অনুবাদ গল্প আৰু কবিতা -(ৰাজীৱ ৰঞ্জন)

ৰাজীৱ ৰঞ্জনৰ অনুবাদ গল্প আৰু কবিতা

সহজে হাৰ নামানিবা
(মূল ইংৰাজী গল্পৰ ভাবানুবাদ)

ডান্টে গেব্ৰিয়েল ৰছেট্টি ১৯ শতিকাৰ এজন নামজ্বলা বৃটিছ চিত্ৰকৰ আৰু কবি আছিল। এদিন তেখেতৰ ওচৰলৈ এজন বুঢ়া মানুহ আহিল। তেখেতৰ হাতত আছিল কিছুমান ছবি আছিল যিখিনি তেওঁ ৰছেট্টিক দেখুৱাই মতামত জানিব বিছাৰিছিল যে ছবিবোৰ কেনেকুৱা হৈছে বা সেইবোৰৰ কিবা ভবিষ্যত আছে নে নাই। ৰছেট্টিয়ে খুব মনোযোগেৰে ছবিখিনি চালে। প্ৰথম দুখনমান চাওঁতেই তেওঁ বুজিলে যে ছবিখিনি মূল্যহীন, কিন্তু তথাপিও তেওঁ গোটেইখিনি ছবি চালে সমান মনোযোগেৰেই। তাৰ পাছত অতি বিনম্ৰভাবে তেওঁ বৃদ্ধ মানুহজনক ক’লে যে কলাগত মানদণ্ডৰ ফালৰ পৰা ছবিখিনি তেনে কোনো উচ্চস্তৰৰ হোৱা নাই। সঁচা অৰ্থত ছবিখিনি ভাল বুলি ক’ব নোৱাৰি। লগতে তেওঁ এই ভাল নলগা সঁচা কথাটো কোৱাৰ বাবে বৃদ্ধজনৰ ওচৰত ক্ষমাও বিচাৰিলে।

বৃদ্ধজনে ৰছেট্টিৰ মূল্যবান সময় খিনি লোৱাৰ বাবে ক্ষমা খুজিলে, কিন্তু আৰু কেইখনমান ছবি আগবঢ়াই দি চাবৰ বাবে অনুৰোধ কৰিলে। এইবাৰ প্ৰথমখন ছবি চাইয়েই ৰছেট্টিৰ চকু তিৰবিৰাই উঠিল, ওঁঠ−মুখত ফুটি উঠিল এটি সন্তুষ্টিৰ হাঁহি।
“বিৰাট ধুনীয়া!! সুন্দৰ, অতি সুন্দৰ!!∀
∀এই ল’ৰাজনৰ গুণ আছে, প্ৰতিভা আছে। তেওঁৰ ভবিষ্যত আছে এজন ভাল চিত্ৰকৰ হোৱাৰ। এনে প্ৰতিভাক আমি উদগনি দিব লাগে। কোনে আঁকিছে এইখিনি ছবি?”

মুখখন দাঙি ৰছেট্টিয়ে দেখিলে যে বৃদ্ধজন দুখত ম্ৰিয়মান হৈ পৰিছে।
তেওঁ আকৌ সুধিলে: ∀কোন হয়? তোমাৰ নিজৰ ল’ৰা নেকি?”
∀নহয়∀ বৃদ্ধজনে দুখেৰে ক’লে।
“এইয়া মই নিজেই অঁকা − আজিৰ পৰা ছল্লিশ বছৰৰ আগতে। যদিহে আপুনি আজি কৰা প্ৰশংসাখিনি, উৎসাহ খিনি মই তেতিয়াই পালো হয়!! তেতিয়া মোক প্ৰায়বোৰেই নিৰুৎসাহ কৰিলে। আৰু, আপুনি হয়টো অনুমান কৰিব পাৰিছেই, মই সহজেই হাৰ মানিলো।”

বেয়া হৈছে বুলি কৈ, ভুল হৈছে বুলি কৈ কাৰোবাক নিৰুৎসাহ কৰাটো অতি সহজ। আৰু প্ৰায় সকলোৱেই এনেধৰণৰ বিয়োগাত্মক সমালোচনাৰ আগত হাৰ মানি লয়। যিমান পাৰি উৎসাহ দিয়ক। আৰু ভাল কৰিবলৈ উৎসাহ দিয়ক। ভুলখিনি শুদ্ধ কৰিবলৈ বা কৰাবলৈ বহুত সময় পাব। কিন্তু এবাৰ হাৰ মানিলেই সেই সকলোবোৰ সুপ্ত প্ৰতিভা গুপুতেই নোহোৱা হৈ যাব পাৰে।
(অনুবাদ)

চিৰন্তন
(মূল – পাবলো নেৰুদা)

মোৰ আগতে তোমাৰ জীৱনটো কি আছিলে তাক লৈ মই ঈৰ্ষান্বিত নহওঁ।

তোমাৰ কান্ধত লৈ আহাঁ এজন প্ৰেমিকক
আৰু এশজনক বৈ আহিব দিয়া তোমাৰ চুলিয়েদি
তোমাৰ বক্ষ আৰু ভৰিৰ মাজত লৈ আহাঁ আৰু হাজাৰজনক
এখন নদীহৈ আহাঁ
যি ভৰি আছে ডুবি যোৱা প্ৰেমিকেৰে
যি বৈ যায় বিশাল সাগৰলৈ
চিৰযুগমীয়া ঢৌ তুলি, সময়লৈ!

সকলোকে লৈ আহাঁ তালৈ
য’ত মই ৰৈ আছো তোমালৈ
আমি সদায়েই অকলশৰীয়া হৈ ৰ’ম
‘আমি’ সদায়েই মাথো মই আৰু তুমি
অকলে এই পৃথিৱীত
এটা নতুন জীৱনৰ পাতনি মেলিবলৈ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক