Cup Dustbin’… ১৯৯০চনৰ পৰা ২০০৬ পৰ্যন্ত

১২. খেলৰ লগে লগে লটাৰীৰ উপহাসমূহৰ প্ৰদৰ্শন

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক