অনুভূতিৰ আখল –পাৰ্থপ্ৰতিম চৌধুৰী

মৎস্য আখ্যান মাছ বুলিলেই মনটো কিবা এক সাতামপুৰুষীয়া আনন্দত উটি ভাঁহি যায়৷ যদিওবা অসমীয়া মানুহৰ মাছতকৈ মাংসপ্ৰীতি বেছি মোৰ কাৰণে মাছো সমানে সন্মানীয় আৰু ভক্ষ৷ মাছৰ সৈতে অৱশ্যে বাঙালী আৰু জাপানীসকলৰহে সংযোগ বেছি৷ অৱশ্যে দুয়োটা জাতিৰ তুলনাত্মক অধ্যয়ন পিছলৈ থ’লো৷ আজিলৈ কেৱল “মৎস্য পুৰাণ”! অসমৰ বাহিৰৰ ঠাইবোৰত প্ৰায়ে মাছৰ বজাৰ ভ্ৰমণ কৰোঁ৷ কিন্তু অসমৰ মাছৰ বজাৰৰ নিচিনা পৰিৱেশ ক’তো নাই৷ মাছৰ কেচেমাকেচেম গোন্ধতো মোৰ ভাল লাগে৷ ডাঙৰ মাছ, সৰু মাছ৷ শয্যাশায়ী চিতল, আঁৰি, ভকুৱা, ৰৌ৷ ডাঙৰ চাইজৰ গলদা, পাবদা৷ বহুতে ৰান্ধি থকা অৱস্থাত এই গোন্ধটো পাই কাৰণেই মাছ বেয়া পায়৷ কিন্তু সৰিয়হৰ তেলত মাছবোৰে যেতিয়া চিৎকাৰ কৰি উঠে সেয়া বৈকুণ্ঠ! বৈকুণ্ঠৰ কথাত মনলৈ আহিছে ভকতে ৰন্ধা মাছৰ মূৰখনৰ কথা৷ সেইবোৰ সমাজ পাতি কৰা ৰীতি৷ বৈকুণ্ঠৰ চিন্তাত মন ভজকেই বা নভজক, মাছ কিন্তু ভাজেই! মাছবোৰৰ পৃথিৱীখন আশ্চৰ্যকৰ! ভাৰতত ইতিহাসত “মৎস্য ন্যায়” সৌ তাহানিৰ৷ ডাঙৰ মাছে সৰু মাছক গিলে৷ একেখন নৈ-বিলতে, বা ফাৰ্মিং-ফিশ্বাৰীত সিহঁতে একেলগে ডাঙৰ হয় কেৱল কাৰোবাৰ দা-বঠীৰ আগত পৰিবলৈ! বঠীখনৰ কথা কওঁতে মনত পৰিল৷ এটা সময়ত বঠীখনত শাক-পাচলি কটা হৈছিল৷ কোমোৰা, ৰঙালাউ, পানীলাউ ধাৰ দিয়া বঠীত মিহি মিহি টুকুৰা-টুকুৰ হৈ গৈছিল৷ লাউৰ সৈতে মিছামাছ কোনে পাহৰিব? যদি তাত ঘিঁউ দি ঘণ্ট কৰি দিয়ে আৰু সোৱাদ হয়৷ কাজী হ’লে কাপোৰ কোঁচাই বঠীখনত হাত চলাই দিয়ে৷ সকলোৱে নোৱাৰে৷ কেতিয়াবা কাৰোবাৰ আঙুলি চিঙি যায়! ছাইসনা মাছবোৰ এটা দুটাকৈ বঠীত উঠি সিপুৰীলৈ গৈ থাকে৷ বঠীখন কেতিয়াবা অস্ত্ৰ হৈও দেখা দিয়ে৷ নাৰীবাদী অস্ত্ৰ! আঁঠুৰ মুৰলৈ মেখেলা কোঁচাই বঠীখন লৈ যদি কোনোবাই খেদি আহিবলৈ হয়! কিছুমান কমাৰশালৰ বঠীখন বৰ ধুনীয়া হয়৷ পাটগাভৰু ছোৱালীৰ শৰীৰৰ নিচিনা কেইবাটাও ভাঁজ থাকে৷ সেইভাঁজত জিকা, জহাভোল, লেচেৰা খণ্ড-বিখণ্ড হৈ যায়! যেন আপুনি কোনো ষোড়শীক অবাঞ্চিতভাৱেই চুবলৈ গৈছিল! মোৰ পিতামহী মানে আজো-আইতাই অমৰাৰে মাছ ৰান্ধিছিল৷ সেয়া এশবছৰৰ আগৰ কথা৷ শাহুৱেকৰ মাছৰ প্ৰশংসা মোৰ আইতাই কৰিছিল৷ মই কেইবাবাৰো চেষ্টা কৰিও সেইখন মাছৰ ব্যঞ্জন উদ্ধাৰ কৰি নোৱাৰিলোঁ৷ সৰু মাছৰ আদাৰ জাল দিয়াখনো খেলিমেলি লাগি যায়! ৰন্ধাত মোৰ ইচ্ছা নাই কিন্তু পুৰণি বস্তুৰ প্ৰতি হেঁপাহ! গোটাই দিব পাৰিম৷ কুটি-বাচি দিব পাৰিম৷ কিন্তু হেতা-খন্তি ধৰিব নোৱাৰো! ঠাই বিশেষে মাছৰ সোৱাদ হয়৷ গঙ্গাত আঁৰি মাছৰ সোৱাদ হয়৷ পিছে খোৱা মানুহৰ সংখ্যা কম৷ মাত্ৰ ৪০০ টকা কিলো৷ অসমত কল্পনাই কৰিব নোৱাৰি৷ বহুতে মাছ ৰান্ধোতে দৈ-ঘিঁউ দিয়ে৷ তামৰ হেতাত ঘিঁউ লৈ তাত দুটামান লং ভাঙি চৰুৰ ওপৰত ধৰি থাকক ঘিঁউ গলিলে চৰুত বাকি দিয়ক৷ সৰুতে সাধুকথাৰ দৰে শুনিছিলোঁ৷ কাৰোবাৰ বৰপুখুৰীত চিতল মাছে জঁপিয়ালে অলপ ধঁতুৱা মানুহে দেৱগণ বুলিয়েই ভাবিছিল! মোৰ কাল্পনিক পৃথিৱীত মই বাক-দত ভূত হৈ খাল-বিল-ডোবাত বিচৰণ কৰি যাওঁ! পিঠিত ক’লা ক’লা আঁচ থকা চিতল৷ শয্যাশায়ী হৈ থাকিলে দুইঠেঙীয়া হেনেই পায়! দীঘলে দীঘলে এপিচ! মই উভতি যাওঁ শৈশৱলৈ… মাগুৰ মাছৰ মূৰৰ পোক উলিওৱা দৃশ্য৷ মিছামাছৰ মূৰ চাফা কৰা সৰু কটাৰীখন৷ কোনোবাই শিলপটাত তলমূৰ কৈ ক’লা সঁৰিয়হ পিচোতে দুৱাৰমুখত ৰৈ থকা সময়বোৰ! কেঁচা মাছৰ ফানপাখিবোৰ কাটি দিলে “কিছিক” কৈ হোৱা শব্দটো! মাছ খোৱা বাচনবোৰ গৰম পানীৰে ধোঁৱা ৰাতিবোৰ! মাছবোৰে মোৰ সপোনত আহি সাঁতুৰি-নাদুৰি ফুৰে৷ ফুটছাঁই সানি বঠীখন চলাই মাছ কাটিবৰ মন! ডাঙৰ কলপাত এখিলাত বা বৰচালনীত মাছবোৰ এপিচ এপিচকৈ সজাই দমকলৰ পানীত ধুবলৈ মন যায়! টিপচাকি ধৰি দিবলৈকো মানুহ নাইকিয়া হ’ল!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক