অনুগামিনী – আকাশ দীপ্ত ঠাকুৰ

দোকানখনৰ সোঁকাষৰ ঠিক আন্ধাৰ চানেকীয়াখিনিতে পাতি লোৱা কাঠৰ বেঞ্চখনৰ একাষৰ ষ্ট’ভটোৰ ওপৰৰ চচপেনটোত পানী উতলিবলৈ আৰম্ভ কৰিছিল৷ চাহ কাপৰ অৰ্ডাৰটো দিয়াৰ পাছতে মই ম’বাইলটো উলিয়াই এওঁলৈ ফোন এটা কৰিলোঁ৷ কথা বিশেষ একো নাই, মুঠতে গাড়ীখনৰ গোটেইকেইটা বেমাৰ ভাল কৰি মোৰ হাতলৈ আহে মানে আৰু প্ৰায় ডেৰ ঘণ্টা লাগিব৷ অৰ্থাৎ মই ঘৰ পাওঁগৈ মানে ৰাতি আঠ বজাটো খাটাং৷ সদায় কোৱাৰ দৰেই এওঁ আলু-পিঁয়াজ আৰু পাচলিকেইটামান লৈ আনিবলৈ ক’লে৷ বজাৰ বুলিবলৈ আন কিবা থাকক বা নাথাকক, সেইকেইটা বস্তু যেনিবা নিবই লাগিব৷ ঠিক পাণ গুমটি এখনৰ সন্মুখত সজাই থোৱা মৰ্টনৰ বটলকেইটাৰ নিচিনা৷ সেইকেইটা নাথাকিলে দোকানখনৰ সৌন্দৰ্যটোৱেই যেন নাথাকে৷ আলু-পিঁয়াজ-পাচলি নিবলৈ পাহৰিলে বজাৰৰ পৰা যেন একোৱেই নাহিল! তাকে ক’লেই যেনিবা এওঁ জাঙুৰ খাই উঠে–‘মই নিজে খাবলৈ বুলি আনিবলৈ কোৱা নাই নহয়…৷ ’ কথাষাৰ ভাবি ভাবি অকলে অকলে মোৰ হাঁহি উঠি গৈছিল৷ উভতি গৈ আকৌ সেই দোকানখনৰ সন্মুখৰ বেঞ্চখনত বহিছিলোঁহে মাথোঁ–

“দাদা, চাহ…”

চাহৰ কাপটো ল’বলৈ বুলি পিছফালে ঘূৰিয়েই মই উচপ খাই উঠিলোঁ–“সোণা…, আৰে তই ইয়াত, এনেকৈ…” একেবাৰে অপ্ৰত্যাশিত তথা অভাৱনীয় ঘটনাটোত মই তেনেই হতভম্ব হৈ পৰিলোঁ–

“তই ইয়াত, মানে এইখন দোকানতে…? এতিয়া চাহ তয়ে বাকিছিলিনে? …তই কেতিয়াৰ পৰা ইয়াত আছ?”

ছোৱালীজনীয়েও কেইটামান মুহূৰ্ত অবাক হৈ মোৰ মুখলৈ চাই ৰ’ল৷ ঠিক কেনেকৈ ইমানকেইটা প্ৰশ্নৰ উত্তৰ দিব, তাই যেন ভাবিয়ে পোৱা নাই৷ লাহে লাহে যেন তাইৰ গালে-মুখে সেই লাজুক লাজুক হাঁহিটো ভাহি উঠিল; কিন্তু মুখেৰে একো নামাতি তাই তলমূৰ হৈয়ে থাকিল৷ মই স্থিৰ দৃষ্টিৰে, চকুৰ পলক নেপেলোৱাকৈ তাইক লক্ষ্য কৰিলোঁ৷ একেই আছে তাই…নাই নাই, সিমান একে হৈয়ো থকা নাই…বহুত যেন কিবা পৰিৱৰ্তন…, কিন্তু কি পৰিৱৰ্তন? কিবা এটা যেন নাই, আগৰ সেই চঞ্চল-চপলা, মাগুৰ বৰণীয়া সোণাজনী…! কি হৈ গ’ল এয়া৷ লাহে লাহে তাইৰ মুখৰ হাঁহিটো মাৰ গৈ কিবা এক অচিন বেদনা, বিষাদৰ ৰেঙনিয়ে যেন গোটেইজনী আৱৰি ধৰিব খুজিলে৷ ঠিক এই চাৰে পাঁচ বজাৰ সময়ত বুৰ যোৱা বেলিটোৰ আঁৰৰ সেমেকা পোহৰ অকণমানে গোটেই পৰিৱেশটো, চৌপাশৰ বাগানখন যেনেকৈ আৱৰি ধৰিব খুজিছে, ঠিক তেনেকৈ…৷

“চাহ ঠাণ্ডা হৈ যাব দাদা৷ ”

তাইৰ মাতটোও সেই একেই আছে…৷ হয় জানো? ময়ে চব পাহৰি পেলাইছোঁ নেকি? নাই, নাই, তাইক মই কেনেকৈ পাহৰিম৷ ক্ষণিকৰ বাবে মোৰ চিন্তাত আউল লাগি গ’ল৷ মই ঠিক এইখিনিলৈ আহোঁতেতো দোকানখনত সৰু ল’ৰা এটাহে আছিল৷ চাহ কাপৰ কথাতো মই তাকহে কৈছিলোঁ৷ ক’লৈ গ’ল সি এতিয়া? কেতিয়া আৰু কোনফালেৰে আহি তাই দোকানখনত সোমাই চাহ বাকি আছিলহি, মইতো একো ক’ব নোৱাৰোঁ৷ আৰু তাইয়েইনো কেনেকৈ ভাবিব, আজি ইমান বছৰৰ মূৰত…৷

তাই যেন কিবা এটা সুধিব খুজিছে৷ এবাৰ মোলৈ চায়, আকৌ তলমূৰ কৰে৷ লাহে লাহে যেন নিজকে কিছু চম্ভালি লৈ তাইৰ মুখেদি প্ৰশ্নটো ওলাই আহিল–“…ঘৰত ভালনে দাদা?”

মই যেন কিছু উত্তেজিত হৈ পৰিলোঁ–“ঘৰৰ কথা সুধিছ? লাজ লগা নাই তোৰ? এইখিনিতে ইমান দিন এনেকৈ থাকিলি, এবাৰো ঘৰলৈ যাবলৈ তোৰ মন নগ’লনে? তহঁতক…চব্ মিছা৷ ইমান মৰম কৰিলোঁ তোক৷ বৰমাৰে এতিয়াও কেতিয়াবা…” মোৰ মাতটো যেন হঠাৎ আৱেগিক হৈ পৰিব খুজিছিল৷ নিজকে কিছু সংযত কৰি কথাৰ সুৰটো সলনি কৰিলোঁ–“দোকানত দেখা সেই ল’ৰাটো কোন আছিল? তোৰ ভাইটো নহয়নে? সি ইমান ডাঙৰ হৈ গ’ল?”

মোৰ মনলৈ ভাহি আহিল তাইৰ মাহীমাকৰ সেই এক-ডেৰবছৰীয়া কেঁচুৱাটো৷ আমাৰ ঘৰলৈ প্ৰথমবাৰ আহোঁতে যে সি সোণাক এৰি থৈ যাব খোজা নাছিল৷ আৰু এতিয়া সি সোণাৰ লগত এয়া দোকানত বহিব পৰা হ’লহি৷

হঠাৎ মোৰ ম’বাইলটো বাজি উঠিল৷ ছাৰ্ভিচ চেণ্টাৰটোৰ মেকানিকজনে কৰিছে৷ মই এবাৰ আহিব লাগে৷ ছেঃ, ইমান দিনৰ মূৰত তাইক এনেকৈ, ইমান অপ্ৰত্যাশিতভাৱে লগ পায়ো সেয়া ভালকৈ কথা এষাৰেই পাতিবলৈ নাপালোঁ৷ লৰালৰিকৈ মই চাহকাপ খাই মানিবেগটো উলিয়াই পইচা দিব খোজোঁতে তাই ল’ব নুখুজিলে৷ আচলতে ময়ো ঠিক চাহকাপৰ পইচা দিব খোজা নাছিলোঁ৷ তাইৰ হাতত টকাকেইটামানহে দি আহিব খুজিছিলোঁ৷ গাড়ীখনৰ কামকেইটাতো আকৌ কিমান খৰচ হ’ব নাজানো৷ বৰ বেছিকৈও সাধাৰণতে টকা লৈ ফুৰা নহয়, আশে-পাশে এ.টি.এম.বোৰ থাকেইযে৷ এতিয়া আকৌ এইখিনিত…৷

সি যি নহওক, মইযে আচলতে গাড়ীখন ছাৰ্ভিচিং কৰাবলৈহে আহিছিলোঁ, আৰু এতিয়া আকৌ তালৈকে যাম বুলি তাইক আভাস এটা দি, ভায়েকক দিবলৈকে বুলি তাইৰ হাতত জোৰকৈ মই টকা তিনিশ গুজি দিলোঁ৷ খুব সোনকালে তাইক এবাৰ ঘৰলৈ আহিবলৈ কৈ মই লৰালৰিকৈ গুচি আহিলোঁ৷ প্ৰথম কেঁকুৰিটো ঘূৰিবলৈ লৈ এবাৰ উভতি তাইৰ ফালে চালোঁ৷ আন্ধাৰ চানেকীয়াখিনিতে ৰৈ তাই একেথৰে মই অহাৰ ফালে চাই আছে৷

নিজৰ অজানিতেই মোৰ মনটো গধুৰ হৈ পৰিল৷ আজি যদি মই ৰাতিপুৱাতে ছাৰ্ভিচিঙত দি থোৱা গাড়ীখন নিবলৈ বুলি এনেকৈ ইমান সোনকালে ঘৰৰ পৰা ওলাই নাহিলোঁহেঁতেন! এৰা…, গাড়ীখনৰ কামবোৰ বহুত বাকী আছে বুলি গম পোৱাৰ পাছত, তাত মানে ৱেইটিং ৰূমটোতে বহি থাকি আমনি লাগি গৈছিল৷ এনেয়ে খোজকাঢ়িবলৈ বুলি ওলাই আহি এই বাগানখনৰ ফালে সোমাই দিছিলোঁ৷ কিছুদূৰ অহাৰ পাছত হঠাৎ ঠিক গুমটি যেন লগা এই দোকানখন চকুত পৰিছিল৷ মানুহ-দুনুহ তেনেকৈ নেদেখি, কাষৰে বেঞ্চখনতে অলপ বহোঁ বুলি ভাবোঁতেই অকণমানি ল’ৰাটোক দেখিলোঁ৷ অলপ ভিতৰলৈ চকু ফুৰাই চাহৰ সৰঞ্জামবোৰ দেখি ‘চাহ একাপ হ’ব নেকি’–বুলি সোধোঁতে সি বাহিৰৰ বেঞ্চখনতে বহিবলৈ ক’লে৷ আৰু তাৰ পাছত এয়া নাটকীয়ভাৱে সন্মুখীন হৈ গ’লোঁ সোণাৰ…৷

ছাৰ্ভিচিং চেণ্টাৰৰ ল’ৰাটোৱে মোৰ গাড়ীখনৰ যিটো সমস্যাৰ কথা ক’বলৈ এতিয়া মাতি আনিছিল, সেইটোকে ভালকৈ এবাৰ বুজাই দি ক’লে যে সেই পাৰ্টছটো সলনি কৰিব লগীয়া হ’ল, মোৰ অনুমতি লাগে৷ তাৰ পাছতো একেবাৰে সাজু কৰি মোৰ হাতত গাড়ী তুলি দিয়ালৈকে আৰু প্ৰায় এঘণ্টা লাগিব৷ গতিকে…, পুনৰ সেই ৱেইটিং ৰূম, অপেক্ষা…আৰু……এতিয়াও মোৰ মনত আছে, যিদিনা সোণা প্ৰথম আমাৰ ঘৰলৈ আহিছিল, মই তেতিয়া বিয়া-বাৰু নকৰোৱা এটা উদঙীয়া ডেকা৷ পঢ়াশুনা শেষ কৰি মনে বিচৰা ধৰণে চাকৰি পাইছোঁ, ঘৰখনত ঝামেলা বুলিবলৈ একো নাই, কেৱল মা আৰু দেউতা৷ গতিকে– লগৰ ল’ৰা, আড্ডা…, ৰাতি ন বজাৰ পাছত ঘৰলৈ ওভতা…৷ আৰু সেই তেনেকুৱা এটা দিনতে, মাৰ লগ হওক বুলি আমাৰ ঘৰৰ পৰা প্ৰায় দহ কিল’মিটাৰ আঁতৰৰ ৰঙাজানলৈ বিয়া হোৱা মোৰ বাইদেউ আৰু ভিনদেউৱে সোণাক আমাৰ ঘৰলৈ লৈ আনিছিল৷ কিমান বয়স আছিল তাইৰ তেতিয়া? পাঁচ বছৰ নে ছবছৰ? হয়, ঠিক তেনেকুৱাই হ’ব৷ মাৰ পিছে পিছে কেতিয়াবা চাদৰৰ আগটোত ধৰি ঘূৰি ফুৰা সেই ফুলকুমলীয়া বয়স৷ সেইদিনা ৰাতি ন বজাত ঘৰলৈ আহি পিছফালে মুখ ধুবলৈ গৈ মাৰ কাষত ক’লা বৰণৰ অকণমানিজনীক দেখি মই অবাক হৈছিলোঁ৷ –‘এইজনী ক’ৰ ছোৱালী মা?’ তায়ো যেন মোক দেখি কিবা এটা ভয়ত নে সংকোচত মাৰ কাষতে লুকাইছিল৷

নিজৰ অজানিতে মোৰ তাইৰ প্ৰতি এটা অদ্ভ³ত মৰম সোমাইছিল; ঘৰখনৰ সকলোতকৈ ডাঙৰ ককায়েকটোৰ অন্তৰত সৰু ভনীয়েকৰ প্ৰতি যিটো মৰম থাকে, ঠিক সেইটো৷ মোৰ মা-দেউতাক বৰমা-বৰতা বুলি মাতি এনেয়ে ইফালৰ পৰা সিফাললৈ লৱৰি ফুৰা সোণাজনী লাহে লাহে ডাঙৰ হৈ আহিছিল৷ তাইৰ মাক হেনো তাইৰ জন্মৰ পাছতে ঢুকাইছিল৷ পাছত দেউতাকে আকৌ বেলেগ এজনী চপাই অনা বাবে তাইৰ মাকৰ মাক, মানে আইতাকে সেই অকণমানি কেঁচুৱাটো নিজৰ লগলৈ লৈ আনিছিল৷ দেউতাকৰ ঘৰ আৰু আইতাকৰ ঘৰৰ মাজত ঠিক আধা কিল’মিটাৰমানৰ ব্যৱধান হ’ব৷ আইতাকে আকৌ ইঘৰ-সিঘৰত কাম কৰি ফুৰে৷ বিভিন্ন কাম–বাৰিষা কাৰোবাৰ পথাৰত ৰোৱা-তোলা কাম, কাতিৰ শেষৰ পৰা মাঘৰ পহিলালৈকে ধান কটা কাম আৰু বছৰৰ বাকী সময়ত আমাৰ বাইদেউহঁতৰ ঘৰখনকে ধৰি আন কেইবাঘৰতো সেয়া ঘৰ সৰা-মচা, বাচন-বৰ্তন ধোৱা…সেইবোৰ কাম৷ সোণাই ‘নানী’ বুলি মতা বাবে তাইৰ আইতাকক আমিও চবেই নানী বুলিয়ে মাতিছিলোঁ৷ দুই-তিনি মাহৰ মূৰে মূৰে নানী আমাৰ ঘৰলৈ আহে, সোণাক চাবলৈ৷ ঘৰলৈ পুনৰ উভতি যোৱা ভাৰাটোৰ সৈতে টকাকেইটামান মই নানীৰ হাতত দি পঠাওঁ৷ সেয়া আচলতে সোণাক আমাৰ ঘৰত ৰাখিছোঁ বুলি দিয়া মাননি নহয়, তাইৰ প্ৰতি থকা আমাৰ মৰম তথা দায়িত্ববোধৰ পৰিচায়ক বুলি ভাবোঁ৷ পাছলৈ গম পাইছিলোঁ, নানীয়ে আমাৰ ঘৰৰ পৰা নিয়া টকাৰ বেছিভাগেই হেনো ৰাতিলৈ তাইৰ দেউতাকে এটুপি খাই আহি গালি-গালাজ পাৰি কাঢ়ি লৈ যায়৷ নানীয়ে নিজেও হাড়িয়া নামৰ স্থানীয় সুৰা এবিধ খাই একো ক’ব নোৱৰা হৈ থাকে৷

সোণাক আমি আমাৰ ঘৰৰ কাষৰে প্ৰাথমিক স্কুলখনত নাম লগাই দিছিলোঁ৷ সেই তেতিয়াই স্কুলত সম্পূৰ্ণ নামটো লিখিব লগীয়া হওঁতে তাইৰ উপাধিটো ‘বাউৰি’ বুলি জানিছিলোঁ৷ পাতল নীলা ইউনিফৰ্মৰ চোলাটোৰ সৈতে গাঢ় নীলা বৰণৰ স্কাৰ্ট, দুডালকৈ চুটি চুটি বেণীৰে সৈতে কেঁকোৰা চুলিখিনি…, ৰাতিলৈ মাৰ কাষতে বহি টি ভি চোৱা, বিহুৰ নামত কোনোবাই ঢোলত চাপৰ এটা মাৰিলেই চিধাই হাত দুখন মেলি কঁকাল ভাঙিবলৈ লোৱা, কেঁচুৱাৰে পৰা গাখীৰৰ সোৱাদৰ পৰা বঞ্চিত হৈ থাকি এতিয়া আমাৰ ঘৰৰ উভৈনদী গাখীৰৰ ডাঙৰ এবাতিৰে সৈতে আবেলি মুৰি এবাটি, ৰাতি আকৌ এবাটি গাখীৰেৰে তৃপ্তিৰে ভাতকেইটা খোৱা…এৰা সেইবোৰো যেন সৌ সিদিনাৰহে ঘটনা আছিল৷ আমাৰ ঘৰৰ কাষৰে ঐতিহাসিক পূজা মন্দিৰটোত হোৱা ৰাজহুৱা দুৰ্গা পূজাভাগৰ মহা নৱমী তিথিত অনুষ্ঠিত হোৱা কুমাৰী পূজালৈ মায়ে নিজে তাইক মেখেলা-চাদৰ পিন্ধাই সজাই-পৰাই লৈ গৈছিল৷ ওচৰ-পাজৰৰ বহুত চিনাকি-অচিনাকি অকণ অকণ ছোৱালীৰ মাজত তায়ো তেনেই জিলিকি পৰিছিল৷ ‘–এইজনী কাৰ ঘৰৰ কুমাৰী’–বুলি দুই-এজনে সোধা প্ৰশ্নৰ উত্তৰত মায়ে যেন মহা গৰ্বেৰে আমাৰ ঘৰৰ ছোৱালী বুলি বহুতৰে সৈতে পৰিচয় কৰাই দিছিল৷

সময় পাৰ হৈ গ’ল৷ এদিন মোৰ বিয়া বন্দৱস্ত হ’ল৷ মাহঁতৰ সৈতে ছোৱালী চাবলৈ গৈ সোণাই ভাবী নবৌয়েকৰ সৈতে সখী পাতি আহিলে৷ মহা আড়ম্বৰেৰে পতা মোৰ বিয়াখনত অভ্যাগতসকলক কাগজৰ কাপত কফি সজাই Îট্ৰ এখনত লৈ বিলোৱা, তামোল-পাণ দিয়া–মুঠতে সোণাৰো যেন ব্যস্ততাৰ শেষ নাছিল৷ আঠমঙলালৈ যাওঁতেও মোৰ ভাগিনটোৰ সৈতে আমাৰ লগ হৈছিল সোণা৷ পাছলৈ নতুন ঘৰখনত নতুন কইনাৰ সংগী হৈছিল এইজনী অকণমানি সোণা৷

…আৰু এদিন…সোণা ডাঙৰ হ’ল৷ খবৰ পঠিয়াই নানীক মাতি অনা হ’ল৷ আমাৰ ঘৰৰ যাৱতীয় নিয়ম-পৰম্পৰা, লগতে সোণা আৰু নানীৰ মানসিক পৰিতৃপ্তিৰ সৈতে ৰজিতা খুৱাই মা-দেউতাই সকলো ব্যৱস্থা কৰিলে৷ মায়ে নিজে পছন্দ কৰি তাইক এযোৰ সুন্দৰ মেখেলা-চাদৰ উপহাৰ দিলে৷ অন্য বিভিন্ন উপহাৰৰ সৈতে মই আনি দিয়া নতুন আৰ্হিৰ চেলোৱাৰ-কামিজযোৰ দেখি অন্য দুই-এজনী একে বয়সীয়া ছোৱালীৰ হেনো ঈৰ্ষাই লাগিছিল৷ সুন্দৰকৈ সকলো হৈ গ’ল যদিও…সেই তেতিয়াৰ পৰাই যেন কথাবোৰ কিছু খেলি-মেলি হৈ গ’ল৷

সোণাৰ তোলনি বিয়ালৈ তাইৰ দেউতাক-মাহীমাক আৰু ইফালে-সিফালে দৌৰি ফুৰা মাহীমাকৰ ল’ৰাটো, হয় সি তেতিয়া পাঁচ বছৰীয়াটোমান হৈছিল হ’বপায়, সিহঁত আটাইকেইটা আহিছিল৷ যাবৰ পৰত সোণাক দুদিনমানৰ বাবে থকাকৈ পঠিয়াবৰ বাবে দেউতাকে মোক কিছু বিনয়েৰে অনুৰোধ কৰিছিল৷ ময়ো বৰ বিশেষ একো নাভাবি পাছৰ মাহত তাইক নানীৰ ঘৰত নমাই থৈ আহিছিলোঁ৷ তাই নাথাকিলে আমাৰ ঘৰখনো কিবা খালী খালী যেন হৈ পৰা বাবে চাৰি দিনৰ পাছত মই এদিন গধূলি তাইক পুনৰ লৈ আনিবলৈ গ’লোঁ৷ উদং ঘৰখনত মই কাকো বিচাৰি নাপাই, ওচৰৰ কেইবাঘৰতো খা-খবৰ লৈ অৱশেষত নানীক কোনোবা এঘৰত লগ পালোঁ৷ তেতিয়াই নানীয়ে মোক কৈছিল যে দেউতাকে হেনো তাইক আৰু পঠিয়াব বিচৰা নাই৷ বহুত অত্যাচাৰ কৰিছে৷ মাহীমাকৰ ঘৰত তাই এতিয়া চাকৰণী হৈ থাকিব লগীয়া হৈছে৷ উপায়বিহীন হৈ মই নানীক বুজাই ক’লোঁ যে যেনে-তেনে তাইক এবাৰ আমাৰ ঘৰলৈ লৈ আনিব লাগে৷ লাগিলে তাৰ বিনিময়ত মই দেউতাকে যেনেকৈ বিচাৰে তেনেকৈ কিছু টকা-সিকা দি সন্তুষ্ট কৰি ৰাখিম৷ মনতে বৰ দুখ লাগিছিল৷ কথাবোৰ গম পাই মা-দেউতা, মোৰ পৰিবাৰ কাৰোৰে যেন কোনো কামতে মন নবহা হৈছিল৷

আৰু ঠিক এসপ্তাহমানৰ পাছত এদিন দুপৰীয়া নানীৰ সৈতে সোণা পুনৰ গুচি আহিল৷ এওঁৰ আগত তাই মাহীমাক আৰু দেউতাকৰ অত্যাচাৰৰ কথা বৰ্ণনা কৰি আৰু কোনোদিনেই তালৈ যাব নিবিচৰাৰ কথা কৈছিল৷ দিন-মাহ বাগৰি গ’ল৷ দিনে দিনে হেনো সিফালে নানীৰ ওপৰত দেউতাকৰ গালি-গালাজ, অত্যাচাৰবোৰ বাঢ়ি গ’ল৷ মই কিংকৰ্তব্যবিমূঢ় হৈ পৰাৰ বাদে অন্য কিবা কৰিব লগীয়া আছে বুলি নাভাবিলোঁ৷ মাজে মাজে মাত্ৰ এৰাতিৰ বাবে সোণা নানীক চাবলৈ যায়৷ ময়ে নমাই থৈ আহোঁ৷ পাছদিনাই তাই আকৌ ঘৰ ওলাইহি৷

ঠিক চাৰি-পাঁচ বছৰমানৰ পাছত এদিন দেউতাকে মোক লগ কৰি নানীৰ বহুত অসুখ হোৱা বুলি খবৰ দিলে৷ সোণাক লগত লৈ মই আৰু মোৰ পৰিবাৰে নানীৰ খবৰ ল’বলৈ গ’লোঁ৷ যাৱতীয় চিকিৎসা কৰাবৰ বাবে সকলো বন্দৱস্ত কৰি পুনৰ এসপ্তাহমানৰ বাবে সোণাক তাতে, নানীৰ লগত এৰি থৈ আহিবলৈ আমি বাধ্য হ’লোঁ৷ উপায়ো নাছিল৷ বুঢ়ীজনীৰ মুখত পানী এটুপি দিবলৈকো মানুহৰ অভাৱ৷

দহ দিনমানৰ পাছত….৷ নানীৰ অসুখ ভাল হৈ গ’ল আৰু…সোণা…, সোণা হেৰাই গ’ল৷ –‘ক’ত গ’ল তাই? কি কৰিলি তহঁতি তাইক?’ সকলো নিৰুত্তৰ৷ মই একপ্ৰকাৰ উন্মাদ হৈ গৈছিলোঁ–‘তাই মোৰ ভণ্টি আছিল, জাননে তহঁতি? কি কৰিলি…?’ নাই, ক’তো কোনেও মোক সঁচা কথা এষাৰ নক’লে সোণা কেনি গ’ল৷ ক’ত হেৰাই গ’ল সেই আজলী ছোৱালীজনী৷ বহুত গালি-গালাজ, পুলিচৰ ভয় দেখুওৱাৰ পাছত অৱশেষত নানীৰ মুখ খোল খালে–‘সোণা মহেশৰ সৈতে পলাই গ’ল৷ ’ –‘কি? ক’ৰ মহেশ সেইটো৷ ’ –‘তই নাজানিবি বাবু৷ সোণাই তাক মনে মনে ভাল পাইছিল৷ ’ –

‘মিছা, মিছা কথা কৈছ তহঁতি…৷ ’

পাছতো বহুত খবৰ ল’লোঁ, সপ্তাহৰ পাছত মাহ, বছৰ বাগৰি গ’ল; কিন্তু সোণাৰ কোনো সন্ধান নোলাল৷ বহুত দিন, প্ৰায় চাৰি বছৰমানৰ পাছত এদিন…মোৰ পৰিবাৰে সোণা থকা কোঠাটোত তাইৰ বাকছ-বিছনা এইবোৰ চাফা কৰিছিল৷ তেতিয়াই বিছনাৰ তুলিখনৰ তলত এখন ফটো ওলাল–এখন কাণত কাণফুলি পিন্ধা এটা ঠিক ওঁঠৰ-ঊনৈশ বছৰীয়া ল’ৰা৷ ফটোখনৰ পিছফালে পাণ এখিলাৰ দৰে এখন অন্তৰৰ ছবি আৰু তাৰ ভিতৰত এটা যোগচিনৰ ইফালে সিফালে দুটা নাম–সোণা আৰু মহেশ৷

আমি ভাবি পাৰ নাপাইছিলোঁ–ইমান বিশ্বাসঘাতকতা! কেতিয়া তাই এই ল’ৰাটো লগ পাইছিল? মাজে মাজে দুই-তিনিমাহৰ মূৰত তাই মাত্ৰ এৰাতিৰ বাবে নানীৰ ওচৰলৈ যায়৷ তেতিয়াইনে? ইমান আন্তৰিকতাৰে মোৰ পৰিবাৰক সকলো কথা মুকলিকৈ কোৱা ছোৱালীজনীয়ে মহেশৰ কথা এনেকৈ গোপনে ৰাখিব পাৰিলে! ইমান প্ৰেম আছিলনে সিহঁতৰ মাজত যে তাই আমাৰ সকলো মৰম-চেনেহ গছকি থৈ যাবলৈ সামান্যতম কুণ্ঠাবোধ নকৰিলে!

ম’বাইলত মই সময়টো চালোঁ৷ সাত বাজিবৰ হ’ল৷ তললৈ নামি আহি দেখিলোঁ মোৰ গাড়ীখন মেকানিকজনে বাহিৰলৈ উলিয়াব খুজিছে৷ মোক দেখি তেখেতে চাবিটো আগ বঢ়াই দি এবাৰ চলাই চাবলৈ কৈ কাষৰ ছীটতে নিজেও বহি ল’লে৷ মই মূল পথটোৰে গাড়ীখন আগুৱাই নিলোঁ৷ কাষতে বহি যোৱা মেকানিকজনে কিবা-কিবি ইটো-সিটো সুধি গৈছিল যদিও মোৰ যেন কিবা কথাবোৰত মন নবহাৰ দৰে হৈছিল৷ বাৰে বাৰে মনলৈ সেই সোণাৰ কথাবোৰকে ভাহি আহিব খোজে৷ এই মুহূৰ্ততো, গাড়ীখনৰ এই টেষ্ট-ড্ৰাইভ চলি থাকোঁতেও মই তাকেই ভাবিছোঁ…৷ সেই সময়ত যেতিয়া বহুত দিনৰ পাছত তাইক আৰু বিচাৰি নাপায় পাছত সেয়া মহেশৰ কথাবোৰো সঁচা বুলি মানি লৈছিলোঁ, তেতিয়াই মনতে এটা জেদ হৈছিল–ভৱিষ্যতে যদি তাইক ক’ৰবাত লগ পাওঁ, পোন প্ৰথমে এটা কাণতলীয়া চৰ শোধাম৷ কিন্তু পাছলৈ…সেইবোৰ কিবা অপ্ৰয়োজনীয় কথা যেন ভাব হৈছিল৷ আমি সকলোৱে হয়তো নিজৰ মনটোকে বুজনি দিছিলোঁ–থাকক, তাই য’তে আছে কেৱল সুখেৰে থাকক৷ অথচ কোনোদিনেই আমাৰ ঘৰখনৰ কোনো এজন সদস্যই তাইৰ স্মৃতি মনৰ পৰা মচি পেলাব নোৱাৰিছিল৷ অন্তৰেৰে হয়তো আটায়ে তাইক ক্ষমা কৰি দিছিল৷

আৰু সেয়েহে…ইমান দিনৰ পাছত তাইক এনেকৈ হঠাতে লগা পায়ো মই এবাৰো সুধিব নোৱাৰিলোঁ তাই তেতিয়া কিয় তেনেকৈ গুচি আহিছিল৷ মহেশৰ কথা মোক কোৱা হ’লেওতো মই নিজেই চাগৈ কিবা এটা উপায়…৷ ইমান কম বয়সতনো এনেকৈ পলাই গুচি যায়নে? …হ’ব, তাই পাছত নিশ্চয় কোনোবা এদিন আমাৰ ঘৰলৈ আহিব৷ তেতিয়া সকলোবোৰ কথা সুধিম৷ কেনেকৈ আছে তাই…সংসাৰ কেনে চলিছে…৷

উভতি আহি গাড়ীখন ঠিক-ঠাক কৰি দিয়াৰ বাবে টকা-পইচা যি য’ত হ’ল সকলোবোৰ দি কাগজ-পত্ৰ সকলো সামৰি লৈ ঘৰলৈ আহিবলৈ বুলি গাড়ী ষ্টাৰ্ট দিলোঁ৷ ছাৰ্ভিচিং চেণ্টাৰটোৰ বৃহৎ চৌহদটো পাৰ হৈ ঠিক গে’টখনেদি ঘূৰিব খোজোঁতেই হঠাৎ যেন বাঁওকাষে গে’টৰ কাষতে কোনোবা ৰৈ থকা যেন লাগিল৷ গাড়ীৰ হেড লাইটৰ পোহৰে আধা স্পৰ্শ কৰা দূৰত্বত সৌজনী…সোণা৷ কাষতে সৌটো ভায়েক আৰু…৷

মই গাড়ীখন বাটৰ কাষলৈ ৰাখি নামি আহিলোঁ৷ সিহঁতৰ কাষলৈ আহি তাইৰ মুখলৈ চাওঁতেই ঠিক তাইৰ কাষতে, আন্ধাৰখিনিত ৰৈ থকা মাইকী মানুহগৰাকীয়ে অকণমান আগুৱাই আহি হঠাৎ মোৰ ভৰিখন স্পৰ্শ কৰিলে৷ মই উচপ খাই উঠিলোঁ–‘হেই কি কৰা, কি কৰা…৷ ’ অকণমান পিছুৱাই আহি মানুহগৰাকীলৈ চালোঁ৷ মলিয়ন শাৰী এখন পিন্ধি অহা ক’লাকৈ খীণ-মীন মানুহগৰাকীক ক’ৰবাত যেন মই দেখিছোঁ! ক’ত দেখিছোঁ…? মোৰ মনটো বুজিব পাৰিয়ে নেকি তেওঁ লাহেকৈ ক’লে–

“দাদা, মোক চিনি পোৱা নাই? মই সোণা৷ ”

মই যেন গোটেই মানুহটো ভিতৰি ভিতৰি জিকাৰ খাই গ’লোঁ৷ হাত-ভৰিবোৰ চেঁচা পৰি যাবৰ উপক্ৰম হ’ল৷ একো বুজিব নোৱাৰি মোলৈ চাই মিচিকিয়াই হাঁহি থকা, মোক চাহ বাকি খুওৱা সেই ছোৱালীজনীলৈ চালোঁ৷ পুনৰ মানুহগৰাকীয়ে তলমূৰ কৰি থাকিয়ে লাজ লাজকৈ ক’লে–“এই মোৰ ছোৱালী৷ আপুনি তাইকে মই বুলি ভাবিলে৷ আৰু…এইটো মোৰ ল’ৰা৷ ”

মানুহগৰাকীয়ে ল’ৰাটো কাষলৈ টানি নি পিছফালৰ পৰা সাবটি ধৰি ল’লে৷ সি একো বুজিব পৰা নাই৷ বেঙাটোৰ দৰে আঁতৰত ৰখাই থোৱা মোৰ গাড়ীখনলৈ স্থিৰ দৃষ্টিৰে চাই আছে৷

আৰু মই…মই কি হৈ গ’লোঁ বুজিব পৰা নাই৷ মলিয়ন শাৰী পিন্ধি বেমাৰীহেন চেহেৰা এটা লৈ এইজনী সোণা মোৰ সন্মুখত; অথচ তাইৰে ছোৱালী, সেই আমাৰ ঘৰৰ পৰা গুচি অহা সোণাজনীৰ বয়সৰ এই ছোৱালীজনীকে মই…মই সোণা বুলি ভাবি লৈছিলোঁ৷ তাইৰে হাতেৰে একাপ চাহ খাই আহিলোঁ, কিন্তু এবাৰো ভাবি নাচালোঁ…, সুস্থ এটা মগজুৰে মই ভাবিব নোৱাৰিলোঁ যে আজি ইমান বছৰে সেই অকণমানি সোণাজনী কেনেকৈ একে থাকিব? মোৰ বিয়াৰ কেইমাহমান পাছতে গুচি আহিছে তাই৷ আৰু মোৰ বিয়াৰো প্ৰায় চাৰি বছৰ পাছত আমাৰ সংসাৰলৈ অহা মোৰ ল’ৰা এতিয়া ক্লাছ ছেভেন পালেগৈ৷ মোৰ মা…এতিয়া অশীতিপৰ এগৰাকী মহিলা৷ দেউতাৰ বয়স নব্বৈৰ উৰ্ধত, একপ্ৰকাৰ শয্যাগত৷

নিজকে যিমান পাৰি সংযত কৰি লৈ মই সোণাক সুধিলোঁ–“তই… ভালে আছ? আৰু মহেশ? এটা কথা নহয়, তোৰ ছোৱালীয়ে মোক কেনেকৈ চিনি পালে? কেনেকৈ তাই মোৰ ঘৰৰ খবৰ ল’লে অ’?”

শেঁতা হাঁহি এটাৰে সোণাই মোৰ মুখলৈ চালে৷ পুনৰ আগৰ দৰেই তলমূৰ কৰি তাই কৈ গ’ল–“জন্মৰে পৰা তাই সদায় আপোনালোকৰ কথাকে শুনিছে দাদা৷ মই পাপ কৰিছিলোঁ…আপোনালোকৰ কাষলৈ যাবলৈ এতিয়াও সাহস হোৱা নাই৷ ” এইবাৰ তাই ফেঁকুৰি ফেঁকুৰি এসোঁতা কান্দিলে৷ তাৰ পাছত…থোকাথুকি মাতেৰে কৈ গ’ল–“মহেশে মোক এৰি থৈ এতিয়া বেলেগৰ সৈতে…৷ মই এতিয়া বাগানত…৷ ছোৱালীজনীয়ে দোকান চায়৷ ”

নিৰ্বাক এক প্ৰস্তৰ মূৰ্তি যেন হৈ মই থিয় হৈ ৰ’লোঁ৷ পাৰ হৈ যোৱা সময়ৰ হিচাপ হেৰুৱাই ময়ো যেন এই মুহূৰ্তত এক আদ বয়সীয়া বৃদ্ধ৷ এইজনী ছোৱালীয়ে এটা ল’ৰাৰ প্ৰেমত এদিন হাবু-ডুবু খাই বহুতো নিভাঁজ মৰমক নেওচি এখন সংসাৰ পাতিছিল৷ এতিয়া তাই সেই প্ৰেমৰ চানেকিস্বৰূপ এহাল ল’ৰা-ছোৱালীক বুকুত সাবটি অনুতাপত জৰ্জড়িত৷ অথচ সেই এটা ল’ৰাই তাইৰ এবুকু প্ৰেমক প্ৰতাৰণা কৰি এতিয়া…

মোৰ উভতিবৰ সময় হৈছিল৷ সোণাৰ কাষলৈ আহি তাইৰ ল’ৰাটোৰ গালে-মুখে হাত ফুৰাই দিলোঁ৷ তাইৰ পৰা বিদায় ল’ব খোজোঁতেই…তাই যেন… ইতঃস্ততঃ কৰি মোক কিবা এষাৰ ক’ব খুজিলে–
“…দাদা…মহেশ মাজে মাজে আহে…মোৰ সৈতে কাজিয়া কৰি মোৰ ল’ৰাটো লৈ যাব খোজে…মই…মই তাক…৷ ”

মই বুজিলোঁ৷ এয়া এসময়ৰ তাইৰ নিজৰ জীৱনৰে এটি ভিন্নসুৰী পুনৰাবৃত্তি৷ প্ৰচণ্ড এক নিৰাপত্তাহীনতাই যেন তাইক গ্ৰাস কৰি আনিছে৷ এতিয়া মোৰ পৰা যেন এটি মাথোঁঁ সঁহাৰি…
“তই, মানে তহঁত আটাইকেউটা এবাৰ আমাৰ ঘৰলৈ আহি যা৷ তই যদি বিচাৰ, মই তোৰ ল’ৰাটো মোৰ লগত ৰাখি পঢ়ুৱাম৷ তেনেকৈ লৈ যাম বুলিলেই মহেশে তাক নিব নোৱাৰিব৷ এইবাৰ মই সকলো ব্যৱস্থা আগতীয়াকৈ কৰি ল’ম৷ তই চিন্তা নকৰিবি৷ ”

…গধুৰ মন এটা লৈ সিহঁতৰ পৰা বিদায় ল’লোঁ৷ নাজানো, আশাবোৰ মৰহি শিল হ’ব খোজা অহল্যাৰ প্ৰতি এয়া দাশৰথীৰ আশ্বাস নেকি৷

ওভতনি যাত্ৰাত বাৰে বাৰে যেন মোৰ মনলৈ ভাহি আহিব খোজে পাতল নীলা চোলা-গাঢ় নীলা হাফপেণ্ট পিন্ধি পিঠিত বেগ ওলমাই হাত জোকাৰি জোকাৰি আগুৱাই যোৱা এটা দেৱশিশু…“মামা…মই স্কুললৈ যাওঁ…৷”■■
~~~~~~~~~~~~~~~~~~~~~~~~~~~~
পূৰ্ব প্ৰকাশঃ সাপ্তাহিক জনমভূমি (শাৰদীয় বিশেষ, ২০১৫)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক