অনুগল্প – সুকন্যাদত্ত

একমাত্ৰ জীয়েকৰ কোঠাৰ বাহিৰত বহি শইকীয়ানীয়ে উচুপি আছিল৷ ভিতৰৰ পৰা ভাঁহি আহিছিল শইকীয়াৰ তৰ্জন গৰ্জন আৰু জীয়েকৰ হিয়াভগা কান্দোনৰ শব্দ৷ তেওঁলোকৰ উনৈশ বছৰীয়া অবিবাহিতা ছোৱালী প্ৰেমত প্ৰতাৰিত হৈ আজি অবৈধ মাতৃত্বৰ পথত৷ জীয়েকৰ ওপৰত নিজৰ খং, ঘৃণা উজাৰিও যেন ক্ষান্ত হ’ব পৰা নাছিল, শইকীয়া৷ কোঠাটোৰ পৰা ওলাই আহি এইবাৰ তেওঁ শইকীয়ানীলৈ চাই গৰজি উঠিছিল, “ বেশ্যাৰ জাত চব৷ বেশ্যাই বেশ্যাহে জন্ম দিব পাৰিবি৷” শইকীয়ানীয়েও একো তৎ ধৰিব নোৱাৰি চিঞৰি উঠিছিল, “কি লাগ বান্ধ নোহোৱা কথাবোৰ বলকিব ধৰিছা?” শইকীয়াই দুগুন জোৰে চিঞৰিছিল, “ কিয়? তুমিও জানো বিয়াৰ আগতেই মোৰ ভাড়াঘৰলৈ অহা নাছিলা, মোৰ লগত শুবলৈ? ”  শইকীয়ানীৰ মনত পৰিছিল, আঠবছৰীয়া প্ৰেমৰ অন্তত যেতিয়া তেওঁলোকৰ ঠিক হোৱা বিয়াখন কিবা কাৰণত কেইমাহমান পিছুৱাইছিল, শইকীয়াৰ মৰম, আব্দাৰ, ঠেহ পেঁচত পৰি নিজৰ ভালপোৱা আৰু বিশ্বাসৰ প্ৰমাণ দিবলৈ তেওঁ শইকীয়াই বিচৰা ধৰণে নিজকে শইকীয়াৰ ওচৰত সঁপি দিছিল৷
ত্ৰিশ বছৰীয়া প্ৰেম আৰু বিশ্বাসৰ সৌধটো নিমিষতে চুচুৰ্মৈ হৈছিল৷ মাক আৰু জীয়েকৰ কান্দোনৰ মাতদুটা হুবহু একে শুনা গৈছিল৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক