অনুপম জীৱনৰ সন্ধানত-(নিবেদিতা হাজৰিকা)

যি এবাৰ সাগৰৰ পাৰত ৰৈ সাগৰৰ মোহনীয় সৌন্দৰ্য উপভোগ কৰিছে তেওঁ বাৰে বাৰে মনত পুহি ৰাখে আকৌ এবাৰ সাগৰৰ পাৰত ঠিয় হৈ অপৰূপ সাগৰীয় সৌন্দৰ্য উপভোগ কৰাৰ আশা। সাগৰৰ তানে পাহৰাই ৰাখে যাত্ৰা পথৰ ক্লান্তি। মানুহৰ জীৱনটোও যেন এক সাগৰমুখী যাত্ৰা। অজস্ৰ ঘাত-প্ৰতিঘাত,জ্বালা-যন্ত্ৰণা,আশা-নিৰাশাৰে ভৰা হ’লেও জীৱনে মানুহক কৰি ৰাখে মোহাচ্ছন্ন,সকলোৰে অন্তৰত ব্যাপ্ত হৈ থাকে জীয়াই থকাৰ তীব্ৰ বাসনা। সংঘাতময় জীৱনৰ খলা-বমা,ওখোৰা-মোখোৰা পথ অতিক্ৰম কৰিও জীয়াই থকাৰ যি অদম্য হেঁপাহ সেয়া প্ৰতিজন মানুহৰ মনতেই সজীৱ হৈ থাকে। তথাপিও কেতিয়াবা জীৱন পথৰ নানা আলৈ-আহুকাল,চিন্তা-ভাৱনাৰ বাবে আমাৰ মনবোৰ অৱসাদে আৱৰি ধৰে। নিৰাশাৰ ক’লা ডাঁৱৰে যেন মনৰ জগত অন্ধকাৰ কৰি তোলে। কিন্ত্ত এই দুঃসময়ৰ ধুমুহাত বিধস্ত হৈ নপৰি সাহসেৰে মূৰ তুলি থিয় দিব পৰাতেই হ’ল জীৱনৰ সাৰ্থকতা। কিয়নো জীৱনৰ অৰ্থ স্তব্ধ হৈ পৰা নহয়, জীৱন হ’ল নদীৰ দৰেই নিৰৱধি।

পৃথিৱীত হয়তো এনে এজন ব্যক্তি নোলাব যাৰ কোনো দুখ নাই। আনন্দ-বিষাদ, সুখ-দুখ,হাঁহি-কান্দোন সকলো মিলিয়েইতো জীৱনক পৰিপূৰ্ণতা প্ৰদান কৰে। প্ৰতিজন মানুহেই জীৱনত কেতিয়াবা নহয় কেতিয়াবা মানসিক অৱসাদ (ডিপ্ৰেচন)ত ভুগিব লগা হয় বিভিন্ন কাৰণত। বৰ্তমান সময়ত টেনশ্যন শব্দটো এটা অতি চিনাকি শব্দ। ঘৰত টেনশ্যন, বাহিৰলৈ ওলাই গ’লেও টেনশ্যন, কৰ্মক্ষেত্ৰত টেনশ্যন, পৰিয়ালৰ স্বাস্থ্যৰ টেনশ্যন, ল’ৰা-ছোৱালীৰ পঢ়া-শুনাক লৈ টেনশ্যন আদি এশ এটা টেনশ্যনে মানুহক জুৰুলা কৰি ৰাখে। কিন্ত্ত সেই বুলিতো আৰু এনে সুন্দৰ মানৱ জীৱন এটা টেনশ্যনবোৰৰ মাজতে পাৰ কৰি দিব নোৱাৰি। সেয়েহে এনে অসহ্যকৰ পৰিস্হিতিৰ পৰা সকাহ পাবৰ বাবে আমি দৈনন্দিন কামৰ উপৰিও বাছি ল’ব পাৰো বিভিন্ন উপায়,গঢ়ি ল’ব পাৰো নিজৰ ৰুচি অনুযায়ী বিভিন্ন অভ্যাস।

সকলো মানুহৰ ভিতৰত সুপ্ত হৈ থাকে বিভিন্ন প্ৰতিভা, ৰুচি-অভিৰুচি ইত্যাদি। মাথোঁ সেই কথা হৃদয়ঙ্গম কৰিব পৰাটোহে আছল কথা। আমি যদি নিজৰ ৰুচি অনুযায়ী সঙ্গীত,ছবি অঁকা,বা লিখা-মেলা কৰা ধৰণৰ কিবা এটা আমাৰ দৈনন্দিন কৰ্মসূচীৰ লগত অৰ্ন্তভুক্ত কৰি ল’ব পাৰো তেতিয়া ই আমাক দৈনন্দিন কামৰ প্ৰতি উৎসাহিত কৰাৰ লগতে বিভিন্ন মানসিক চাপৰ পৰাও মুক্ত ৰাখিব। যোগ,ধ্যান,প্ৰাণায়াম আদিৰ অভ্যাসেও মানসিক চাপৰ পৰা মুক্ত কৰাৰ লগতে মনক এক সুন্দৰ অনুভূতিৰ লগত পৰিচয় কৰাই দিয়ে। ইয়াৰ উপৰিও সঙ্গীতৰ উপকাৰিতাৰ কথা সকলোৰে জানে। সঙ্গীত এতিয়া কেৱল মনোৰঞ্জনৰ বস্ত্ত হৈ থকা নাই। আধুনিক চিকিৎসা বিজ্ঞানেও ইয়াক আদৰণি জনাইছে। শাস্ত্ৰীয় সঙ্গীত ব্যৱহাৰ কৰি মানসিক উৎকৰ্ষ সাধন কৰাৰ লগতে বিভিন্ন ৰোগৰ পৰাও নিৰাময় পাব পাৰি। যদিও আমাৰ ইয়াত এনে পদ্ধতিৰ বহুল প্ৰচাৰ হোৱা নাই তথাপিও বাহিৰৰ দেশ সমূহত সঙ্গীত থেৰাপী ব্যৱহাৰ কৰি সফলতা লাভ কৰিছে বুলি আমি কাকতে পত্ৰই পঢ়িবলৈ পাওঁ। সেয়েহে নিয়মিত ভাৱে সঙ্গীত শুনাৰ অভ্যাসেও আমাক চিন্তা-ভাৱনাৰ পৰা মুক্ত কৰি ৰখাৰ লগতে বেমাৰ আজাৰৰ পৰাও কিছু পৰিমানে সকাহ দিব বুলি আশা কৰিব পাৰি। মন কৰিবচোন,সঙ্গীতৰ ব্যাকৰণ নজনা মানুহৰো কেনেকৈ কোনো সুন্দৰ গীত বা যন্ত্ৰ সঙ্গীতৰ মূৰ্চনাত বা প্ৰণঢালি কৰা আবৃত্তি আদি শুনি, কোন শিল্পীৰ সুন্দৰ কণ্ঠস্বৰৰ স্পৰ্শত শ্ৰৱণেন্দ্ৰীয় তৃপ্ত হৈ উঠাৰ উপৰিও কিবা এক স্বৰ্গীয় তৃপ্তিত কেনেকৈ হৃদয় ভৰি পৰে ! টেনশ্যন বা অতি দুখৰ মাজতো এনেবোৰ অভ্যাসে জীৱনত থকা সৌন্দৰ্য শুষমাৰ কথা সোঁৱৰাই দিয়াৰ লগতে পৃথিৱীখন সুন্দৰ ভাৱে চাবলৈ শিকায়।

বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত জড়িত হৈ আজৰি সময়ৰ সদব্যৱহাৰ কৰাৰ উপৰিও জীৱনৰ নানান চিন্তাৰ পৰা মুক্ত হৈ থাকিব পাৰি। তাৰোপৰি নিস্বৰ্থ ভাৱে সমাজৰ কাম কৰি আত্মতৃপ্তি লাভ কৰাৰ লগতে উন্নত ভাৱৰ আদান-প্ৰদানেৰে মনৰ জগতখন বহল কৰি লোৱাত সহায়ক হয়। সামাজিক অনুষ্ঠানত একেলগে কাম কৰা ব্যক্তি সকলৰ মাজত এনে এটা আত্মীক সমন্ধ গঢ়ি উঠে যিটো নেকি অন্য এজন ব্যক্তিৰ লগত সম্ভৱ নহয়।

এটা সুন্দৰ জীৱন কটাব পাৰে সেই সকল ভাগ্যবান লোকে যিসকলৰ কিতাপ, আলোচনী পঢ়াৰ অভ্যাস থাকে। কিতাপ পঢ়াৰ অভ্যাসে মানুহৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰি নতুন চিন্তাৰ জোৱাৰ আনিবলৈ,সুন্দৰ পৃথিৱীখন ন ন ৰূপেৰে চাবলৈ আৰু মনৰ আন্ধাৰ দূৰ কৰি সকলোকে সুন্দৰ ভাৱে ল’বলৈ শিকায়। নিসংগ সময়ক মাদকতাৰে ভৰাই তুলিবলৈ কিতাপতকৈ ভাল বন্ধু আৰু একো হ’ব নোৱাৰে। আজিকালি ইন্টাৰনেট ব্যৱহাৰৰ সুবিধাইও বহুক্ষেত্ৰত মানুহৰ নিসংগতা দূৰ কৰিবলৈ,একঘেয়ামী জীৱনৰ পৰা পৰিত্ৰাণ পাবলৈ সূচল কৰি দিছে।

কেতিয়াবা দেখা যায় সকলো ধৰণৰ সুখৰ মাজত থাকিও মনটোক কিবা এক বুজাব নোৱাৰা বিষণ্ণতাই আৱৰি ধৰে। সমাজৰ মাজত থাকিও বিষণ্ণতাই মানুহক কৰি তোলে কোনোবা নিৰ্জন দ্বীপৰ বাসিন্দা। নিসংগতাই মানুহৰ মনত সৃষ্টি আৰু ধ্বংস এই দুয়ো ধৰণৰ বীজেই সিঁচিব পাৰে। সেয়া মাথোঁ আমি ঠিক কৰি ল’ব লাগিব নিসংগ পথেৰে আমি আন্ধাৰৰ মাজলৈ সোমাই জাম নে পোহৰৰ বাটেৰে ৰামধেনুৰ দেশলৈ আগুৱাই যাম ! পোহৰৰ বাটেৰে গৈ আমি নিসংগতাকো কৰি ল’ব পাৰো আত্ম বিশ্লেষণৰ উপায়। নিসংগ সময়বোৰত নিজৰ মনৰ ভিতৰত প্ৰৱেশ কৰি নিজকে বিচাৰিব পাৰো,নিজৰ লগত কৰিব পাৰো হৃদয়ৰ অন্তৰংগ আলাপ।

ধন, সম্পদ, খ্যাতি একোৱেই মানুহৰ মনলৈ শান্তি আনি দিব নোৱাৰে। সেয়েহে আমি সকলোৰে প্ৰতি সমভাৱাপন্ন হৈ গঠনমূলক চিন্তা ধাৰাৰে জীৱনটো সুন্দৰ কৰি তুলিবলৈ প্ৰয়াস, কৰা উচিত। ধনী-দুখীয়া,উচ্চ-নীচ,সুখী-অসুখী সকলোৰে বাবেই জীৱনটো হ’ল অমূল্য সম্পদ। কিন্ত্ত সকলো প্ৰতিকুলতা হেলাৰঙে অতিক্ৰম কৰিব পৰা জনেহে জীৱনৰ মাদকতা লাভ কৰিব পাৰে। কাব্যভাৰতী নলিনীবালা দেৱী,কবি-গীতিকাৰ ড০ নিৰ্মল প্ৰভা বৰদলৈ,জ্ঞানপীঠ বঁটা বিজয়ীনি মামনি ৰয়ছম গোস্বামী বাইদেউ আদি মহান ব্যক্তি সকলৰ জীৱন যি সকলে অধ্যয়ন কৰিছে সেই সকলে নিশ্চয় এবাৰ হ’লেও অনুভৱ কৰিছে যে সুখ-দুখ,বিৰহ-বেদনা,ঘাত-প্ৰতিঘাত একোৱেই জীৱনক স্থৱিৰ কৰিব নোৱাৰে অথবা সৃষ্টি প্ৰতিভাক ম্লান কৰিব নোৱাৰে,যদিহে মনটোক সুষ্ঠ ভাৱে পৰিচালনা কৰাৰ ক্ষমতা থাকে। ভগৱানৰ ওপৰত বিশ্বাস ৰাখি নতুন কিবা এটা কৰাৰ হেঁপাহেৰে বা মনৰ শক্তিৰে আগবাঢ়িলে জীৱনৰ খলা-বমা,কাঁইটিয়া পথকো হেলাৰঙে অতিক্ৰম কৰিব পাৰি। শেষত আহকচোন ড০ নিৰ্মল প্ৰভা বৰদলৈ বাইদেউৰ এফাকি কবিতা আওঁৰাই দুখ,হতাশাক জয় কৰি আমিও নামি কৰো এটি অনুপম জীৱনৰ সন্ধানত।

 

“মই কাইলৈ মৰিম

আজি বাচি থাকিবলৈ দিয়া

হে মোৰ স্ৰোতস্বিনী দুখ

মোৰ শীৰ্ণ শিৰৰ অৰণ্যেৰে

প্ৰৱাহিত হৈ থাকা

মই ভাগৰা নাই ।”

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক