অনুতাপ – নাজিফ হাজৰিকা

 

২০১৪ চন৷

ঃ তই যে জয়শ্ৰীৰ লগত লেকচাৰ মাৰি থাক, প্ৰপ’জ মাৰি নিদিয় কিয়? – ৰমেনে সুধিলে প্ৰশান্তক৷
ঃ ধেই, লাজ লাগে৷
ঃ কিহৰ লাজ, মাৰি দে প্ৰপ’জ৷ পিছত পস্তাবি৷
ঃ বাৰু চাওঁচোন!

সন্ধিয়া প্ৰশান্তই জয়শ্ৰীক লগ কৰিলে ৷ নতুনকৈ খোলা ৰেষ্টুৰেটখনত বহি বেবীকৰ্ণ খাই থকা মাজতে সি তাইক কলে –
ঃ শুনাচোন জয়শ্ৰী, কথা এটা৷
ঃ কোৱা৷
ঃ মই তোমাক হয়তো ভাল পাই পেলাইছোঁ৷ তুমি আমাৰ সম্পৰ্কটোক আৰু অলপ ওপৰলৈ নিব পাৰিবানে?
ঃ কি? কি কৈছা তুমি এইবোৰ?
ঃ অ, মই ঠিকেই কৈছোঁ৷
ঃ হোৱাট ননচেন্স৷ দুদিন ফোনত সুখ-দুখৰ কথা পাতিলোঁ বুলিয়েই তুমি ইমান চল পাই গলা? তোমালোকৰ নিচিনা ল’ৰাক পাত্তা দিয়াই ভুল৷
আৰু শুনা, মোৰ বয়ফ্ৰেণ্ড আছে , শিৱসাগৰৰ হয়৷ আমাৰ ৬ বছৰৰ সম্পৰ্ক আছে৷
( লাজ আৰু অপমান পালেও প্ৰশান্তই পতকৈ নিজক চম্ভালি ললে )
ঃ হা ঃ হাঃ হাঃ , মই জানো তোমাৰ বয়ফ্ৰেণ্ড আছে বুলি৷ এনেই আজি কৈ চাইছিলোঁহে তোমাক, কি ৰিয়েকচন দিয়ানো চাওঁ বুলি৷ তুমি দেখোঁন ফেঁটী সাপৰ নিচিনা ফেট তুলি দিলা৷
ঃ ধেই প্ৰশান্ত, ইমান যে চুপতি মাৰিব পাৰা নহয় তুমি!
ঃ হা ঃ হাঃ হাঃ , মই তেনেকুৱাই৷ ৰ’বা পতকৈ বাথৰুমৰ পৰা আহোগৈ৷
বাথৰুমত গৈ সি ৰুমালেৰে চকুৰ গুৰিত থকা পানীখিনি মোহাৰি ললে৷ নিজকে আইনাত চাই কলে –
ঃ চাববাছ প্ৰশান্ত, কিছু অভিনয় কৰিব পাৰ দেই তই! অন্তৰ ভাঙি থান-বান হোৱাৰ পিছতো বিন্দাচ অভিনয় কৰি দিলি, মজ্জা৷
* * *
২০১৮ চন৷

ঃ হেই এইডাল, যাহ ইয়াৰ পৰা৷ উৎপাত লগাই নাথাক৷

ঘৰত খেদা খাই ৰোহিত প্ৰশান্তহঁতৰ ঘৰ পালেহি৷

ভনীয়েক জন্ম হোৱাৰ পিছৰে পৰাই ৰোহিতে ক’তো পাত্তা নোপোৱা হ’ল৷ ৰাতিপুৱাই দেউতাক ওলাই যায় কামলৈ, মাক ব্যস্ত থাকে কেঁচুৱাটি আৰু ঘৰুৱা কামক লৈ৷

ৰোহিত প্ৰশান্তহঁতৰ ভাড়াঘৰত থকা চাৰিবছৰীয়া শিশু৷ নিজৰ ঘৰত পাত্তা নাপালে বা উৎপাত কৰি মাৰ খালে সি চিধাই প্ৰশান্তহঁতৰ ঘৰ পায়হি৷ প্ৰশান্তহঁতৰ ঘৰত সকলোৱে তাক মৰম কৰে, প্ৰশান্তয়ো বৰ মৰম কৰে তাকে ৷ পিছে আজিকালি মৰমবোৰ অলপ কমিছে৷

আজি ৰাতিপুৱাই নতুন এন্দ্ৰইড ম’বাইলটো টিপা-টিপি কৰি খেলিমেলি কৰা কাৰণে বাপেকে তাক ঠিকছে পিটিলে৷ কান্দি কান্দি সি প্ৰশান্তহঁতৰ ঘৰ পালেহি৷

আহিয়ে প্ৰশান্তৰ ৰুমত সোমাই প্ৰশান্তৰ বস্তুবোৰ ( লেপটপ, স্কেনাৰ, বেগ) পিতিক-পাতাক কৰিব আৰম্ভ কৰিলে৷ তাৰ হাত দুখন খজুৱাই থাকে, বস্তু কিবা পালেই লিৰিকি-বিদাৰি নোচোৱালৈকে শান্তি নাপাই৷

ক’ৰবাৰ পৰা আহি ঘৰ সোমোৱা প্ৰশান্তই তাক দেখিয়েই মাথা গৰম হৈ গ’ল৷
“ ঐ, ভাগ ইয়াৰ পৰা৷ কি কৰি আছ ইয়াত? “
প্ৰশান্তৰ গালি শুনি সি মনে মনে ওলাই গ’ল৷
অলপ পাছত আকৌ সোমাই আহিল৷
ঃ মামা, বল খেলিবা? – ফুটবলটো উলিয়াই আনি সুধিলে প্ৰশান্তক৷
ঃ নেখেলোঁ, ভাগ ইয়াৰ পৰা৷ – মোবাইল টিপি টিপি প্ৰশান্তই কলে৷
ঃ বল নেখেলা? WWE খেলিবা? মই তোমাক মাৰিম, তুমি পৰি দিবা দেই! – কথাখিনি কৈ ৰোহিতে প্ৰশান্তৰ গাত জাপ মাৰি দিলে৷
ঃ ধেই এইডাল, গৰম খনত গাত লাগি নাথাক৷ চাওঁ আঁতৰ৷
প্ৰশান্তই ঠেলা মাৰি তাক আঁতৰাই দিলে৷ বেচেৰা ৰোহিত নীৰৱে ৰৈ থাকিল৷

অলপ পিছত প্ৰশান্তই ৰেজৰটো লৈ দাড়ি কাটিবলৈ পিছফালৰ বেছিনটোলৈ আহিল৷ ৰোহিতো মনে মনে পিছে পিছে আহিল৷
চেভিং ক্ৰীম লগাই প্ৰশান্তই দাড়ি কাটি থাকিল৷ দাড়ি কাটি শেষ হোৱাৰ পিছত ৰেজৰটো লৈ প্ৰশান্ত ৰুমলৈ আহিল৷
কিছু সময়ৰ পিছত ৰোহিতো সোমাই আহিল
ঃ মামা, মামা চোৱা তুমি এইটো পেলাই থৈ আহিছিলা৷ মই লৈ আনিছোঁ৷
ৰেজৰৰ কেপটো বৰ উৎসাহেৰে সি প্ৰশান্তৰ হাতত তুলি দিলে ( কিজানি প্ৰশান্তৰ পৰা অলপ পাত্তা পাই! )
প্ৰশান্তই কেপটো টেবুলৰ ওপৰত দলি মাৰি থৈ দিলে৷
মনত আঘাত পালেও ৰোহিতে আকৌ কলে
ঃ আৰু নহয়, বেছিনটোত তুমি পানী ভালকে মৰা নাছিলা, দাড়ি পৰি আছিল৷ মই টেপতো খুলি দিলোঁ, চাফা হৈ গ’ল৷
ঃ উম যা এতিয়া ইয়াৰ পৰা৷
প্ৰশান্তই ম’বাইল টিপি-টিপি কলে৷
দুখমনেৰে, আমন – জিমনকৈ ৰোহিত গৈ খিৰিকী খনৰ ওচৰত ৰৈ থাকিল, বাহিৰলৈ চাই৷

কিছুসময়ৰ পিছত প্ৰশান্ত উঠি গ’ল খিৰিকীখন মাৰিবলৈ, বাহিৰৰ পৰা বৰ জোৰেৰে বতাহ মাৰি আছিল৷
ঃ ঐ তই কি কৰি আছ ইয়াত? – ৰোহিতক ৰৈ থকা দেখি সুধিলে৷
ঃ একো নাই মামা৷ ( চকুপানী মোহাৰি হাঁহিবলৈ চেষ্টা কৰিলে )
প্ৰশান্তই তাৰ চকুলৈ চালে৷ বুকুখন তাৰ কঁপি উঠিল৷
ৰোহিতৰ চকুত প্ৰশান্তই নিজৰ অতীত দেখিলে৷ সেই ২০১৪ চনত প্ৰশান্তৰো চকুকেইটা এনেকুৱাই আছিল৷
অন্তৰ ভাঙি থান-বান হোৱাৰ পিছতো চকুলোবোৰ লুকুৱাই অভিনয় কৰাৰ প্ৰয়াস!

নিজকে মনে মনে ধিক্কাৰ দি প্ৰশান্তই ৰোহিতক কোলাত দাঙি ললে৷
ঃ ঐ, WWE খেলিবি? তই মোক মাৰিবি, মই পৰি দিম৷
ঃ উম খেলিম খেলিম৷

মনৰ উলাহত ৰোহিত গৈ জাঁপমাৰি প্ৰশান্তৰ পিঠিত উঠিলে৷ এটোপাল চকুলো প্ৰশান্তৰ পিঠিত পৰিল৷
প্ৰশান্তই বুজিলে, সেয়া আনন্দৰ চকুলো হে!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক