অনন্য এক কাহিনী, ফুটবলৰ… ( দ্বিতীয় খণ্ড)

অনন্য এক কাহিনী, ফুটবলৰ…

বৰ্ণনা : অচ্যুত বৰা ( পুতুলদা)

অনুলেখন তথা কাহিনীৰ সুত্ৰধাৰ : আব্দুছ চাজিদ ।

(২)

বিশ্বকাপ ফুটবল মোৰ ‘জীৱনৰ মহোৎসৱ’ হৈ পৰিল৷ Mexico 1986 World Cupৰ ফাইনেলৰ দিনা বোকাজানত খুড়াৰ ঘৰত বন্ধুৰ উপস্থিতিত শপত এটা লৈছিলোঁ যে ইটালীত ১৯৯০চনত হ’বলগীয়া পৰৱৰ্তী বিশ্বকাপ ফুটবল প্ৰতিযোগিতাখন মোৰ ঘৰত, নিজৰ ৰঙীণ টিভিতহে চাম৷ বেলেগ ক’তো নহয় …এইবুলি৷ সেই অনুপাতে প্ৰতিজ্ঞা পূৰণাৰ্থে কাম-কাজবোৰো সময়ৰ সৈতে আগবঢ়াই লৈ গৈছিলোঁ, কাৰণ ৰঙীণ টেলিভিশ্বন কিনিবলৈ পৰ্যাপ্ত পৰিমাণৰ ধন লাগিব৷ তাকো আকৌ স্ব-উপাৰ্জিত ধনেৰেহে কিনিম মই৷ আনৰ সাহায্যত নহয়৷

ক’বলৈ লৈ এতিয়া গভীৰ আনন্দ অনুভৱ কৰিছোঁ যে পোনপ্ৰথমবাৰৰ বাবে জীৱনৰ সেই প্ৰতিজ্ঞা মই সময়মতে সফলতাৰে পূৰণ কৰিব পাৰিলোঁ৷ অৰ্থাৎ নিজাববীয়াকৈ ৰঙীণ টিভি এটা খেলৰ আগতে এদিন কিনিবলৈ সক্ষম হ’লোঁ৷

চাৰিটা বছৰৰ ব্যৱধানত বিশ্বকাপ ফুটবল প্ৰতিযোগিতা আকৌ আহিল৷ লগে লগে মোৰো গা উঠিল৷ বন্ধুসকলৰ সৈতে 14th FIFA World Cup Footballৰ খেলসমূহ মোৰ ঘৰত, মোৰ কোঠাত উপভোগ কৰিবলৈ এক আয়োজন চলালোঁ৷ খেলসমূহ অনুষ্ঠিত হৈছিল ১৯৯০চনৰ ৮জুনৰ পৰা ৮জুলাইলৈকে৷ ২৪টা দলে সেইবাৰ টুৰ্ণামেণ্টত অংশ গ্ৰহণ কৰিছিল৷ Italia 90ৰ খেলা অনুষ্ঠিত কৰা হৈছিল মুঠতে ১২খন ফিল্ডত৷ লোথাৰ মেথিয়াছৰ নেতৃত্বত জুৰগেন ক্লিনচমেন, এন্দ্ৰিয়াচ মূলাৰ, ৰুডি ভলেৰ, জুৰগেন কোহলাৰ আদিৰে সমৃদ্ধ মোৰ সমৰ্থিত দেশ পশ্চিম জাৰ্মানী৷ প্ৰতিযোগিতাৰ আৰম্ভণিৰে পৰাই দলটোৱে আশাব্যঞ্জক ক্রীড়াশৈলী প্ৰদৰ্শন কৰিছিল৷ ‘ডি’ গ্ৰুপৰ প্ৰথম মেচখনৰ পৰাই যাত্ৰাৰ শুভাৰম্ভ কৰি ইখনৰ পিছত সিখন খেলত দলটোৱে নিজৰ আধিপত্য বিস্তাৰ কৰি যাবলৈ ধৰিলে৷ সেই গ্ৰুপটোত আছিল ইউনাইটেড আৰব আমীৰাটচ, কলম্বিয়া আৰু যুগোশ্লোভিয়া৷ আনহাতে সমৰ্থক হিচাপে মোৰো আশা, উলাহ আৰু আনন্দ দুগুণে চৰি গৈ থাকিল৷ তেনেকৈয়ে এদিন মোৰ দল গৈ ফাইনেলত উপনীত হ’ল, ছেমি-ফাইনেলত ইংলণ্ডক পৰাস্ত কৰি৷ পশ্চিম জাৰ্মানীয়ে ছেকেণ্ড ৰাউণ্ডত নেদাৰলেণ্ডচক আৰু কোৱাৰ্টাৰ ফাইনেলত চেকোশ্লোভেকিয়াক পোনপটীয়াকৈ হৰুৱাইছিল৷ ফাইনেলত প্ৰতিপক্ষ হিচাপে আহিল আৰ্জেণ্টিনা, যি ছেমি-ফাইনেলত ইটালীক হৰুৱাইছে৷ মনত আছে, দুয়োখন ছেমি-ফাইনেলৰ ফলাফল টাইব্ৰেকাৰ যোগে নিৰ্ণিত হৈছিল৷ ডিয়েগো মাৰাডোনাই নেতৃত্ব বহন কৰা শক্তিশালী আৰ্জেণ্টিনা দলটোত আছিল চাৰ্গেউ বেটিষ্টা, জৰ্জ বুৰুচাগা, ক্লডিঅ’ কেনিজিয়া, অস্কাৰ ৰুগেৰী আদি সেই সময়ৰ দুৰ্ধৰ্ষ ফুটবলাৰ৷ এনে লাগিল, Mexico 1986 World Cupৰ পশ্চিম জাৰ্মানী আৰু আৰ্জেণ্টিনাৰ মাজত হোৱা চূড়ান্ত খেলখনৰে যেন পুনৰাবৃত্তি ঘটিছে সেইবাৰো৷ মাত্ৰ স্থান-কাল বেলেগ৷

ৰোমৰ Stadio Olimpicoত ৮জুলাইত ফাইনেলখন হৈছিল৷ পশ্চিম জাৰ্মানীয়ে খেলখনৰ ৮৫মিনিটত লাভ কৰা এটা পেনাল্টিৰ জৰিয়তে আৰ্জেণ্টিনাক ১-০ গ’লত পৰাভূত কৰে৷ ৰুডি ভলেৰক বিধিনিষিদ্ধভাৱে ফাউল কৰাত মেক্সিকান ৰেফাৰী Edgardo Codesalএ শাস্তি হিচাপে পেনাল্টিৰ নিৰ্দেশ দিয়ে৷ পেনাল্টি কিক্‌টো ল’বৰ বাবে জাৰ্মান খেলুৱৈয়ে বলটো নিৰ্দিষ্ট স্থানত পতাৰ সময়তো আৰ্জেণ্টাইন খেলুৱৈয়ে কেইবাবাৰো খেলিমেলিৰ সৃষ্টি কৰা দেখা গ’ল৷ মনঃসংযোগ নষ্ট কৰিবলৈকে চাগৈ!

যি কি নহওক, নিৰ্ভৰযোগ্য ডিফেণ্ডাৰ আন্দ্ৰিয়াচ ব্ৰেহমিয়ে পশ্চিম জাৰ্মানীৰ হৈ শ্বটটো ল’লে আৰু কাৰ্যকৰীও কৰিলে৷ শ্বটটো লোৱাৰ আগমুহূৰ্তত মোৰ বুকুখন দুৰু দুৰুকৈ কঁপিছিল৷ কি হ’ব? গ’ল হ’বনে নহ’ব? আমি জিকিমনে নাই? …অনেক প্ৰশ্ন৷ কিন্তু বলটো গৈ নেটত পৰাৰ লগে লগে উৰুলীকৃত হৈ জঁপিয়াই উঠিছিলোঁ, মোৰ সমৰ্থিত দলৰ নিশ্চিত বিজয় কল্পনা কৰি৷ আৰু সঁচাকৈ অলপ পাছতে বিশ্বকাপৰ বুৰঞ্জীত তৃতীয়বাৰৰ বাবে বিশ্ব বিজয়ীৰ খিতাপ অৰ্জন কৰিলে পশ্চিম জাৰ্মানীয়ে, অৰ্থাৎ মোৰ দলে৷ বিগত বিশ্বকাপৰ যোগ্য প্ৰত্যুত্তৰ দিয়া হ’ল আৰ্জেণ্টিনাক৷

আনন্দত আত্মহাৰা হৈ সেইদিনা মই বন্ধুবৰ্গক লৈ লগে লগে এটা প্ৰীতিভোজৰ আয়োজন কৰি পেলালোঁ৷ খুব স্ফূৰ্তি কৰিলোঁ সেইদিনা৷ কাৰণ, নিজৰ দল জিকিছে৷ তাকো এলাপেচা নহয়, বিশ্বকাপ, যাৰ ওপৰত ফুটবলৰ প্ৰচলন থকা পৃথিৱীৰ প্ৰতিখন দেশৰ, প্ৰতিজন খেলপ্ৰেমীৰে দৃষ্টি৷ আনন্দৰে পূৰ্ণ সেই মূহূৰ্তবোৰ কেমেৰাত বন্দী কৰি গ’লোঁ৷ সেই ফটোগ্ৰাফবোৰ আজিও সংৰক্ষণ কৰি ৰখা হৈছে৷

বন্ধুবৰ্গৰ উপস্থিতিতে তেতিয়াই মই দ্বিতীয় এটা প্ৰতিজ্ঞা কৰিলোঁ… USA 1994 World Cupত মই নিজে তৈয়াৰ কৰা এটা কোঠালিত খেল উপভোগ কৰিম৷ এতিয়া বহাৰ দৰে মোৰ সৰু কোঠাটোত নহয়৷ বন্ধু-বান্ধৱ আৰু আন আন ক্রীড়াপ্ৰেমীৰ বাবে ঠাইখিনি নোজোৰা হৈ পৰিছে৷ কথাটো মই মনে মনে লক্ষ্য কৰিছোঁ৷ সুবিধা কৰি দিব নোৱাৰাৰ বাবে দুখ পাইছোঁ৷ ইয়াৰোপৰি আৰু এটা সিদ্ধান্ত লৈ পেলালোঁ যে ভৱিষ্যতে প্ৰত্যেকখন বিশ্বকাপ ফুটবলত চাৰি বছৰৰ মূৰে মূৰে এটা এটা প্ৰতিজ্ঞা পূৰণ কৰি মই মোৰ জীৱনটোক আগুৱাই নিবলৈ যত্ন কৰিম৷ সেই অনুপাতে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰি যাম, কৰ্ম কৰি যাম৷ লগতে এইটোও ঠিৰাং কৰি ল’লোঁ যে বিশ্বকাপ ফুটবল প্ৰতিযোগিতা চলি থকা মাহটো মোৰ জীৱনৰ এটা বিশেষ গুৰুত্বপূৰ্ণ ‘উৎসৱৰ মাহ’ বুলি পৰিগণিত হ’ব৷ এই এমাহ কাল মই কেৱল ফুটবলৰ নামতে উচৰ্গা কৰিম৷ চাৰি বছৰৰ অৰ্থাৎ জীৱনৰ ৪৮টা মাহৰ এমাহ মই ফুটবলক দিম৷ সেয়া হ’ব ফুটবলৰ প্ৰতি মোৰ প্ৰেমৰ প্ৰকাশ৷ সেয়াই হ’ব ফুটবলপ্ৰেমীৰ প্ৰতি মোৰ আন্তৰিক প্ৰীতি-উপহাৰ৷ এই আয়োজন ফুটবল ভাল পোৱা দর্শকৰ বাবে৷

Italia 1990 চলি থকাৰ সময়তে ক্রীড়া আলোচনী কিছুমান ক্রয় কৰিছিলোঁ৷ স্পৰ্টচ মেগাজিনৰ প্ৰতি আগৰে পৰাই মোৰ দুৰ্বলতা এটা আছিল৷ সেইবিলাকৰ পৰা প্ৰয়োজনীয় ছবিবোৰ কাটি উলিয়ালোঁ৷ তাৰ সহায়তে ভৱিষ্যতলৈ স্মৃতি সজীৱ কৰি ৰখাৰ উদ্দেশ্যে নিজ হাতে ৪ফুট দীঘল, ৩ফুট বহল চাইজৰ এখন ৱৰ্ল্ড কাপ প’ষ্টাৰ তৈয়াৰ কৰিলোঁ যিখন এতিয়াও চাব পৰা অৱস্থাত, মোৰ ঘৰত ওলমি আছে৷ তাকে চাই আজিও মই অতীতৰ স্মৃতি ৰোমন্থন কৰোঁ৷ খেলুৱৈসকললৈ শ্ৰদ্ধা জনাওঁ৷ ফুটবলৰ চিন্তাত বিভোৰ হওঁ৷

(৩)

USA 1994 World Cupৰ সময়ত মই নিজে তৈয়াৰ কৰা এটা কোঠালিত খেল উপভোগ কৰিম বুলি ১৯৯০চনতে ইটালী বিশ্বকাপৰ অন্তত শপত খাই থৈছিলোঁ৷ বিশ্বকাপক কেন্দ্ৰ কৰি সেয়া আছিল মোৰ দ্বিতীয়টো শপত৷ আজি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে মই মোৰ প্ৰতিজ্ঞা সময়মতে পূৰণ কৰিব পাৰিলোঁ৷ অৰ্থাৎ, মোৰ কোঠাটোৰ নিৰ্মাণ খেলৰ আগতেই হৈ উঠিল৷ চেলেঞ্জধৰ্মী এনে কাৰ্য সম্পাদনে মোক জীয়াই থকাত উৎসাহ যোগায়, আত্মবিশ্বাস বঢ়ায়৷ জীৱনটোৱেই এটা প্ৰত্যাহবান , নহয় জানো?

আপোনালোকে জানেই, ১৯৯৪চনৰ ১৭জুন তাৰিখৰ পৰা ১৭জুলাই তাৰিখলৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৯খন নগৰত অৱস্থিত সুদৃশ্য খেলপথাৰসমূহত পৃথিৱীৰ ২৪টা কোৱালিফায়িং বা শ্ৰেষ্ঠ ফুটবল দলৰ মাজত ফিফাৰ তত্ত্বাৱধানত 15th FIFA World Cupৰ আয়োজন কৰা হৈছিল৷ তেতিয়া ময়ো নিজে তৈয়াৰ কৰা দুচলীয়া টিনপাতৰ কোঠাৰ ভিতৰত আৰম্ভণিৰে পৰাই বন্ধুসকলৰ লগত বৰ আনন্দ মনেৰে মোৰ প্ৰিয় ফুটবল খেলা উপভোগ কৰি গৈছিলোঁ৷ মোৰ ধাৰণাত, খেলসমূহ চাই পাহৰি যোৱাটোৱেই শেষ কথা নহয়৷ গতিকে সেই স্মৃতি ভৱিষ্যতলৈকো সজীৱ কৰি ৰখাৰ মানসেৰে মুহূৰ্ত কিছুমান কেমেৰাত বন্দী কৰি গৈছিলোঁ৷ তেতিয়া অৱশ্যে আজিৰ দৰে ডিজিটেল কেমেৰা নাছিল৷ তৎসত্ত্বেও সেইসমূহ ধৰি ৰাখিছিলোঁ আৰু সেই ছবিবোৰ এতিয়াও সংৰক্ষণ কৰি থৈছোঁ, জীৱনৰ সমল হিচাপে৷ তাৰে কেইখনমান আপোনালোকৰ বাবে দিলোঁ৷

প্ৰতিযোগিতা আৰম্ভ হোৱাৰ আগে আগে নৱনিৰ্মিত কোঠালিটো ভিতৰে-বাহিৰে বিশ্বকাপ ফুটবল সংক্রান্তীয় কাৰ্টুন, ফেষ্টুন আদিৰে সজাই-পৰাই তুলিলোঁ৷ নিজ হাতেৰেই সেইবোৰ কৰি উলিয়াইছিলোঁ৷ কষ্ট নোহোৱা নহয়, হৈছিল৷ কিন্তু সন্তুষ্টিও আছিল৷ লক্ষ্য কৰিছিলোঁ, ফুটবলে যেন সকলোৰে মনবোৰ বহলাই পেলালে! বন্ধু-বান্ধৱ সকলোৱে আনন্দ মনেৰে, সমিলমিলেৰে খেল চালে৷ ময়ো মোৰ প্ৰিয় দল জাৰ্মানীৰ প্ৰতি পূৰ্ণ ৰূপত সমৰ্থন আগ বঢ়াই গ’লোঁ৷

বহুতেই জানে যদিও এইখিনিতে উল্লেখ কৰোঁ যে ১৯৩৮চনৰ ফ্ৰান্স বিশ্বকাপৰ পিছত প্ৰথমবাৰৰ বাবে পূৰ্বৰ বিজয়ী পশ্চিম জাৰ্মানী ভূভাগৰ আনটো অংশ পূব জাৰ্মানীৰ সৈতে একত্ৰিত হৈ ‘জাৰ্মানী’ নাম লৈ সেইবাৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছিল৷ স্বাভাৱিকতেই ময়ো ভাবিলোঁ, দলটো এইবাৰ আগতকৈ অধিক শক্তিশালী হ’বই হ’ব৷ কিন্তু হঠাতে কি হ’ল জানো, মোৰ সমৰ্থিত জাৰ্মান সংঘবদ্ধ দলটো গৈ থৈ ১০জুলাই তাৰিখে অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত বুলগেৰীয়াৰ হাতত ২-১গ’লত হাৰি থাকিল! ফলস্বৰূপে প্ৰতিযোগিতাৰ পৰা বাহিৰ হ’বলগীয়া পৰিস্থিতিৰে উদ্ৰেক হ’ল৷ ইষ্ট ৰাডাৰফ’ৰ্ডৰ জায়েণ্ট ষ্টেডিয়ামত ৭২,০০০ দৰ্শকেৰে ঠাহ খোৱা সেইদিনাৰ খেলখনৰ প্ৰথমাৰ্ধৰ ৪৭মিনিটত লাভ কৰা পেনাল্টি এটাৰ জৰিয়তে জাৰ্মান কেপ্তেইন লোথাৰ মেথিয়াছে গ’ল এটা স্ক’ৰ কৰাত মোৰ দলেই প্ৰথমে অগ্ৰগতি লাভ কৰিছিল৷ সুদক্ষ গ’লকীপাৰ অলিভাৰ কান আদি কৰি মেথিয়াছৰ নেতৃত্বত সেইবাৰ দলত আছিল ব্ৰেহমি, হেছলাৰ, মূলাৰ, বুছৱাল্ড, কহলাৰ, ৱাগনাৰ, ক্লিনছমেন আদি নিৰ্ভৰযোগ্য আৰু অভিজ্ঞ অনেক ন-পুৰণি খেলুৱৈ৷ তৎসত্ত্বেও, ৭৫মিনিটত বুলগেৰীয়াৰ হৈ ষ্টইচকভে সমতা স্থাপন কৰি পেলালে৷ অলপ পিছতে, ৭৮মিনিটত লেট্‌চকভৰ জৰিয়তে জাৰ্মান বেহু ভেদ কৰি বুলগেৰীয়া দলটোৱে উপৰ্যুপৰি জাৰ্মান নেটত আৰু এগ’ল সুমুৱালে৷ সেই মুহূৰ্তত ইলেকট্ৰিক চক্‌ খোৱাৰ দৰেই লাগিল মোৰ৷ আৰু তাৰ পিছত? আপ্ৰাণ চেষ্টা কৰিও জাৰ্মানীৰ শেষ ৰক্ষা নহ’লগৈ৷ ইপিনে খেল শেষ৷ সমাপ্তিৰ দীঘলীয়া হুইচেলটো শুনাৰ লগে লগে দুহাতেৰে মুখখন ঢাকি ধৰিলোঁ বহুপৰ৷ নাজানো কিমান পৰ৷ কি হৈ গ’ল এয়া! বিগত বৰ্ষত দেখোন বিশ্ব-চেম্পিয়ন আছিলোঁ আমি৷ আৰু আজি! ধিক্‌!

ভাবিব নোৱাৰা এক পৰাজয়ৰ গ্লানিত মই বৰ বেছি পৰিমাণে মৰ্মাহত হ’লোঁ৷ বুজাব নোৱাৰাকৈ অন্তৰত দুখ লাগিল সেইদিনা৷ মানি লোৱাটো যেন টান হৈ পৰিল! এশ শতাংশই আশা কৰা জয়লাভৰ পৰিণতি হ’ল দেখ দেখ পৰাজয়৷ এনেকুৱাওনো হয়নে? কল্পনা কৰিছিলোঁ, জাৰ্মানী এইবাৰ নিৰ্ঘাত বিশ্বকাপ বিজয়ী হ’ব৷ সেয়ে হ’লে চেলিব্ৰেট কৰিম বুলি কলিকতা (আজিকালি কলকাতা)ৰ পৰা হেঁপাহেৰে Passport Scotchৰ বটল এটা কিনি আনি থৈছিলোঁ৷ কিন্তু সেই আশাত চেঁচাপানী ঢালি মোৰ দলটোৱে বিদায় ল’লে কোৱাৰ্টাৰ ফাইনেলতে৷

মনৰ দুখতে পিছদিনা অৰ্থাৎ ১১.৭.১৯৯৪ তাৰিখে বটলটো উলিয়ালোঁ৷ চালোঁ, কি কৰা যায়? এক মুহূৰ্ত ভাবিলোঁ৷ তাৰ পিছত চিপ্ৰাংডাল লৈ ঘৰৰ চৌহদৰ ফুলনিখনত সোমাই পৰিলোঁ৷ আৰু চাবলৈ নাই৷ নিজেই গাঁত এটা খন্দাত লাগি গ’লোঁ৷ আৰু বটলটো মাটিৰ তলত পুতি পেলালোঁ৷ আশা পূৰণ কৰিব নোৱাৰাৰ দুখত হেঁপাহৰ বস্তুটোক মই নিজ হাতে কবৰ দি দিলোঁ৷ তাৰ লগে লগে মই দৃঢ় সংকল্প ল’লোঁ যে যিদিনাখন জাৰ্মানীয়ে চতুৰ্থবাৰৰ বাবে ৱ’ৰ্ল্ড চেম্পিয়নৰ খিতাপ অৰ্জন কৰিব সেইদিনাহে এই বটলটো খান্দি উলিওৱা হ’ব৷ তাৰ আগলৈকে এইটো এটা ৰহস্য হৈয়ে থাকিব৷ কোনেও গম নাপাব, ক’ত শুই আছে মোৰ হেঁপাহ, মোৰ আশা৷

বহুতে জানিছে বা শুনিছে, মই এটা মদৰ বটল মাটিত পুতি থোৱা বুলি৷ কিন্তু বহুতে নাজানে ইয়াৰ অন্তৰালৰ সত্য কাহিনী৷ সুযোগ পাই আপোনালোকক জনালোঁ৷ আনহাতে এতিয়া যদি হিচাপ কৰি চায়, তেনেহ’লে সহজেই ওলাই পৰিব যে ইতিমধ্যে এই Scotchৰ বটলটোৱে মাটিৰ তলত সম্পূৰ্ণ ১৮টা বছৰ নিঃশব্দে অতিক্রম কৰিছে৷ তাৰ মানে মোৰ জাৰ্মানীও তেতিয়াৰ পৰা এতিয়ালৈ বিশ্ববিজয়ী হ’বই পৰা নাই৷ আৰু ময়ো মোৰ প্ৰতিজ্ঞা ভংগ কৰা নাই৷ নকৰোঁও৷

অৱশেষত Pasadenaৰ Rose Bowl Stadiumত USA 1994ৰ ফাইনেলৰ নিৰ্ধাৰিত সময়ত হোৱা গ’লশূন্য খেলখনত ব্ৰাংক’, বেবেট’, ডুংগা, চান্তোচ, ৰোনাল্ড’ আদিৰে পুষ্ট ব্ৰাজিলে ইটালীক Penalty shoot-outৰ জৰিয়তে ৩-২গ’লৰ ব্যৱধানত পৰাজিত কৰি USA 1994 World Cupৰ চেম্পিয়ন হোৱাৰ লগতে বিশ্বকাপ বিজয়ীৰ খিতাপ চতুৰ্থবাৰৰ বাবে অৰ্জন কৰিবলৈ সক্ষম হয়৷ প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ বিবেচিত হৈ ব্ৰাজিলৰ ৰোমাৰিঅ’ই গ’ল্ডেন বল লাভ কৰিলে৷ হ’ল্ডাৰ জাৰ্মানীৰ দশা তেনেকুৱা হোৱাটোৱে মোক বৰ কষ্ট দিলে৷ তথাপি ব্যথাভৰা মনেৰেই এইবাৰ মই প্ৰতিজ্ঞা কৰিলোঁ, পৰৱৰ্তী France 1998 World Cupৰ আগতে নিজৰ এখন গাড়ী কিনিম৷ গাড়ী কিনাটো নিশ্চয় মোৰ বাবে মামূলি কথা নহয়৷ তৎসত্ত্বেও লক্ষ্য সন্মুখত ৰাখি মই আগন্তুক দিনবোৰত কাম কৰি যাম৷

স্পৰ্টচ মেগাজিন মই ভাল পাওঁ৷ খেল চলি থকাৰ সময়ত ক্রীড়া আলোচনী কিছুমান সেইবাৰো সংগ্ৰহ কৰিছিলোঁ৷ সেইবোৰৰ পৰা ছবিসমূহ কাটি উলিয়ালোঁ৷ গোটেইখিনি সজাই পৰাই নিজ হাতে ৪ফুট x ৩ফুট চাইজৰ দ্বিতীয় এখন World Cup Poster তৈয়াৰ কৰিলোঁ USA 1994ৰ স্মৃতি জীয়াই ৰখাৰ মানসেৰে৷ সেই Posterখন আজিও চাব পৰাকৈ মোৰ ঘৰত দেৱালত ওলোমাই থোৱা অৱস্থাত আছে৷

(৪)

বিশ্বৰ সৰ্বাধিক জনপ্ৰিয় খেল ফুটবলৰ ‘শ্ৰেষ্ঠত্বৰ মহাৰণ’ বিশ্বকাপক লৈ ১৯৮৬চনৰে পৰাই মই একোটা প্ৰতিজ্ঞা কৰি আহিছোঁ৷ সেই বিষয়ে আপোনালোকে ইতিমধ্যে জানিছেই৷ USA 1994ৰ শেষত সংকল্প আছিল যে France 1998 World Cupৰ আগতে নিজাববীয়াকৈ এখন গাড়ী কিনিম৷ গাড়ী এখনৰ মোৰ প্ৰয়োজন হৈ পৰিছে৷ এতিয়া সুযোগ পাই আপোনালোকক কওঁ যে চতুৰ্থবাৰৰ উক্ত শপত-বাক্যৰ সন্মান মই ঠিক ঠিক ৰক্ষা কৰিব পাৰিলোঁ৷ মাৰুতী ৮০০ এখন কিনা হ’ল, ১৯৯৬ত৷ সেই একমাত্ৰ গাড়ীখনকে আজিও মই চলাই আছোঁ৷ ৰ’দ-বৰষুণ, বতাহ-ধুমুহা নেওচি৷ ব্যক্তিগতই হওক, ৰাজহুৱাই হওক, কাম-কাজত দিহিঙে-দিপাঙে দৌৰিবৰ বাবে সেইখনেই মোৰ একমাত্ৰ সাৰথি৷ চাওঁতে চাওঁতে সেইখনৰো বয়স প্ৰায় ১৭-১৮বছৰেই হ’লহি! গাড়ীখনৰ ৰেজিষ্ট্ৰেচন নম্বৰ AS 09 3116৷ ৰং বগা৷ পিছফালৰ আইনাখনত জাৰ্মান দেশৰ চিহ্ন এটা আছে৷ আগতে সেইটো ঘূৰণীয়া আছিল৷ জাৰ্মানীৰ মই সমৰ্থক বাবেই কথাটো তেনেকুৱা৷ সেয়াই হয়তো বিশেষত্ব৷ তেনেকুৱা চিহ্ন অঁকা শুধ বগা পুৰণি মাৰুতী ৮০০ আপোনাৰ চকুত কেতিয়াবা ক’ৰবাত পৰিলে জানিব, নিশ্চয়কৈ সেইখনেই মোৰ বাহন৷ ময়ো তাৰ ওচৰে-পাজৰেই কিবা কামত ব্যস্ত থাকিম৷ দেখা পালে অনুগ্ৰহ কৰি মাত এষাৰ দিব দেই৷ মই মোৰ সোঁহাতখন এতিয়াই আপোনালৈ আগুৱাই থৈছোঁ৷ বেলেগ একো ভাবিব নালাগে৷ ফুটবলক ভাল পোৱা মই সাধাৰণ এজন মানুহহে মাত্ৰ৷

বিগত বিশ্বকাপত মুখ ঠেকেচা খাইছিলোঁ৷ বেচ মনত আছে৷ কিন্তু খেলতযে জয়-পৰাজয় থাকেই৷ গতিকে সেইবোৰ পাহৰি ফ্ৰান্সলৈ মনত বল বান্ধি ওলালোঁ, এটা নতুন আশাৰে৷ হয়, জাৰ্মানীৰ সপক্ষেই৷ বিভিন্ন কাৰুকাৰ্যৰ কাৰ্টুন, ফেষ্টুনৰ উপৰি গ্ল’ চাইনব’ৰ্ড এখনো সেইবাৰ নিজ হাতে প্ৰস্তুত কৰি পেলালোঁ৷ ফুটবল-উৎসৱটিৰ বাবে ঘৰখন সজাই-পৰাই তোলাই উদ্দেশ্য৷ আন আন বাৰৰ দৰে বন্ধুসকল আহিল৷ লগতে আন বিভিন্নজন৷ পৰিচিত-অপৰিচিত৷ কোনো কোনোজন বয়োজ্যেষ্ঠ৷ কনিষ্ঠ কোনো কোনো৷ সকলোৱে ফুটবলক প্ৰাণেৰে ভাল পায়৷ ভাল লাগে এই কথাটো৷ দৰ্শকসকলৰ মাজত বিশিষ্ট ব্যক্তিৰ উপস্থিতি মোৰ বাবে আন এটা আনন্দদায়ক কথা আছিল৷ ফটোত দেখা তাৰে কোনোবাজনক আপোনালোকে হয়তো চিনি পাব৷ ফুটবল আৰু মানুহৰ জীৱন বহুতো কথাত মিলে, নহয়নে? সেয়েহে বয়সৰ প্ৰভেদ বাদ দি সকলোৱে সমিলমিলেৰে খেলসমূহ উপভোগ কৰাত লাগিলোঁ৷ ফটোগ্ৰাফ সংৰক্ষণ কৰাটো মোৰ আকৌ অন্যতম পুৰণি এটা চখ৷ গতিকে কেমেৰা এটা লগত লৈ মাজে-মধ্যে দৰকাৰী মুহূৰ্ত কিছুমানো ক্লিক্‌ কৰি গ’লোঁ৷ সেই দেখিহে এতিয়া আপোনালোককো সীমিতসংখ্যক কেইখনমান দেখুৱাব পাৰিছোঁ৷

প্ৰতিযোগিতা আৰম্ভ হ’ল ১০জুন তাৰিখে৷ ব্ৰাজিল আৰু স্কটলেণ্ডৰ খেলেৰে৷ উল্লেখযোগ্য যে সেইবাৰ মুঠ প্ৰতিযোগী দল আছিল ৩২টা৷ আগৰ ২৪টাৰ ঠাইত ৩২টালৈ বাঢ়িছে, ফিফাৰ বুৰঞ্জীত প্ৰথমবাৰৰ বাবে৷ তাৰ মানে আৰু ৮টা দল বা ৮খন দেশে নিজৰ ক্রীড়া-নৈপুণ্য প্ৰদৰ্শন কৰাৰ নতুনকৈ সুযোগ পাইছে৷ পিচে আমাৰ দেশখনে কোৱালিফাই কৰিব নোৱাৰাটোৱেহে মনত বৰ বেজাৰ লগায়৷ খঙো উঠে কেতিয়াবা৷ ইমান মানুহ, অথচ ফুটবল বিশ্বযুদ্ধলৈ দৰকাৰী ১১জন নাই! এনেকৈ হয় নেকি? ইয়াৰ কাৰণ বিচাৰিব লাগে৷ ইনফ্ৰাষ্ট্ৰাকচাৰ গঢ়ি তুলিব লাগে৷ ফুটবলৰ উন্নয়ন হ’ব লাগে।

মোৰ দল জাৰ্মানী সেইবাৰ গ্ৰুপ এফত৷ লগত অৱস্থান কৰিছে যুগোশ্লাভিয়া, ইৰাণ আৰু ইউ.এছ.এ.ই৷ Juergen Klinsmann নেতৃত্বাধীন দলটোত সেইবাৰ প্ৰবীণ খেলুৱৈ Lothar Matthaeus, Thomas Haessler, Juergen Kohler, Andreas Moeller আদি আছিল৷ লগত আছিল Oliver Bierhoff, Markus Babbel আদি তুলনামূলকভাৱে নবীন আৰু প্ৰতিশ্ৰুতিসম্পন্ন খেলুৱৈ৷ যুগোশ্লাভিয়াৰ সৈতে সমান সমান ৭ পইণ্ট লৈ গ্ৰুপৰ পৰা ৰাউণ্ড অব ছিক্সটিনত ভবামতেই দলটোৱে নিজৰ প্ৰৱেশ ঘটালে৷ তাৰ পিছত আহিল দ্বিতীয় ৰাউণ্ডৰ নক-আউট খেল৷ সেইখনত প্ৰথমতে নিজে এগ’ল খাই থাকিও পিছত বিপক্ষ মেক্সিকোৰ নেটত দুগ’ল সুমুৱাই হৰুৱালে৷ উপনীত হ’ল কোৱাৰ্টাৰ ফাইনেলত৷ কিন্তু পুনৰ সেই অশোভনীয়, অপ্ৰত্যাশিত দিনটো উপস্থিত! কোৱাৰ্টাৰ ফাইনেলত ক্র’ৱেচিয়াৰ হাতত ৪.৭.১৯৯৮ তাৰিখে জাৰ্মানী বিধ্বস্ত হ’ল ৩-০গ’লত৷ ভাবিবলৈকোযে টান! ক্র’ৱেচিয়াৰ Robert Jarni, Goran Vlaovic, Davor Sukerক সেইদিনা ৰোধিবলৈ যেন অক্ষম হৈ পৰিল মোৰ দল জাৰ্মানী৷ আশাত চেঁচাপানী ঢালি বিশ্বকাপৰ পৰা সেইবাৰলৈ মেলানি মাগিলে দলটোৱে৷ স্বাভাৱিকতে পুনৰ এক লজ্জাজনক সময় আহি পৰিল মোৰ বাবে৷ ১৯৯৪তে কবৰ দিয়া Passport Scotchৰ বটলটোলৈ মনত পৰি দুচকু সেমেকি উঠিল৷ সি এইবাৰ ওলাই নাহিল! বিপৰীতে আৰু ৪টা বছৰৰ বাবে আত্মগোপন কৰিব লাগিল মাটিৰ তলতে৷

বুজোঁতাই বুজে, প্ৰতিযোগিতাত নিজৰ সমৰ্থিত দলটোৰ অনুপস্থিতি কিমান যে অসহনীয়! মোৰো অনুভূতি বেলেগ নহয়৷ তৎসত্ত্বেও ধৈৰ্য ধৰি বাকী খেলসমূহ উপভোগ কৰি গ’লোঁ ৰাইজৰ সৈতে৷ আশাক ভৱিষ্যতলৈ ঠেলি দিলোঁ, পুনৰবাৰ৷ অৱশেষত ১২জুলাই তাৰিখে Parisৰ Stade de France Stadiumত চূড়ান্ত খেলখন অনুষ্ঠিত হ’ল৷ ঘৰুৱা দল Didier Claude Deschampsৰ ফ্ৰান্সে Carlos Caetano Bledorn Verri (Dunga)ৰ ব্ৰাজিলক ৩-০গ’লৰ পৰিষ্কাৰ ব্যৱধানত ধৰাশায়ী কৰি 16th FIFA World Cupৰ চেম্পিয়নশ্বিপৰ খিতাপ পোনপ্ৰথমবাৰৰ বাবে অৰ্জন কৰিলে৷

খেলৰ মাজৰ দিনবোৰতে এদিন চিন্তা কৰিছিলোঁ, মাহজুৰি ইমানবোৰ মানুহে মোৰ ঘৰত খেল চাইছেহি৷ ফাইনেলৰ বাবে ভিতৰত ঠাইৰ নাটনিয়ে হৈ পৰিছে৷ সেই হেতুকে বাহিৰত ব্যৱস্থা কৰিব লগা হৈছে৷ ফাইনেলৰ অন্তত আমাৰ দৰ্শকসকলৰ বাবেও কিবা এটা কৰা যাওক৷ বিশ্বকাপৰ স্মৃতিচিহ্ন হিচাপে যাতে সকলোৱে সৰু হ’লেও কিবা এটা নিজৰ ঘৰলৈ লৈ যাব পাৰে, তাকে ভাবি উপস্থিতসকলৰ মাজত লৰালৰিকৈ লটাৰী খেল এখনৰ আয়োজন কৰি পেলালোঁ ফাইনেলৰ পিছতে৷ সেই ধাৰা আজিও অব্যাহত আছে৷

আগতে প্ৰত্যেকবাৰে কৰি অহাৰ দৰে বিশ্বকাপৰ অন্তত এইবাৰ মই প্ৰতিজ্ঞা কৰিলোঁ… পৰৱৰ্তী Korea-Japan 2002 ৱৰ্ল্ড কাপৰ আগতে এটা নতুন ঘৰ কৰিম৷ এইবাৰো ক্রীড়া আলোচনীৰ সহায়ত প’ষ্টাৰ এখন তৈয়াৰ কৰিলোঁ৷ ৪ফুট x ৩ফুট জোখৰে৷ সেইখন মোৰ তৃতীয়খন World Cup প’ষ্টাৰ৷ তাক এতিয়াও সযতনে সংৰক্ষণ কৰি ৰাখিছোঁ৷ সেইবোৰেই মোক লৈ যায় ১৯৯৮চনলৈ আৰু মুহূৰ্তবোৰ চকুৰ আগত ভাহি উঠে৷ সেই সোঁৱৰণিৰে প্ৰকাশ আজি এয়া, আপোনালোকৰ আগত৷

(৫)

Korea-Japan 2002 World Cupৰ আগতে এটা নতুন ঘৰ কৰিম৷ ঈশ্বৰক ধন্যবাদ৷ ফ্ৰান্স বিশ্বকাপৰ সময়তে কৰা পঞ্চমবাৰৰ উক্ত প্ৰতিজ্ঞাও ৰক্ষা কৰিবলৈ সমৰ্থ হ’লোঁ৷ ঘৰে-মাটিয়ে প্লট এটা পাই কিনি পেলালোঁ৷ আমাৰ ঠাইখন পাহাৰীয়া যদিও এই ঘৰটোৰ সন্মুখৰ ভাগ সমান আৰু মুকলি৷ সন্মুখেৰে মূলপথ সংযোগী এটা উপপথ৷ সিপাৰে পুলিচ ৰিজাৰ্ভ৷ ঘৰ বুলিলে মোৰ মনটোৱে কল্পনা কৰা পদূলি, চোতাল, গোহালি, ফুলনি, শাকনি, খেল-ধেমালি কৰা ঠাই সকলোফালৰ পৰাই দেখোন প্লটটো উপযোগী৷ তাৰোপৰি দেখিলোঁ, ইয়াত মোৰ আয়োজন স্বাভাৱিকতে আগতকৈ জোৰদাৰ হ’ব৷ নতুন ৰূপত আগ বঢ়াই নিব পাৰিম মোৰ আয়োজন৷ সেয়ে লৈ ল’লোঁ৷

মে’ মাহৰ ৩১ তাৰিখৰ পৰা জুন মাহৰ ৩০ তাৰিখলৈ কোৰিয়া আৰু জাপান, এই দুয়ো দেশৰ যুটীয়া উদ্যোগত বিশ্বকাপৰ খেলসমূহ চলিবলৈ ধৰিলে৷ ৩২টা জাতীয় দল, ২০খন পথাৰ৷ আপোনালোকেও জানে চাগৈ, সেইবাৰেই পোনপ্ৰথমবাৰলৈ এচিয়া মহাদেশত বিশ্বকাপ ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল৷ পূৰ্বৰ বিজয়ী ফ্ৰান্স আৰু সহ-আয়োজক হিচাপে দক্ষিণ কোৰিয়া আৰু জাপানক মূল প্ৰতিযোগিতাত পোনপটীয়াভাৱে স্থান দিয়া হৈছিল৷ বাকী ২৯টা স্থানৰ বাবে qualify কৰিবলৈ বিশ্বৰ ১৯৯টা জাতীয় দলে আগতীয়াকৈ মূল প্ৰতিযোগিতাৰ বাহিৰত তুমুল প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ’ব লগা হৈছিল৷ ফুটবলৰ এই মহাৰণত নিজ দেশৰ অংশ গ্ৰহণ কিমান গুৰুত্বপূৰ্ণ, কিমান সন্মানৰ প্ৰশ্ন, তাৰ পৰাই সহজে বুজিব পাৰি৷

ইফালে এমাহজোৰা উৎসৱটোৰ বাবে মই মোৰ নিয়মীয়া আয়োজনখিনিও সময়মতে সম্পন্ন কৰি গ’লোঁ৷ আনবাৰৰ দৰে প’ষ্টাৰ, ফেষ্টুন প্ৰস্তুত কৰিলোঁ৷ ১৯৯০ৰ পৰাই একাদিক্রমে কৰি অহাৰ দৰে বিশ্বকাপৰ সময়ত পিন্ধিবৰ বাবে ষ্টেনচিল কাটি নিজৰ গেঞ্জীত বিশ্বকাপৰ চিহ্ন আঁকিলোঁ৷ কষ্টকৰ কাম যদিও সেইবাৰ বন্ধু প্ৰদীপ সিংহলৈও উপহাৰ হিচাপে এটা তৈয়াৰ কৰিছিলোঁ৷ ১৯৮৬ত বোকাজানত খুৰাৰ ঘৰত পোনপ্ৰথমবাৰৰ বাবে বিশ্বকাপৰ খেল চাবলৈ যাওঁতে তেওঁ মোৰ সংগী আছিল৷

আগৰ কেইবাখনো বিশ্বকাপত মোৰ প্ৰিয় দল জাৰ্মানীৰ অৱস্থা শোচনীয় হৈছিল৷ কোৱাৰ্টাৰ ফাইনেলতে অপ্ৰত্যাশিতভাৱে বিদায়! তেনে আশাভংগৰ ফলশ্ৰুতিতেই চাগৈ মনটো সেইবাৰ আৰম্ভণিৰে পৰাই কিবা নিৰাশ নিৰাশ ভাব এটাই হেঁচা মাৰি ৰাখিছিল৷ তথাপিও মোৰ সমৰ্থিত দল সদায় জাৰ্মানীয়েই৷ হাৰকেই বা জিককেই৷ কাৰণটোও কৈ আহিছোঁৱেই আগতে৷

প্ৰথমৰে পৰাই বন্ধুসকলৰ লগত 17th FIFA World Cupৰ খেলসমূহ উপভোগ কৰি গ’লোঁ৷ কিন্তু প্ৰথম খেলতেইযে অঘটন! ডিফেণ্ডিং চেম্পিয়ন ফ্ৰান্সক ১-০গ’লত হৰুৱালে স্বল্পখ্যাত দল চেনেগালে৷ আৰ্জেণ্টিনা, পৰ্তুগাল, ৰাছিয়া, উৰুগুৱে আদিয়েও গ্ৰুপ ষ্টেজৰ পৰাই প্ৰস্থান কৰিলে সেইবাৰ৷ মোৰ জাৰ্মানী আছিল ই-গ্ৰুপত৷ জাৰ্মানী, আয়াৰলেণ্ড, কেমেৰুণ আৰু চৌডি আৰব একেটা গ্ৰুপত৷ গ্ৰুপত শীৰ্ষস্থান লাভৰ সূত্ৰে জাৰ্মানী ৰাউণ্ড অব ছিক্সটিনলৈ উঠিল৷ দ্বিতীয় ৰাউণ্ডৰ নক আউট খেলখনত জাৰ্মানীয়ে হৰুৱালে পাৰাগুৱেক, ১-০গ’লত৷ তাৰ পিছত কোৱাৰ্টাৰ ফাইনেলত মুখামুখি হ’ল ইউ.এছ.এ.ৰ৷ ইউ.এছ.এ.কো পৰাস্ত কৰিলে, ১-০গ’লত৷ কৰিলে ছেমি ফাইনেলত পদাৰ্পণ৷ মুখামুখি হ’ল ঘৰুৱা দল দক্ষিণ কোৰিয়াৰ৷ দক্ষিণ কোৰিয়াকো হৰুৱাই দিলে ১-০গ’লত৷ ফাইনেল পাই গ’ল!

অ’, কথা বিষমেই হ’ল দেখোন! অকল মই নহওঁ, বিশ্ববাসী বেছিসংখ্যক মানুহেই ধাৰণা নকৰাকৈয়ে Korea-Japan 2002 World Cupৰ ফাইনেলত ব্ৰাজিল আৰু জাৰ্মানী মুখামুখি হ’ল৷ মোৰ এটা সপোন আছিল, যেতিয়াৰ পৰা ৱৰ্ল্ড কাপ চাই আহিছোঁ, তেতিয়াৰ পৰাই ভাবিছিলোঁ, জাৰ্মানী কেতিয়া ব্ৰাজিলৰ মুখামুখি হ’ব ? উত্তৰ পালোঁ এইবাৰ৷ তাতে আকৌ ফাইনেল! সঁচাকৈ, মই আনন্দত আত্মহাৰা হৈ পৰিলোঁ৷

ফাইনেল খেলৰ আগদিনা, সত্যৰ খাতিৰতে ক’ব লাগিব, মোৰ বন্ধুবৰ্গ প্ৰদীপ সিংহ, অৰূপ কলিতা, সুধাংশু ৰঞ্জন দে’ আদিৰ লগত মই সুৰাপান কৰি আছিলোঁ৷ তাতো অৱশ্যে চলিছিল পিছদিনাৰ ফাইনেলখনৰে গৰম আলোচনা৷ তেনেকুৱা এটা অৱস্থাত হঠাতে মই ব্ৰাজিল আৰু জাৰ্মানীৰ মাজত যিকোনো বাজী ধৰিবলৈ ৰাজী হ’লোঁ৷ প্ৰত্যেকবাৰ প্ৰতিজ্ঞা কৰাৰ দৰে সেইদিনা মই মোৰ জীৱনৰ সকলোতকৈ ডাঙৰ বাজী মাৰি দিলোঁ৷ স্বীকাৰ কৰি ল’লোঁ যে Yokohamaৰ International Stadiumত কাইলৈ ৩০.৬.২০০২ তাৰিখে ব্ৰাজিলৰ লগত ফাইনেলত জাৰ্মানী যদি হাৰি যায়, মই সুৰাপানৰ পৰা বিৰত থাকিম৷ যেতিয়ালৈকে চতুৰ্থবাৰৰ বাবে বিশ্বকাপ বিজয়ীৰ খিতাপ জাৰ্মানীয়ে অৰ্জন নকৰে, তেতিয়ালৈকে মই সুৰাপান নকৰোঁ৷

প্ৰতিজ্ঞা শিৰত লৈ খেলখন চাবলৈ বহিলোঁ৷ আৰু অৱশেষত! ব্ৰাজিলে জাৰ্মানীক ২-০ গ’লত হৰুৱাই পঞ্চমবাৰৰ বাবে বিশ্বকাপ বিজয়ীৰ খিতাপ অৰ্জন কৰিলে৷ মোৰ সকলো সপোন ভাগি-ছিগি চূৰমাৰ হৈ গ’ল৷ ভৰিৰ তলৰ পৰা যেন পৃথিৱীখনেই নাইকিয়া হৈ গ’ল! তেনে লাগিল৷

জাৰ্মানীৰ কেপ্টেইন, গ’লকীপাৰ অলিভাৰ কানৰ অক্লান্ত প্ৰচেষ্টাতে জাৰ্মানীয়ে সেইবাৰ বিশ্বকাপত ফাইনেল পৰ্যন্ত আগুৱাবলৈ সক্ষম হৈছিল৷ আনহাতে মোৰ মনত এটা দুখ থাকি গ’ল যে ব্ৰাজিলৰ ৰ’নালডিনহোৱে ইংলেণ্ডৰ সৈতে খেলা ছেমি-ফাইনেলত ৰঙা কাৰ্ড পোৱা সত্ত্বেও ফিফাৰ সিদ্ধান্ত মৰ্মে পিছৰ খেলখন অৰ্থাৎ ফাইনেলত খেলিবলৈ সুযোগ পাইছিল৷ নহ’লেবা ফাইনেলত ৰ’নাল্ডই দিয়া দুগ’লেৰে মোৰ দল পৰাস্ত নহ’লহেঁতেন৷ সেই গ’ল দুটাত ৰ’নালডিনহোৰ অৱদান আছিল৷

যি কি নহওক, পৰাজয় নতশিৰে স্বীকাৰ কৰি ল’লোঁ৷ সেইদিনাখনৰ পৰাই মই সুৰাপান কৰাৰ পৰা বিৰত আছোঁ৷ আজিও মই প্ৰতিজ্ঞাবদ্ধ যে তেতিয়ালৈকে মই সুৰাপানৰ পৰা বিৰত থাকিম যেতিয়ালৈকে জাৰ্মানীয়ে চতুৰ্থবাৰৰ বাবে বিশ্ববিজয়ীৰ খিতাপ অৰ্জন নকৰে৷ Passport Scotchৰ বাকচটোৰ ছবিখন ইতিমধ্যে দেখি বহুতেই হয়তো ভাবি থাকিব পাৰে, মই মদ্যপানত গভীৰভাৱে আসক্ত বুলি৷ অবিশ্বাস্য হ’লেও পিছে সত্য এইটোহে যে সুৰাপানৰ পৰা সম্পূৰ্ণ বিৰত থাকি বৰ্তমানলৈ মই ১১বছৰ ৬মাহ ইতিমধ্যে অতিক্রম কৰিলোঁ৷

এইটো কথা  ঠিক যে , ফুটবলেই মোৰ জীৱনলৈ এনে এক অকল্পনীয় পৰিৱৰ্তন আনিলে৷ যাৰ কাৰণে মোৰ সংসাৰখনৰ সকলো সদস্যই আজি ভীষণ সুখী৷ আনকি মোৰ সন্দেহ হয়, মোৰ পৰিবাৰে হয়তো ৰাইজক দেখুৱাই জাৰ্মানীক সমৰ্থন কৰিলেও, জাৰ্মানীয়ে বিশ্বকাপ জিকক বুলি মুখেৰে ক’লেও, পেটে পেটে কিজানি ভাবে যে জাৰ্মানী আৰু দুটামান বিশ্বকাপৰ পিছতহে চেম্পিয়ন হওক, এতিয়াই নহয়৷ কাৰণটো বুজিছে চাগৈ৷

আনহাতে জাৰ্মানীক যিদিনা ব্ৰাজিলে ফাইনেলত হৰুৱালে সেইদিনাখনৰ পৰা মই নিতৌ ঈশ্বৰৰ ওচৰত মনে মনে এবাৰ হ’লেও প্ৰাৰ্থনা কৰি আহিছোঁ যে বিশ্বকাপটো যেন জাৰ্মানীৰ হাতত আকৌ এবাৰলৈ তুলি দিয়ে৷

এৰি অহা মুহূৰ্তবোৰৰ ফটোগ্ৰাফ আনকেইবাৰৰ দৰে সেইবাৰো সংগ্ৰহ কৰিলোঁ৷ লগতে ক্রীড়া আলোচনীৰ সহায়ত ৪ফুট x ৩ফুট আকাৰৰ চতুৰ্থ তথা অন্তিমখন World Cup Poster নিৰ্মাণ কৰিলোঁ৷ সেইখন দেখিলে এতিয়া ২০০২ৰ সেই বিশেষ মুহূৰ্তটোলৈ মোৰ মনত পৰে৷ দৃঢ়প্ৰতিজ্ঞ হৈ পৰোঁ, পুনৰবাৰ৷

দৰ্শকৰ উপস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি দুখন খেলৰ মাজৰ অৱসৰৰ সময়খিনিত ২০০২ৰ বিশ্বকাপৰ সময়ছোৱাত পোন প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছিল হাউচি খেলৰ৷ আনহাতে ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি সেইবাৰো লটাৰী খেল এখন পাতিলোঁ৷ এমাহ ধৰি সকলোৱে একেলগে বিশ্বকাপৰ খেল চোৱাৰ স্মৃতি বা প্ৰাপ্তি হিচাপে আয়োজন কৰা উক্ত লটাৰীত লাভ কৰা পুৰস্কাৰসমূহ কোনো কোনোজনৰ ঘৰত আজিও দেখা পাওঁ৷ সেইবোৰে এৰি অহা বিশ্বকাপবোৰলৈ মনত পেলাই দিয়ে৷ আৰু সেই লটাৰীয়েই সময়ৰ গতিৰ লগত গতি মিলাই আজি এক বৃহৎ ৰূপ ধাৰণ কৰিছে৷

আজিলৈ এৰোঁ, অহা সংখ্যাত ২০০৬চনৰ বিশ্বকাপত কিদৰে মোৰ আয়োজন কোঠাৰ পৰা চোতাল পালেগৈ, তাকে জনাম, তাতে আকৌ জাৰ্মানীত!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments