অনুবাদ সাহিত্য -(অঞ্জল বৰা)

– অঞ্জল বৰা

১)অন্ধ ল’ৰাৰ প্ৰেম কাহিনী

 

এটা অন্ধ ল’ৰা আছিল৷ সি এজনী ছোৱালীক অতি ভাল পাইছিল৷

এদিন ছোৱালীজনীয়ে তাক সুধিলে…

“তুমি মোক বিয়া কৰাবানে?”

সি উত্তৰ দিলে…

“নিশ্চয় মই বিয়া কৰাম, কিন্তু যেতিয়া মই তোমাক দেখা পাবলৈ সক্ষম হ’ম তেতিয়াহে৷”

কিছু দিনৰ পিছত কোনোবাই সেই ল’ৰাজনক এযোৰ চকু দান দিলে৷ সি তাৰ প্ৰেমিকাক দেখা পাম বুলি অতি আনন্দিত হ’ল৷ কিন্তু যেতিয়া সি দেখিলে যে তাৰ প্ৰেমিকাগৰাকী অন্ধ, সি তাইক বিয়া কৰাবলৈ অমান্তি হ’ল৷

ছোৱালীজনীয়ে তাক এৰি অহাৰ আগতে ক’লে…

“তুমি যিদৰে ভাবা সোণ, কিন্তু মই মাত্ৰ এটা কথা ক’ব বিচাৰোঁ৷ অনুগ্ৰহ কৰি মোৰ চকুযোৰৰ যত্ন ল’বা৷”

 

 

 

২)অপ্ৰত্যাশিত লাভ

 

এটা সৰু ল’ৰা মাকৰ সৈতে দোকানলৈ গৈছিল৷ দোকানীজনে দেখিলে যে সৰু মৰমলগা ল’ৰাটোৱে মৰ্টনেৰে ভৰি থকা বৈয়ামটোলৈ চাই আছে৷ তাকে দেখি দোকানীজনে ল’ৰাটোক বৈয়ামটোৰ পৰা কেইটামান মৰ্টন ল’বলৈ ক’লে৷

কিন্তু ল’ৰাটোৱে নোলোৱাকৈ ৰৈ থাকিল৷ দোকানীজনে ইয়াকে ভাবি আচৰিত হ’ল যে, অন্য সৰু ল’ৰাৰ দৰে সেই ল’ৰাটোৱে কোৱাৰ লগে লগে বৈয়ামৰ পৰা মৰ্টন লোৱা নাই৷ তেওঁ পুনৰ ল’ৰাটোক নিৰ্ভয়ে মৰ্টন ল’বলৈ ক’লে৷

মাকেও দোকানীজনৰ কথা শুনি ল’ৰাটোক মৰ্টন ল’বলৈ ক’লে৷ কিন্তু তেতিয়াও ল’ৰাটোৱে মৰ্টন নোলোৱাকৈ ৰৈ থাকিল৷ দোকানীজনে কৈ থকাৰ পিছতো মৰ্টন নোলোৱাত তেওঁ নিজে বৈয়ামটোৰ পৰা মৰ্টন উলিয়াই ল’ৰাটোৰ হাতত দি দিলে৷

ল’ৰাটো আনন্দিত হ’ল আৰু দুয়োখন হাত পাতি মৰ্টনখিনি ল’লে…৷

ঘৰলৈ ঘুৰি অহাৰ পথত মাকে ল’ৰাটোক দোকানীজনে কৈ থকাৰ পিছতো কিয় মৰ্টন লোৱা নাছিল সুধিলে৷

ল’ৰাটোৱে লাহেকৈ উত্তৰ দিলে: মা! মোৰ হাত দুটা অতি সৰু আৰু মই নিজ হাতে মৰ্টন লোৱা হ’লে মই অলপহে মৰ্টন লাভ কৰিলোঁহেঁতেন৷ কিন্তু এতিয়া তুমি দেখিছানে দোকানীজনে তেওঁৰ ডাঙৰ হাতেৰে দিয়া বাবে মই কিমান মৰ্টন পালোঁ !!!

যেতিয়া আমি নিজে ভগৱানক কিবা এটা বিচাৰোঁ বা ল’বলৈ যাওঁ তেতিয়া আমি কিবা অলপহে পাওঁ… কিন্তু ভগৱানে যেতিয়া আমাক নিজ ইচ্ছাৰে দিয়ে তেতিয়া আমি আশা কৰাতকৈ অধিক প্ৰদান কৰে..!!

 

 

৩)আইনবিৰুদ্ধ আৰু অযুক্তিকৰ গল্প

 

এজন ছাত্ৰই “যৌক্তিক বিশ্লেষণ আৰু সংগঠন” বিষয়ৰ পাঠত অনুৰ্ত্তীণ  হোৱাত , তেওঁ সেই বিষয়ৰ অধ্যাপকজনক সুধিলে-

ছাত্ৰ: ” ছাৰ  , আপুনি প্ৰকৃততেই এই বিষয়টোৰ বিষয়ে ভালদৰে জানেনে?”

অধ্যাপক: “নিশ্চিতভাৱে মই জানোঁ ৷ অন্যথা মই এজন অধ্যাপক নহ’লোঁহেঁতেন !”

ছাত্ৰ: “ভাল কথা, তেনেহ’লে মই আপোনাক এটা প্ৰশ্ন সুধিব বিচাৰোঁ ৷ যদি আপুনি মোক তাৰ সঠিক উত্তৰ দিব পাৰে, তেনেহ’লে মই মোৰ নম্বৰ গ্ৰহণ কৰিম, আৰু যদি আপুনি উত্তৰ দিব নোৱাৰে, তেনেহ’লে আপুনি মোক পৰীক্ষাত “A” গ্ৰেড নম্বৰ দিব লাগিব৷”

অধ্যাপক: “ঠিক আছে, মই কথা দিলোঁ৷ এতিয়া প্ৰশ্নটো কি?”

ছাত্ৰ: “কি বস্তু ‘আইনগত’ কিন্তু ‘যুক্তিসঙ্গত’ নহয়, ‘যুক্তিসঙ্গত’ কিন্তু ‘আইনগত’ নহয়, আৰু কেতিয়াও ‘আইনগত’ আৰু ‘যুক্তিসঙ্গত’ নহয়?”

বহু সময় চিন্তা কৰাৰ পিছটো অধ্যাপকজনে প্ৰশ্নটোৰ উত্তৰ দিব নোৱাৰিলে আৰু কথা মতে তেওঁ ছাত্ৰজনক “A” গ্ৰেড নম্বৰ দিবলৈ বাধ্য হ’ল৷

ইয়াৰ পিছত, অধ্যাপকজনে তেওঁৰ শ্ৰেণীৰ আটাইতকৈ ভাল ছাত্ৰজনক মাতি আনি প্ৰশ্নটোৰ উত্তৰ বিচাৰিলে৷ তেওঁ লগে লগে উত্তৰ দিলে: “চাৰ, আপুনি 63 বয়সীয়া ব্যক্তি আৰু বিয়া পাতিছে 35 বছৰীয়া এজনী ছোৱালীক, যিটো ‘আইনগত’ কিন্তু ‘যুক্তিসঙ্গত’ নহয়৷ আপোনাৰ পত্নীৰ 25 বছৰীয়া এজন প্ৰেমিক আছে, যিটো ‘যুক্তিসঙ্গত’ কিন্তু ‘আইনগত’ নহয়৷ কিন্তু মূল কথাটো হ’ল আপুনি আপোনাৰ পত্নীৰ প্ৰেমিকক “A” গ্ৰেড নম্বৰ প্ৰদান কৰিছে, যি সঁচাকৈ পৰীক্ষাত ফে’ল কৰিব লাগে, এইটো কেতিয়াও ‘আইনগত’ আৰু ‘যুক্তিসঙ্গত’ হ’ব নোৱাৰে৷”

 

 

৪)এখন ৰচনাৰ নম্বৰ

 

প্ৰাথমিক বিদ্যালয়ৰ এগৰাকী শিক্ষয়িত্ৰীয়ে ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকে ভগৱানৰ পৰা কি বিচাৰে সেই বিষয়ে একোখনকৈ ৰচনা লিখিবলৈ ক’লে৷

দিনটোৰ শেষত ছাত্ৰ-ছাত্ৰীসকলে জমা দিয়া ৰচনাসমূহ ঘৰলৈ আনি শিক্ষয়িত্ৰীগৰাকীযে যেতিয়া ৰচনাসমূহত নম্বৰ দিবৰ বাবে উলিয়াই ল’লে, তেওঁ এখন ৰচনা পঢ়ি আৱেগিক হৈ পৰিল৷ তেওঁৰ গিৰিয়েকে বাহিৰৰ পৰা আহি যেতিয়া পত্নীক কান্দি থকা দেখিলে তেওঁ সুধিলে:

-কি হ’ল তোমাৰ?

মহিলাগৰাকীয়ে উত্তৰ দিলে:

-এইখন পঢ়া, এইখন মোৰ এজন ছাত্ৰই লিখা ৰচনা:

“হে ভগৱান, আজি মই আপোনাক এটা বিশেষ কথা ক’বলৈ লৈছোঁ ৷ মোক এটা টেলিভিছন হিচাপে তৈয়াৰ কৰি দিয়া ৷ মই মোৰ ঘৰত সঁজাই থোৱা এটা টেলিভিছনৰ দৰে হ’ব বিচাৰোঁ ৷ যেনেদৰে মোৰ এটা নিৰ্দিষ্ট স্থান আছে আৰু যেনেদৰে মোৰ পৰিয়ালৰ সকলোৱে মোক আৱৰি সদায় বহি থাকে ৷ যেতিয়া মই কিবা এটা ক’ম , মই আশা কৰোঁ সকলোৱে টেলিভিছনটোৰ দৰেই মোৰ কথাত গুৰুত্ব দিয়ক আৰু কোনো ধৰণৰ প্ৰশ্ন বা বাধা নিদিয়াকৈ মোৰ কথা শুনক ৷ মই বিচাৰো সকলোৱে মোৰ যত্ন লওঁক যেনেদৰে টেলিভিছনটো বেয়া হ’লে সকলোৱে তাৰ যত্ন লয় ৷ যেতিয়া দেউতা কামৰ পৰা ঘৰলৈ আহে বা দেউতা ভাগৰুৱা হৈ পৰে ,  তেওঁক আমোদ দিয়াৰ দৰেই মই দেউতাৰ কাষত থাকিব বিচাৰোঁ , আৰু মায়ে দুখ আৰু হতাশ হৈ থকাৰ সময়তো মই তেওঁৰ কাষত থাকিব বিচাৰোঁ , মই মোৰ দাদাৰ লগত খেলিব বিচাৰোঁ ৷ যদিও মই গোটেই পৰিয়ালটোকে সকলো সময়তে সুখী আৰু মনোৰঞ্জনৰ খোৰাক যোগাব নোৱাৰোঁ তথাপি আশা কৰোঁ গোটেই পৰিয়ালটোৱে মোৰ সৈতে অলপ সময় কটাওক ৷ হে ভগৱান , মই আপোনাক ইয়াতকৈ আৰু বেছি একো নকওঁ , মই মাত্ৰ এটা টেলিভিছনৰ দৰে জীয়াই থাকিব বিচাৰোঁ ৷

কিছু সময়ৰ পিছত গিৰিয়েকে ক’লে ৷ “হে ভগৱান, এটা হতভগীয়া শিশুৰ কি আশ্চৰ্যকৰ উপস্থাপন !!

মহিলাগৰাকীয়ে গিৰিয়েকৰ চকুলৈ চালে আৰু ক’লে: “এই ৰচনাখন আমাৰ নিজৰ ল’ৰাটোৱেই লিখিছে !!

 

৫)এটা সৰু প্ৰেমৰ কাহিনী

 

এদিন তেওঁলোকে লুকাভাকু খেলাৰ কথা ভাবিলে,

খেলৰ সময়ত…

ল’ৰা পখিলা- “আমি আজি এটা সৰু খেল খেলিম”

ছোৱালী পখিলা- “ঠিক আছে”

ল’ৰা পখিলা- “যিয়েই কালিলৈ এই ফুল পাহত আগতীয়াকৈ বহিব সেইজনেই ইজনক অধিক ভাল পায় বুলি জনা যাব ”

ছোৱালী পখিলা- “ঠিক আছে”

পিছদিনা ৰাতিপুৱা, ল’ৰা পখিলাটোৱে সোনকালে আহি ফুলপাহ খোল খোৱালৈ অপেক্ষা কৰিলে, যাতে সি ছোৱালী পখিলাজনীতকৈ আগতে তাত বহিব পাৰে ,

শেষত, ফুলপাহ খোল খালে

অহ্হ্হ!!! সি দেখি চিঞৰি উঠিল…..?????……..

ছোৱালী পখিলাজনী ফুলপাহৰ ভিতৰত সোমাই মৰি আছে…..

তাই গোটেই ৰাতি ফুলপাহতে বহি আছিল , যাতে ৰাতিপুৱাই প্ৰথমে তাক দেখাৰ সময়তে উৰি গৈ ক’ব পাৰে , তাক তাই কিমান ভাল পাই!!!

এইয়াই হৈছে প্ৰকৃত ভালপোৱা , যি দান দিয়ে প্ৰতিদান নিবিচাৰে৷

 

৬)ডেকা ল’ৰা আৰু তেওঁৰ ঘড়ী

অনুগ্ৰহ কৰি মোক সময়টো ক’বনে…?

ডেকা ল’ৰা: চাৰ, অনুগ্ৰহ কৰি মোক সময়টো ক’বনে?

বুঢ়া মানুহ: নিশ্চিতভাৱে নকওঁ৷

ডেকা ল’ৰা: চাৰ, কিন্তু কিয়? সময়টো ক’লে আপোনাৰ কি লোকচান হ’ব?

বুঢ়া মানুহ: হয়, যদি আপোনাক সময়টো কওঁ মই কিছু হেৰুৱাবও পাৰোঁ৷

ডেকা ল’ৰা: কিন্তু চাৰ, কেনেকৈ আপুনি কিবা হেৰুৱাব মোক বুজাই ক’বনে?

বুঢ়া মানুহ: চাওক, যদি মই আপোনাক সময়টো কওঁ তেন্তে আপুনি মোক ইয়াৰ বাবে ধন্যবাদ দিব আৰু কালিলৈ পুনৰ সময়টো সুধিব৷

ডেকা ল’ৰা: সুধিব পাৰোঁ৷

বুঢ়া মানুহ: সম্ভৱতঃ আমি এনেদৰে দুই-তিনিবাৰ লগ হ’ম আৰু তুমি মোৰ নাম আৰু ঠিকনা সুধিবা৷

ডেকা ল’ৰা: সুধিব পাৰোঁ৷

বুঢ়া মানুহ: এদিন তুমি মোৰ ঘৰলৈ আহিবা আৰু ক’বা যে, এইফালে তুমি ক’ৰবালৈ যাওতে মোক দেখা কৰি গ’লা ৷ মই সন্মানৰ খাতিৰত তোমাক একাপ চাহ দিব লাগিব৷ মোৰ ব্যৱহাৰত তুমি সন্তুষ্ট হৈ পুনৰ আহিবলৈ ধৰিবা ৷ তেতিয়া তুমি চাহ কাপৰ শলাগ ল’বা আৰু লগতে ইয়াক কোনে তৈয়াৰ কৰিছে তাক সুধিবা ৷

ডেকা ল’ৰা: হ’ব পাৰে ৷

বুঢ়া মানুহ: তাৰপিছত মই মোৰ এজনী ছোৱালী থকাৰ কথা ক’ব লাগিব আৰু লগতে তাইক চিনাকি কৰি দিব লাগিব ৷ তুমি তাইৰ মুখৰ আগতে প্ৰশংসা কৰিবা ৷

ডেকা ল’ৰা: হাঁহি ৷

বুঢ়া মানুহ: ইয়াৰ পিছত তুমি মোৰ ছোৱালীজনীক বাৰে বাৰে লগ কৰিবলৈ চেষ্টা কৰিবা ৷ কেইদিনমানৰ পিছত তোমাৰ সময় অনুসৰি তেওঁক চিনেমা চাবলৈ লগ ধৰিবা ৷

ডেকা ল’ৰা: হাঁহি ৷

বুঢ়া মানুহ: মোৰ ছোৱালীজনীয়ে তোমাক ভাল পাবলৈ ল’ব আৰু তোমাৰ বাবে অপেক্ষা কৰি থাকিব ৷ ইয়াৰ পাছত বাৰে বাৰে লগ হোৱা বাবে তোমালোকৰ মাজত প্ৰেম হ’ব আৰু তুমি তাইক বিয়াৰ প্ৰস্তাৱ দিবা ৷

ডেকা ল’ৰা: হাঁহি..!!

বুঢ়া মানুহ: এদিন তোমালোক দুয়োটা মোৰ ওচৰলৈ আহিবা আৰু তোমালোকৰ প্ৰেমৰ কথা কৈ বিয়াৰ বাবে অনুমতি বিচাৰিবা ৷

ডেকা ল’ৰা: অ’ হয়! আৰু হাঁহিলে৷

বুঢ়া মানুহ: (খঙেৰে) মই এনে এজন ল’ৰালৈ মোৰ ছোৱালী দিব নোৱাৰোঁ ,  যাৰ এটা ঘড়ী কিনাৰ সমৰ্থ নাই!!

 

 

 

৭)বিশ্বাসৰ স্থায়িত্ব

 

এজনী ছোৱালী আৰু তেওঁৰ দেউতাকে এখন দলং পাৰ হৈছিল, দেউতাকে অলপ ভয় খাই তেওঁৰ ছোৱালীজনীক দেউতাকৰ হাতত ধৰিবলৈ ক’লে: “সোণজনী, মোৰ হাতত ধৰি লোৱা নহ’লে তুমি পৰি যাব পাৰা ৷”

সৰু ছোৱালীজনীয়ে ক’লে: “নহয় দেউতা, আপুনি মোৰ হাতত ধৰি লওঁক ৷”

“পাৰ্থক্যটো কি?” দেউতাকে চিন্তিত হৈ সুধিলে ৷

“এটা ডাঙৰ পাৰ্থক্য আছে দেউতা ৷” ছোৱালীজনীয়ে উত্তৰ দিলে ৷

“যদি মই আপোনাৰ হাতত ধৰোঁ আৰু মোৰ কিবা এটা হয়, ভয়ত মই আপোনাৰ হাতটো এৰি দিয়াৰ সম্ভাৱনাই অধিক ৷

কিন্তু যদি আপুনি মোৰ হাতত ধৰে…

মই নিশ্চিতভাৱে ক’ব পাৰোঁ যে, যিয়েই নহওঁক, আপুনি কেতিয়াও মোৰ হাতটো এৰি নিদিয়ে৷

যিকোনো সম্পৰ্কতে,  বিশ্বাসৰ স্থায়িত্ব কেৱল বন্ধনৰ ওপৰতে নিৰ্ভৰ নকৰে, নিৰ্ভৰ কৰে ইয়াৰ মজবুত স্থিতিৰ ওপৰত ৷

গতিকে যাক আপুনি ভাল পায় তেওঁ আপোনাৰ হাতটো ধৰাৰ আশা কৰাতকৈ আপুনি তেওঁৰ হাতটো ধৰিবলৈ চেষ্টা কৰক !!

 

 

৮) সমালোচনা কৰিবলৈ অতি সহজ !!

 

এসময়ত এজন চিত্ৰশিল্পী আছিল৷ তেওঁ কেইদিনমানৰ আগতে তেওঁৰ চিত্ৰশিল্পৰ বিদ্যা শেষ কৰিছিল৷ তেওঁ তিনি দিন কষ্ট কৰি এখন তৈলচিত্ৰ অংকন কৰিলে আৰু নিজৰ চিত্ৰখন কেনেকুৱা হৈছে তাক জানিবৰ বাবে এটা ব্যস্ত পথত চিত্ৰখন ওলোমাই ৰাখিলে৷ তেওঁ চিত্ৰখনৰ তলতে লিখি ৰাখিলে- “মই এই চিত্ৰখন অংকন কৰিছোঁ৷ মই এজন নতুন চিত্ৰশিল্পী৷ গতিকে মই মোৰ চিত্ৰখনত হোৱা ভুলবিলাক জানিব বিচাৰিছোঁ৷ অনুগ্ৰহ কৰি আপোনালোকে য’তেই ভুল দেখে সেই ঠাইত ক্ৰছ (X) চিন এটা দি মোৰ ভুলবিলাক দেখুৱাই দিয়ে যেন৷”

 

আবেলিলৈ যেতিয়া তেওঁ চিত্ৰখনৰ কাষলৈ ঘুৰি আহিল, তেওঁ দেখিলে যে, গোটেই চিত্ৰখনতে ক্ৰছ (X) চিনেৰে ভৰি আছে৷ আনকি কিছুমান ব্যক্তিয়ে বেয়া ধৰণেৰে মন্তব্যও দিছে৷

 

তেওঁৰ মনটো ভাগি গ’ল আৰু চকুৰ পানীৰে দুগাল তিতি গ’ল৷ ডেকা চিত্ৰশিল্পীজনে ভগ্ন হৃদয় লৈ তেওঁৰ শিক্ষকজনৰ ওচৰলৈ গ’ল আৰু ক’লে “মই মিছাকৈয়ে চিত্ৰ আঁকিবলৈ শিকিলোঁ৷ মই এই বিদ্যাত কেতিয়াও পাৰ্গত হ’ব নোৱাৰিম৷ সকলোৱে মোৰ চিত্ৰখন বেয়া হৈছে বুলি কৈছে৷”

 

শিক্ষকজনে হাঁহি হাঁহি ক’লে- “মোৰ সোণ, মন বেয়া নকৰিবা৷ মই প্ৰমাণ কৰি দিব পাৰিম যে তুমি এজন ভাল চিত্ৰশিল্পী আৰু তোমাৰ চিত্ৰখন অতি ধুনীয়া হৈছিল৷ এতিয়া তুমি কোনো প্ৰশ্ন নকৰি পুনৰ চিত্ৰখন আঁকি মোৰ ওচৰলৈ লৈ আহা৷” ডেকা চিত্ৰশিল্পীজনে দুদিনৰ পিছত পুনৰ চিত্ৰখন আঁকি শিক্ষকজনৰ ওচৰলৈ লৈ আহিলে৷ শিক্ষকজনে দেখি আনন্দিত হ’ল আৰু তেওঁৰ শলাগ ল’লে৷

“মোৰ লগত আহা৷” শিক্ষকজনে তেওঁক ক’লে৷

 

তেওঁলোক সেই একেই পথটোলৈ গ’ল আৰু আগৰ দৰেই পথটোত চিত্ৰখন ওলোমাই ৰাখিলে৷ শিক্ষকজনে চিত্ৰখনৰ কাষতে অন্য এখন বৰ্ডত লিখি ৰাখিলে- “মহাশয়/মহাশয়া, মই এই চিত্ৰখন অংকন কৰিছোঁ৷ মই এজন নতুন চিত্ৰশিল্পী৷ গতিকে মই মোৰ চিত্ৰখনত হোৱা ভুলবিলাক জানিব বিচাৰিছোঁ৷ মই চিত্ৰখনৰ লগতে এটা ৰঙৰ বাকচ আৰু কিছুমান ব্ৰাছ ৰাখিছোঁ৷ অনুগ্ৰহ কৰি যদি আপুনি কিবা ভুল দেখে তেন্তে ৰং আৰু ব্ৰাছডাল লৈ তাক শুদ্ধ কৰি দিয়ে যেন৷”

শিক্ষকজন আৰু ছাত্ৰজন ঘৰলৈ ঘুৰি গ’ল৷

তেওঁলোকে একেদৰেই আবেলিলৈ আহি দেখিলে যে, চিত্ৰখনৰ কোনো অংশকে শুদ্ধ কৰা হোৱা নাই৷ পিচদিনাও তেওঁলোকে আহি দেখিলে সেইদিনাও কোনেও একো শুদ্ধ কৰা নাই৷ তেওঁলোকে চিত্ৰখন তেনেদৰেই এমাহ ধৰি ওলোমাই ৰাখিলে, কিন্তু কোনেও চিত্ৰখনৰ কোনো অংশকে শুদ্ধ কৰা নাছিল!”

কাৰোবাক সমালোচনা কৰিবলৈ সহজ, কিন্তু তেওঁক উৎসাহিত কৰি আগবঢ়াই নিবলৈ অতি টান৷ গতিকে আনে কৰা সমালোচনত তুমি দুঃখিত নহ’বা৷ যদিহে তেওঁ তোমাক শুদ্ধ কৰাৰ পথ দেখুওৱাব নোৱাৰে৷ সেয়ে নিজেই নিজকে সমালোচনা কৰা৷ তুমিয়েই তোমাৰ শ্ৰেষ্ঠ সমালোচক ৷

 

৯) সম্পৰ্ক এটা সম্পূৰ্ণ বিশ্বাস আৰু নিষ্ঠাৰ ওপৰত নিৰ্ভৰ কৰে

 

এহাল ল’ৰা-ছোৱালীয়ে একেলগে খেলি আছিল ৷ ল’ৰাটোৰ হাতত ঢেৰ মাৰ্বল আছিল আৰু ছোৱালীজনীৰ হাতত কিছুমান মৰ্টন আছিল ৷ ল’ৰাটোৱে ছোৱালীজনীক ক’লে যে সি তাইৰ হাতত থকা মৰ্টনখিনিৰ বিনিময়ত তাৰ হাতত থকা মাৰ্বলখিনি দিব পাৰিব ৷ ছোৱালীজনী সন্মত হ’ল ৷

ল’ৰাটোৱে তাৰ হাতত থকা আটাইতকৈ ডাঙৰ আৰু ধুনীয়া মাৰ্বলটো একাষে থৈ বাকী মাৰ্বলখিনি ছোৱালীজনীক দি দিলে ৷ ছোৱালীজনীয়ে ইয়াৰ বিনিময়ত তাইৰ হাতত থকা সকলো মৰ্টন তাক দি দিলে ৷

সেই দিনা ৰাতি, ছোৱালীজনীয়ে নিশ্চিন্তমনে টোপনি গ’ল৷ কিন্তু ল’ৰাটোৱে শান্তিৰে শুব নোৱাৰিলে কাৰণ তাৰ মনত সন্দেহ লাগি থাকিল যে, সি আটাইতকৈ ধুনীয়া মাৰ্বলটো লুকুৱাই ৰখাৰ দৰে ছোৱালীজনীয়েও আটাইতকৈ মিঠা মৰ্টনটো লুকুৱাই ৰাখিলে নেকি?

যদি আপুনি সম্পৰ্কৰ ক্ষেত্ৰত নিজৰ ফালৰ পৰা ১০০% দিব নোৱাৰে, তেন্তে আনজনে ১০০% দিয়াৰ পিছটো আপুনি সদায়ে সন্দেহৰ মাজেৰে জীয়াই থাকিব লাগিব ৷ এইটো প্ৰেম-বিবাহ-কৰ্মস্থান সকলো সম্পৰ্কৰ ক্ষেত্ৰতে প্ৰযোজ্য ৷ সকলোতে আপোনাৰ ১০০% দিয়ক আৰু শান্তিৰে টোপনি যাওক !!

 

সহায়

এখন গাঁৱত এজন বুঢ়া মানুহ অকলশৰে বাস কৰিছিল৷ তেওঁৰ এখন আলুৰ খেতি পথাৰ আছিল আৰু তাক তেওঁ চোৱা-চিতা কৰিছিল৷ কিন্তু কামটো তেওঁৰ পক্ষে বৰ কষ্টকৰ হৈ পৰিছিল৷ তেওঁৰ একমাত্ৰ ল’ৰাটোৱে তেওঁক সহায় কৰিব পাৰে যদিও ল’ৰাটো জেলত আছিল৷ তথাপি তেওঁ ল’ৰাটোলৈ সমস্যাটো জনাই এখন চিঠি লিখিলে:

মৰমৰ বাপু,

মোৰ বৰ ভাল নহয়৷ মই বৰ অকলশৰীয়া আৰু অসহায় হৈ পৰিছোঁ৷ সম্ভৱতঃ এই বছৰ মই আলু খেতি কৰিব নোৱাৰিম৷ তোমাৰ মাৰালৈয়ো মনত পৰি বৰ দুখ লাগে কাৰণ তেওঁ সদায় মোক এই কামত সহায় কৰি দিছিল৷ মই এতিয়া বুঢ়া হৈ আহিছোঁ আৰু পথাৰখন খান্দিব নোৱাৰা হৈ পৰিছোঁ৷ যদি তুমি ইয়াত থাকিলা হয়, মোৰ সকলো সমস্যা সমাধান হ’লহেতেঁন৷ মই জানোঁ তুমি জেলত নথকা হ’লে মোৰ কাৰণে পথাৰখন খান্দি আলু ৰুবৰ বাবে সুবিধা কৰি দিলাহেঁতেন৷

তোমাৰ,

দেউতা

কেইদিনমানৰ পিছত, বুঢ়া মানুহজনে এখন টেলিগ্ৰাম লাভ কৰিলে: “দেউতা, ভগৱানৰে ইচ্ছা, আপুনি পথাৰখন নাখান্দিব কাৰণ মই তাতেই বন্দুকটো পুতি থৈছোঁ৷”

পিছদিনা ৰাতিপুৱা 4 বজাতে কেইবাজনো চোৰাংচোৱাৰ এজেণ্ট আৰু স্থানীয় পুলিছে বন্দুক বিচাৰি গোটেই পথাৰখন খান্দি তহিলং কৰিলে৷ কিন্তু কোনো বন্দুক বিচাৰি নাপালে ৷ চিন্তিত হৈ দেউতাকে পুনৰ পুতেকলৈ এখন চিঠি লিখিলে আৰু তেওঁ এতিয়া কি কৰিব সুধিলে৷

তেওঁৰ ল’ৰাটোৱে উত্তৰ দিলে: “দেউতা, এতিয়া যোৱা আৰু তোমাৰ আলুবিলাক ৰুৱাগৈ ৷ ইয়াৰ পৰা মই তোমাৰ বাবে কৰিব পৰা এইটোৱেই একমাত্ৰ কাম৷”

আপুনি ক’ত আছে সেইটো ডাঙৰ কথা নহয়৷ যদি আপুনি সহৃদয়তাৰে কাৰোবাৰ বাবে কিবা এটা কৰিব বিচাৰে, আপুনি নিশ্চয় কৰিব পাৰে৷ এইটোৱেই হৈছে মূল কথা আপুনি ক’ত আছে বা কি কৰি আছে সেইটোৰ ওপৰত কেতিয়াও কোনো এটা কাম নিৰ্ভৰ নকৰে৷

 

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments